কবিতাঃ আটাইবোৰ চৰাই / ডেন জেক

Posted by : translatorsassam
June 4, 2020
আটাইবোৰ চৰাই (All the Birds )
মূল কবি : ডেন জেকৰ কবিতা

অসমীয়া ভাঙনি : খগেশ সেন ডেকা

আমি আটাইবোৰ চৰাইকে হত্যা কৰিম৷
আটাইবোৰ৷ আটাইবোৰ, ঢোঁৰা
কাউৰীজাকে কোৰকোৰাইছিল মৰ গধূলি বেলা৷

আৰু ৰাতিৰ নিস্তব্ধতাত মই শুনিছিলোঁ
বাগিচাত কোনোবাই মোৰ
চৰাইবোৰ হত্যা কৰাৰ শব্দ৷

মই জানিছিলোঁ
এতিয়াৰে পৰা দোকমোকালিত
মোৰ বাবে কোনো গীত নাথাকিব
,
আৰু মই অনুভৱ কৰিছিলোঁ
দুখে মোৰ প্ৰাণচাঞ্চল্য
স্তব্ধ কৰিব৷
আটাইবোৰ৷ আটাইবোৰ চৰাই,
সিহঁতে কৈছিল৷
আৰু মই অনুভৱ কৰিছিলোঁ
মোৰ চৌদিশে
লা
ডেউকাৰ ঢপঢপনি

আৰু মোৰ ওপৰত ক্ৰুদ্ধ
দৃষ্টিৰ চাৱনি

সিহঁতৰ মাজৰ ঢোঁৰা কাউৰী
এটাৰ হালধীয়া চকুৰ৷

ঐ ঢোঁৰা কাউৰী, তই
ইয়াত কি বিচাৰিছ
, মই সুধিছিলোঁ৷
মই মোৰ মগজুৰ খোলাৰ ভিতৰত
কোনো চৰাই লুকাই ৰখা নাই৷
আটাইবোৰ৷ আটাইবোৰ চৰাই৷
আমি আটাইবোৰ চৰাইকে হত্যা
কৰিম
, সি কৈছিল৷
আৰু তেতিয়া মই ভীষণ ভয় খাইছিলোঁ
সম্ভৱতঃ কোনোবা নিশা
অন্ধকাৰৰ সপোনৰ মাজেৰে
সি মোৰ মগজুৰ খোলাটো ফালি
পেলাব

আৰু তাৰ উন্মাদ ঠোঁটটোৰে
প্ৰমাণ কৰিব

মোৰ চিন্তাৰ নীড়ত কোনো
গীতাল পখী

আছে নেকি আশ্ৰয় লৈ !
আটাইবোৰ৷ আটাইবোৰ চৰাইকে, সি
নিৰ্মমভাৱে খুটিয়াব৷
এতিয়া মোৰ ডিঙিৰ সকলো স্থানতে মই অনুভৱ কৰোঁ
এটা ঢোৰা কাউৰীৰ হালধীয়া
চকু৷
কোনোবাই মোৰ আত্মাক বিদ্ধ কৰিছে৷
মোৰ আত্মা হত্যাৰ বলি হোৱা
এটি চৰাই৷
আটাইবোৰ৷ আমি আটাইবোৰকে হত্যা কৰিম৷
আটাইবোৰ চৰাই,
গোমোঠা আকাশৰ তলত
ঢোঁৰা কাউৰীজাকে
কোৰকোৰাইছিল৷


*
স্বাধীনতা-কৰ্মী
ডেন জেক আছিল শ্লোভেনিয়াৰ কবি৷ তেওঁৰ কাব্য সংকলন হ
—Burned Grass (1958)
আৰু A Tongue from the Earth 
(1961).

Popular Post

ঐতিহাসিক চিঠি