গল্পঃ পুৰণি চিঠিবোৰ/ শীৰ্ষেন্দু মুখোপাধ্যায়

Posted by : translatorsassam
June 2, 2020

পুৰণি চিঠিবোৰ
মূল বাংলা : শীৰ্ষেন্দু মুখোপাধ্যায়
ভাবানুবাদ : ইন্দ্ৰনীল গায়ন

(১)

এদিন হঠাৎ চহৰখনলৈ এজন ডাকোৱাল আহিল আৰু
ডাকোৱালজনে প্ৰথমেই আহি মোৰ ঘৰৰ সমুখত ৰৈ দুৱাৰত টোকৰ মাৰিলে ৷ মই চিলমিল টোপনিৰ পৰা
সাৰ পাই উঠি দুৱাৰখন খুলি দি দেখিলো এজন বয়সস্থ মানুহ এমোনা চিঠিৰ সৈতে থিয় দি আছে
৷ হাততো দুই এটা চিঠিৰ টোপোলা ৷ তেওঁক দেখা পোৱাৰ সেই সময়খিনি আছিল পুৱতি নিশাৰ ৷
জোনৰ পোহৰত মই তেওঁৰ চকুযুৰি দেখিছিলো ৷ আস্ ইমান দৰদ!
তেওঁ মোক চিঠিৰ টোপোলাটো হাতত তুলি দি
গুচি গৈছিল ৷ মই লৰালৰিকৈ চিঠিৰ টোপোলাটো খুলিবলৈ আৰম্ভ কৰিলো ৷ এয়া দেখোন টোপোলাটোৰ
ভিতৰত অজস্ৰ পুৰণি চিঠি
, কৰ্টৰ পৰা অহা নথি পত্ৰ, ইঞ্চুৰেঞ্চৰ ৰিছিপ, বিয়াৰ আগতে প্ৰেয়সীলৈ লিখা চিঠি ইত্যাদি ইত্যাদি ৷
কিন্তু কি আচৰিত!  তেওঁৰ হাতত এই পুৰণি চিঠিবোৰ! ই কেনেকৈ সম্ভৱ ৷
মনতে ভাবিলো এৰা! এসময়ততো এই চিঠিবোৰেই আছিল মোৰ সুখ দুখৰ লগৰী আৰু জীয়াই থকাৰ সমল
(২)

আস্ মই দেখোন ঘামিবলৈ আৰম্ভ কৰিছো ৷ কি
হৈছে! কি হৈছে মোৰ
? হঠাৎ টোপনিৰ পৰা সাৰ
পালো ৷ আৰে! এয়া কি! মই দেখোন নিজৰ কোঠাৰ বিচনাতে শুই আছো ৷ কাষত প্ৰিয়তমা আৰু মোৰ
একমাত্ৰ কন্যা সন্তানটি ৷ তেনেহ
লে অলপ আগতে মই দেখি
থকাবোৰ কি আছিল
?
সপোন??
এৰা সপোনেই আছিল চাগৈ ৷
কেতিয়াবা এনে হয় সপোনত আমি যি দেখো
সেয়া সঁচা হয় ৷ তেন্তে মই সপোনত যি দেখিছিলো সেয়া
সঁচা আছিল! লাহে লাহে হাতত সাৰে ভৰিত সাৰে মই বিচনাৰ পৰা নামি খিৰিকীখনৰ
মুখত থিয় দিলোহি ৷ তেতিয়াও পুৱতি নিশাৰ জোন আকাশত উমলি আছিল 
কিয় জানো মোৰ বুকুৰ বাওঁফালটোত বিষ এটা
অনুভৱ কৰিছো ৷ লগে লগে টেবুলখনত থকা গিলাচটোৰ পানীখিনি খাই চিগাৰেট এটা জ্বলাই ল
লো ৷ এতিয়া আৰু শোৱাৰ ইচ্ছা অলপো নাই ৷ মোৰ যেন ভিতৰি ভিতৰি
এক অজান শংকা হৈছে ৷ ঘড়ীলৈ চালো তিনি বাজিছে ৷ এতিয়াও পোহৰ হ
বলৈ কিছুপৰ ৷ মই অকলশৰে আন্ধাৰতে বহি ৰাতি পুৱালৈ বাট চালো ৷
(৩)

প্ৰতি পুৱা মই মোৰ ছোৱালীজনীক প্ৰাত:ভ্ৰমণলৈ
লৈ যাওঁ ৷ তাইৰ বয়স মাত্ৰ পাঁচ বছৰ হৈছে ৷ তাই মোৰ স
তে সদায় পুৱা খোজকাঢ়ে আৰু কেতিয়াবা দৌৰে ৷ সকলো সময়তে মই
তাইৰ লগত ছাঁটোৰ দৰে লাগি থাকো ৷
এদিন তাই মোক কলে
দেউতা তুমি মোৰ হাতত নধৰিবাচোন ৷
মোক অলপ খোজ কাঢ়িবলৈ দিয়া ৷
মই উত্তৰত সুধিছিলো
কিয়?
তাইহে আকৌ মোক ওলোটাই সুধিলে
সকলো সময়তে তুমি মোক  হাতত কিয় ধৰি থাকা? মই হেৰাই যাওঁ বুলি?
মই অলপ হতচকিত হৈ কলো
তেনেকুৱা একো কথা নাই, এতিয়া তুমি সৰু হৈ আছা যে ৷ আচলতে মইহে হেৰাই যাওঁ বুলি তোমাৰ
হাতত ধৰি থাকো ৷
তেতিয়া তাই মোক কলে
তুমিতো সৰু লৰা নহয় যে হেৰাই যাবা ৷
দেউতা কোৱাচোন
তুমি মোতকৈ সৰু নে?
মই তোমাতকৈ সৰু?
মই দেখোন কাইলৈৰ পৰা স্কুললৈ যাম তোমাৰ
লগত পুৱা কোনে খোজ কাঢ়িব
?
মই মনতে ভাবিলো তাইতো ঠিকেই কৈছে ৷ কাইলৈৰ
পৰা তাইৰ নতুন স্কুল ৷ কাইলৈৰ পৰা মই কাৰ সৈতে পুৱা খোজ কাঢ়িম
? কিছুপৰ ভবাৰ পিছত হাঁহি হাঁহি তাইক কলোমোৰ সোণজনী কাইলৈৰ পৰা মই অকলেই খোজকাঢ়িম  ৷ তেতিয়া তাই কলে  তুমি যদি হেৰাই যোৱা? তাইৰ প্ৰশ্নটো শুনি মই থৰ লাগিলো আৰু নিজকে নিজে সুধিছোযদি হেৰাই যাওঁ! কি হ?
এনেদৰে ভাবি থাকোঁতে তাইৰ জোতাযোৰত বোকা
জাতীয় লেতেৰা কিবা এটা লাগিল ৷ তাই নিজেই জোতাযোৰ খুলি ৰাস্তাৰ মাজতে বহি লেতেৰা বোকাবোৰ
আঁতৰাবলৈ যত্ন কৰিছে আৰু তাইৰ আউল বাউল চুলিবোৰে বাৰে বাৰে তাইৰ মুখখন ঢাকি ধৰিছে ৷
মই তাইলৈ একেথৰে চাই থাকি ৰাতিৰ ডাকোৱালজনলৈ মনত পেলালো ৷ সঁচাকৈয়ে ডাকোৱালজনে মোৰ
হেৰুৱা স্মৃতিবোৰ পুনৰ সজীৱ কৰি তুলিলে ৷ এনে লাগিছে মই যেন এখন শেষ নোহোৱা সাগৰৰ দৰে
আৰু সেই সাগৰৰ ঢৌবোৰৰ মাজত মই বিলীন হৈ গৈ আছো ৷

(৪)
লাহে লাহে বুজি উঠিছো তাই ডাঙৰ হৈ আহিছে
৷ কথাবোৰো বুজিব পৰা হৈছে ৷ এটা সময়ত তাই মোৰ ওচৰ পালত মই খোজ ল
লো তাই মোলৈ চাই হাঁহিলে ৷ ময়ো হাঁহিলো ৷ তাই অকলেই ঘৰলৈ বুলি খোজ ললে ৷

Popular Post

ঐতিহাসিক চিঠি