গল্পঃ এটা মধ্যবিত্ত কুকুৰ / হৰিশংকৰ পৰসাই

Posted by : translatorsassam
June 7, 2020

এটা মধ্যবিত্ত কুকুৰ
মূল: হিন্দী
লেখক: হৰিশংকৰ পৰসাই
অনুবাদ ঃ তাম্ৰলিপি ৰাজকোঁৱৰ
Harishankar Parsai 

বন্ধুজনৰ গাড়ী আহি তেওঁৰ ঘৰৰ সন্মুখত
লহি৷ মই গাড়ীৰপৰা নমাৰ আগতে বন্ধুজনক কুকুৰ আছে নেকি সুধি চালো৷

তুমি কুকুৰলৈ বৰ ভয় কৰা নেকি?”
মানুহৰূপী কুকুৰলৈ ভয় নকৰো৷ কিন্তু আচল
কুকুৰ জীৱবিধলৈ ভয় বহুত৷”

   
হয়
, ঠিকেই বুজিছে৷ পোহনীয়া কুকুৰ থকা মানুহৰ
ঘৰলৈ যোৱাটো মই মুঠেই পছন্দ নকৰো৷ তেনেকুৱা এখন ঘৰলৈ আলহী হৈ গ
লে গৃহস্থতকৈ আগতে কুকুৰেহে প্ৰথমে সম্ভাষণ জনায়৷ মানুহে সম্ভাষণ
জনোৱাৰ আগত  কুকুৰৰ ভুক-ভুকনি আৰম্ভ হৈ যায়৷
মোৰ সেই ভু্ক-ভুকনি শুনিলে
, ইয়ালৈ কিয় আহিছ? তোৰ বাপেৰৰ ঘৰ নেকি?” এনেকৈ  গালি পৰা নিচিনা অনুভৱ  হয়৷

   
তদুপৰি কুকুৰ ৰুষ্ট হ
লে কামুৰিবলৈ খেদি অহা
কথাটোও আছে৷ কুকুৰে লাগিলে মোক কেবাবাৰো কামোৰক
, সেইটো চিন্তাৰ কাৰণ নহয়৷ কিন্তু কামোৰাৰ পিছত লবলগীয়া ইনজেকশ্যন কেইটাহে  মোৰ ত্ৰাসৰ
কাৰণ৷

   
কুকুৰলৈ ভয় কৰোঁ যদিও মোৰ মতে কিছুমান মানুহ কুকুৰতকৈও বেছি ভয়ংকৰ৷ মাৰ্ক টোৱেইনে
কোৱা কথা এষাৰ মই সম্পূৰ্ণ বিশ্বাস কৰো৷ তেওঁৰ মতে তুমি যদি ভোকাতুৰ কুকুৰ এটাক খাবলৈ
দিয়া তেন্তে সি তোমাক কেতিয়াও নাকামোৰে৷  মানুহ
আৰু কুকুৰৰ মাজত এইটো বৃহৎ অন্তৰায় ৷

  
এবাৰ এজন বন্ধুক কুকুৰে কামুৰিলে৷ সকলোৱে তেওঁৰ খবৰ লোৱা দেখি মই ক
লো, “তেওঁ ভালে থাকিব৷ কুশল
বাৰ্তা ল
ব খোজে যদি  কুকুৰটোৰহে
লওক ৷ ইনজেকশ্যনো কুকুৰকহে বেছি প্ৰয়োজন বুলি মোৰ ধাৰণা হয়৷ “
অইন চিনাকি মানুহ এজনে এবাৰ মোক তেওঁৰ
ঘৰলৈ মাতিছিল৷ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁৰ ঘৰৰ গেটৰ সন্মুখত উপস্থিত হৈও ভিতৰ নোসোমোৱাকৈয়ে  উভতিলো
, 
কাৰণ গেটত  ফলক এখনত ডাঙৰ ডাঙৰ হৰফত লিখা আছিল “কুকুৰপৰা
সাৱধান৷”
কেইদিনমান পাছত সেইজনক পুনৰ লগ পালোঁ।
তেওঁ চাহৰ নিমন্ত্ৰণ ৰক্ষা নকৰাৰ বাবে আক্ষেপ কৰাত মই ক
লো, “ক্ষমা কৰিব৷, মই সেইদিনা আপোনাৰ ঘৰলৈ 
সময়মতেই গৈ পাইছিলো  কিন্তু নাম ফলকত
লিখা কথাখিনিয়ে মোক ঘৰত প্ৰবেশ কৰাত বাধা দিলে৷ মই ভাবিছিলো  ঘৰখনত  মানুহ
থাকে৷ কিন্তু ফলকখনত কুকুৰৰ কথাহে লিখা আছিল৷ “
বহুদিনৰ মূৰত আমি দুজন বন্ধুৱে লগৰ এটাৰ
ঘৰলৈ থকাকৈ যোৱাৰ নিমন্ত্ৰণ পালোঁ।  কলিং বেল
টিপাৰ লগে লগে  ভৌ ভৌ শব্দহে উফৰি আহিল৷ গৃহস্থই
টাইগাৰ
,
টাইগাৰ বুলি চিঞৰি তাৰ মাত বন্ধ কৰিলতহে ৰক্ষা৷ সেই মুহূৰ্তটোত
মোৰ এনে ভাব হ
 
লগৰটোৱে  কৈছে
, “টাইগাৰ,  টাইগাৰ, মনে মনে থাক৷ ইমানকৈ
চিঞৰাৰ প্ৰয়োজন নাই৷ এয়া কোনো চোৰ
, ডকাইত নহয়৷ তই ইমান বিশ্বস্ত হৈ নেদেখুৱালেও হব।”
  
 কুকুৰটো শিকলিৰে বান্ধ খাই আছিল৷  মালিকে সাদৰেৰে ঘৰৰ ভিতৰলৈ মাতি নিয়া  দেখিও  সি
ভুকিয়ে থাকিল৷ মই তাৰপৰা পাৰ্যমানে দূৰত্ব বজাই ৰাখি দৌৰি ভিতৰ সোমালোগৈ৷ কুকুৰটোৰ
গঢ় গতি ভালদৰে পৰ্যবেক্ষণ কৰি মই বুজিলো যে ই এক উচ্চবৰ্গীয় কুকুৰ৷ এইখিনিতে কৈ থওঁ
,
  উচ্চবৰ্গ শ্ৰেণীটোৰ প্ৰতি মোৰ যথেষ্ট ভাল ভাব আছে৷ সেয়া  কুকুৰেই নহওক লাগিলে!”

   
কিন্তু তাৰ ঘৰত  কুকুৰটোৱে  মোৰ ফালে এনে এক  হীন দৃষ্টিৰে চালে যে মোৰ মনতো অহমিকাবোধৰ সৃষ্টি
ল৷ সি যেন  যেন কৈছে – ত তই  এটা নিঃকিন মানুহ
আৰু ক
ত মই এটা উচ্চ বৰ্গীয় কুকুৰ!

   
এদিন সন্ধিয়া আমি তিনি বন্ধুৱে মিলি চোতালত বহি আড্ডা দি আছিলো৷  বনকৰা ল
ৰাটোৱে  কুকুৰটোক লৈ চোতালৰ সিটো মূৰত ব্যস্ত আছিল৷ তেনেতে
বাটৰ কুকুৰ দুটামানে আহি  গেটৰ ওচৰত ৰ
ল৷ মই সিহঁতলৈ চাওঁতে মন কৰিলো সিহঁতে সেইডোখৰ ঠাইতে ইফাল সিফাল
কৰি  থকাৰ মাজে মাজে উচ্চবৰ্গীয় কুকুৰটোলৈ চাই
আছে৷ সিহঁতে তাক দেখি ভুকিবলৈ চেষ্টা কৰা নাই৷ বৰঞ্চ উচ্চবৰ্গীয় কুকুৰটোৱেহে সিহঁতক
দেখি ভুকি আছে৷

    
মোক তেনেকৈ চাই থকা দেখি বন্ধুৱে ক
লে,  এইবোৰ নিত্য নৈমিত্তিক
ঘটনা৷ এনেদৰে সদায় বাটৰ কুকুৰকেইটাই মোৰ কুকুৰটো বাহিৰলৈ অহাৰ লগে লগে ইয়ালৈ  আহি তালৈ চাই ইফাল সিফাল কৰি থাকে৷ আৰু সিহ‍ঁতক
দেখিলেই ই ভুকিবলৈ আৰম্ভ কৰে৷”

তেতিয়া মই কলো, ” সিহঁতক দেখি ইয়াৰ ভুকিবলৈ
কি দৰকাৰনো
? ই শিকলিবদ্ধ সুবিধাবাদী কুকুৰ৷ সিহঁত
ভোকাতুৰ আৰু অঘৰী কুকুৰ৷ গতিকে ইয়াত প্ৰত্যাহ্বান দিয়াৰ প্ৰশ্নই নুঠে৷”
ৰাতি আমি খাই বৈ শুব ললো৷ কুকুৰটোও আমাৰ
বিছনাৰ কাষতে তাৰ কাৰণে থোৱা দলিচাখনত শুই পৰিল৷ মাজনিশা তাৰ ভুক-ভুকনি শুনি সাৰ পালোঁ।
মই মন কৰিলো
, যেতিয়াই বাটৰ কুকুৰকেইটাই ভুকিবলৈ আৰম্ভ
কৰে সিও ভুকিবলৈ ধৰে৷ সিহঁতে ভুকিবলৈ এৰিলে ই মনে মনে ৰয়৷ সিহঁতৰ সমান্তৰালভাৱে চিঞৰি
সি যেন  আশ্বাস দি ক
ব বিচাৰে ময়ো  আছোঁ
তোমালোকৰ সৈতে।
কুকুৰটোৰ শ্ৰেণীটোক লৈ মোৰ সন্দেহ উপজিল৷
ই উচ্চ বৰ্গীয় কুকুৰ হ
বই নোৱাৰে৷ কাৰণ মোৰ
চুবুৰীত থকা বন্ধুজনৰ দুটাকৈ উচ্চবৰ্গীয় কুকুৰ আছে৷ সিহঁতে কেতিয়াও বাটৰ কুকুৰক দেখি
নুভুকে৷ পিছফালৰপৰা আহি গাতো নালাগেহি৷ যিয়ে সন্মুখেদি পাৰ হৈ নাযাওক
, মুকলিকৈ থাকিলেও বা বন্দী হৈ থাকিলেও , বিশেষ  প্ৰতিক্ৰিয়া নিদিয়ে৷  সিহঁত নিজতেই মগন, অহংকাৰী কুকুৰ৷
কিন্তু নিজকে উচ্চবৰ্গীয় বুলি ভবা এই
কুকুৰটোৱে সৰ্বহাৰা কুকুৰবিলাকক দেখিও  ভুকে
আৰু  সমানেই চিঞৰে৷ এইবঝৰ মধ্যবিত্তৰ স্বভাৱ৷
গতিকে নিশ্চিতভাৱে ই মধ্যবিত্ত কুকুৰ৷ মধ্যবিত্ত শ্ৰেণীৰ দৰে ই উচ্চবৰ্গীয় মিছা আভিজাত্যৰ
ভেমো দেখায় আকৌ বিপদত পৰা সৰ্বহাৰাৰ বাবে মাতো মাতে ।
 
সেইদিনা অকণমান বাহিৰলৈ ফুৰিবলৈ ওলাই গৈছিলো৷ আহি দেখো কুকুৰটো দলিচাখনত পৰি
আছে৷ আমাক দেখিও সি উঠিবলৈ চেষ্টা নকৰিলে৷ মূৰটো তুলি সৰুকৈ গেঙনি এটা মাৰিলে
,  তাৰপিছতেই আকৌ মূৰটো
পেলাই শুই পৰিল৷ বাটৰ কুকুৰকেইটাই ভুকাৰ শব্দ শুনিও সি কোনো প্ৰত্যুত্তৰ নিদিলে৷ মই
বন্ধুজনক সুধিলো
, আজি ই  বহুত শান্ত হৈ আছেচোন? কথা কি?
বন্ধুৱে কলে,” কথা বিষম৷ সন্ধিয়া বনকৰা
ৰাটোৱে ইয়াক  বাগিচাত
ফুৰাই আছিল৷ গেটখনো খোলা আছিল৷ কেনেকৈনো সি শিকলিডাল চিঙি গেটৰ বাহিৰ হ
ল! তাতে সদায় ৰৈ থকা বাটৰ কুকুৰ কেইটাতো আছিলেই৷ তাক দেখাৰ লগে
লগে তাৰ ওপৰত জঁপিয়াই পৰিল৷ কামুৰি আঁচুৰি অৱস্থা নাইকিয়া কৰিলে৷ বনকৰা ল
ৰাটোৱে যেনেতেনে বচালে গৈ। 
সেইকাৰণে এতিয়া এনেকৈ লেবেজান হৈ পৰি আছে৷ কাইলৈ ইনজেকশ্যন দিয়াব লাগিব৷

মই কুকুৰটোলৈ চালোঁ। গোটেইটো ক্ষত বিক্ষত
হৈ পৰি আছে৷ মই বন্ধুৱে কোৱা কথাখিনি মানিবলৈ টান পালো৷ মোৰ মতে ঘটনাটো হয়তো এনেদৰে
সংঘটিত হৈছিল-  শিকলিডাল কোনোমতে চিঙি সি  বাহিৰ ওলাল৷ তাৰপিছত বাটৰ কুকুৰকেইটাক দেখি সি হয়তো
ভুকিবলৈ আৰম্ভ কৰিলে৷ তাৰ ভুক-ভুকনি শুনি ইহঁতকেইটাই তাক চাগে ভালকৈ কথা শুনালে৷

উচ্চবৰ্গৰ ভেম দেখুওৱা ভণ্ড কুকুৰ৷
ভুকিবলৈ আহিছ৷ আমাক দেখিলেও ভুকিবি আৰু বিপদ দেখিলে আমাৰ লগত সমানে ভুকিলেও আহিবি৷
কোনো স্থিতি নথকা কুকুৰ৷ বাহাদুৰি দেখুওৱা কুকুৰ৷ আৰামত শুবলৈ
, খাবলৈ পোৱা কুকুৰ৷  ডিঙিত
বেল্ট
,
শিকলি বন্ধা কুকুৰ৷ তই যদি আমাৰদৰে একেই তেন্তে সেই শিকলি, বেল্ট চিঙি আমাৰ মাজলৈ ওলাই আহ৷ ৰাস্তাত পৰি থকা খাদ্য খা৷ চুৰ
কৰি খা৷ গাত ধূলি লগাই আমাৰ দৰে ঘূৰি ফুৰিবলৈকে ওলাই আহ৷”

  উচ্চবৰ্গীয়
কুকুৰটোৱে চাগে সিমানতো ভুকিবলৈ বন্ধ কৰা নাছিল৷ তাকে দেখি  বাটৰ কুকুৰকেইটাই  মনে মনে ভাবিলে
, ৰহ আজি তোক শিক্ষা দিম, তোৰ অহংকাৰ  ভাঙি চূৰমাৰ কৰিম। এইবুলি কৈ তাৰ ওপৰত জঁপিয়াই পৰিল
আৰু তাৰ অৱস্থা এনেকুৱা কৰিলে৷ আৰু এতিয়া ই নিজৰ জাত কি সেয়া ভাবি এনেকৈ অৱশ হৈ পৰি
আছে৷

Popular Post

ঐতিহাসিক চিঠি