ৰোমৰ সাধু – এন্ড্ৰক্লাচ আৰু এটা সিংহ

Posted by : translatorsassam
June 4, 2020
এন্ড্ৰক্লাচ আৰু এটা সিংহ
ৰোম দেশৰ মহান কাহিনী
অনুবাদ – কিন্নৰী ডেকা।

এসময়ত ৰোম দেশত এন্ড্ৰক্লাচ নামৰ এজন
অতি দুখীয়া গোলাম আছিল। এন্ড্ৰক্লাচৰ স্বামীজন অতি ক্ৰুৰ প্ৰকৃতিৰ আছিল
  আৰু  তেওঁৰ প্ৰতি  ইমানেই নিৰ্দয়ী আছিল যে এন্ড্ৰক্লাচ তাৰ পৰা পলাই  যাবলৈ বাধ্য হৈ পৰিছিল।
                  এইদৰে পলাই আহি তেওঁ কেইবাদিনো হাবিয়ে বননিয়ে লুকাই আছিল। কিন্তু
অতি শীঘ্ৰে খাদ্যৰ অভাৱত পৰি তেওঁ দিনক দিনে দুৰ্বল আৰু বেমাৰী হৈ পৰিল। এন্ড্ৰক্লাচে
নিজৰ এই অৱস্থা দেখি এইদৰে জীয়াই থকাতকৈ তেওঁ মৰি যোৱাই উচিত বুলি ভাবিলে আৰু সেই ভাবি
গৈ গৈ তেওঁ এটা গুহাত প্ৰৱেশ কৰিলে আৰু তাত বাগৰি দিলে। লগে লগেই তেওঁ টোপনিত ঢলি পৰিল।
             কিছু সময় পিছতে এটা ভয়ানক শব্দ শুনি তেওঁৰ টোপনি ভাঙিল। এন্ড্ৰক্লাচে
দেখিলে গুহাটোৰ ভিতৰত এটা ডাঙৰ সিংহ সোমাই আহিছে আৰু এই ভয়ানক শব্দটো তাৰেই গৰ্জনৰ
শব্দ। সিংহটোৱে মাৰি পেলাব বুলি ভবাৰ লগে লগেই এন্ড্ৰক্লাচৰ অন্ঠ-কন্ঠ শুকাই আহিল।
কিন্তু তেতিয়াই তেওঁ হঠাৎ ভালদৰে লক্ষ্য কৰি দেখিলে যে সিংহটোৱে এনেকৈ লেঙেৰাই লেঙেৰাই
খোজ কাঢ়ি আছিল
, যেন সি তাৰ ভৰিত গুৰুতৰ ভাবে কিবা  আঘাত পাইছে আৰু তাৰ মুখত খঙৰো কোনো চিন নাছিল।
          এইবাৰ এন্ড্ৰক্লাচে মনত অলপ সাহস গোটাই ললে আৰু ঘটনাৰ বুজ লবলৈ সিংহটোৰ
আঘাতপ্ৰাপ্ত ভৰিখন ডাঙি চাবলৈ চেষ্টা কৰিলে । সিংহটো মনে মনে থিয় দি থাকিল আৰু অলপ
পিছত সি এন্ড্ৰক্লাচৰ কান্ধত থৈ তাৰ মূৰটো ল
ৰাবলৈ ধৰিলে।
যেন সি এন্ড্ৰক্লাচক ক
ব বিচাৰিছিল যে – “মই
জানো
,
তুমি নিশ্চয় মোৰ সহায় কৰিবা”।
           এন্ড্ৰক্লাচে সিংহটোৰ ভৰিখন মাটিৰ পৰা ওপৰলৈ তুলি ধৰিলে। তেওঁ
দেখিলে এডাল দীঘল
, জোঙা আৰু শকত কাইটে
সিংহটোৰ ভৰিত বিন্ধি আছে। এন্ড্ৰক্লাচে দুটা আঙুলিৰে কাইটডালৰ শেষমূৰত ধৰিলে আৰু এবাৰত
তৎক্ষণাত জোৰকৈ টানি কাইটডাল উলিয়াই আনিলে। কাইটডাল ওলাই যোৱাৰ লগে লগেই সিংহটোৰ বিষ
দূৰ হ
ল। সি আনন্দত এটা সুখী কুকুৰৰ দৰে জপিয়াবলৈ ধৰিলে আৰু কৃতজ্ঞতাত
তাৰ নতুন বন্ধুৰ হাত ভৰিবোৰ চেলেকিবলৈ ধৰিলে।
              এতিয়া আৰু এন্ড্ৰক্লাচৰ ভয়ৰ কোনো কাৰণ নাছিল। লাহে লাহে নিশা
হৈ অহাত এন্ড্ৰক্লাচ আৰু সিংহটো সেই গুহাটোতে ইজনে
নজনৰ কাষত পৰি শুই থাকিল।
               এইদৰে বহুদিন পাৰ হৈ গল। পাৰ হৈ যোৱা
দিনবোৰত প্ৰতিদিনেই সিংহটোৱে এন্ড্ৰক্লাচৰ বাবে খাদ্য আনি দি থাকিল। সিহঁত দুয়োটা ইমানেই
ভাল বন্ধু হৈ উঠিল যে এন্ড্ৰক্লাচে তেওঁৰ এই নতুন জীৱনটোক এটা অতি সুখময় জীৱন বুলি
ভাবিবলৈ ল
লে।
                   এদিনাখন হাবিখনৰ মাজেৰে কেইজনমান সৈনিক গৈ আছিল। তেওঁলোকে গৈ
গৈ সেই গুহাটোত উপ
স্থিত হল আৰু এন্ড্ৰক্লাচক দেখি ততালিকে চিনিব পাৰি পুনৰ তেওঁক ৰোম
দেশলৈ লৈ গ
ল।
           তেতিয়া সেই সময়ৰ নিয়ম অনুসৰি যদি কোনোবা গোলামে তাৰ স্বামীৰ
ওচৰৰ পৰা পলাই যোৱাৰ ধৃষ্টতা কৰে তেন্তে সেই গোলামজনে এটা ভোকাতুৰ সিংহৰ লগত যুদ্ধ
কৰিবলগীয়া হৈছিল।
সেই অনুসৰি ৰোম দেশত এটা ক্ষুধাতুৰ সিংহক
বন্দী বনোৱাৰ ব্যৱস্থা কৰা হ
ল আৰু যুঁজৰ দিনো নিৰ্ধাৰণ
কৰা হ
ল। যুঁজৰ দিনলৈ এই বন্দী সিংহটোক খাদ্যৰ পৰা বঞ্চিত ৰখা হল।
            অৱশেষত সেই নিৰ্দিষ্ট দিনটো আহিল ।  হাজাৰ হাজাৰ মানুহ আহি এই  যুঁজখেল খন চাবলৈ উপস্থিত হলহি। সেইসময়ত এনেধৰণৰ খেল চাবলৈ মানুহে  বৰ্তমানৰ চাৰ্কাছ বা বেচবল খেলৰ ষ্টেডিয়ামৰ দৰে ঠাই এডোখৰলৈ
গৈছিল।
               এসময়ত ক্ৰীড়া প্ৰাঙ্গনৰ
দুৱাৰ খোলা হ
ল আৰু বেচেৰা এন্ড্ৰক্লাচক
তালৈ লৈ অনা হ
ল। ইতিমধ্যেই পিঞ্জৰাৰ পৰা ভাহি অহা সিংহৰ
গৰ্জন শুনি এন্ড্ৰক্লাচ ভয়ত আধামৰা হৈ আছিল। সি ওপৰলৈ মূৰ তুলি চাই হাজাৰ হাজাৰ মানুহৰ
মাজত কাৰো মুখত তাৰ বাবে অকণো দয়াভাব দেখা নাপালে।
           এটা সময়ত পিঞ্জৰাৰ দুৱাৰখন খুলি দিয়া হল। লগে লগে এটা ক্ষুধাতুৰ সিংহ দৌৰ মাৰি ওলাই আহিল। একেজাপতে
সি এন্ড্ৰক্লাচৰ সমুখ পালেগৈ। এন্ড্ৰক্লাচে আৰ্তনাদ কৰি কান্দি উঠিল। কিন্তু এই কান্দোন
ভয়ৰ নাছিল
, আছিল সুখৰহে।
এয়া তাৰ সমুখত তাৰ পুৰণি বন্ধু, সেই গুহাটোৰ সিংহটো থিয় দি আছিল।
              উপস্থিত সকলো মানুহ, যিয়ে সিংহটোৰ দ্বাৰা মানুহজনৰ বধ হোৱাৰ দৃশ্য চাবলৈ উত্ৰাৱল
হৈ আছিল সেই সকলো মানুহ আচৰিত হৈ উঠিল। সিহঁতে দেখিলে এন্ড্ৰক্লাচে সিংহটোৰ ডিঙিত তেওঁৰ
হাত দুখন ৰাখি থৈছে আৰু সিংহটোৱেও আঠুকাঢ়ি বহি এই গোলামজনৰ গাটো চেলেকি আছে। এটা সময়ত
সিংহটোৱে এই গোলামজনৰ মুখত তাৰ মূৰটো ঘহাবলৈ ধৰিলে। যেন এইদৰে কৰি সি পোহ মানিবলৈহে
চেষ্টা কৰি আছিল। তাত উপস্থিত কোনোৱে এই সকলোবোৰৰ বিষয়ে একো তলকিব নোৱাৰিলে।
                এইদৰে কিছু সময় পাৰ হৈ যোৱাৰ পিছত সকলোৱে এই বিষয়ে জনাবলৈ এন্ড্ৰক্লাচক
অনুৰোধ জনালে। গতিকে এন্ড্ৰক্লাচ তেওঁলোকৰ সমুখত থিয় দিলে আৰু সিংহটোৰ ডিঙিত হাত থৈয়ে
কেনেকৈ তেওঁ আৰু এই সিংহটোৱে গুহাটোত এটা সময়ত জীৱন অতিবাহিত কৰিছিল তাৰ বিষয়ে ক
বলৈ ধৰিলে।
         মই এজন মানুহ!” তেওঁ কবলৈ ধৰিলে – ” কিন্তু আজিলৈ কোনো মানুহে মোৰ লগত কেতিয়াওঁ বন্ধুত্ব নকৰিলে।
একমাত্ৰ এই সিংহটোৱে মোৰ প্ৰতি
  সদ্ভাৱ ৰাখি আহিছে আৰু আমি ইজনে সিজনক আপোন ভাইৰ দৰে ভাল পাওঁ।
            এইবোৰ শুনাৰ পিছত মানুহবোৰৰ এই গোলামজনৰ প্ৰতি আৰু  কোনোধৰণৰ ক্ৰুৰ ভাব নাছিল। সিহঁতে একেলগে কৈ উঠিল – “মুক্তভাৱে
জীয়াই থাকা”। “তুমি মুক্ত হৈ জী থাকা”।
           সিংহটোকো মুকলি কৰি দিয়ক”। “দুয়োজনকে স্বাধীনতা দিয়া
যাওঁক।” – আন কিছুমানে কৈ উঠিল।
                 ইয়াৰ পিছত এন্ড্ৰক্লাচক মুকলি কৰি
দিয়া হ
ল। সিংহটোৰ দায়িত্বওঁ তেওঁকেই দিয়া হল। এই ঘটনাৰ পিছত বহু বছৰলৈ এন্ড্ৰক্লাচ আৰু সিংহটো সুখে শান্তিৰে
ৰোম দেশত বসবাস কৰিবলৈ ধৰিলে।

Popular Post

ঐতিহাসিক চিঠি