কবিতাঃ মাতাল হোৱা / চাৰ্লছ বোডলেয়াৰ

Posted by : translatorsassam
June 8, 2020

মাতাল হোৱা (Be Drunk)

কবি : চাৰ্লছ বোডলেয়াৰ
অসমীয়া
ভাঙনি : পম্পী দেৱনাথ

Baudelaire
তুমি মাতাল হবই লাগিব সদায়৷
আটাইবোৰ আছেই
নহয়নে
?
এইটোৱে একমাত্ৰ
পথ৷
সময়ৰ বীভৎস বোজা যাতে অনুভৱ নহয়,
যিয়ে তোমাৰ পিঠিৰ হাড় ভাঙিছে
তোমাক মাটিলৈ
আনিছে
তুমি মাতাল হবই লাগিব
ৰৈ দিলে নহ
কিন্তু কিহত
মাতাল হ
বা ? সুৰা, কবিতা অথবা উৎকৰ্ষ, যিটো তোমাৰ পছন্দ৷
কিন্তু মাতাল
হোৱা । আৰু যদি কেতিয়াবা
, কোনো অট্টালিকাৰ চিৰিত, কোনো জানৰ কাষৰ সেউজীয়া ঘাহঁনিত
অথবা তোমাৰ নিজৰেই
ঘৰৰ নিৰানন্দ নিৰ্জনতাত তুমি সাৰ পোৱা
,
তোমাৰ যেতিয়া
নিচা কমি আহিব
অথবা নোহোৱা
, প্ৰশ্ন কৰা বতাহক
ঢৌ, নক্ষত্ৰ, চৰাই, ঘড়ী, এনেবোৰ বস্তুক, যিবোৰ উৰে,
গুণগুণাই, চুচৰি যায়, গান গায়, কথা কয়, সিহঁতক সোধা
এতিয়া কিহৰ সময়
তেতিয়া সেই বতাহ, ঢৌ,নক্ষত্ৰ, চৰাই, ঘড়ীয়ে তোমাক উত্তৰ দিব;
এতিয়া মাতাল
হোৱাৰ সময়!
গতিকে সময়ৰ নিপীড়িত
ক্ৰীতদাস হোৱাৰ
পৰিৱৰ্তে মাতাল
হোৱা
,
অলপো থমকি নোৰোৱাকৈ

Popular Post

ঐতিহাসিক চিঠি