লিওনাৰ্ডো দ্য ভিন্সিয়ে চাকৰিৰ বাবে লিখা আবেদন-পত্ৰখন

Posted by : translatorsassam
May 31, 2020

লিওনাৰ্ডো
দ্য ভিন্সিয়ে চাকৰিৰ বাবে লিখা আবেদন-পত্ৰখন

ৰচনা কালঃ ১৪৮০
ভাষান্তৰঃ চন্দনা
কাশ্যপ
মোৰ
পৰম লব্ধপ্ৰতিষ্ঠ মহামহিম


যিসকল ব্যক্তিয়ে নিজকে পণ্ডিত আৰু যুদ্ধৰ সা-সঁজুলিৰ নিপুণ কাৰিকৰ
বুলি ভাৱে
,
তেওঁলোক সকলোৰে সাফল্যক এতিয়া যথাৰ্থতাৰে চোৱা আৰু গণ্য কৰাৰ পিছত,
আৰু এয়া লক্ষ্য কৰাৰ পিছত যে উক্ত সঁজুলিসমূহৰ আৱিষ্কাৰ আৰু
কাৰ্য্যকৰিতা সাধাৰণ প্ৰচলিত সঁজুলিসমূহতকৈ কোনো ফালৰ পৰাই ভিন্ন নহয়
; অন্য কাৰো কৃতিত্বক অগ্ৰাহ্য নকৰাকৈ মোৰ সুপ্ত কথাবোৰ প্ৰকাশ কৰাৰ
উদ্দেশ্যে
, আৰু তাৰপিছত সেয়া আপোনাৰ সেৱাত সম্পূৰ্ণৰূপে
অৰ্পণ কৰাৰ উদ্দেশ্যে মই নিজৰ বিষয়ে মহামহিমক বুজাবলৈ চেষ্টা কৰিম আৰু যেতিয়া সময়
সঠিক হ
, সেই সকলো বস্তুৰে সঠিক
প্ৰয়োগ কৰা হ
, যিবোৰৰ আংশিকভাৱে তলত
তালিকা প্ৰস্তুত কৰি দিয়া হ
১) শত্ৰু আৰু আনসকলক
খেদি পঠিওৱা আৰু কেতিয়াবা প্ৰয়োজনত তেওঁলোকৰ পৰা ফালৰি কটাৰ বাবে অতি পাতল
, শক্তিশালী
আৰু বহনশীল দলং বনোৱা পৰিকল্পনা মোৰ আছে
, যিবোৰ মজবুত আৰু
জুইৰ দ্বাৰা বা যুদ্ধত ধ্বংসসাধ্য নহয়
, যিবোৰ তুলি নি সঠিক
ঠাইত স্থাপন কৰা সহজ। আৰু
, সেয়া শত্ৰুৰ সামগ্ৰী জ্বলাই
পেলোৱা আৰু ধ্বংস কৰাৰ মাধ্যম।

২)
মই জানোঁ
,
কেনেকৈ ভূভাগ ৰক্ষণ কৰাৰ ক্ষেত্ৰত দ খাৱৈৰ পৰা পানী আঁতৰাব লাগে আৰু
এনে দুৰূহ কামৰ বাবে প্ৰয়োজনীয় অসংখ্য দলং
, চলং, বিশেষ জখলা আৰু অন্যান্য সামগ্ৰী কেনেকৈ নিৰ্মাণ কৰিব পাৰি।


৩)
আৰু
, যদি ভূভাগ ৰক্ষণ কৰাৰ সময়ত সেই ঢাল অঞ্চলৰ উচ্চতাৰ বাবে বা পৰিস্থিতি আৰু
অৱস্থিতিৰ ক্ষমতাৰ বাবে কোনোবাজনে বোমাবৰ্ষণ কৰি আগবাঢ়ি যাব নোৱাৰে
, (তেন্তে) মোৰ ওচৰত প্ৰতিটো সুদৃঢ় দুৰ্গ বা অন্য দমনযোগ্য বস্তু ধ্বংস কৰাৰ
উপায় আছে
, যদিহে ই এটা শিলাখণ্ড বা তেনে কোনো বস্তুৰ ওপৰত
স্থাপিত নহয়।


৪)
মোৰ ওচৰত বিভিন্ন ধৰণৰ বৰটোপো আছে
, যিবোৰ আটাইতকৈ সুবিধাজনক আৰু
বহন ক্ষমতাপূৰ্ণ
, যিহেৰে সৰু শিল নিক্ষেপ কৰিব পাৰি, প্ৰায় এটা শিলাবৃষ্টিৰ দৰে; আৰু সেই বৰটোপৰ পৰা
ওলোৱা ধোঁৱাই শত্ৰুৰ মাজত গভীৰ ক্ষয়ক্ষতি আৰু বিভ্ৰান্তিৰ যোগেদি প্ৰচণ্ড ভয়ৰ
সৃষ্টি কৰিব।
৫) আৰু, মোৰ
ওচৰত সম্পূৰ্ণ শব্দসৃষ্টিৰ অবিহনে নিৰ্মিত সুৰংগ আৰু গোপন সৰ্পিল বাটেৰে এটা
নিৰ্দ্দিষ্ট স্থানত উপস্থিত হোৱাৰ উপায় আছে
, যিটো কোনো আবৃত
খাৱৈ বা কোনো নদী পাৰ হবলৈ প্ৰয়োজনীয় হ
ব পাৰে।


৬) আৰু, মই
সুৰক্ষা কবচেৰে আবৃত যান-বাহন নিৰ্মাণ কৰিম। নিৰাপদ আৰু আনে আক্ৰমণ কৰিব নোৱাৰা
,
যিবোৰ শত্ৰু আৰু সিহঁতৰ অস্ত্ৰক ভেদ কৰি সোমাই যাব আৰু এনে কোনো
ইমান শক্তিশালী শস্ত্ৰসজ্জিত মানুহৰ দল নাই যিয়ে ইয়াত সফলতা লাভ কৰিব নোৱাৰে। আৰু
ইয়াৰ পিছে পিছে পদাতিক সৈন্যবাহিনী কোনো আঘাতপ্ৰাপ্ত নোহোৱাকৈ আৰু বাধা নোপোৱাকৈ
আগবাঢ়ি যাবলৈ সক্ষম হ
ব।


৭)
আৰু
, যদি প্ৰয়োজন হয়, মই খুব সুন্দৰ আৰু কাৰ্য্যকৰী
নক্সাৰ কামান
, খুন্দনা আৰু পাতল যুদ্ধ-বাহন নিৰ্মাণ কৰিম,
যিবোৰ সাধাৰণতকৈ যথেষ্ট পৃথক।


৮)
ত কামানৰ ব্যৱহাৰ অসাধ্য, তাত মই কেটেপা, শিলাক্ষেপকাৰী যন্ত্ৰ, দীঘলীয়া বাহুৰ বিশেষ কেটেপা
আৰু অন্য চমকপ্ৰদ দক্ষতা থকা সাধাৰণতে ব্যৱহাৰ নোহোৱা অন্য সামগ্ৰী সংগ্ৰহ কৰিম।
চমুকৈ
, পৰিস্থিতিৰ ভিন্নতাই যেনেধৰণে দাবী কৰে, মই আক্ৰমণ আৰু প্ৰতিৰক্ষাৰ বাবে অসংখ্য সামগ্ৰী নিৰ্মাণ কৰিম।


৯)
আৰু যদি কোনো সাগৰীয় যুদ্ধ হ
বলগীয়া হয়, মোৰ ওচৰত
এনে বহু সামগ্ৰীৰ উদাহৰণ আছে
, যিবোৰ আক্ৰমণ বা প্ৰতিৰক্ষাৰ
বাবে অত্যন্ত উপযোগী
, আৰু এনে শিল্পচাতুৰ্য্য যিয়ে আটাইতকৈ
বিপদজনক সকলো কামানৰ জুই আৰু গুড়ি আৰু ধোঁৱাক বাধা দিব পাৰে।


১০)
শান্তিৰ সময়ত
, মই বিশ্বাস কৰোঁ, যে মই
স্থাপত্যকলাৰ ক্ষেত্ৰত আৰু ৰাজহুৱা তথা ব্যক্তিগত দুয়ো ধৰণৰ গৃহ নিৰ্মাণ আৰু এঠাইৰ
পৰা আনঠাইলৈ পানী সৰবৰাহ কৰাৰ ক্ষেত্ৰত অন্য যিকোনো এজনৰ সমানেই সম্পূৰ্ণ
সন্তুষ্টি দিব পাৰিম। আৰু মই মাৰ্বল
, ব্ৰঞ্জ আৰু বোকাৰে
ভাস্কৰ্য্য নিৰ্মাণ কৰিব পাৰোঁ। একেদৰে
, চিত্ৰকলাৰ ক্ষেত্ৰত,
মই অন্য যিকোনো এজনৰ দৰে সম্ভৱপৰ সকলো কৰিব পাৰোঁ, লাগিলে তেওঁ যিয়েই নহওঁক।


ইয়াৰ উপৰিও, ব্ৰঞ্জৰ ঘোঁৰাটোৰ ওপৰতো কাম কৰা যাব পাৰে,  মহামহিম, আপোনাৰ পিতৃ
আৰু
Sforzaৰ গৌৰৱোজ্জ্বল ৰাজপৰিয়ালৰ মংগলময় স্মৃতিৰ অবিনশ্বৰ
গৌৰৱ তথা চিৰশাশ্বত সন্মানৰ বাবে হৈ ৰ
ব ।


আৰু যদি কাৰোবাৰ মনত ওপৰত উল্লিখিত যিকোনো এটা কাম অসম্ভৱ বা অবাস্তৱ
যেন লাগে
,
মই অতি সোনকালে সেয়া আপোনাৰ উদ্যান বা যিকোনো স্থানত, প্ৰদৰ্শন কৰিবলৈ এতিয়াই সাজু আছোঁ, মহামহিম, যাৰ প্ৰতি মই নিজকে সম্ভৱপৰ সমস্ত বিনম্ৰতাৰে গঁতাই দিছোঁ ।


আপোনাৰ
ভিন্সি

Popular Post

ঐতিহাসিক চিঠি