গল্পঃ বৰদিনৰ উপহাৰ / অ’ হেনৰী

Posted by : translatorsassam
June 11, 2020

বৰদিনৰ উপহাৰ (The gift of the Magi)

মূল :হেনৰী৷

অনুবাদ : অৱনী বুঢ়াগোহাঁই

 

হিচাপ কৰি চালে ডেলাই৷ পূৰা এশ বিশ
টকা৷ তাৰে ভিতৰত কেইখনমান পাঁচটকীয়া৷

এবাৰত এখন, অতিবেছি দুখন নোট সাঁচিবলৈ যাওঁতে কিয়েইবা নকৰিছিল তাই!
গেলামালৰ দোকানীক
, মাংসবেচা কচাইটোক, শাক পাচলিৰ বেপাৰীটোক কিমান যে ডিঙি চেঁপিবলগীয়া হৈছিল
তাইৰ! আৰু তাইৰ দৰদামৰ উৎপাত সহি সহি সিহঁতে তাইক ৰামকৃপণ বুলি তাইৰ অলক্ষিতে
মাতিছিল৷

 

টকাখিনি সৰ্বমুঠ তিনিবাৰকৈ গণিলে
ডেলাই৷ ঠিকেই এশ বিশ টকা
; আৰু কালিলৈ
খ্ৰিষ্টমাছ৷

 

এতিয়া কৰিবলগা তেনেকৈ আৰু একোৱেই নাই৷
কেৱল পুৰণি বেতৰ চকীখনত সোমাই পৰাৰ বাহিৰে৷ উৰাই-ঘূৰাই কন্দাৰ বাহিৰে৷ আৰু ডেলাই
তাকেই কৰিলে অৱশেষত৷ যিটোৱে বুজাই দিলে যে জীৱনটো হ
ল কান্দোন, উচুপনি আৰু হাঁহিৰে ভৰা যদিও
উচুপনিয়েই লয় সৰহভাগ সময়৷

 

যেতিয়া এই গৃহৰ গৃহিনীয়েও প্ৰথম বিধৰ
পৰা বাগৰি আহি দ্বিতীয় পৰ্য্যায় পালেহি
, অত: আমিও ঘৰখনৰ ভিতৰত এভূমুকি মৰা ভাল হব৷

 

আইজল চহৰৰ জাৰকাৱাট অঞ্চলৰ এটি
ভাড়াঘৰ মাহিলী ৩৫০০ টকাত৷ তেওঁলোকৰ অৱস্থা অতি ভয়াবহ নহলেও দৰিদ্ৰ সীমাৰেখাৰ বহু
ওপৰত বুলি কব নোৱাৰি৷ তলৰ বাৰাণ্ডাৰ পৰা ওপৰলৈ অহা চিৰিৰ ওচৰত এটা
লেটাৰ বক্সদেখা যায়, ৰপৰা কোনো চিঠিয়ে বিলি নহয়৷ এটা বিজুলীচালিত বুটাম দেখা গৈছে যত বাজি উঠিবৰ বাবে আঙুলিৰ হেঁচাৰ বৰ অভাৱ৷ সম্পৰ্কহীন ভাবে
লগোৱা আছে
, বেৰত এখন ডাঠ কাগজ যত লিপিবদ্ধ হৈ দেখা দিছে এটি নামে …… “জেমচ ৰিনাওমা ৰাল্টে৷ যেতিয়া ঘৰটোত সচ্ছলতাৰ বতাহ বলিছিল, মাজৰ শব্দটো কিছুদিন বতাহত উৰি আছিল কাৰণ ঘৰৰ কৰ্তাই সেইসময়ত মাহে ৭২০০টকা
হিচাপে ঘৰলৈ আনিব পাৰিছিল৷ কিন্তু যেতিয়া অৰ্থাগম ৪৮০০লৈ নামিল
, মাজৰ অস্পষ্ট শব্দটোক যেন এক সম্ভ্ৰমৰ মাজেদি এটা আখৰতে
পুন: প্ৰতিষ্ঠা কৰাত ব্ৰতী হ
ল৷ এতিয়া যিসময়তে
জেমচ আৰ. ৰাল্টে আহি ঘৰ সোমাইহি
, তেওঁৰ পত্নীয়ে জিমবুলি চিঞৰি আহি
বুকুত সাৱটি ধৰে৷ ডেলা লালথ্লা ৰাল্টেক পূৰ্বে আপোনালোকৰ সতে চিনাকি কৰি দিলোৱেই৷
এইক্ষেত্ৰত সকলোবোৰ ঠিকঠাক৷

 

ডেলাৰ ইতিমধ্যে কান্দোন কাটোন শেষ
হৈছিল আৰু সেয়ে গালদুখনত পাউদাৰ পাফটো বুলাই দিলে৷ তাই খিৰিকিখনৰ ওচৰত ৰ
ল আৰু উদাস দৃষ্টিৰে এফালে চাই পঠিয়ালে৷ তাই দেখিলে এটা
ধোঁৱাবৰণীয়া মেকুৰীয়ে এখন ধোঁৱাবৰণীয়া জেওৰাৰ কাষেদি গৈ এখন ধোঁৱাবৰণীয়া পাচচোতালত
প্ৰবেশ কৰিছে৷ দূৰলৈ চাই জাৰকাৱাট গোল চক্কৰত দেখা পালে মানুহবোৰৰ অপৰিসীম
ব্যস্ততা৷ সমগ্ৰ আইজল চহৰখনেই যেন আনন্দত বুৰ গৈ উত্ৰাৱল হৈ পৰিছে৷

 

কালিলৈ খ্ৰিষ্টমাছ আৰু আজি তাইৰ হাতত
আছে ১২০ টকা৷ ইয়াৰে তাই
জিমৰ বাবে উপহাৰ কিনিব লাগিব৷ মাহৰ পাচত মাহ জুৰি পাঁচ দহ
টকাকৈ তাই সাঁচি আহিছে প্ৰত্যেকটো টকা৷ ১৮০০ টকাৰে কেনেদৰে মাহটো জোৰায়
, তাইহে জানে৷ চাওঁতে চাওঁতে ভবাতকৈ বস্তুবোৰৰ দাম বহুত বাঢ়ি
ল৷ সদায় বাঢ়েহে, নকমে৷ মাত্ৰ ১২০ টকাৰে জিমৰ বাবে খ্ৰিষ্টমাছৰ এটা উপহাৰ! তাইৰ জিম

 

এই উপহাৰৰ সপোনতেই কিমান ধৰণৰ সুখৰ
কল্পনাই যে তাই নকৰিছিল! তাইৰ মন গৈছিল
……কিবা এটা অতীব ধুনীয়া, সতকাই বিচাৰি
নোপোৱা
,
সৰ্বোত্তম কিবা এটা৷ সৰ্বোত্তম নহলেও, তাৰ ওচৰে পাজৰে৷ যাতে জিমে বস্তুটোৰ ওপৰত গৌৰৱবোধ কৰে৷

 

কোঠাটোৰ খিৰিকি দুখনৰ মাজভাগতে এখন
আইনা আছিল৷ হয়তো সস্তীয়া ভাড়াঘৰবোৰত থকা আইনা বহুতেই দেখিছে৷ এজন অত্যন্ত পাতল অথচ
চটফটীয়া লোকে দীঘলে দীঘলে দ্ৰুততাৰে নিজৰ প্ৰতিবিম্বক সেই আইনাত প্ৰতিফলিত দেখিলে
নিজৰ চেহেৰা সম্পৰ্কে এটা মোটামুটি ধাৰণা লব পাৰে৷ ডেলাৰ চেহেৰাটো পাতল হোৱাৰ বাবে
তাই সহজে কৌশলটো আয়ত্ত কৰিছে৷

 

হঠাতে তাই খিৰিকি মুখৰ পৰা ঘূৰিল আৰু
আইনাখনৰ সমুখত থিয় হ
ল৷ তাইৰ চকুজুৰি
চিকমিকাই আছিল কিন্তু তাইৰ মুখমণ্ডল কিছু বিবৰ্ণ হৈ পৰিছিল
, প্ৰায় কুৰি চেকেণ্ডমান সময়ৰ বাবে৷

 

তাই খৰগতিৰে তাইৰ চুলিকোছা বান্ধিৰখা
গাঁঠিটো মোকলাই দিলে৷ আৰু সমগ্ৰ চুলিকোছা তললৈ বৈ যাবলৈ এৰি দিলে৷

 

কবলৈ গলে দুটা বিশেষ বস্তুৰ বাবে
দুয়ো ৰাল্টে পতি-পত্নী অতিশয় গৌৰৱান্বিত হৈ থাকে৷ তাৰে এটা হ
ল জিমৰ সোণৰ ঘড়ীটো৷ তাৰ ককাদেউতাকৰ হাতৰ পৰা হস্তান্তৰ হৈ
আহি যথাক্ৰমে তাৰ দেউতাক আৰু তাৰ হাত পাইছিলহি৷

 

আৰু আনটো হল ডেলাৰ চুলিখিনি!

যদিহে কেনেবাকৈ কুইন অব শ্বেবাই সিহঁতৰ
সমুখৰ ঘৰটো ভাড়া লৈ থাকিলহেতেন
, ডেলাই ইচ্ছাকৃতভাবে
তাইৰ চুলিখিনি শুকাবৰ বাবে ঘৰটোৰ সমুখত মেলি ধৰিলেহেতেন
, কেৱল ৰাণীয়ে জ্বলি পুৰি হিংসাত মৰিবৰ বাবেই! সোণ, ৰূপ, মণি মুক্তাৰে ঠাহ
খাই থকা ভাড়াঘৰৰ পৰা ৰাণীয়ে কেৱল চায়েই থাকিলহেতেন!

 

যদিহে ৰজা চলোমনএই ভাড়াঘৰ কেইটাৰ
সমুখৰ চকীদাৰ হ
লহেতেন, আৰু তেওঁ তলৰ মহলাৰ বেছমেণ্টতে তেওঁৰ আকৰৰ সমগ্ৰ ধন সোণ ঠাহ
খুৱালেহেতেন
, কিন্তু জিমে সেইফালে প্ৰতিবাৰ পাৰ
হওঁতে তাৰ ঘড়ীটোহে দেখুৱাই অপেক্ষা কৰিলেহেতেঁন
, ঘড়ীৰ হিংসাত চলোমনে নিজৰ দাঢ়িবোৰ এডাল দুডালকৈ চিঙিছেনে নাই!

 

ডেলাৰ মুকলি চুলিখিনি, লহৰ তুলি তুলি তললৈ নামি গৈছে আৰু এনেহে লাগিছে যেন বাদামী
ৰঙৰ জলপ্ৰপাত এসোঁতা অহৰহ নামি গৈছে
, তাইৰ আঁঠুৰ তললৈ৷ যেন এটা দীঘল পোছাকেৰে আবৃত হৈ আছে তাইৰ নিম্নাংশ৷ এবাৰ
কেইটামান মুহূৰ্তৰ বাবে তাই যেন হঠাৎ বিহ্বল হৈ পৰিছিল আৰু তেনেকৈয়ে চকুজুৰিৰ পৰা
দুই এফোটা চকুলো তললৈ নামি গৈ উৱলি যোৱা ৰঙা কাৰ্পেটখনত পৰিছিল৷

 

তাইৰ পুৰণি বাদামী ৰঙৰ জেকেটটো তাইৰ
গালৈ উঠি আহিল৷ উঠি আহিল সেই একেই পুৰণি বাদামী ৰঙৰ টুপিটো তাইৰ মুৰৰ ওপৰলৈ৷ এটা
পাক ঘূৰি
,
তাইৰ স্কাৰ্টটো উৰুৱাই, চকুৰ মণিত উজ্জ্বলতাৰ আভা সানি তাই ঘৰৰ বাহিৰ হৈ তলৰ ৰাষ্টালৈ নামি জিয়ন
ষ্ট্ৰীটেদি মূল বজাৰৰ ফালে আগবাঢ়ি গ
ল৷

 

আবেলি সময়৷ দূৰৰ পশ্ছিমত লাইপুইতলাং
পাহাৰত বেলি ডুবিবলৈ এতিয়াও বাকী৷

 

ত তাই ৰলগৈ, তাৰ কাষৰ নামফলকত লেখা আছিল: চাম
চিয়াম্না: – কেশসজ্জাৰ সকলোধৰণৰ সামগ্ৰী পোৱা যায়৷

ডেলাই দৌৰি দৌৰি ওপৰমহলা পালেগৈ৷
ফোঁপনি ধৰিছিল তাইৰ সেয়ে কিছুপৰ ৰৈ দীঘল দীঘল উশাহ ললে৷

 

এগৰাকী শকত আৱত, অতিপাত বগা, উদাসীন চেহেৰাৰ মহিলা বহি আছিল তাত৷

আপুনি মোৰ চুলিকোছা কিনিবনে? “ ডেলাই জানিব বিচাৰিলে৷

মই চুলি কিনো৷ মহিলাগৰাকীয়ে কলে৷ আপোনাৰ
টুপিটো খুলি পেলাওকচোন৷ আপোনাৰ চুলিটাৰি চাবলৈ দিয়ক৷

বাদামী ৰঙৰ জলপ্ৰপাত চুলিৰ ঢৌবোৰৰ
সতে পুনৰ তললৈ নামি আহিল৷ ব্যৱসায়ী হাতেৰে ঠিক সোঁমাজত কোছাটো ধৰি মহিলাগৰাকীয়ে কলে
,

বাৰশ টকা

টকাখিনি কিন্তু সোনকালে লাগে মোক৷ ডেলাই কলে৷

 

আ: , পাচৰ ঘণ্টা দুটা যেন গুলপীয়া পাখি মাৰি উৰি উৰি গুচি গল৷

 

জিমৰ বাবে এটা সঠিক উপহাৰ বিচাৰি
কিমান দোকানেইযে তাই তছনচ নকৰিলে! অৱশেষত তাই বিচৰা বস্তুটো পালেগৈ৷ এইটো যেন কেৱল
জিমৰ বাবেই সজা হৈছিল
, অন্য কাৰো বাবে
নহয়৷ সকলোবোৰ দোকান বিচাৰি চলাথ কৰিছিল
, কতো পোৱা নাছিল৷ এডাল প্লেটিনামৰ ঘড়ীৰ চেইন, দেখাত সাধাৰণ ষ্টাইলৰ কিন্তু ৰুচিবোধ থকা, বাহ্যিক চাক-চিক বা অলঙ্কৰণত নহয়৷ প্ৰকৃত বস্তু দেখিয়েই তাৰ দাম বুজা যায়৷

 

যেনে ঘড়ীটো ঠিক তেনেধৰণৰেই চেইনডাল৷
দেখাৰ পাচত ডেলাৰ এনে লাগিল যেন জিমক এইডালৰ বহু প্ৰয়োজন৷ এইডাল যেন জিমৰ দৰেই:
শান্ত অথচ মূল্যবান৷ ১২৬০টকাত ইয়াৰ দাম দৰ ঠিক হ
ল৷ বাকীথকা টকা ষাঠিটা লৈ তাই ঘৰলৈ ঘূৰিল৷ ঘড়ীটোত চেইনডাল লগাই ললেই জিমে বাৰে
বাৰে চাবলৈ উদ্ গ্ৰীব হ
ব তাৰ জেপৰ ভিতৰত
থকা ঘড়ীটোক৷ ঘড়ীটো খুব সুন্দৰ বাবেই এডাল পুৰণি চামৰাৰ ফিতা লগোৱাত তাক বাৰে বাৰে
উলিওৱাৰ লাজে আমনি কৰিছিল৷

 

ঘৰলৈ ঘূৰি আহি আনন্দৰ উন্মাদনাত উৰা
ডেলাই কিছু বিচক্ষণতাৰে নিজৰ মনটোক শান্ত কৰাত লাগিল৷ হেয়াৰ কাৰ্লিং মেচিনটো
উলিয়াই গেছটো জ্বলাই ললে৷ উদাৰতা আৰু ভালপোৱাৰ সানমিহলিৰ প্ৰভাবত তাইৰ চুলিৰ ধ্বংস
সাধিত হোৱা অংশবোৰ ঠিক কৰিবলৈ লাগি গ
ল৷ কামটো
কিন্তু উলামুলা বিধৰ নহয়
, …… যথেষ্ট কঠিন৷

 

চল্লিশ মিনিট সময় পাৰ হৈ গ, তাইৰ মুৰত সৰু
সৰুকৈ ঘন কেকোঁৰা চুলি ভৰি পৰিল৷ দেখাত এনে লাগিল যেন তাই স্কুলৰ পৰা পলোৱা এটা
উদণ্ড ল
ৰাহে৷

সুদীৰ্ঘ সময় আইনাৰ সমুখত ৰৈ, সূক্ষ্ম আৰু সতৰ্ক দৃষ্টিৰে নিজৰ প্ৰতিবিম্বক তাই চাবলৈ লৈ
ভাবিলে
,
যদি এইবোৰ দেখে, মোক নামাৰিলেহে ৰক্ষা৷ নিজক নিজে তাই কলে আকৌ এবাৰ মোক ঘূৰি চোৱাৰ আগতে হয়তো মোক ক, মই এজনী কোৰাচ গোৱা
ছোৱালীৰ দৰেহে দেখাইছো৷ মইনো কি কৰো বাৰু
? কি কৰিব পাৰো কেৱল টকা ১২০টাৰে? “

 

সাত বাজিলত কফি বনোৱাৰ যো-জা কৰা হল৷ কেৰাহীখন জুইৰ ওপৰত তুলি ৰখা আছিল চপ বনাবৰ বাবে৷ জিমে
কেতিয়াও অহাত পলম নকৰে৷ ডেলাই লৈ থকা চেইনডাল হাতৰ মুঠিৰ ভিতৰতে ভাঁজ কৰি ললে আৰু
দুৱাৰখনৰ ওচৰত থকা টেবুলখনত কোণীয়াকৈ বহি থাকিল৷ এইখন দুৱাৰেদিয়ে জিম সদায় সোমাই
আহে৷ ডেলাই শুনিবলৈ পালে তলৰ মহলাৰ চিৰিত পদশব্দ৷ তাইৰ এনে লাগিল যেন তাইৰ গালৰ
সমস্ত তেজ ক্ষন্তেকলৈ কোনোবাই শুহি লৈ গ
ল৷ তাইৰ
দৈনন্দিন কামৰ মাজে মাজে প্ৰাৰ্থনা কৰা অভ্যাস৷ সেয়ে মনে মনে তাই আওৰালে
, ’হে মোৰ প্ৰভু, তেওঁ যেন এতিয়াও মোক ধুনীয়া বুলিয়েই ভাবি থাকক৷

 

দুৱাৰখন খোল খালে৷ জিম সোমাই আহি
দৰজাখন বন্ধ কৰিলে৷ তাক কিছু ক্ষীণ যেন দেখাইছিল৷ গম্ভীৰো৷ বেচেৰাটো
কিমানেইবা বয়স হৈছে তাৰ৷ ২২বছৰ, আৰু এতিয়াই এখন সংসাৰৰ বোজা বব লগা হৈছে৷ তাৰ এটা অভাৰকোটৰ প্ৰয়োজন আছিল৷ তাৰ হাতমোজাও
নাছিল৷

 

বন্ধ দুৱাৰখনৰ ওচৰত জিম কিছুপৰ ৰল৷ থৰ হৈ এনেদৰে ৰল যিদৰে এটা
চিকাৰী কুকুৰ এটা বনৰীয়া চৰাইৰ ওচৰত লৰচৰ নকৰাকৈ থৰ হৈ ৰৈ থাকে৷

 

ডেলাৰ ওপৰত তাৰ দৃষ্টি যেতিয়া নিবদ্ধ
, তাৰ চকুকেইটাই যেন
কিবা ক
ব বিচাৰিলে, যিটোৰ ভাষা তাই পঢ়িব পৰা নাছিল৷ তাই কিছু ভীত হৈ পৰিল৷ সেই দৃষ্টিত কোনো খঙ
নাছিল
,
আশ্চৰ্য্য নাছিল, অসমৰ্থন নাছিল, আতংক নাছিল নাইবা
এনে কোনো অনুভূতিৰ প্ৰকাশ নাছিল যাৰ বাবে তাই সাজু আছিল৷ সি মাত্ৰ একেথৰে তাইলৈ
চাই আছিল আৰু তাৰ মুখমণ্ডলত এক বুজাব নোৱাৰা অনুভূতিয়ে খেলা কৰিছিল৷

 

ডেলা টেবুলখনৰ ওচৰৰ পৰা আহি তাৰ কাষ
পালেহি৷ তাই কন্দনামুৱা হৈ থাকি কলে
, “ জিম,
তেনেদৰে মোলৈ চাই নাথাকিবা সোণ৷ মই চুলিখিনি কাটিলো আৰু
বেচি দিলো৷ কাৰণ এই খ্ৰিষ্টমাছত তোমাক একো উপহাৰ নিদিয়াকৈ মই কেনেদৰে উৎসৱ উদ্
যাপন কৰিম৷ এই চুলিবোৰ পুনৰ গজিব
…… তুমি অকণো দুখ
নকৰিবা৷ মই কোনো উপায় নেদেখিহে এইবোৰ কৰিলো৷ মোৰ চুলিবোৰ জানা
, বৰ সোনকালে বাঢ়ে৷ জিম, “মেৰী খ্ৰিষ্টমাছবুলি কোৱানা মোক
জিম৷ কিযে সুন্দৰ উপহাৰ মই তোমাৰ কাৰণে গোটাই থৈছো
, কেৱল তোমাৰ বাবেই জিম৷

 

তুমি চুলিখিনি কাটি পেলালা? “ জিমে সুধিলে৷ বহু কষ্টেৰে যেন এতিয়াও বুজি উঠিবলৈ অসমৰ্থ
হৈছে আচল সত্যটো
, বহু মানসিক
পৰিশ্ৰমৰ অন্তত৷

 

কাটি পেলালো আৰু বিক্ৰী কৰি দিলো৷ তাই কলে, “কিয় তোমাৰ মোক
এনেদৰে ভাল লগা নাইনেকি
? মই দেখোন ময়েই হৈ
আছো মাত্ৰ চুলিখিনিহে নাই!

 

কৌতূহলি দৃষ্টিৰে জিমে কোঠাটোৰ
চাৰিওফালে চকু ঘূৰালে৷
তুমি কৈছা তোমাৰ
চুলিখিনি গ
? “

 

কোঠাৰ মাজত বিচাৰি লাভ নাই“, ডেলাই কলে, “ বেচি দিয়া হৈ গ, মই তোমাক কলোৱেই, বেচা হৈ গ, লৈ গুচি গল৷ আজি খ্ৰিষ্টমাছৰ উৰুকা, সোণটো৷ মোক বেয়া নাভাবিবা৷ তোমাৰ বাবেই এইবোৰ কৰিলো৷ হয়তো
মোৰ চুলিখিনি এডাল এডালকৈ লেখিব পৰা গ
লহেতেন “ …খুব সহৃদয়তা আৰু আন্তৰিকতা সানি তাই কৈ গ, “ কিন্তু তোমাৰ বাবে
থকা মোৰ মৰম কোনোৱে লেখি হিচাপ কৰিব নোৱাৰে৷
…… জিম,
চপকেইটা তৈয়াৰ কৰাত লাগোনে? “

 

সমাধিস্থ অৱস্থাৰ পৰা জিম যেন
সোনকালেই উভতি আহিল৷ সি ডেলাক বাহুৰ মাজত ভৰাই ললে৷

 

কেইটামান মুহূৰ্তৰ বাবে সতৰ্ক তদন্ত
হিচাপে কিছুমান পাৰাপাৰহীন অন্য কিছু কথা চিন্তা কৰো আহক৷

মাহত ২০০০ টকা অথবা বছেৰেকত দহ লাখ
টকা পোৱাৰ পাৰ্থক্য কি হ
ব পাৰে? এজন গণিতজ্ঞ বা পণ্ডিতে আপোনাক ভুল উত্তৰেই দিব৷

মেইজি সকলে মূল্যবান উপহাৰ আনিছিল, কিন্তু তেওঁলোকৰ নিজৰ বাবে নহয়৷ আন্ধাৰত থকা এই বিৱৰণ
প্ৰকাশলৈ আহিব কিছু পৰৰ পিচত৷

 

জিমে তাৰ অভাৰকোটৰ পকেটৰ পৰা এটা পেকেট উলিয়াই টেবুলখনৰ ওপৰত পৰাকৈ
দলি মাৰি থৈ দিলে৷

ডেলা, মোৰ বিষয়ত তুমি একো ভুল ভাবি নলবা, “ সি কলে৷ মই নাভাবো যে চুলি
কটা
,
দাঢ়ি কটা, বা শ্যেম্পু কৰা
আদি কামবোৰ কৰিলে মই ভালপোৱা ছোৱালীজনীৰ প্ৰেমত বাধা আহিব বা তাইৰ পৰা দূৰ হৈ যাম৷  কিন্তু যদিহে তুমি সৌ পেকেটটো খোলা
, তুমি দেখা পাব পাৰা কিহে মোক প্ৰথমতে হতভম্ব কৰি তুলিছিল৷

 

বগা আঙুলি কেইটাই ক্ষিপ্ৰতাৰে
পেকেটটোৰ ৰচী আৰু কাগজবোৰ ছিঙাত লাগিছিল৷ আৰু তেতিয়াই
, আনন্দৰ এটা উত্তেজনাপূৰ্ণ চিঞৰ; আৰু পিচমুহূৰ্তত এক নাৰীৰ হিষ্টিৰিয়াগ্ৰস্ত আৰ্তনাদ আৰু
চকুপানীয়ে খদমদম লগাই দিলে আৰু ঘৰখনৰ মূল লোকজনক অতি ব্যগ্ৰতাৰে জাউৰিয়ে জাউৰিয়ে
শান্ত্বনাবাণী শুনাবৰ বাবে ব্যস্ত কৰিলে৷

 

অদূৰত পৰি আছে ফণীৰ খোলা পেকেটটো, কাষত আৰু পাচফালে ফণিয়াব পৰা বিধে বিধে বিভিন্নৰঙী ফণীবোৰ, যিটো ডেলাই জিয়ন মাৰ্কেটৰ সবাতকৈ ডাঙৰ ষ্টৰ খনত

দেখি আহি পাবৰ বাবে বহুদিন প্ৰাৰ্থনা
কৰিছিল৷  ধুনীয়া আছিল সেই ফণীবোৰ
, সাগৰীয় কাছৰ খোলাৰ পৰা নিৰ্মিত, ফণীবোৰৰ বেৰটো সৰু সৰু মণি মুক্তা খচিত,  চুলিৰ লগত মিলখোৱা,  যিকোচা সুন্দৰ চুলি
এতিয়া অন্তৰ্ধান হৈ গৈছে৷  এই ফণীবোৰ আছিল
বহু বেছি দামী
, সেয়া তাই জানিছিল, যদিও তাইৰ অন্তৰখনে পাবলৈ হেঁপাহ কৰিছিল, কিন্তু পোৱা প্ৰায় অসম্ভব বুলি বুজিছিল৷ কিন্তু এতিয়া, এই সকলোবোৰ তাইৰ আগত পৰি আছে, কিন্তু সেই চুলিটাৰি যাৰ ওপৰেদি এই ফণীবোৰৰ আলফুল পৰশ পাৰ হৈ গলহেতেন সেই চুলিটাৰিয়েই নাই৷

 

তথাপিও তাই গোটেইখিনিকে তাই বুকুৰ মাজত
সুমোৱাই ললে আৰু অৱশেষত চকুপানীৰে সিক্ত তাই আধামুদা দৃষ্টিৰে তাৰ ফালে চাই ক্ষীণ
হাঁহিৰে ক
লে,

মোৰ চুলি খুব সোনকালে বাঢ়ে, জিম৷

আৰু তাৰ পাচ মুহূৰ্ততেই জুই অঙঠাই
পোৰা মেকুৰী এজনীৰ দৰে জঁপিয়াই উ: উ: বুলি চিঞৰি উঠিল৷

 

জিমে এতিয়ালৈকে তাৰ ধুনীয়া উপহাৰটো
দেখা নাছিল৷ তাই হাতৰ মুঠিটো মুকলি কৰি আগ্ৰহেৰে তাৰ চকুৰ সমুখত বস্তুটো দাঙি
ধৰিলে৷ জিলিকনি নথকা এই মূল্যবান ধাতুৰ গহনাটো তাইৰ উজ্জ্বল আৰু উমলগা হেঁপাহৰ
পোহৰত জিলিকি উঠিল৷

কি ষ্টাইলিছ লাগিছে, নহয়নে জিম? মই গোটেই বজাৰবোৰ চলাথ
কৰাৰ শেষতহে পালোগৈ৷ এতিয়াৰ পৰা তুমি দিনৰ দিনটো বাৰে বাৰে উলিয়াই চাব পাৰিবা৷
চাওঁ
,
ঘড়ীটো দিয়া৷ মই চাব খুজিছো এইডাল লগোৱাৰ পাচত ঘড়ীটো
কেনেকুৱা লাগিব৷

 

তাইৰ কথাত মন নিদি জিমে চোফাখনত বাগৰ
মাৰি মুৰৰ শিতানত হাত দুখন সুমুৱাই হাঁহি এটা মাৰি পৰি ৰ
ল৷

 

ডেলা, কিছুপৰৰ বাবে খ্ৰিষ্টমাছৰ উপহাৰৰ কথা বাদ দি থোৱাচোন অলপ৷ উপহাৰ হিচাপে তেনে
উপহাৰ সচৰাচৰ অনন্য৷ মই মোৰ ঘড়ীটো
, তোমাৰ বাবে ফণীৰ চেটটো কিনিবলৈ বেচি দিলো৷ এতিয়া তুমি, মোৰ বোধেৰে চপ ভাজিবলৈ লগাই ভাল হব৷

 

কথিত আছে, প্ৰভু যিশু গোহালীৰ দানা পাত্ৰত যেতিয়া কেঁচুৱা হৈ পৰি আছিল, আশ্চৰ্যজনক জ্ঞানীলোক কেইজনমানে এই দানা পাত্ৰৰ কেঁচুৱালৈ
উপহাৰ আনিছিল৷

এওঁলোকক জনা যায় মেইজি বুলি৷
তেওঁলোকেই খ্ৰিষ্টমাছত উপহাৰ দিয়া প্ৰথাৰ প্ৰথম প্ৰচলন কৰে৷ যিহেতু তেওঁলোক জ্ঞানী
আছিল
,
তেওঁলোকৰ উপহাৰো আছিল তেওঁলোকৰ জ্ঞানৰ জোখাৰে, একেধৰণৰ উপহাৰ দিয়াৰ ক্ষেত্ৰত সলনাসলনিৰ সুবিধা আছিল৷

ইয়াতো মোৰ অক্ষমতা স্বত্বেও এই
কাহিনীত বৰ্ণনা কৰিছো এক বৈচিত্ৰ্য্যহীন কাহিনী
, কেনেকৈ ভাড়াঘৰত থকা দুটা অজলা লৰা ছোৱালীয়ে দুয়ো দুয়োটাৰ বাবে অজ্ঞানতাৰে
বলিদান দিছে ঘৰটোৰ আটাইতকৈ মূল্যবান সম্পদ৷

আজিৰ দিনৰ জ্ঞানীসকলৰ বাবে এটা শেষ
কথা কওঁ
,
সকলো মানুহেই যেয়ে যি উপহাৰেই নিদিয়ক কিয়, এইটো কব পাৰি যে ইহঁত দুটাৰ উপহাৰেই আছিল সবাতোকৈ
জ্ঞানসমৃদ্ধ৷ সকলো মানুহ যেয়ে উপহাৰ দিয়ে আৰু গ্ৰহণ কৰে
, তাৰ ভিতৰত সিহঁতৰ দৰেই মানুহবোৰ শ্ৰেষ্ঠজ্ঞানী৷ সকলো ঠাইতে
সিহঁতবোৰ সবাতোকৈ জ্ঞানী৷ কাৰণ এওঁলোকেই হৈছে মেইজি৷

 

Popular Post

ঐতিহাসিক চিঠি