কবিতাঃ ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা

Posted by : translatorsassam
May 29, 2020

জুই আৰু বৰফ (Fire and Ice)

মূল কবি : ৰবাৰ্ট ফ্ৰষ্ট
অনুবাদ : প্ৰশান্ত কুমাৰ বৰা

কোনোবাই কোৱা শুনো অগনিত দহি হেনো

শেষ হ
এদিন এই সেউজ ধৰণী
,


কোনোৱে আক
কয় হিমতহে হ
ব লয়

হেৰুৱাম ধৰাধাম নাপাম
তৰণী।

পিছে এটা কথা মই বুজিছো নিশ্চয়কৈ

বাসনাৰ ৰৌদ্ৰতাপ সহা বৰ
টান
,


জুইৰ কথা কওঁতাকে সঁচা যেন
লাগে সেয়ে

বাধা দিয়া অসম্ভৱ মনাগ্নিৰ
বাণ।

কিন্তু যদি এবাৰতে অন্ত নাহে জগতলে


কোন বাৰু এইবাৰ হ
মহাকাল
,


ধৰণীত বিৰাজমান
ক্ৰোধ-ক্ষোভ-অভিমানে

সঁচাই পাতিব নেকি মৃত্যুৰ
জাল!

দেখিছো কাষৰ পৰা ঘৃণাৰ
বৰফে ভৰা

মৃত্যুকামী জগতৰ ভয়ংকৰ ৰূপ


ঘৃণাৰূপী হিমবাহে ঠাই ললে
আঁহে আঁহে

লয় পাব সৃষ্টিৰ,
কথা ধুৰূপ।

Popular Post

ঐতিহাসিক চিঠি