প্ৰেমময় দাসগুপ্তৰ (১৯৮৮) বিদেশীদেৰ চোখে
ভাৰতবৰ্ষ গ্ৰন্থলানিৰ “হিউয়েন সাঙেৰ দেখা ভাৰত” খণ্ডটোৰ অন্তৰ্গত
“কিআ-মো-লু-পো” বা কামৰূপৰ বিৱৰণ ঃ

অনুবাদ: খগেশ সেন ডেকা
(বৌদ্ধভিক্ষু হিউৱেন চাঙৰ জন্ম হৈছিল চীন দেশৰ হো-নান প্ৰদেশৰ চিন-লিউত, ৬০৩ খ্ৰীষ্টাব্দত৷
চাৰিগৰাকী ভায়েকৰ ভিতৰত তেওঁ আছিল সবাতো কনিষ্ঠ৷ নিচেই কম বয়সতে তেওঁ মাজুজনা
ককায়েকৰ লগত পূব চীনৰ ৰাজধানী লো-আঙলৈ আহে৷ ককায়েক আছিল ইৎচিং-তু বৌদ্ধস্তূপৰ
ভিক্ষু৷ তেৰ বছৰ বয়সত হিউৱেন চাং এই বৌদ্ধ মন্দিৰৰ উপাসকৰূপে দীক্ষিত হয়৷ চীনত চুই
ৰাজবংশৰ পতনৰ পাছত পৰিস্থিতি অনুকূল নেদেখি দুয়ো ভায়েক ঝেচেৱান প্ৰদেশৰ ৰাজধানী
চিং-তুলৈ গুচি আহে৷ ইয়াতে তেওঁ বিশ বছৰ বয়সত পূৰ্ণাংগ ভিক্ষুৰূপে দীক্ষিত হয়৷ তাৰ
পাছত তেওঁ চীনৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি সেইবোৰ ঠাইৰ বৌদ্ধাচাৰ্যসকলৰ পৰা
প্ৰয়োজনীয় শিক্ষা আহৰণ কৰে৷ পৰিশেষত ফা-হিয়েন আৰু ও চি-য়েনৰ স্মৃতিকথা অধ্যয়ন কৰি
২৬ বছৰ বয়সত তেওঁৰ অন্তৰত ভাৰত-ভ্ৰমণৰ এক দুৰ্বাৰ স্পৃহা জাগ্ৰত হয়৷

৬২৯ খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহত এইজনা চীনা পৰিব্ৰাজক চিং-চাৰ পৰা ভাৰত
অভিমুখে ৰাওনা হয়৷ সেই সময়ত উত্তৰ ভাৰতত কনৌজৰাজ হৰ্ষবৰ্ধন বা শিলাদিত্যই ৰাজত্ব
কৰিছিল ৷ ৬৪৩ খ্ৰীষ্টাব্দৰ প্ৰাৰম্ভণত কামৰূপাধিপতি ভাস্কৰবৰ্মা ওৰফে কুমাৰ ৰজাৰ
অনুৰোধ মৰ্মে আৰু নালন্দা বিহাৰৰ আচাৰ্য শীলভদ্ৰৰ পৰামৰ্শ মতে তেওঁ
“কিআ-মো-লু-পো” বা কামৰূপ ৰাজ্যলৈ আহে৷ তাৰে পৰা তেওঁ হৰ্ষবৰ্ধন ওৰফে
শিলাদিত্যৰ আমন্ত্ৰণ ক্ৰমে কুমাৰ ৰজাৰ সৈতে কজূঘীৰলৈ গমন কৰে৷ তাতে হৰ্ষবৰ্ধনৰ
সৈতে তেওঁৰ দেখা-শুনা হয়৷ কজূঘীৰৰ পৰা তেওঁলোক আটাইকেইজন ধৰ্ম-সম্মিলনত যোগ দিয়াৰ
উদ্দেশে কনৌজলৈ যায়৷ তাৰে পৰা তেওঁ শিলাদিত্যৰ অনুৰোধ ৰক্ষা কৰি প্ৰয়াগলৈ যায় আৰু
তাত মহামোক্ষ পৰিষদত যোগদান কৰে৷ তাৰ পাছত সেই ঠাইৰ পৰাই তেওঁ ভ্ৰমণ সামৰি স্বদেশ
অভিমুখে ৰাওনা হয়৷ বাটত তেওঁ কৌশাম্বী, বীৰসেন, জালন্ধৰ, সিংহপুৰ, তক্ষশীলা, গান্ধাৰ, লম্পক আৰু পৰিশেষত “ফ-ন-ল” বা বৰণ হৈ ভাৰত সীমান্ত ত্যাগ কৰে৷ ৬৪৫
খ্ৰীষ্টাব্দত তেওঁ পশ্চিম চীনৰ ৰাজধানী চিং-ফুত উপস্থিত হয়৷ ভ্ৰমণৰ অন্তত তেওঁ এই
দেশৰ পৰা বুদ্ধৰ দেহাস্থিকে ধৰি ভালেমান সামগ্ৰী লগত লৈ যায়৷ সেইবোৰৰ ভিতৰত ২২টা
ঘোঁৰাৰ পিঠিত বোজাই দি নিয়া ৫২০ মোনা বৌদ্ধশাস্ত্ৰ অন্যতম৷

হিউৱেন চাঙে এই যাত্ৰাত সিংহলকে (শ্ৰীলংকা) ধৰি মুঠ ৮২খন ৰাজ্য পৰিভ্ৰমণ কৰে৷
এই ৰাজ্যবোৰৰ প্ৰতিখনৰে একোটিকৈ চাক্ষুষ বিৱৰণ তেওঁৰ ভ্ৰমণ-বিৱৰণীত সন্নৱিষ্ট
হৈছে৷ তাৰ ভিতৰত কিআ-মো-লু-পো বা কামৰূপৰ বিৱৰণ অন্যতম৷)

“কিআ-মো-লু-পো” বা কামৰূপৰ বিৱৰণঃ
পুণ্ড্ৰৱৰ্ধন এৰি পূব দিশলৈ গমন কৰিলোঁ৷ প্ৰায় ৯০০ লি পথ অতিক্ৰম কৰাৰ পাছত
এখন নদী পাৰ হৈ ‘কিআ-মো-লু-পো‘ বা কামৰূপ ৰাজ্যত উপস্থিত হ‘লোঁ৷ (আচলতে তেওঁ মগধৰ
পৰাহে কামৰূপলৈ আহিছিল—দাসগুপ্ত)৷

এই ৰাজ্যখনৰ আয়তন দহ হাজাৰ লি-ৰ ওচৰা-উচৰি৷ ৰাজধানীৰ পৰিধি প্ৰায় ত্ৰিশ লি
(প্ৰায় এদিনৰ বাট—অনুবাদক)৷ ইয়াৰ ভূমিভাগ কিছু দ; কিন্তু জীপাল আৰু
উৰ্বৰা৷ ইয়াত নিয়মিতভাৱে খেতি-বাতি কৰা হয়৷ ইয়াত কঁঠাল আৰু নাৰিকলৰ খেতি হয়৷ সেই
দুবিধ ফলৰ গছ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা গ‘লেও, সেইফলবোৰক বিশেষ মূল্য
বা মৰ্যাদা দিয়া নহয়৷ নদী বা পাৰ বন্ধা সৰোবৰৰ পৰা খাল খান্দি বোৱাই নিয়া পানীৰে
চহৰবোৰ ঘেৰি ৰখা হৈছে৷ ইয়াৰ জলবায়ু নাতিশীতোষ্ণ; জাৰ বা জহ কোনোটোৱেই বেছি অনুভূত নহয়৷ মানুহবোৰৰ চাল-চলন ধীৰ-গম্ভীৰ, সৎ প্ৰকৃতিৰ৷ এওঁলোকৰ
চেহেৰা সৰু ফুটীয়া, চুটি-চাপৰ৷ গাৰ ৰং হালধীয়া৷ এওঁলোকৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ লৰ (টোকাটোত
উল্লেখ হোৱা মধ্য ভাৰত মানে তেতিয়াৰ মগধ অঞ্চল—অনুবাদক)৷ স্বভাৱৰ দিশত
এওঁলোক গোঁৱাৰ, একাচেকা, বন্য ধৰণৰ৷ জ্ঞান-চৰ্চাৰ প্ৰতি এওঁলোক অতিশয় আগ্ৰহী৷

ইয়াৰ মানুহে দেৱতাৰ পূজা কৰে আৰু সিবোৰৰ ওচৰত বলি দিয়ে৷ বৌদ্ধধৰ্মৰ প্ৰতি
এওঁলোকৰ কোনো অনুৰাগ নাই৷ এনে কাৰণতে বুদ্ধৰ জন্মৰে পৰা আজিকোপতি ইয়াত এটাও
সংঘাৰাম (বৌদ্ধ বিহাৰ বা বৌদ্ধ সংঘ) স্থাপন হোৱা নাই৷ ইয়াত দেৱতাৰ মন্দিৰ এশটামান
আছে৷ বিভিন্ন সম্প্ৰদায়ৰ অসংখ্য অনুগামী ইয়ালৈ আহে৷ বৰ্তমানৰ ৰজাগৰাকী প্ৰাচীন
বিষ্ণু দেৱতাৰ পন্থী৷ জাতিত তেওঁ ব্ৰাহ্মণ৷ তেওঁৰ নাম ভাস্কৰবৰ্মন, উপাধি কুমাৰ৷ এই বংশই
ইয়াত ৰাজত্ব আৰম্ভ কৰাৰে পৰা এতিয়াৰ ৰজাজনালৈ মুঠ এহেজাৰ প্ৰজন্ম পাৰ হৈছে৷
বৰ্তমানৰ ৰজা জ্ঞান-চৰ্চাৰ প্ৰতি অতিশয় আগ্ৰহী৷ তেওঁক দেখি তেওঁৰ প্ৰজাসকলো সেই
দিশৰ প্ৰতি আগ্ৰহী হৈ উঠিছে৷ বিভিন্ন ৰাজ্যৰ পৰা প্ৰতিভাৱান লোকসকল কামৰ আশাত
তেওঁৰ ওচৰলৈ আহে৷ তেওঁ বুদ্ধদেৱৰ অনুগামী নহ‘লেও, বিদ্বান-শ্ৰমণসকলক তেওঁ
যথেষ্ট শ্ৰদ্ধা কৰে৷ বুদ্ধৰ মহান ধৰ্মমত অধ্যয়ন কৰিবৰ বাবে চীনৰ দৰে দূৰৱৰ্তী দেশৰ
পৰা এগৰাকী শ্ৰমণ মগধৰ নালন্দা বিশ্ববিদ্যালয়লৈ আহিছে আৰু কঠোৰ পৰিশ্ৰম কৰি
অধ্যয়নত ৰত হৈ আছে—এই কথা শুনা মাত্ৰকে এইছোৱা সময়ৰ ভিতৰতে তেওঁ
মোলৈ তিনিবাৰকৈ আমন্ত্ৰণ পঠিয়াইছে৷ মই কিন্তু অহা নাছিলোঁ৷ তেতিয়া আচাৰ্য শীলভদ্ৰই
মোক ক‘লে—
“বুদ্ধদেৱৰ প্ৰতি অন্তৰৰ কৃতজ্ঞতা প্ৰকাশৰ ইচ্ছা
থাকিলে তেওঁৰ সত্যধৰ্ম প্ৰচাৰৰ প্ৰতি তোমালোকে মনোনিৱেশ কৰা উচিত৷ এয়া তোমাৰ
কৰ্তব্য৷ পথৰ দূৰত্বক তুমি ভয় কৰা অনুচিত৷ কুমাৰ ৰজা আৰু তেওঁৰ জ্ঞাতি-বংশ অন্য
ধৰ্মৰ অনুগামী৷ অথচ তেওঁ এগৰাকী বৌদ্ধ শ্ৰমণলৈ আমন্ত্ৰণ পঠিয়াইছে—তেওঁৰ সৈতে দেখা কৰিবলৈ৷ ই এক শুভ লক্ষণ৷ ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে
তেওঁৰ মতৰ পৰিৱৰ্তন ঘটিছে আৰু সঁচাকৈয়ে তেওঁ পুণ্যকৰ্মৰ জৰিয়তে দহৰ মংগল সাধন
কৰিবলৈ আগ্ৰহান্বিত হৈ উঠিছে৷ সৰ্বজনৰ উপকাৰ সাধনৰ নিমিত্তে তুমি ইয়াৰ পূৰ্বে
জীৱনৰ প্ৰতি পৰোৱা নকৰি অকলে অকলে ইয়ালৈ অহাৰ শপথ লৈছিলা৷” … এনেদৰে তেওঁ
মোক উদ্বুদ্ধ কৰাত মই আৰু বিশেষ কোনো অজুহাত নেদেখুৱাই অলপো বিলম্ব নকৰি কুমাৰ
ৰজাৰ দূতৰ সৈতে তেওঁৰ ৰাজ্য অভিমুখে গমন কৰিলোঁ৷

মই অহাত কুমাৰ ৰজাই ক‘লে : “যদিও মোৰ নিজৰ কোনো ধৰণৰ প্ৰতিভা নাই, তথাপি মই সকলো সময়তে বিশেষ
প্ৰতিভাসম্পন্ন জ্ঞানী লোকসকলৰ মংগল কামনা কৰোঁ৷ আপোনাৰ খ্যাতি তথা গুণৰ কথা শুনাৰ
পাছৰে পৰা মই আপোনাক মোৰ ৰাজ্যলৈ আমন্ত্ৰণ জনোৱাৰ সাহস কৰিছোঁ৷”

মই উত্তৰ দিলোঁঃ মোৰ বিদ্যা-বুদ্ধি
নিচেই কম৷ মোৰতো ধাৰণা হয়, আপুনি মোৰ খ্যাতি নহয়, বৰং অখ্যাতিৰ কথাই শুনিব৷”

এনেদৰে নানান কথাৰ বিনিময়ৰ পাছত তেওঁ আমাৰ চীনা সাম্ৰাজ্যৰ কথা শুনি তালৈ
যোৱাৰ গভীৰ ইচ্ছা প্ৰকাশ কৰিলে৷ শেষত ক‘লে : “মহাৰাজ
শিলাদিত্য এতিয়া কজূঘীৰত আছে৷ জ্ঞান আৰু পুণ্যৰ শিপা গভীৰৰ পৰা গভীৰতৰলৈ প্ৰসাৰিত
কৰাৰ বাবে তেওঁ অচিৰেই দান-ধ্যানৰ বিৰাট আয়োজন কৰিব৷ পঞ্চ ভাৰতৰ সকলো শ্ৰমণ আৰু
ব্ৰাহ্মণ তাত উপস্থিত থকাটো অত্যন্ত জৰুৰী৷ তেওঁ মোলৈ আমন্ত্ৰণ পঠিয়াইছে৷ মোৰ
অনুৰোধ আপুনিও মোৰ সংগী হওক৷”

(হৰ্ষবৰ্ধনে ভাস্কৰবৰ্মাক এনেদৰে নিৰ্দেশ দিয়া বুলি টোকাটোৰ আন এঠাইত এনেদৰে
উল্লেখ আছে : “তুমি তোমাৰ অতিথি বিদেশী শ্ৰমণজনক
(হিউৱেন চাং) লৈ এতিয়াই নালন্দা বিহাৰলৈ আহা— এয়াই মোৰ ইচ্ছা৷” তেওঁৰ কথা মতে কুমাৰ ৰজা আৰু মই অধিৱেশনত যোগ দিলোঁ৷)

ইয়াৰ পাছত আমি দুয়ো একেলগে যাত্ৰা কৰিলোঁ৷
এই ৰাজ্যখনৰ (কামৰূপ) পূব দিশটো চাৰিখনকৈ পাহাৰে ঘেৰি ৰাখিছে৷ সেইবাবে সেইফালে
কোনো ডাঙৰ চহৰ নাই৷ ৰাজ্যৰ সীমান্ত দক্ষিণ-পশ্চিম চীনৰ অসভ্য উপজাতি এলেকাৰ সৈতে
সংলগ্ন৷ ৰীতি-নীতি, চাল-চলনৰ ফালৰ পৰা এই উপজাতিৰ মানুহবোৰ প্ৰকৃততে “মন” গোষ্ঠীৰ
লোকসকলৰ সমগোত্ৰীয়৷ খা-খবৰ লৈ যি জানিলোঁ তাৰ পৰা মোৰ ধাৰণা হ‘ল— এই ফালেৰে (পূব দিশেৰে)
দুমাহ ধৰি খোজ কাঢ়ি গ‘লে আমি ঝেচুৱেন (শুহু) প্ৰদেশৰ দক্ষিণ-পশ্চিম
সীমান্তত উপস্থিত হ‘ব পাৰিম৷ কিন্তু পৰ্বত আৰু নদী এই যাত্ৰাপথত
বিশেষ প্ৰতিবন্ধক হৈ পৰিব৷ তদুপৰি দূষিত বায়ু, ভয়ংকৰ সাপ আৰু বিষাক্ত গছ-লতিকাৰ বাবে পদে পদে মৰণৰ ভয়৷

ৰাজ্যখনক দক্ষিণ পূবত পালে পালে বনৰীয়া হাতী ঘূৰি ফুৰে৷ সেইবাবে ইয়াত এই
হাতীবোৰক যুদ্ধত বিশেষভাৱে ব্যৱহাৰ কৰা হয়৷

অনুবাদকৰ টোকা : সুদূৰ সপ্তম শতিকাত
কামৰূপৰ ৰজা ভাস্কৰবৰ্মাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে ভাৰতৰ
“কিআ-মো-লু-পো” বা কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল আৰু সেই বিষয়ে তেতিয়াৰ
কামৰূপ ৰাজ্যৰ বিষয়ে এটি তথ্য সমৃদ্ধ টোকা লিখি থৈ গৈছিল ৷ বাংলা ভাষাত প্ৰেমময়
দাশগুপ্তৰ “বিদেশীদেৰ চোখে ভাৰতবৰ্ষ” চিৰিজৰ “হিউয়েন সাঙেৰ দেখা
ভাৰত” খণ্ডটোত সংকলিত টোকাটোৰ অসমীয়া অনুবাদ ‘অনুবাদক, The Translators’ ৰ পাঠকসকললৈ আগবঢ়োৱা হ‘ল৷