কবিতাঃ পল ৰবচনলৈ/ নাজিম হিকমত

Posted by : translatorsassam
May 30, 2020

পল ৰবচনলৈ
মূল কবি :  নাজিম হিকমত
অনুবাদ : বিকাশ অসম ডেকা

nazim hikmet

সিহঁতে আমাৰ গানবোৰ গাব নিদিয়ে ৰবচন
হে মোৰ গানৰ পক্ষীৰাজ নিগ্ৰো বন্ধু
আমাৰ গানবোৰ সিহঁতে গাব নিদিয়ে।
সিহঁতে ভয় কৰে ৰবচন
কুঁৱলীবোৰ আতৰিবলৈ
চাবলৈ
শুনিবলৈ
আৰু চুই চাবলৈ
সিহঁতে কান্দিবলৈও ভয় কৰে
শীতে চুই যোৱা নগ্ন শৰীৰৰ দৰে
সিহঁতে হাঁহিবলৈও ভয় কৰে
যেন দাঁতবোৰ লাগিহে ধৰিছে
কঠিন একোটা ফলত
প্ৰেম কৰিবলৈও ভয় কৰে সিহঁতে
ফাৰহাদৰ দৰে প্ৰেম কৰিবলৈ
(
নিশ্চয় তোমালোকৰ তাতো কোনোবা ফাৰহাদ আছে, কি নাম বাৰু তেওঁৰ ৰবচন?)
সিহঁতে ভয় কৰে
বীজলৈ
পৃথিৱীলৈ
জলস্ৰোতলৈ
আৰু সিহঁতে ভয় কৰে
বন্ধুৰ সুহৃদ হাতখনলৈ
যিখন হাতে কোনো সাম্ৰাজ্য নিবিচাৰে
নাইবা কোনো সূদ আৰু কমিচন।
যিখন হাত বন্দী হোৱা নাই কেতিয়াও
কাৰোবাৰ হাতৰ মুঠিত আৱদ্ধ চৰাইৰ দৰে।
সিহঁতে ভয় কৰে আশালৈ
আশালৈ ভয় কৰে সিহঁতে
আশালৈ……
হে মোৰ গানৰ পক্ষীৰাজ বন্ধু
সিহঁতে আমাৰ গানলৈ ভয় কৰে, ৰবচন।
অক্টোবৰ ১৯৪৯

paul robeson

Popular Post

ঐতিহাসিক চিঠি