কবিতাঃ শৰৎ / চাৰ্লছ বডলেয়াৰ

Posted by : translatorsassam
June 1, 2020
শৰ
মূল কবিঃ চাৰ্লছ বডলেয়াৰ
অনুবাদঃ অপৰাজিতা গগৈ 


শীঘ্ৰে আমি বুৰ যাম শীতৰ বিষণ্ণতাত
বিদায় লব গ্ৰীষ্মৰ উজ্বল আবেলিবোৰ
সকলো খন্তেকীয়া !
শুনিছোঁ প্ৰচণ্ড শব্দ কৰি বাগৰি পৰিছে
শুকান কাঠৰ টুকুৰা ঘাঁহনিৰ কাষত
মোৰ মাজলৈ বেদনা হৈ আহে শীত
আনে ঘৃণা সন্মান কঠোৰ শ্ৰম
আৰু ইচ্ছাবিৰুদ্ধ ভীতি
চোওঁ-নোচোওঁকৈ উত্তৰৰ সূৰ্য মেৰু তলত
ঢলি পৰাৰ দৰে
মোৰ হৃদয় অচিৰেই এক শিল হব বৰফ-ৰঙা
শুনিছোঁ প্ৰতি টুকুৰা শুকান কাঠ সৰি পৰাৰ
ম্পন
তাৰ দ্বাৰা প্ৰাচীৰ সজাৰ শব্দও তেনেই
নীৰস নহয়
কঁম্পিত দুৰ্গৰ প্ৰাচীৰৰ দৰে চঞ্চল
মোৰ চিত্ত
বাৰে বাৰে কঁপি উঠে স্থপতি নিৰ্মাণৰ প্ৰতিধ্বনিত
এক সুৰীয়া শব্দৰ আঘাতত মই হালিছোঁ-জালিছোঁ
সেয়া কফিনৰ ঢাকনি গজাল মৰাৰ শব্দ বা বিঘ্নধ্বনি
কাৰ বাবে শৰত আজিৰ আৰু  কালিৰ
আচৰিত আৰু ৰহস্যময় এই শব্দ বিদায়ৰ প্ৰতীক।

কবি পৰিচিতিঃ বিখ্যাত ফৰাচী কবি চাৰ্লছ বডলেয়াৰৰ জন্ম ১৮২১ খ্ৰীঃত পেৰিচত । তেওঁ
কবি
,  অনুবাদক, সাহিত্য আৰু কলা সমালোচক। তেওঁৰ কবিতা পুথি  The Flower of Evil (Les Fleurs Du Mal) এখন বিখ্যাত কবিতা পুথি । উনৈশ শতিকাত এইখন পুথি ইউৰোপত প্ৰকাশিত
হয় । তেনেদৰে তেওঁৰ
Little Prose Poem খনো গদ্য আৰু
কবিতাৰ ক্ষেত্ৰত অন্যতম এক  সফল পুথি। 
১৮৬৭ চনৰ ৩১
আগষ্টত বডলেয়াৰৰ মৃত্যু হয়।

Popular Post

ঐতিহাসিক চিঠি