কবিতাঃ ক’ৰোনা বিষয়ক চীনা কবিতা – লি উৱেনলিয়াঙৰ স্মৃতিত শোকগাথা / ইউ ছিউহুৱা (চীনা)

Posted by : translatorsassam
June 12, 2020

 

 কৰোনা বিষয়ক এটা চীনা কবিতা

লি উৱেনলিয়াঙৰ স্মৃতিত শোকগাথা

মূল কবি : ইউ ছিউহুৱা (চীনা)
অসমীয়া ভাঙনি : জগত বৰা


জিৰণি লোৱা এইবাৰ
অৱৰুদ্ধ বাক-স্বাধীনতাতকৈও বিপজ্জনক
নাই কোনো ভাইৰাছ,
যি পৃথিৱীত সত্যৰ লগত মিলি আছে মিথ্যা
তাতকৈ নাই কদৰ্য কোনো বিশ্ব
নাই কোনো সন্ত্ৰাস

জিৰণি লোৱা এইবাৰ
ইয়াংমী নদীৰ বোৱঁতী পানীত ভাহে নাও
ভাহে ডুবন্ত জাহাজ,
পীত নদীৰ তৰংগত দোলে ফেৰীযাত্ৰীসকল
পিন্ধনত প্ৰেতৰ সাজ

জিৰণি লোৱা এইবাৰ
মোক ধাৰণ কৰিবলৈ দিয়া
লজ্জাকৰ এই জীৱনৰ উপকণ্ঠত
গাবলৈ দিয়া অন্ত্যেষ্টিক্ৰিয়াৰ সংগীত

আতংকিত নহওঁ আমি স্বাভাবিক মৃত্যুৰ
সম্ভাৱনাত

তথাপি নিৰ্ধাৰিত সময়ৰ আগতে জীৱনৰ
সমাপ্তি

যেন জীৱন্তেই পৰি গৈছোঁ কবৰৰ গাঁতত
দেহ-মনত এই আতংক লৈয়েই কৰিছোঁ দিন
যাপন
,

স্বৰ্গতো যদি আছে অস্তিত্ব এই জীৱাণুৰ
তাতো যদি তুমি কথা কোৱা
বজোৱা বাক-স্বাধীনতাৰ সপ্তসুৰ
তেনেহলে তুমি যাবা কলৈ
কি হব তোমাৰ গন্তব্য স্থান
লৈ লৈ যাব তোমাক তাৰ পিছত
তোমাক আগুৰি থাকে যেন মানুহে,
চীনা সংস্কৃতি হয় যেন তোমাৰ ভৱিতব্য
সেই মহালোকত নাবান্ধা কিয় তোমাৰ ঘৰ।

অনুবাদকৰ টোকা : ২০১৯
চনৰ ডিচেম্বৰ মাহত চীনৰ য়ুহান প্ৰদেশতে প্ৰথম ক
’ৰোনা
(ক’ভিড ১৯)

লি উৱেনলিয়াঙ

ভাইৰাছবিধ দেখা দিয়ে। য়ুহানৰ কেন্দ্ৰীয় হাস্পতালৰ
চিকিৎসক ডঃ লি উৱেনলিয়াং সেই সময়তে ৰোগীসকলৰ মাজত কৰোনা সংক্ৰমণ লক্ষ্য কৰে। লগে
লগে তেওঁ তেওঁৰ সহকৰ্মীসকলক অৱগত কৰোৱাৰ লগতে ইণ্টাৰনেটৰ মাধ্যমেৰে প্ৰশাসন আৰু
দেশবাসীক এই ভাইৰাছৰ ভয়াৱহতা সম্পৰ্কে সতৰ্ক কৰি দিয়ে। এয়াই তেওঁৰ অপৰাধ। ভুৱা
প্ৰচাৰ বা অপপ্ৰচাৰ চলোৱাৰ অভিযোগত পুলিচ বাহিনীয়ে তেওঁক অপদস্থ কৰে। তাৰে কিছুদিন
পিছত তেওঁ নিজেও কৰোনাত আক্ৰান্ত হয় আৰু মৃত্যুমুখত পৰে। সেই সময়তে চীন চৰকাৰে
বাক-স্বাধীনতা আৰু ইণ্টাৰনেটৰ মাধ্যমেৰে তথ্য আদান-প্ৰদানৰ ক্ষেত্ৰত কিছুমান
বাধা-নিষেধ আৰোপ কৰে। এইজন চিকিৎসকৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত কবি ইউ ছিউহুৱাই ‘I
crossed of China to sleep with you’
শীৰ্ষক
কবিতা লিখি বিখ্যাত হৈ পৰে। সেই কবিতাটিৰে অসমীয়া ভাবানুবাদ আগবঢ়ালো মোৰ
সন্মানীয় শুভানুধ্যায়ীসকললৈ।


সূত্ৰ : চাইনা ডিজিটেল টাইমছ্ (প্ৰকাশ : ২৫ এপ্ৰিল, ২০২০)

 

Popular Post

ঐতিহাসিক চিঠি