গল্পঃ দেউতা / ইছমাইল গৌহৰ

Posted by : translatorsassam
June 13, 2020

                        দেউতা

মূল : ইছমাইল গৌহৰ

অনুবাদ : ময়ূৰী শৰ্মা বৰুৱা


দেউতাৰ ভৰি দুখন জপটিয়াই ধৰি নাযাবচোন বুলি মই কাবৌ কৰিছিলোঁ৷ পিছে তেওঁ মোক
গোৰ মাৰি ওফৰাই দিলে৷ সৰু ভাইটোৱেও ভৰিত পৰি বিনালে
, “বাবা, নালাগে যাব৷
তাকো মেকুৰী পোৱালি দলিওৱাদি আঁতৰাই
পঠিয়ালে৷ উধাতু খাই আহি মায়ে তেওঁৰ শ্বলখন দেউতাৰ সমুখত মেলি ধৰি ফেঁকুৰি উঠিল
,
এবাৰ এই লৰা-ছোৱালীহালৰ কথা ভাবক! আপুনি যাব
নেলাগে ঔ!
দেউতাই
মাক মুখৰ আগৰ পৰা গতিয়াই বগৰাই দিলে৷ তেওঁ এজন পুষ্ট
’(Pushto)সম্প্ৰদায়ৰ মানুহ৷ তেওঁৰ সত্তাত জাতিগত
অহংকাৰ টগবগাই থাকে৷ খঙত বলিয়া হৈ তেওঁ কাৰো কথাই নুশুনিলে৷ মূৰত পাগুৰি পিন্ধি
বন্দুকটো হাতত লৈ তেওঁ ধুমুহাৰ বেগেৰে ওলাই গুচি গ
ল৷ দেউতাৰ পিছে পিছে আমিও ঢপলিয়াই
গৈছিলোঁ৷ কিন্তু আমি পদূলিমুখ পাওগৈ মানে তেওঁ আলিৰ মূৰ পাৰ হৈ নিজৰ লক্ষ্য
অভিমুখে ৰাওনা হৈছিল৷

তেতিয়া মোৰ বয়স আছিল বাৰ আৰু আখটাৰ, মানে মোৰ ভাইটো আছিল আঠবছৰীয়া৷ গোটেই
দিনটো কান্দি কান্দি গধূলিপৰলৈ সি টোপনিত ঢলি পৰিছিল৷ অথচ মই এতিয়ালৈকে কান্দিয়েই
আছোঁ৷ জীয়াই থাকো মানে মোৰ চকুলো নুশুকায়৷

দেউতাৰ খং উঠিছিল গুল মীৰৰ ওপৰত৷ সেইদিনা মছজিদতে তেওঁ দেউতাক বেয়া বেয়াকৈ
কিবা কৈছিল৷ কিবা এটা মীমাংসা নোহোৱালৈকে গছজোপা নাকাটিবলৈ মোৰ চাচাইয়ো দেউতাক
বুজাইছিল৷ সেই মুহূৰ্তত কোনো কথাই শুনিবলৈ ৰাজী নাছিল দেউতা৷ তেওঁৰ মতে
,
সেইখিনি মোৰ মাটি আৰু ই বেটাই হুকুম জাৰি
কৰিব খুজিছে!
আৰু তাৰ পিছত যেতিয়া গুল মীৰে দেউতাক ৰঙা চকু দেখুৱাই
প্ৰত্যাহ্বান জনালে
, বন্দুকৰ দমত তেওঁক এশিকনি দিবলৈ বুলি দেউতা ওলাই গল৷ ইমান চেষ্টা কৰিও আমি তেওঁক ৰখাব
নোৱাৰিলোঁ!

গুল মীৰৰ লৰা দুটাই তেতিয়া আগচোতালত তুঁহগুড়ি আৰু বোকামাটিৰ লেও বনাই
আছিল৷ দেউতাই ঠাইতে সিহঁত দুটাক খতম কৰি পেলালে৷

আখটাৰ তেতিয়া টোপনিত৷ বিকট চিঞৰ এটা মাৰি সি ধহমহকৈ সাৰ পাই গল৷ সেয়া যেন কিবা ভয়ংকৰ অমংগলৰ আগজাননীহে
আছিল! মায়ে দৌৰি গৈ তাক বুকুত সুমুৱাই নিচুকাবলৈ ল
লে৷ পিঠিত লাহে লাহে থপৰিয়াই দিয়াত সি
আকৌ শুই গ
ল৷
কিন্তু চকুৰ টিপ নমৰাকৈ আমি দুজনী গোটেই নিশাটো তেনেকৈয়ে থাকিলোঁ৷ ৰাতিৰ ঘোপমৰা
আন্ধাৰত ৰাষ্টাত কুকুৰে ভুকিলেই আমাৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল৷ ওৰে ৰাতি
কুকুৰজাকে ভুকি আছিল আৰু অজান আশংকাত আমাৰ বুকু কঁপি আছিল৷ দুটাকৈ ডেকা ল
ৰাক মাৰি থৈ দেউতা তেতিয়ালৈ নিৰুদ্দেশ
হৈছিল৷

আমাৰ চকুৰ আগতে সময় বদলি হৈছিল৷ লগতে মানুহবোৰো৷ সমবেদনা জনোৱাৰ উদ্দেশ্যৰে
গুল মীৰৰ ঘৰলৈ যোৱা মানুহবিলাকে কৈছিল
, “ইচ ইচ আপোনাৰ প্ৰতি এয়া চুড়ান্ত অন্যায়!

সেই একেখিনি মানুহে আমাৰ ঘৰত আহি কৈছিল, “ছেহ্, বৰ বেয়া কথা হল!

বক্তব্য একেটাই আছিল৷ কেৱল শব্দবোৰ ইফাল সিফাল কৰা হৈছিল৷ অৱশ্যে আমি বুজাত
তাৰ অৰ্থৰ বিশেষ কোনো হেৰফেৰ নাছিল৷ দেউতানো ক
ত আছিল সেয়া না মায়ে কিবা গম পাইছিল না
মই কিবা জানিছিলোঁ৷ য
তেই নাথাকক কিয় তেওঁৰ উগ্ৰ খংটো যে তেতিয়ালৈ জামৰিছিল সেই
কথাটোত কিন্তু মই নিশ্চিত আছিলোঁ৷ ইতিমধ্যে পস্তাইছেই চাগে! খঙৰ ভমকত আগ-পিছ
নুগুনি বেয়া কাম এটা কৰাৰ অনুশোচনাই দেউতাক বাৰুকৈয়ে দহিব পাৰে৷ তেওঁৰ পৰ্বতকায়
অহংকাৰ এতিয়ালৈ চেঁচা পৰিল চাগে! হয়তোবা তেওঁৰ অহংকাৰ আৰু পুষ্ট

ভেমে এতিয়ালৈ কিবা ইতিবাচক ৰূপ লৈছে!

আমাৰ গাঁওখনক সকলোৱে বন্ধুৰ গাঁও বুলিয়ে জানে৷ বন্ধুৰ মেলত যিকোনো জটিল আৰু
বিয়াগোম সমস্যাৰ সমাধান সূত্ৰ ওলাইছিল৷ আকৌ এবাৰ গাঁৱৰ মানুহবিলাক একগোট হ
ল৷ মূল বৰমেলখনৰ আখৰা হিচাপে সৰু সৰু
গোটবিলাক লৈ সৰুকৈ ৰাইজমেল পতা হ
ল৷ ফুচফুচীয়া প্ৰচাৰ আৰু ভালেমান সৰু সৰু ৰাইজমেলৰ অন্তত
এমাহৰ মূৰত দেউতাক বিচাৰি পোৱা গ
ল৷ তাৰ পিছত আৰম্ভ হল মিটমাটৰ প্ৰক্ৰিয়া৷

সেই ঘটনাটো হোৱাৰ দিন ধৰি মোৰ প্ৰতি মাৰ আচৰণ সলনি হৈ গৈছিল৷ মনৰ শংকাৰ
সমান্তৰালকৈ মোলৈ মাৰ মৰম বাঢ়িছিল৷ তেওঁ মোক বেছিকৈ গুৰুত্ব দিবলৈ লৈছিল৷ আনকি
অনবৰতে মোৰ যতন লোৱাতে তেওঁ ব্যস্ত হৈ পৰিছিল৷ মায়ে কিবা অদ্ভূত কথাবিলাক ক
বলৈ আৰম্ভ কৰিছিল
কিবা ভাগ্যৰ কথা,
পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ কথা
ইত্যাদি৷ কেতিয়াবা কোনো লাগবান্ধ নোহোৱাকৈ অস্পষ্ট কথাৰে মায়ে যেন মোক কিবা
বুজাবলৈ যত্ন কৰিছিল৷ আনকি কেতিয়াবা এনেকৈ থৰ লাগি মোলৈ চাই থাকে এই যেন মই অতল
সমুদ্ৰত ডুব গৈছোঁ আৰু অসহায় হৈ পাৰৰ পৰা মায়ে সেই দৃশ্য চাই আছে৷

সেইদিনা আমাৰ ঘৰভৰ্তি৷ এগাল মিতিৰ-কুটুমেৰে ভৰ্তি৷ কোনেও মোৰ চকুলৈ চোৱা নাছিল৷
তেওঁলোক যে পৰম অসহায় সেই কথা তেওঁলোকৰ প্ৰত্যেকৰ মুখত বৰ বৰ হৰফেৰে লিখি থোৱা
আছিল৷ কিজানি আগন্তুক মেলখনৰ আশংকাতে তেনে হৈছিল৷ মই আকৌ ভাবি আছিলো সেইদিনাখনৰ
মেলতে ৰায় দিয়া হ
ব আৰু দুইঘৰৰ মাজত মিটমাট হব! সেইটোতো ফুৰ্তিৰহে কথা! তেতিয়া হলে চবৰে মুখবোৰ ইমান শুকান কিয়?

পিছতহে গম পালো মই কিমান মূৰ্খ আছিলোঁ! ৰাইজমেলত ৰায়দানৰ লগে লগে সকলোৰে শংকাৰ
কাৰণটো ওলাই পৰিল৷

আৰু দেউতা, যাৰ বলিয়া জঁকটো তেতিয়ালৈ শাম কাটিছিল,
যাৰ পৰ্বতপ্ৰমাণ ভেম তেতিয়ালৈ সন্তুষ্ট
হৈছিল
, তেওঁ
বিনাপ্ৰতিবাদে সুৰসুৰকৈ ৰাইজমেলৰ সিদ্ধান্তটো মানি লৈছিল৷

ৰায়টো আছিল, “একলাখ টকা আৰু এজনী জীয়েক৷

কোনোবাই কলে, “পিছে গুল মীৰৰ দুইটা পুতেককে দেখোন মাৰি পেলালে,
এতিয়া এই ছোৱালীজনী..

প্ৰথমজনৰ কথা শেষ হবলৈকে নাপালে, দ্বিতীয় এজনে কৈ উঠিল,
এইটো ৰাইজমেলৰ সিদ্ধান্ত৷ একলাখ টকাৰ
লগতে ছোৱালীজনী তেওঁক দিবই লাগিব৷ তাইক লৈ কি কৰে নকৰে সেইটো তেওঁৰ কথা৷

তৃতীয় কণ্ঠই মাত লগালে, “গুল মীৰ, তেওঁৰো দেখোন ঘৈনীয়েকজনী মৰিল…

চিঞৰ এটা মোৰ ডিঙিত লাগি ধৰিল, কিন্তু হিয়াভগা কান্দোনটোৰ সৈতে মায়ে মোক
নিজৰ বুকুলৈ টানি লৈ গ
ল৷

 

 উৎস : এম. আছাদুদ্দিনৰদ্বাৰা উৰ্দূৰ পৰা ইংৰাজীলৈ অনুদিত গল্পটি
সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰা
“Short Stories From
Pakistan”
নামৰ সংকলনৰ পৰা
লোৱা হৈছে৷

 

পূৰ্ব প্ৰকাশ : আগষ্ট ২০১৯ , সাতসৰীত ।

Popular Post

ঐতিহাসিক চিঠি