গল্পঃ এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ / মাৰ্ক টুৱেইন

Posted by : translatorsassam
June 6, 2020

এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ

মূল : মাৰ্ক টুৱেইন
অনুবাদ : গীতিকা শইকীয়া

mark twain

সুন্দৰ তথা পৰিপাটি পোছাক পৰিহিত যুৱকজনক যথেষ্ট উদ্বিগ্ন
দেখা গৈছিল। মই আগবঢ়াই দিয়া চকীখনত তেওঁ লাহেকৈ বহি লৈ ক’লে যে তেওঁ “ডেইলী
থাণ্ডাৰস্টৰ্ম” কাকতখনৰ লগত জড়িত হৈ আছে। লগতে তেওঁ ক’বলৈ ধৰিলে
,-


মই আপোনাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছো।
আশাকৰোঁ এই কথাটোৱে আপোনাক যেন ক্ষুণ্ণ কৰি নোতোলে।“
মানে, মই কি
কথাত ক্ষুণ্ণ হ’লোহেঁতেন বাৰু
?”
সাক্ষাৎকাৰ, মানে
আপোনাৰ ইণ্টাৰভিউ ল’ম যে…!”
অ’…মই বুজিছো,  য়েচ য়েচ…উম! য়েচ য়েচ..”
আচলতে সেইদিনা পুৱাৰে পৰা মোৰ গাটো বৰ ভাল লাগি থকা নাছিল।
সেয়েহে মোৰ মানসিক শক্তিও কিছু পৰিমাণে ডাৱৰীয়া হৈ আছিল। কিবা যেন অন্যমনস্কতাও
আছিল অলপমান! কিবা ভাবি ভাবিয়েই মই বুকচেল্ফটোৰ ওচৰলৈ গ’লো আৰু প্ৰায় ছয়-সাত
মিনিটমান কিবা বিচাৰি তাতেই সময় কটাই থাকোঁতে মনলৈ আহিল যে ডেকা ল’ৰাজন বহি আছে।
মই ক’লো
,-
আপুনি কেনেকৈ উচ্চাৰণ কৰে?”
কি উচ্চাৰণৰ কথা ক’লে?
ইণ্টাৰভিউ”
অহ! হে ভগৱান! আপুনি কি কাৰণে এই শব্দটো
উচ্চাৰণ কৰাটো বিচাৰে
?”
মই উচ্চাৰণ কৰিব নিবিচাৰোঁ। মই চাব
বিচাৰিছো যে এই শব্দটোৱে কি অৰ্থ বহন কৰে
?”
আৰে! এয়াটো সঁচাকৈয়ে আচৰিত হ’বলগীয়া কথা, মই বাৰু
ক’বই লাগিব নেকি
? মই আপোনাক ক’ব পাৰোঁ যে এই শব্দটোৰ অৰ্থ
কি অথবা কি সূচায়!”
অ’ ভাল কথা তেন্তে। সেইটোতেই উত্তৰটো পাম, আৰু মই
সঁচাকৈয়ে আপোনাৰ ওচৰত বাধিত অনুভৱ কৰিছো।“
ইণ, ইণ, টাৰ টাৰ, ইণ্টাৰ….”
অ’, মানে
তাৰপিচত আপুনি ইংৰাজী ’আই’ আখৰটোক লৈ উচ্চাৰণ কৰে হয়নে
?
তাকেইতো, নিশ্চিতভাৱে…!:”
অ’,… সেই
কথাটোকে বুজিবলৈ মোৰ ইমান সময় লাগিল।“
কি কাৰণ, মোৰ
শ্ৰদ্ধাৰ ছাৰ
, আপুনি কি ধৰণেৰে এই শব্দটো উচ্চাৰণ কৰিম
বুলি ভাবি আছিলে
?”
ৱেল, মানে, মই মই
মই— কি জানো.
?..মোৰ স্পষ্টকৈ কোনো ধাৰণা নাছিল আৰু মই
আচলতে আণ্ডাজতে ভাবি আছিলো যে হয়তো এই শব্দটোৰ ধাৰণাটোৰ লগত জড়িত কিবা ছবিজাতীয়
আলোচনী বিচাৰি পাম নেকি ভাবিয়েই বুকচেল্ফটো খুঁচৰি আছিলো। কিন্তু যিখন পালোঁ সেইখন
দেখোন আলোচনীখনৰ বহুত পুৰণি সংখ্যা।“
আপুনি কি কাৰণে এনেকৈ চাব লগীয়া হ’ল মাই
ডিয়েৰ ফ্ৰেইণ্ড
? একেবাৰে নতুন সংখ্যাৰ কিতাপতো এই বিষয়ত
কোনো তথ্য-ছবি নাথাকিব। মহাশয়
, মই আপোনাক ক্ষমা
বিচাৰিছো
, আচলতে মই আপোনাক কষ্ট দিব বিচৰা নাই।
কিন্তু মই আপোনাৰ বিষয়ে যিটো ধাৰণা লৈ আছিলো সেইমতে আপোনাক যথেষ্ট বুদ্ধিমত্তা থকা
ব্যক্তি যেন একেবাৰেই নালাগিল দেখোন! মই সঁচাকৈয়ে এইদৰে কৈ আপোনাক দুখ দিবলৈ
চেষ্টা কৰা নাই দেই! সঁচাকৈয়ে আপোনাক মনোকষ্ট দিয়াৰ মোৰ কোনো অভিপ্ৰায় নাই।“
নাই নাই, তেনেকৈ
নক’লেও হ’ব। যিবিলাক মানুহে তোষামোদ নকৰে আৰু যি এই তোষামোদৰ ফলত অহংকাৰী হৈ
যধে-মধে যিকোনো কাম নকৰে তেনে লোকসকলে মোক এনেদৰে কৈয়েই আহিছে যে মই অলপ বেলেগ
প্ৰকৃতিৰ মানুহেই হওঁ। হয়
, হয়, সেইসকল
মানুহে মোক লগ পালে প্ৰায়েই অতি উচ্ছাসেৰে এনেদৰে কয়।“
হয়, সেই
কথাটো মই অতি সহজেই কল্পনা কৰিব পাৰিছো। কিন্তু এই সাক্ষাৎকাৰটোৰ বিষয়ত ক’ব খোজোঁ,
আপুনি নিশ্চয় জানেই যে বৰ্তমান বদনামী হৈ যোৱা সকলো লোকৰেই সাক্ষাৎকাৰ গ্ৰহণ কৰাটো
এক প্ৰকাৰৰ লোকাচাৰ হৈ পৰিছে।“
সঁচাকৈয়ে! অৱশ্যে মই আগতে এই কথাটো শুনা
নাই। এইটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ কথা। আপুনি কেনেদৰে ভাবে অথবা কৰে
?”
অহ! ৱেল ৱেল ৱেল—এইটো সঁচাকৈয়ে দুখৰ কথা।
এই কামখিনি যথেষ্ট গুৰুত্ব সহকাৰে কৰা উচিত
, কিন্তু
পৰম্পৰাগতভাৱে এনেকুৱাকৈ চলি আহিছে যে বহুত ক্ষেত্ৰতে সাক্ষাৎ গ্ৰহণ কৰোঁতাই
কিছুমান প্ৰশ্ন সোধাৰেই আৰম্ভ কৰে আৰু সাক্ষাৎকাৰ দিওঁতাই উত্তৰ দি গৈ থাকে।
এইটোৱেই বৰ্তমান একপ্ৰকাৰৰ ধাৰণা হৈ পৰিছেগৈ! আপুনি বাৰু মোক এনে কিছুমান
বিশেষভাৱে প্ৰস্তুত কৰা প্ৰশ্ন সুধিবলৈ অনুমতি দিবনে যাতে সেই প্ৰশ্নবোৰৰ উত্তৰ
দিওঁতে আপোনাৰ ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ বহুখিনি গুৰুত্বপূৰ্ণ কথা উলিয়াই আনিব
পৰা যায়
?”
অ’ নিশ্চয় নিশ্চয়! অতি আনন্দেৰে উত্তৰ
দিম। মোৰ অৱশ্যে স্মৃতিশক্তি অত্যন্ত বেয়া দেই
, আশা
কৰোঁ আপুনি সেই বিষয়ত বেয়া নাপায় যেন! ক’বলৈ গ’লে
, এয়া এক
প্ৰকাৰৰ অনিয়মীয়া স্মৃতি
, একপক্ষীয়ভাৱেই
অনিয়মীয়া স্মৃতি। কেতিয়াবা কিবা কথা পাতি থাকোঁতেই হঠাতেই স্মৃতিয়ে লগ এৰা দিয়ে
, আৰু
হয়তো পোন্ধৰদিনৰ পাছতহে কোনো এক ক্ষণত তাৰ পিচৰ কথাখিনি মনত পৰে। সেইটোৱেই মোৰ
জীৱনৰ অত্যন্ত দুখৰ কথা।“
অহ! কথা সেইটো নেকি! হ’ব দিয়ক, কোনো
কথা নাই। আপুনি যিমান পাৰে মনত পেলাবলৈ চেষ্টা কৰিব বুলি আশা কৰিলো।“
নিশ্চয় কৰিম। মোৰ গোটেই মনটো এই সময়খিনিত
কেৱল ইয়াতেই ৰাখিবলৈ চাম।“
ধন্যবাদ। তেন্তে আৰম্ভ কৰোঁ, আপুনি
সাজু নে
?”
সাজু”
প্ৰশ্নঃ আপোনাৰ বয়স কিমান হৈছে?”
উত্তৰঃ জুনত উনৈশ হ’ব।“
প্ৰশ্নঃ সঁচাকৈ! মই আপোনাক পঁয়ত্ৰিশ বা
ছঁয়ত্ৰিশ বছৰ বয়সৰ বুলি ভাবিছিলো। আপোনাৰ জন্ম ক’ত হৈছিল
?”
উত্তৰঃ মিজৌৰীত”
প্ৰশ্নঃ আপুনি কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ
কৰিছিল
?”
উত্তৰঃ ১৮৩৬ চনৰ পৰা।’’
প্ৰশ্নঃ কিয়, এইটো
কেনেকুৱা কথা
? এইটো কেনেকৈ সম্ভৱ যদি আপুনি উনৈশ বছৰীয়া
হয়
?”
উত্তৰঃ মই নাজানো। এইটো সঁচাকৈ একধৰণৰ
কৌতূহলোদ্দীপক কথা হৈ পৰিছে দেখোন!”
প্ৰশ্নঃ হয় এইটো, সঁচাকৈয়ে
তেনে লাগিছে! আপুনি লগ পোৱা কোনজন ব্যক্তিক সবাতোকৈ গুৰুত্বপূৰ্ণ ব্যক্তি বুলি
বিবেচনা কৰে
?”
উত্তৰঃ এৰ’ণ বাৰ্ৰ”
 প্ৰশ্নঃ
কিন্তু যদি আপুনি উনৈশ বছৰীয়া হয় তেন্তে আপুনি এৰ’ণ বাৰ্ৰক কেতিয়াও লগ
নাপালেহেঁতেন!”
উত্তৰঃ এতিয়া, আপুনি
যদি মোতকৈ মোৰ বিষয়ে অধিক জানে বুলি ভাৱে
, আপুনি
মোক আৰু কি সুধিব খোজে
?”
প্ৰশ্নঃ ঠিক আছে বাৰু! এইটো এটা
পৰামৰ্শহে আছিল
, তাতকৈ বেছি একো নাছিল। কিন্তু আপুনি এৰ’ণ
বাৰ্ৰক কেনেকৈ লগ পাইছিল বাৰু
?”
উত্তৰঃ ৱেল, কৈছো
বাৰু
, মই আচলতে তেওঁৰ শেষকৃত্যৰ সময়ত উপস্থিত
আছিলো
, আৰু তেওঁ মোক হুলস্থুল কৰিবলৈ মানা
কৰিছিল
, আৰু…”
প্ৰশ্নঃ হে ভগৱান! আপুনি যদি তেখেতৰ
শেষকৃত্যৰ সময়ত উপস্থিত আছিল
, তেন্তে সেই সময়ত
তেখেত মৃত অৱস্থাত আছিল! আৰু যদি তেখেত মৃত আছিল তেন্তে আপুনি হুলস্থুল কৰিছিল নে
মনে মনে আছিল সেইটো তেখেতে কেনেকৈ ক’ব বা জানিব পাৰিব
?”
উত্তৰঃ মই সেইটো নাজানো। অৱশ্যে তেখেত
প্ৰত্যেকটো ক্ষেত্ৰতেই বিশেষভাৱে দায়িত্বশীল আছিল”
প্ৰশ্নঃ হ’লেও! মই এইটো একেবাৰে বুজি
পোৱা নাই
আপুনি কৈছে যে তেখেতে
আপোনাৰ লগত কথা পাতিছে বুলি
, আৰু সিফালে
তেখেতৰ মৃত্যু ঘটিছে।“
উত্তৰঃ মই অৱশ্যে কোৱা নাই যে তেখেতৰ
মৃত্যু ঘটিছে বুলি!”
প্ৰশ্নঃ কিয়, তেখেতৰ
মৃত্যু হোৱা নাছিল
?”
উত্তৰঃ ৱেল, কিছুমানে
কৈছিল যে তেখেতৰ মৃত্যু ঘটিছে
, কিছুমানে কৈছিল
নাই হোৱা বুলি.”
প্ৰশ্নঃ এই বিষয়ত আপুনি কি ভাৱে?”
উত্তৰঃ অহ! সেইটোত মূৰ ঘমোৱাৰ মোৰ কোনো
প্ৰয়োজন নাই। সেইয়া মোৰ মৃত্যুৰ শেষকৃত্য নাছিল।“
প্ৰশ্নঃ আপুনি….(অলপ ৰৈ) যিকিনহওক, আমি এই
বিষয়টোৰ ওপৰত পোনপতীয়া সমাধান কেতিয়াও নাপাওঁগৈ! সেয়ে মই আপোনাক বেলেগ বিষয়ৰ
ওপৰতহে প্ৰশ্ন সুধিব খুজিছো
, অনুগ্ৰহ কৰি
আপোনাৰ জন্মৰ তাৰিখ
, চনটো কওকচোন?”
উত্তৰঃ সোমবাৰ, ৩১
অক্টোবৰ, ১৬৯৩”
প্ৰশ্নঃ কি, এয়া
অসম্ভৱ কথা দেখোন! সেই হিচাব মতে দেখোন আপোনাৰ বয়স এশ আশী বছৰ হ’বগৈ! আপুনি
কেনেদৰে হিচাব কৰিছে অথবা এই বিষয়ত কি ক’ব খোজে
?”
উত্তৰঃ মই এই বিষয়ত মূৰ নঘমাওঁ, হিচাব
কৰাৰে বা কি দৰকাৰ
?”
প্ৰশ্নঃ কিন্তু, প্ৰথমে
আপুনি কৈছিল যে আপোনাৰ বয়স উনৈশ বছৰ বুলি
, আৰু
এতিয়া আপোনাৰ কথাৰ পৰাই এই হিচাবটো হৈ যায় যে আপোনাৰ বয়স এশ আশী বছৰ হৈছে। এইটো
সঁচাকৈয়ে এটা অতি আঁসোৱাহপূৰ্ণ খেলিমেলি…”
উত্তৰঃ কিয়, আপুনি
সেইটো লক্ষ্য কৰিছে নেকি
?” (মই হঠাতে তেওঁৰ
হাতখন ধৰি লৈ)… বহুত বাৰ এই কথাটো মোৰ বাবেও আঁসোৱাহপূৰ্ণ লাগি আহিছিল বুজিছেনে
, বহুত
চেষ্টা কৰিও মই নিজৰ মনটোক বুজাব পৰা নাছিলো। আপুনি ইমান ক্ষীপ্ৰতাৰে কেনেকৈ এই
কথাটো লক্ষ্য কৰিলে বাৰু
?”
প্ৰশ্নঃ আপোনাৰ প্ৰশংসাৰ বাবে ধন্যবাদ, যদি
এইটোৱেই সঁচা হয়! আপোনাৰ কোনো ভাই-ভনী আছিল অথবা আছে নে
?”
উত্তৰঃ এহ! মই, মই ময়ো
ভাৱোঁ তেনেকৈয়ে….হয় হয়
, কিন্তু মোৰ মনত
পৰা নাই।“
প্ৰশ্নঃ ৱেল, এইটো
এটা অতিশয় বিস্ময়কৰ বিবৃতি মই মোৰ জীৱনকালত প্ৰথমবাৰলৈ শুনিবলৈ পালোঁ।“
উত্তৰঃ কিয়, কি
কাৰণে আপুনি তেনেকৈ ভাবিবলৈ ল’লে
?”
প্ৰশ্নঃ মই অন্যধৰণেৰে কেনেকৈ ভাবিব
পাৰোঁ বাৰু
? কিয়, কৈছো
শুনক। সেই ৱালখনত লগোৱা ফটোখনত থকাজন কোন হয়
? সেইয়া
আপোনাৰ ভাইৰ ফটো নহয় নে
?”
উত্তৰঃ অহ! হয়, হয়…
এতিয়া আপুনিহে মোক মনত পেলাই দিলে যে সেয়া মোৰ ভাইৰ ফটো। তেওঁৰ নাম উইলিয়াম
, আমি বিল
বুলি মাতিছিলো
, আয়ৈ দেহি! দুৰ্ভগীয়া বিল”
প্ৰশ্নঃ কিয়, তেওঁৰ
মৃত্যু হ’ল নেকি
, কেতিয়া?”
উত্তৰঃ এহ! ৱেল, অৱশ্যে
মই তেনেকৈয়ে ভাৱোঁ। আমি কোনেও কেতিয়াও ভালকৈ ক’ব নোৱাৰোঁ। এই বিষয়টোত এক বিয়াগোম
ৰহস্য জড়িত হৈ আছে।“
প্ৰশ্নঃ সেইটো দুখজনক, সঁচাকৈয়ে
দুখজনক কথা। তেওঁ তাৰমানে নাইকিয়া হৈ
,  মানে নিৰুদ্দেশ হৈ গ’ল নেকি?”
উত্তৰঃ ৱেল, সাধাৰণভাৱে
তেনেকৈয়ে ক’ব পাৰি। আমি তেওঁক সমাধি দিছিলো।“
প্ৰশ্নঃ সমাধি দিছিল? তেওঁ
মৃত হয় নে নহয় নজনাকৈয়ে তেওঁক সমাধিষ্ঠ কৰিছিল
?”
উত্তৰঃ অহ! নহয় সেইটো! তেওঁৰ মৃত্যু
হোৱাটো নিশ্চিতই আছিল…!”
প্ৰশ্নঃ ৱেল, মই
স্বীকাৰ কৰিবই লাগিব যে মই এই কথাটো কোনোমতেই বুজি পোৱা নাই। যদি আপুনি তেখেতক
সমাধিষ্ঠ কৰিছিল
, আৰু তেওঁৰ মৃত্যু হোৱা বুলিও আপুনি
জানিছিল
, তেন্তে…?”
উত্তৰঃ নহয়, নহয়।
আমি ভাবিছিলোহে তেওঁৰ মৃত্যু হোৱা বুলি!”
প্ৰশ্নঃ অহ! মই বুজিছোঁ ছাগে! তেওঁ পুনৰ
জীৱিত হৈছিল নহয় নে
?”
উত্তৰঃ মই বাজী মাৰি ক’ব পাৰোঁ যে তেওঁ
পুনৰ জী উঠা নাছিল!”
প্ৰশ্নঃ ৱেল, মই
এনেকুৱা কথা জীৱনত কেতিয়াও শুনা নাছিলো। কোনোবা এজনৰ মৃত্যু হ’ল। কোনোবা এজনক
সমাধিষ্ঠ কৰা হ’ল। এতিয়া
, কওকচোন সেই
ৰহস্যটোনো কি আছিল বাৰু
?”
উত্তৰঃ এহ! সেইটোৱেই কথা। সেইটোৱেই আচলতে
হৈছিল। আপুনি জানেনে যে আমি যমজ আছিলোঁ
,- সেই মানে মৃত্যু
হোৱাজন আৰু মই
, আৰু আমাৰ জন্মৰ দুসপ্তাহ হওঁতে বাথটাবত
গা-ধোৱাই থাকোঁতে খেলি-মেলি অলপ হ’ল। আমাৰ দুজনৰ এজন পানীত ডুবি গ’ল। কিন্তু কোনেও
নাজানিছিল যে পানীত কোনজন ডুবিছিল! কিছুমানে ভাবিলে সেই শিশুটি দুৰ্ভগীয়া বিল
আছিল। কিছুমানে ভাবিলে সেয়া মই আছিলো।“
প্ৰশ্নঃ ৱেল, সেইটো
সঁচাকৈয়ে গুৰুত্বপূৰ্ণ কথা আছিল। আপুনি কি ভাবে
?”
উত্তৰঃ ভগৱানেহে জানে! মই সমগ্ৰ বিশ্বই
এই কথাটো জনাটো বিচাৰোঁ। এই গভীৰ
, ৰহস্যজনিত
কথাটোৱে মোৰ সমগ্ৰ জীৱনতেই কিবা এক বিষণ্ণতাৰ শাও দিয়াৰ নিচিনা লাগি আহিছে। কিন্তু
মই আপোনাক এটি অতি গোপনীয় কথা ক’ম
, যিটো মই ইয়াৰ
আগতে কেতিয়াও জীৱিত-মৃত কাকোৱেই কোৱা নাই। আমাৰ দুয়োৰে শৰীৰত এটি বিশেষ চিহ্ন আছিল
, আমাৰ
এজনৰ বাওঁহাতখনৰ পিচফালে
, মানে তলৰ ফালে
এটা ডাঙৰ আকৃতিৰ কলা মাহ আছিল
, আৰু কি জানে, সেইজন
মই আছিলো। সেই শিশুটিয়েই আচলতে পানীত ডুবি মৃত্যু হৈছিল।“
প্ৰশ্নঃ বৰ ভাল কথা, তেন্তে, এই
সকলোবোৰ শুনাৰ পাছত লাগিছে যে এই বিষয়টোত ৰহস্য হ’ব পৰাকৈ একো নাই।“
উত্তৰঃ আপুনি কোনো ৰহস্য বিচাৰি নাপাব।
অৱশ্যে মই পাইছো। যিনহওক
, মই এইটো কথা
বুজি নাপালোঁ যে তেওঁলোকে কেনেকৈ ভুল কৰি শিশুটিক সমাধিষ্ঠ কৰি ইমান ডাঙৰ মহাভুল
এটা কৰিবলৈ পালে
? কিন্তু, … চচচচ…
অনুগ্ৰহ কৰি এই কথাটো এনে ঠাইত উল্লেখ নকৰিব য’ত পৰিয়ালৰ কোনোবাই শুনিব পাৰে! এই
ঘটনাটোৰ বাহিৰেও কোনে জানে মোৰ পৰিয়ালৰ মানুহখিনিয়ে আৰু কিমান দুখজনক ঘটনা সংঘটিত
কৰিছে বুলি!”
প্ৰশ্নঃ ৱেল, মোৰ
বিশ্বাস হৈ গৈছে যে এতিয়ালৈকে আপোনাৰ লগত কথা পাতি যিখিনি তথ্য পালোঁ সেয়া যথেষ্ট
যেন ভাৱ হৈছে। মই আপোনাৰ ওচৰত বাধিত হৈ ৰ’ম যে আপুনি এই সময়খিনি মোক দিলে। কিন্তু
সেই এৰ’ণ বাৰ্ৰৰ শেষকৃত্যৰ কথাখিনি সঁচাকৈয়ে বহুত তথ্যপূৰ্ণ কথা। আপুনি যদি বেয়া
নাপায় তেন্তে অনুগ্ৰহ কৰি মোক ক’ব পাৰিবনে যে সেই বিশেষ এনে কি পৰিস্থিতি আহি
পৰিছিল যিটোৱে আপোনাক ভাবিবলৈ বাধ্য কৰাইছিল যে এৰ’ণ বাৰ্ৰ এজন বিশেষ গুৰুত্বপূৰ্ণ
ব্যক্তি আছিল
?”
উত্তৰঃ অহ! এইটো এটা অতি নগণ্য কথাহে!
পঞ্চাৰ্শোদ্ধৰ কোনো ব্যক্তিয়েই এই কথাটো লক্ষ্য নকৰিলেহেঁতেন! সেইসময়ত তেওঁৰ শৱদেহ
ৰখা কফিনটোত ফাদাৰজনে আহি কৰিবলগীয়া নিয়মখিনি কৰি হৈছিল
, আৰু
শেষকৃত্যৰ বাবে সমাধিস্থললৈ লৈ যোৱাৰ বাবে সমদল আৰম্ভ হ’ব লৈছিল। ইতিমধ্যে
মৃতদেহটোক লৈ উপস্থিত থকা বিভিন্নজনৰ মাজত বু-বু বা-বা কৈ গুজৱ হ’বলৈ লৈছিল
, তেতিয়া
তেখেতে
, মানে এৰ’ণ বাৰ্ৰে সেই দৃশ্যটো শেষবাৰৰ
বাবে চাব বিচাৰিছিল
, আৰু সেয়ে তেওঁ উঠি বহিছিল আৰু তাৰপাছত
গাড়ীৰ চালকৰ লগত গুচি গৈছিল।”

****
আৰু এনেদৰেই মোক লোৱা সাক্ষাৎকাৰৰ অন্ত পৰিছিল।
সাক্ষাৎ গ্ৰহণকাৰী যুৱকজন লাহে লাহে উঠি যাবলৈ ধৰিছিল।
তেওঁৰ সংগ যথেষ্ট আনন্দদায়ক আছিল
, আৰু সেয়ে তেওঁ
গৈ থকাটো চাই চাই মোৰ বেয়া লাগিছিল।
গল্পকাৰৰ পৰিচয়ঃ মাৰ্ক টুৱেইনৰ প্ৰকৃত নাম আছিল চেমুৱেল
লংগহৰ্ণ ক্লিমেন্স।আমেৰিকা তথা সমগ্ৰ বিশ্ব সাহিত্যৰ এজন পুৰোধা ব্যক্তি মাৰ্ক
টুৱেইন একাধাৰে আছিল প্ৰৱন্ধ লিখক
, ব্যংগাত্মক
সাহিত্যৰ আগৰণুৱা
, উপন্যাসিক, ভ্ৰমণ
সম্পৰ্কীয় লিখক
, উদ্যোগি, প্ৰকাশক
আৰু অধ্যাপক। টুৱেইনৰ বিশ্ব বিখ্যাত উপন্যাস ক্ৰমে “দি এডভেন্সাৰ্চ অৱ টম চেইয়াৰ”
(১৮৭৫) আৰু ইয়াৰ পিচৰখন “দি এডভেন্সাৰ্চ অৱ হাকলবেৰী ফিন” (১৮৮৫) বিশ্ব সাহিত্যৰ
মহীৰুহ হিচাবে অভিহীত হৈ আহিছে।
তেওঁৰ ৰসবোধ আৰু খুহুতীয়া কথাৰ ৰচনা আছিল অন্যন্য। তেওঁৰ
লিখনিয়ে সেইসময়ৰ সমালোচক তথা তেওঁৰ সমবয়সীয়া সকলক খুবেই মনোমুগ্ধ কৰিছিল
তেওঁ ৰাজহুৱা অনুষ্ঠান আদিৰ মুখ্য বক্তা হিচাপেও
বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। মাৰ্ক টুৱেইনৰ সেইসময়ৰ সমাজৰ কথিত ভাষাৰ ওপৰত
অপৰিসীম দখল আছিল।

এন এনকাণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ” নামৰ
এই গল্পটোত মাৰ্ক টুৱেইন এজন প্ৰখ্যাত ব্যক্তি হৈ পৰাৰ পাছৰে পৰা তেওঁৰ সাক্ষাৎকাৰ
ল’বলৈ বাৰে বাৰে অহা মানুহৰ মানসিকতাক অধ্যয়ন কৰি লিখা এক বহুলভাৱে জনপ্ৰিয় ছুটি
গল্প। সাক্ষাৎকাৰ ল’বলৈ আহি প্ৰায়ে আজে-বাজে প্ৰশ্ন সোধাসকলক মাৰ্ক টুৱেইনেও
আজে-বাজে কথা কৈ শলঠেকত পেলাইছিল। টুৱেইনৰ মতে সাক্ষাৎ গ্ৰহণ কৰোঁতাসকলে নিজকে
বেছি স্মাৰ্ট বুলি ভাবি ল’ব নালাগে। কাৰণ বেয়া ধৰণৰ প্ৰশ্ন সুধি ব্যতি-ব্যস্ত কৰা
সাক্ষাৎকাৰ এটাত পঢ়োঁতাই কোনো আমোদ পাব নোৱাৰে।
মাৰ্ক টুৱেইনৰ সাহিত্যিক জীৱনৰ প্ৰায় শেষৰফালে এখন
পত্ৰিকাত প্ৰকাশৰ বাবে কৰা অংকন এটিৰ আধাৰত তেখেতৰ প্ৰকৃত নাম উল্লেখ কৰি
চেম
ক্লিমেন্স ইণ্টাৰভিউজ মাৰ্ক টুৱেইন
বুলি এই ব্যংগ লেখাটো লিখে। পিছত
জন ব্ৰউগ্ৰেম আৰু জন এল্ডাৰকিনে সম্পাদনা কৰি উলিওৱা
Lotos Leaves নামৰ
এখন সংকলনৰ ১৮৭৪ চনত প্ৰকাশিত খণ্ডটোত মাৰ্ক টুৱেইনে বাস্তৱক্ষেত্ৰত অস্তিত্ব নথকা
তেওঁৰ যমজ ভায়েকৰ কল্পনা কৰি একপ্ৰকাৰৰ অধিবাস্তৱবাদৰ ধাৰণাৰ লগত সাদৃশ্য থকা এই
গল্পটো লিখিছিল। সমালোচকসকলৰ মতে সাক্ষাৎকাৰৰ আৰ্হিৰে এই গল্পটো এক প্ৰকাৰৰ
অধিবাস্তৱবাদ (
Surrealism)ৰ প্ৰভাৱত লিখা যেন অনুভৱ হয়। কাৰণ মাৰ্ক
টুৱেইনৰ কোনো যমজ ভায়েক নাছিল। বক্তৃতাপটু মাৰ্ক টুৱেইনে পিছত এই গল্পটোকে
এন এনকাউণ্টাৰ
উইথ এন ইণ্টাৰভিউৱাৰ
বুলি তেওঁৰ বিভিন্ন বক্তৃতাত উল্লেখ
কৰিছিল।
উল্লেখযোগ্য যে গল্পটোত থকা এৰ’ণ বাৰ্ৰ (১৭৫৬-১৮৩৬) নামৰ
ব্যক্তিজন আমেৰিকাৰ এজন ৰাজনীতিবিদ আছিল। থমাছ জেফাৰচন আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকা
সময়ছোৱাত এৰ’ণ বাৰ্ৰ উপ-ৰাষ্ট্ৰপতি পদত অধিস্থিত আছিল।
মাৰ্ক টুৱেইন আছিল আমেৰিকাৰ ভাষা-সাহিত্যক এক বিশেষ ৰূপত
উজ্বলাই তোলাৰ বাটকটীয়া। তেওঁক আমেৰিকাৰ হাস্য-ব্যংগ সাহিত্য জগতৰ মহানতম ব্যক্তি
হিচাবে অভিহীত কৰা হৈ আহিছে।

(বিঃদ্ৰঃ ‘ইণ্টাৰভিউ’ শব্দটো কাহিনীটোৰ
সুবিধাৰ বাবে ইচ্ছাকৃতভাৱে ইংৰাজী উচ্চাৰণতে ৰখা হৈছে।)

Popular Post

ঐতিহাসিক চিঠি