কবিতাঃ পূৰ্ণেন্দু পত্ৰীৰ কেইটামান কবিতা

Posted by : translatorsassam
June 6, 2020

মূলঃ পূৰ্ণেন্দু পত্ৰী 

অসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই






পূৰ্ণেন্দু পত্ৰী


 কথোপকথন- ১০

কালি ঘৰলৈ ঘূৰি
আহি কি কৰিলা
?
কান্দিলোঁ ।
তুমি
?
লিখিলোঁ ।
কবিতা ? তা,
চাওঁ ।
লিখি শেষ
কৰিয়েই
,
টুকুৰাটুকুৰ ।
কিয় ?
মোৰ আনন্দৰ
ভিতৰত অনৰ্গল কথা
কৈছিল এটা আৰ্তনাদে ।
আৰ্তনাদৰ ভিতৰত গুণগুণকৈ কথা
সাজিছিল এক অদ্ভুত এক শান্তিয়ে ।
আৰু শান্তিৰ ভিতৰত সাগৰৰ সোঁ –সোঁৱণি।
ধুমুহা।
যিবোৰ আখৰ লিখোতেই ৰঙা হৈ
পৰিব লাগে, সেইবোৰ হৈছিল শুধ
বগা ।
যিবোৰ শব্দ কঁহুৱা হৈ নাচিব লাগে,
সিহঁতক এনে লাগিছিল,যেন উৰিফুৰা
শুকান ঝাঁওবনৰ পাত।
গম পালো, সেই ভাষা মোৰ অজ্ঞাত
যাৰ দাপোনত নিজৰ মুখ চাব
ভালপোৱাই।
মাত্ৰ সেইবাবেই
চিৰিলাচিৰিল কৰিলা
?
বতাহৰ পৰা এটা
অট্টহাস্যই জপিয়াই
ওলাই আহি কলে,
চাকিৰ শলিতা হৈ আৰু কিছুমান দিন
পুৰি ছাই হ।
পুৰি ছাই হ।

কথোপকথন : ১
কি কৰিছা ?
ছবি আঁকিছোঁ ।
এইটো তো এটা বিন্দু !
তুমি চুই দিলেই বৃত্ত হব । কেন্দ্ৰ হবা তুমি । মই হম পৰিধি ।
কিন্তু মই যে বৃত্তৰ মাজত আৱদ্ধ হব বিচৰা নাই ।
মই বিচাৰো অসীমৰ অধিকাৰ ।
অলপ ৰবা । ……. এতিয়া চোঁৱা ।
এইটো কি ? এটুকুৰা মেঘ ।
তুমি চুই দিলে আকাশ হব । তুমি হবা সীমাহীন দিগন্ত আৰু মই হম দিগবলয় ।
কিন্তু সেয়া তো অন্ধকাৰ নমাৰ লগে লগে নাইকিয়া হৈ যাব । মই চিৰন্তন হব বিচাৰো ।
আচ্ছা,
এইবাৰ চোঁৱা ।
উৱা,
এইখিনি তো পানী !
তুমি চুই দিলেই সাগৰ হব । তিনিভাগ পানীৰ তুমি হবা জলকুঁৱৰী । আৰু মই হম জলাধাৰ ।
মোৰ খণ্ডিত বস্তুৰ ওপৰত বিশ্বাস নাই । মোৰ দাবী সমগ্ৰৰ ।
অলপ পৰ ৰবা । ওঁ, এতিয়া চকু মেলা
সেয়া কি আঁকিলা ? সেইখন তো এখন হৃদয় !
অঁ। এখন হৃদয় । যত তুমি আছা । অসীম মৰমেৰে, চিৰন্তন ভালপোৱাৰে । এতিয়া কোঁৱা, কি বিচাৰা তুমি
?
সমগ্ৰ জীৱনটো যেন তাতেই থাকিবলৈ পাওঁ।






কথোপকথন – ৪
যেই কোনো এটা ফুলৰ নাম কোঁৱা ?
দুখ ।
যেই কোনো এখন নদীৰ নাম কোঁৱা ?
বেদনা ।
যেই কোনো এজোপা গছৰ নাম কোঁৱা?
 – হুমুনিয়াহ ।
যেই কোনো এটা তৰাৰ নাম কোঁৱা ?
অশ্ৰু ।
এতিয়া মই তোমাৰ ভবিষ্যত কৈ দিব পাৰিম
কোঁৱা ।
–  খুব সুখী হবা জীৱনত ।

    
বগা মাৰ্বলৰ ওপৰত তোমাৰ ভৰি ।
    
সোণৰ পালেঙত দেহবল্লৰী ।
    
আগবাঢ়িলেও তাজমহল
, পাচপৰিলেও তাজমহল,
    
নিজৰাৰ তলত স্নান ।
    
ফোঁৱাৰাৰ পানীৰে কুলকুলি ।
    
তুমি ক
বা, সাজিম
    
বাগিচাত মালিনীয়ে মালা গাঁথিব
,
    
ঘৰৰ ভিতৰত লিগিৰীয়ে চন্দন বটিব।
    
তুমি ক
বামই শুম ।
    
লগত ওলমি থাকিব গছে গছে পাখোৱাজ
, চেতাৰ।
    
লগে লগে নাচি থাকিব জোনাকৰ মাজে মাজে  
   
এক লাখ নৰ্তকী ।
    
আনন্দমেলাৰ ঘূৰ্ণিখেলাত এনেকৈয়ে  বহুদিন।
    
তাৰপাচত
, বুকুৰ সোঁফালে কামিহাড়ত গাঁত খান্দি খান্দি,
    
তেজৰঙী ৰঙামাটিৰ পথেৰে সুৰঙ্গ কাটি কাটি
,
    
এটা সাপ
,
    
ভৰিত বৰণীয়া চানেকিৰ নক্সা
,
    
নদীৰ বুকুত হাওলি পৰা হেঙুল গধূলি হেন যাৰ চকু
    
বিয়াঘৰৰ ব্যাকুল সংগীতৰ ঐক্যতান তাৰ হাঁহি
,
    
দাঁতত মুকুতাৰ টুকুৰাৰ দৰে বিষ
,
    
সুবিধা চাই ঘনে ঘনে সাৱটি ধৰিব সি তোমাক
,
    
যেন আঁহতৰ শিপাৰ ঠেঙুলি
, মাটিৰ মাজেদি সোমায়
যায়
,
যাৰ আলিঙ্গন ।
   
লাহে লাহে তোমাৰ সমস্ত হাঁহিৰ ৰঙ হয় পাণ্ডুৰ
   
লাহে লাহে তোমাৰ সমস্ত গহনাৰ  ওপৰত পৰে
শেলুৱৈ
,
    
লাহে লাহে তোমাৰ মখমলী বিচনাত
,
    
টোপ টোপ বৰষুণ
, টোপ টোপ বৰষুণত বগা
–  সেই সাপটো হবলা তুমি ?
–  ওঁহো,
নহয় ।
–  তেন্তে ?
স্মৃতি ।
নতুন ঘৰ সোমোৱাৰ সময়ত যাক এৰি আহিছিলা, জ্বলি থকা ধূপৰ কাষত ।

                

কথোপকথন-২
– ইমান পলম কৰিলা কিয়? সেই কেতিয়াবাৰ পৰাই ৰৈয়ে আছো৷
– কি কৰিম কোৱা মে’ম? টিউচন শেষ কৰি দেখোঁ বাহিৰত দোপালপিটা বৰষুণ৷ মোৰ
বাবেতো আৰু গে’টৰ বাহিৰত মাৰ্ছিডিজখন ৰৈ নাথাকে যে ড্ৰাইভাৰৰ চালাম লৈ লৈ ঘপ্ কৰে সোমাই
পৰিম৷ সেয়ে ঝেপঝেপিয়া বৰষুণ মুৰত লৈ, বোকা পানী খচকি, দুখীয়াৰ গাড়ী অৰ্থাৎ ভৰি দুটাৰ
ওপৰত ভৰষা কৰি আহিবলগা হৈছে আপোনাৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবে৷ কিন্তু আজি ৰিস্কাত আহিছোঁ
বুলিহে, নহলে একেবাৰে জুৰুলিজুপুৰি হৈ গলোঁহেতেন৷ ৰিস্কা বিচাৰোতে যিকণ দেৰী হ’ল আৰু৷
– ইচ্৷ ভালকৈয়ে তিতিলা দেখিছোঁ৷ ওচৰলৈ আহাঁচোন, ৰুমাল এখনেৰে মছি দিওঁ৷
– অ’ হো, মই আক’ ভাবিছিলো তোমাৰ চাদৰৰ আঁচলেৰে মছি দিবা৷ ঠিক আছে, ৰুমালেৰেই
হওক বাৰু৷
– এতিয়া নেলাগে মিষ্টাৰ, সেইটো ভবিষ্যতৰ বাবে জমা থাকক৷ যেতিয়া তোমাৰ পত্নী
হ’ম তেতিয়া বাৰু তোমাৰ ইচ্ছাটো পূৰণ কৰিম৷
– আচ্ছা, যদি সেয়াই নোহোৱা, তেতিয়া মই বুঢ়া বয়সত তামোল চোবাই চোবাই কোনো
এক ডাৱৰীয়া বতৰত বহি বহি ৰোমন্থন কৰিম, এই ৰুমালি ভালপোৱাৰে ভৰা সময়খিনিক৷ নাতিপুতিক
তেতিয়া প্ৰথম প্ৰেমিকা আৰু এই ৰুমালখনৰ সাধু শুনাম৷
– প্লিজ, এনেকে নক’বা৷ মই কিয় তোমাক নাপাম? তুমি জানো মোক নিবিচাৰা? মোক
ভাল নোপোৱা?
– উত্তৰটো প্ৰকৃততে অলপ কঠিন৷ তোমাক বিচাৰো আৰু নিবিচাৰোও৷ ভালোপাওঁ আৰু
ভাল নাপাৱোঁ৷
– সাঁথৰ এৰা৷ মই স্পষ্টকৈ জানিব বিচাৰিছোঁ৷
– তেন্তে শুনা৷ মোৰ প্ৰতিদিনৰ জীৱন সংগ্ৰামৰ নিৰ্মম বাস্তবতা তুমি নাজানা৷
তেনে জীৱনৰ সতে তুমি কোনোদিনে অভ্যস্ত হবও নোৱাৰিবা৷ তোমাক এটা কথা সোধো?
– সোধা৷
– অক’মান আগেয়ে এখন দোকানৰ ছাউনিত গাটো বচাই লৈ ৰিস্কা এখন বিচাৰিছিলোঁ৷
গাটো খুব জাৰ জাৰ লাগিছিল৷ তেতিয়া চাহ একাপ খাইছিলো এটা ভঙা কাপত৷ ভালকৈ নোধোৱা সেই
কাপটোত লাগি আছিল বহু মেহনতি মানুহৰ ওঁঠৰ পৰশ, লাগি আছিল হয়তো থুইও, যিখিনি মোৰ ওঁঠতো
লাগি আছে৷ তুমি জানো পাৰিবা, এই ওঁঠটোত চুমা খাবলে’৷



কথোপকথন-১১


তুমি আজিকালি বেছিকৈ চিগাৰেট খাবলৈ
লৈছা
, শুভঙ্কৰ !

এতিয়াই দলিয়াই দিছো বাৰু…কিন্তু তাৰ সলনি ??

লুভীয়াটো । যেন কোনোদিন খাবলেপোৱাহে নাই !

খাইছোঁ

    কিন্তু মোৰ ভোকৰ আগত সেইবোৰ ধূলি ।

    গোটেই মহানগৰখনক এগৰাহতে চোবাই খাব
পা
ৰোঁ,

    আকাশখনক অমলেটৰ দৰে টুকুৰাটুকুৰ কৰি,

    তৰাবোৰক ভজাবাদামৰ দৰে মচ মচ শব্দ তুলি,

    পাহাৰবোৰক পাপৰ ভজাৰ দৰে কুৰুম কুৰুম
শব্দেৰে
,

     আৰু বিশাল নদীখনক ?

     সেয়া তো এগিলাচ চৰবত খোৱাৰ দৰে ।

থোঁৱা । বৰ বীৰপুৰুষজন !

সঁচাইতো ।

   পৃথিবীৰ ওচৰত মই এইধৰণৰ ভয়ঙ্কৰ বিষ্ফোৰণ

     মাত্ৰ তোমাৰ ওচৰতহে ওঁঠ চেপিলে গাখীৰ
ওলোৱা ল
ৰা,

     মাত্ৰ তোমাৰ ওচৰ চাপিলেই ফুটপাথৰ সম্বলহীন
ভিখাৰী
,

     এপইচা, আধাপইচা বা এটুকুৰা পাওৰুটীৰ বেছি আৰু একো কাঢ়ি নিব নোৱাৰো ।

মিছলীয়া ।

কিয় ?

সেইদিনা মোৰ গাৰ শাড়ীখন এৰুৱাবলৈ
টান মৰা নাছিলা
?

ব পাৰে ।

    ভিখাৰীবোৰৰ কেতিয়াবা হলেও ডকাইত হবলৈ
মন নাযাব নেকি
?



কথোপকথন
– ৬

 

কালি নাহিলা, আজি গুচি গল দিন
এতিয়া মেঘৰ নাচোন, অদূৰত বৰষুণৰ চিন
ভয়াল বাৰিষা ডুবি যাব
যেন আমাৰ চহৰ

এতিয়াও কি বিচাৰিয়ে
আছা তোমাৰ নে
লপলিচ !

শাড়ী পিন্ধিছিলা কালি ? তেনে নাহিলা কিয় ?
জোতা চিগিছিল ? জোতা চিগা জানো
হয়
?
কাজল নাছিল ? কি হব কাজল লগাই,
তোমাৰ চকুৰ হৰিণাক মোৰ মনে চিনিয়েই পায় ।

কালি নাহিলা, আজি গুচি গল দিন
এতিয়া সন্ধিয়া , এতিয়া বোৰখা
পিন্ধি

চহৰ ডুবি যাব হিমেল গলিত
এতিয়াও কি বিচাৰিয়ে আছা তোমাৰ চেফটিপিন !

 

কথোপকথন- ২৩

 

 

কালি তোমাক ভাবিছো বহুবাৰ,

কালি মোৰ আছিল জন্মদিন

পিন্ধিছিলো তুমি দিয়া সোণৰ মালাধাৰ ।

 

সেই হাৰদাল কি মোতকৈও ডাঙৰ কিবা ?

বালীক তুমি বিলালা আলিঙ্গন, কিন্তু

সাগৰক যে খেৰ-কূটা এগছো নিদিলা !

 

মোৰ দোষনো কত ! ডায়েল কৰি মুৰৰ সৰালো ঘাম,

কিন্তু এনেহে তোমাৰ টেলিফনটো যিটো শ্মশানৰ মৰা । আপদটোৰ নাই একো উমঘাম ।

 

বতাহ আছিল, বতাহত আছিল পখী

আকাশ আছিল, আকাশত আছিল জোন

সিহঁতক কোৱাহলেও, খবৰ দিলেহেতেনচোন,

সখী !

 

উফ্ , মোৰ ঈশ্বৰ, সিহঁতকো হৈছিল কোৱা,

কলে এইমাত্ৰ লোডশ্বেডিং হৈছে লৰিব নোৱাৰো
এখোজো
,

অলপ বাহিৰ ওলাই চোৱা ।

 

Popular Post

ঐতিহাসিক চিঠি