গল্পঃ ডবাখেলৰ ওস্তাদ / মুন্সী প্ৰেমচন্দ

Posted by : translatorsassam
June 14, 2020

বাখেলৰ ওস্তাদ

মূল কাহিনী(হিন্দী) : শতৰঞ্জ কে খিলাড়ী

লেখক : মুন্সী প্ৰেমচন্দ

অনুবাদ : সুকন্যা শৰ্মা



 

নৱাব *ৱাজেদ আলী শ্বাহৰ সময়ৰ কথা এয়া।
ভোগ-বিলাসিতাৰ ৰংত আকন্ঠ ডুবি আছিল সমগ্ৰ লক্ষ্ণৌ চহৰ। সৰু-বৰ
, ধনী-দুখীয়া, ৰোগী-নিৰোগী, সকলো মত্ত কেৱল ভোগ-বিলাস-আমোদ-প্ৰমোদ  উপভোগ কৰাত। এফালে যদি কোনোবাই নাচ-গানৰ মজলিছ পাতিছে, কোনোৱে আকৌ আফিংৰ ৰাগীত মচগুল হৈছে। জীৱন-যাপনৰ প্ৰত্যেকটো ক্ষেত্ৰতেই
আমোদ-প্ৰমোদৰ প্ৰাধান্য। ৰাজ-প্ৰশাসন
, সাহিত্য, কলা-কৃষ্টি, উদ্যোগ-ব্যৱসায়, ভোজন-বিহাৰ,   সকলোফালেই বিলাসিতাৰ ৰঙ বিয়পি পৰিছিল।

ৰজাঘৰীয়া বিষয়া-কৰ্মচাৰী সকল যদি বিষয়-বাবৰ
লোভত মগ্ন আছিল
, কবি-গীতিকাৰসকল প্ৰেম-বিৰহৰ বৰ্ণনাৰে
ভৰা গীত-মাত-কবিতা আদি ৰচনা কৰাত
, বস্ত্ৰশিল্পী সকলে কাপোৰত
*চিকন আৰু *কলাবট্টুৰ দৰে সূক্ষ্ম কাৰুকাৰ্য সৃষ্টি কৰাত
, ব্যৱসায়ী সকল সুৰমা, আঁতৰ,
মুখত ঘঁহা লেপন আৰু সৌন্দৰ্য্যচৰ্চাত ব্যৱহৃত অন্যান্য দ্ৰব্যাদি
বিক্ৰী কৰাত ব্যস্ত ।প্ৰত্যেকৰে দুচকুত মাথোঁ ভোগ-বিলাসৰ নিচাৰ জাল। সংসাৰত কি চলি
আছে
,
তাৰ খবৰ ৰখাৰ যেন কাৰোৱেই প্ৰয়োজন নাই। কৰবাত যদি বটা চৰাইৰ যুঁজ অনুষ্ঠিত হৈ আছে,আন কোনোবা ফালে আকৌ কপৌ-যুঁজৰ বাবে মৈদান সাজু কৰা হৈছে। কৰবাত
যদি এগাল মানুহে চিঞৰি চিঞৰি খেলুৱৈসকলক উচতাই *ছৌচৰ খেলৰ আনন্দ লভিছে
, ৰবাত আকৌ দবাখেলৰ প্ৰতিদন্দ্বিতা
তুংগত উঠিছে।ৰজাৰ পৰা প্ৰজালৈ সকলো এইবোৰ ৰাগীতেই মত্ত। আনহে নালাগে
, মগনীয়া এজনেয়ো কৰবাত টকা দুটামান
পালে ভোকৰ ৰুটি দুখন কিনাৰ সলনি আফিং বা মদহে কিনে।দবা
, তাচপাত,*গঞ্জীফা আদি খেলিলে
হেনো মানুহৰ বুদ্ধি চোকা হয়
,বিবেচনা শক্তি উন্নত
হয়
,
জটিল  সমস্যাৰ সমাধান
কৰাৰ অভ্যাস হয় আদি নানানটা অজুহাত আগবঢ়োৱা হৈছিল।

কাজেই যদিহে মিৰ্জা ছাজ্জাদ আলী আৰু মীৰ
ৰৌশন আলীয়ে দিনটোৰ অধিকাংশ সময় নিজৰ নিজৰ বুদ্ধি চোকা কৰাত ব্যয় কৰে
, তাত কোনো বিবেচনাশীল লোকৰ বাবে আপত্তিৰ থল থকাটোও অনুচিত।

দুয়ো উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা বিশাল
মাটি-সম্পত্তিৰ অধিকাৰী
, জীৱিকা নিৰ্বাহৰ বাবে
টকা অর্জন কৰাৰ চিন্তা এজনৰো নাই
, তাকেই নকৰি বেলেগ কৰিবওনো
কি
?

গতিকে সদায় পুৱাৰ জলপান খাই-লৈ দুয়ো দবাৰ
পাট পাৰি খেলিবলৈ বহি যায়। গুটিবোৰ স্থান অনুসাৰে সজাই লোৱা হয়
, আৰু তাৰ পাছতেই আৰম্ভ হয় দবাখেলৰ নানানটা ছল-কৌশলৰ প্ৰদৰ্শন।

ইয়াৰ পাছত কেতিয়া বেলি দুপৰ হয়, কেতিয়া তৃতীয় প্ৰহৰ আহে আৰু কেতিয়া সন্ধিয়া হয়গৈ এজনৰো খবৰ নাথাকে।

 

আহাৰ সাজু কৰা হৈছে”- এফালে ঘৰৰ
ভিতৰৰ পৰা তেওঁলোকক বাৰে বাৰে মাতি থকা হয় আৰু ইফালৰ পৰা প্ৰত্যেকবাৰে একেটাই উত্তৰ
যায় “গৈ আছোঁ
,তেতিয়ালৈ ভোজনৰ মেজ
সাজু কৰাচোন।”

ৰান্ধনীয়ে অৱশেষত নিৰূপায় হৈ ভাত-আঞ্জাৰ
কাঁহী-বাতিবোৰ খেল চলি থকা কোঠালিতেই দি থৈ যায়
, আৰু দুই বন্ধুৱে খেলা আৰু খোৱা, দুয়োটা কামেই সমানে চলাই নিয়ে।মিৰ্জা ছাজ্জাদ আলীৰ ঘৰত কোনো বয়োজ্যেষ্ঠ মানুহ নাথাকে, সেয়েহে সাধাৰণতে তেওঁৰ ঘৰৰ বৈঠকখানাতেই দবাখেল বোৰ অনুষ্ঠিত
হৈছিল।অৱশ্যে ঘৰৰ বাকী মানুহখিনিৰ যে তেওঁৰ এই কাণ্ড-কাৰখানা বোৰকলৈ আপত্তি নাছিল
, সেইটোও নহয়।তেখেতৰ শ্ৰীমতীৰ কথা বাদেই, আনকি ঘৰৰ লগুৱা-লিকচৌ, ওচৰ-চুবুৰীয়া সকলেও তেওঁৰ এই আসক্তিৰ প্ৰতি বিৰাগপূৰ্ণ মন্তব্য আগবঢ়াইছিল; “বৰ আপদীয়া খেল এইবিধ, একো একোখন নদন বদন ঘৰ ধ্বংস কৰি দিয়ে। ভগৱানে কাকোৱেই যাতে এই বদভ্যাস নিদিয়ক, মানুহ কোনো কামৰ যোগ্য হৈ নৰয়,
না ঘৰৰ কামৰ না বাহিৰৰ।মিৰ্জা চাহাবৰ বেগমৰ মনতো এই খেলবিধৰ
প্ৰতি এনে দ্বেষভাৱ আছিল যে সময়-সুবিধা পালেই এই বিষয়টো লৈ গিৰিয়েকক দুষাৰ ভালকৈয়ে
শুনাইছিল।অৱশ্যে  ইয়াৰো সুবিধা তেওঁ সহজে নেপাইছিল।
তেওঁ গুণা-গঁথা কৰি থাকোতেই সিফালে বৈঠকখানাত দবাখেল আৰম্ভ হৈয়েই যায়। আৰু ইফালে নিশাৰ
ভাগতো তেওঁ টোপনিত লালকাল দিয়াৰ পাছতহে মিৰ্জা চাহাব ভিতৰ সোমায়।

অৱশ্যে, গিৰিয়েকৰ খং তেওঁ ঘৰৰ লগুৱা-লিকচৌবোৰৰ ওপৰত সময়ে সময়ে ঠিকেই
জাৰিছিল।

কি হ?
পাণ বিচাৰিছে? তেওঁক কগৈ ভিতৰলৈ আহি নিজে লৈ যাওঁকহি”
বা “কি
? খাব আহিবলৈকো সময় নাই ? যা, কাঁহী-বাতিবোৰ নি তেওঁৰ
মূৰতে থেকেছি থৈ আহ
, খালে খাওঁক নহলে কুকুৰক খুৱাওঁক। পিছে গিৰিয়েকৰ সন্মুখতহে তেওঁ তেনে ভাষাৰে
কথা ক
ব নোৱাৰিছিল। অৱশ্যে তেওঁৰ মনত নিজৰ মানুহজনতকৈ বেছি মীৰ চাহাবৰ
প্ৰতিহে আক্ৰোশ আছিল। তেওঁ আনকি মীৰ চাহাবৰ নামটোও “মীৰ ধ্বংসকুৰীয়া” বুলি
থৈহে এৰিছিল।।

বোধকৰো মিৰ্জা চাহাবে সদায় নিজৰ গা বচাবলৈ
বেগমৰ সন্মুখত বেচেৰা মীৰ চাহাবৰ মূৰতে সকলো দোষ জাপি দি দায় সাৰিছিল।

 

এদিনৰ কথা। বেগমৰ মূৰত প্ৰচণ্ড বিষ। তেখেতে
লিগিৰী এজনীক মাতি ক
লে “মোৰ মূৰটো
বৰ বিষাইছে। যা চোন মিৰ্জা চাহাবক মাতি আনগৈ। মোলৈ হাকিমৰ ওচৰৰ পৰা দৰৱ এপালি লৈ আনক।
দৌৰি যা।”

 

আদেশ পায়েই লিগিৰীয়ে দৌৰি গৈ মিৰ্জা চাহাবক
খবৰটো দিয়া সত্বেও তেওঁ কথাটোত বিশেষ গুৰুত্ব নিদিয়াকৈয়ে ক
লে “অলপ পাছত গৈ আছোঁ, যা।”

কথা শুনি বেগম সাহিবৰ মেজাজ দস্তুৰমত
গৰম। ইমান স্পৰ্ধা! তেওঁ মূৰৰ বিষত কেকাই থাকিব আৰু গিৰিয়েকে আৰামত দবা খেলি থাকিব।
খঙত তেওঁৰ মুখ শুকাই আহিল। লিগিৰী গৰাকীক ক
লে

কৈ আহগৈ যে এতিয়াই উঠি গৈ যাতে হাকিমৰ
ঘৰৰ পৰা দৰৱ লৈ আহে
, হলে মই নিজেই গুচি যাম।”

সেইপিনে দবাখেলৰ যুজঁ তুংগত উঠিছে। মিৰ্জা
চাহাবে আৰু মাত্ৰ দুটা চাল দিলেই মীৰ চাহাবৰ বাজিমাৎ হয়। এনে সময়তে লিগিৰী গৰাকী পুনৰ
অহাত তেওঁ খিংখিঙাই উঠিল।

ইমানেই উশাহ নাইকিয়া হৈছেনে ? অলপো ধৈৰ্য্য ধৰিব নোৱাৰে?”

 

মীৰ চাহাবে তেওঁক কলে “এবাৰ নহলে তেওঁৰ খবৰ
এটাকে লৈ নাহে কিয়
? মহিলাসকল এনেয়ো অলপ
আলসুৱা প্ৰাণৰ হয়েই দিয়কচোন।”

মিৰ্জা চাহাব- “এৰা, আপুনিতো সেইটোৱেই বিচাৰিব।মই আৰু মাত্ৰ দুটা চাল দিলেই আপুনি
যিহেতু খেলখন হাৰে।”

মীৰ চাহাবে কলে -“তেনে আশা মনলৈ নানিবই মহাশয়। মই এনে চাল মনতে ভাবি
থৈছো যে আপোনাৰ গুটি আৰু এখোজোঁ আগ নাবাঢ়ে। চিধাই পৰাজয় আপোনাৰ।কিন্তু তথাপিও
, এবাৰ গৈ কথা পাতি আঁহক, কিয়নো মিছাতে তেওঁৰ মনত দুখ দিয়ে?।”

মিৰ্জা চাহাব:”সেইবুলি কলেই যেতিয়া এইবাৰ মই আপোনাক হৰুৱাইহে ইয়াৰপৰা উঠিম।”

মীৰ চাহাব:” মই নেখেলোৱেই যাওঁক, আপুনি আগতে তেওঁৰ ওচৰৰ পৰা এবাৰ আহক।”

মিৰ্জা চাহাব:” ধেৎতেৰিকা! গলে একেবাৰে হাকিমৰ ওচৰলৈকে যাব লাগিব। আৰু তেওঁৰ একো মূৰ-চুৰৰ
বিষ হোৱা নাই। এইবোৰ মোক আমনি কৰাৰ অজুহাত মাত্ৰ।”

মিৰ্জা-” যিয়েই নহওঁক লাগিলে, তেওঁক খাতিৰতো কৰিবই লাগিব দিয়কচোন।”

মীৰ-“ঠিক আছে বাৰু, আৰু মাত্ৰ এটা চাল দি থৈ উঠোঁ।”

মীৰ-” মুঠেও নহয়। আপুনি যেতিয়ালৈকে
খবৰ লৈ নাহে
, মই গুটি হাতেৰে নুচুৱেই।”

অগত্যা মিৰ্জা চাহাব বেগমৰ ওচৰলৈ যাবলগীয়া
ল।তেওঁক দেখি বেগম সাহিবাৰ কপালত খঙতে থূপ খোৱা ৰেখাবোৰ অলপ
স্বাভাৱিক হ
ল যদিও তেওঁ তথাপি লেনিয়াই গিৰিয়েকক কলে-

জহনিজাতী দবাখন ইমানেই মৰমৰ নে তোমাৰ!যে
কোনোবা মৰিয়েই নাযাওঁক কিয় লাগিলে
, উঠাৰ নামেই নোলোৱা ? ঈশ্বৰে নকৰক তোমাৰ নিচিনা মানুহ বেলেগ এজন হওঁক ।

উত্তৰত মিৰ্জা চাহাবে কয় ” কি কৰোঁ
কোৱা
?
মীৰ চাহাবে উঠিয়েই আহিব নিদিয়ে মোক। আজিও কোনোমতেহে হাত সাৰি
আহিছোঁ।”

বেগম -“তেওঁ সকলোকে নিজৰ দৰে ধোদৰ
পচলা বুলি ভাৱে নেকি
? আৰু ঘৰত পা-পৰিয়াল  নাইনে তেওঁৰ? নে সকলোকে কাটি তহিলং কৰিলে?”

 

মিৰ্জা- “মানুহজনৰ দবাৰ প্ৰতি বৰ
আসক্তি বুজিছা
, আৰু ইপিনে তেওঁ আহিলে মই নেখেলিলেও নহয়, বাধ্যত পৰা যায়।”

বেগম- ” আহিলে দুষাৰমান কথা শুনাই
খেদি নপঠিওৱা কিয়নো
?”

মিৰ্জা-” একেই সমাজৰ লোক, বৰং বয়স আৰু পদবীত মোতকৈ দুআঙুলমান ওপৰতহে, সেয়েহে তেওঁৰ কথাৰ মান ৰাখিবলগীয়াত পৰোঁ।”

বেগম-” তেনেহলে ময়ে যাওঁ। বেয়া পালেও
পাওঁক। তেওঁ কিবা আমাৰ চাউল-পাতৰ যোগান ধৰি আছেনে
?

আজি মই এই বিষয়টোৰ কিবা এটা হেস্ত-নেস্ত
কৰিহে এৰিম। ঐ হাৰিয়া
, যা বৈঠকৰ পৰা দবাৰ পাটে-গুটিয়ে
সকলো উঠাই আনগৈ। মীৰ চাহাবক ক
বি, যে মিৰ্জা চাহাবে আৰু নেখেলে, তেৱোঁ ইয়াৰ পৰা বিদায় লওঁক।”

মিৰ্জাই লগে লগে চিঞৰি উঠিল-” হেঃ!
কি কৰা
,
কি কৰিব খুজিছা? এনে পয়মাল নকৰিবা দেই।মোক মাৰিব খুজিছা নেকি? ঐ হাৰিয়া ৰ, লৈ গৈছ তই?”

বেগমে মাত লগালে ” কিয় যাব নিদিয়া
হাৰিয়াক
?
আজি মোৰ তেজ শুহি খোৱাজনেহে তাইক ৰখাব । ঠিক আছে তেন্তে, তাইক ৰখালা নহয়? এতিয়া পাৰা যদি মোক ৰখাই দেখুওৱা।”

এই বুলি কৈ বেগম সাহিবাই একেকোৱে উচাত

মাৰি বৈঠকখানাৰ ফালে আগবাঢ়িল।

মিৰ্জা চাহাবৰ মুখৰ ৰং গুচি কেঁহেৰাজ
বৰণীয়া হ
লগৈ।

ঘৈণীয়েকৰ পাছে পাছে বেচেৰাই কাবৌ-কোকালি
কৰি কৰি গৈ থাকিল।

হেৰা! তোমাক ঈশ্বৰৰ শপত, হজৰত হুছেইনৰ শপত, তালৈ গলে মোৰ মৰা মুখ দেখিবা কিন্তু।”

পিছে বেগমে আজি শুনে ক? তেওঁ গপগপাই গৈ একেকোবে
বৈঠকখানাৰ দুৱাৰমুখ পালে।পিছে তাত উপস্থিত হৈ ঘপকৈ পৰপুৰুষ এজনৰ সন্মুখত ওলাবলৈ তেওঁৰ
সংকোচবোধ হ
ল।লাহেকৈ তেওঁ পৰ্দাৰ আঁৰেৰে কোঠাটোলৈ
জুমি চালে। সংযোগক্ৰমে কোঠাটো খালী আছিল।

আচলতে মিৰ্জা চাহাব ঘৰৰ ভিতৰলৈ যোৱাৰ
পাছত মীৰ চাহাবে মনে মনে দবাখনৰ দুটামান গুটিৰ স্থান সলনা-সলনি কৰি থৈ
, একেবাৰে অজলাটো সাজি বাহিৰত এনেয়ে পায়চাৰি কৰি আছিল।গতিকে বেগমক
এইবাৰ আৰু কোনে পায়! একেকোৱে গৈ দবাৰ পাট ওফৰাই পেলালে। গুটিবোৰৰ কিছু মজিয়ালৈ দলিয়াই
দিলে
,
কিছু বাহিৰলৈ দলিয়ালে আৰু তাৰ পাছত ভিতৰৰ পৰা জোৰেৰে দুৱাৰৰ
কপাট বন্ধ কৰি দিলে। ইফালে খেলৰ বাজি ওলট-পালট কৰি থৈ বাহিৰত ৰংমনে টহল দি থকা মীৰ
চাহাবে যেতিয়া ভিতৰৰ পৰা ভাঁহি অহা খাৰুৰ ৰুণঝুণ শব্দ শুনাৰ লগে লগে উফৰি অহা দবাৰ
গুটিবোৰ আৰু জোৰেৰে বন্ধ কৰি দিয়া দুৱাৰখন দেখিবলৈ পালে
, তেওঁৰ বুজিবলৈ বাকী নৰল যে মিৰ্জা
চাহাবৰ বেগমৰ মেজাজ বাৰুকৈয়ে গৰম। তেওঁ ততাতৈয়াকৈ নিজৰ ঘৰলৈ বাট পোনালে।

মিৰ্জা চাহাবে বেগমক  লে -“তুমি
ডাঙৰ অথন্তৰ এখন লগালা ।”

বেগম-” এতিয়াৰে পৰা মীৰ চাহাব ইয়ালৈ
আহিলে থিয়ৈ থিয়ৈ খেদিম।দবাখেলত যিমান আগ্ৰহ
, সিমান ঈশ্বৰৰ সেৱাত থকাহেঁতেন এতিয়ালৈ তুমি বহুত ডাঙৰ মানুহ হৈ উঠিলাহেঁতেন।তুমি
তাত মগ্ন হৈ খেলত লাগি থাকিবা আৰু মই অকলে গোটেই সংসাৰৰ চিন্তাত মূৰ ঘমাম
, হুহ! এতিয়া হাকিমৰ ওচৰলৈ যাবানে আৰু কিবা ভবা-গুণা কৰিবলৈ বাকী
আছে
?”

মিৰ্জা চাহাব ঘৰৰ পৰা ওলাই আহিল।পিছে
হাকিমৰ ঘৰলৈ যোৱাৰ সলনি তেওঁ চিধা মীৰ চাহাবৰ ঘৰৰ ফালেহে খোজ ল
লে।গৈ পায়েই তেওঁক গোটেই বৃত্তান্ত শুনালে।

মইতো গুটিবোৰ বাহিৰলৈ উফৰি অহা দেখিয়েই
বুজিলোঁ কথা বিষম।লগে লগে তাৰ পৰা পলালোঁ। আপোনাৰ বেগম দেখিছোঁ বেছ খঙাল।পিছে আপুনি
যে তেওঁক ইমান লাই দি থৈছে
, কথাটো কিন্তু বৰ ভাল
হোৱা নাই। আপুনি বাহিৰত কি কৰিছে কি নকৰিছে
, সেই লৈ তেওঁৰ কিহৰ ইমান মূৰ কামোৰণি? তেওঁৰ কাম হৈছে ঘৰখনৰ সু-ব্যৱস্থা কৰাটো, বাহিৰা কথাৰ সৈতে তেওঁৰ কিহৰ সম্পৰ্ক?

 

মিৰ্জা চাহাবে কলে- সেইবোৰ কথা বাদ দিয়ক, আপুনি মোক কওঁক এতিয়াৰ পৰা আমি খেলিবলৈ কত বহিম?

তাৰ বাবে কেলেই চিন্তা কৰিব লাগে? ইমান ডাঙৰ ঘৰ আছে, ইয়াতেই বহিম।” মীৰ চাহাবে কলে।

মিৰ্জা চাহাব: “পিছে বেগম সাহিবাক
কেনেদৰে বুজাম
? ঘৰত বহি খেলোতেই তেওঁৰ ইমান খং, আৰু ইয়াত বহা কথা শুনিলেতো ছাগৈ মোক জীয়াই নেৰিব।”

মীৰ চাহাব-এস! বকিব দিয়কহে, কিমান বকিব? দুই তিনিদিনতে ঠিক হৈ যাব। আপুনি কেৱল আজিৰেপৰা অলপ কঠোৰ হওঁক।

(২)

মীৰ চাহাবৰ পত্নীয়ে পিছে কোনো অজ্ঞাত
কাৰণত তেওঁ

ঘৰৰ বাহিৰত সময় কটালেই ভাল পাইছিল।সেয়েহে
তেওঁ গিৰিয়েকৰ দবা-প্ৰীতিক লৈ কোনোদিনে ওজৰ-আপত্তিও কৰা নাছিল।বৰং কেতিয়াবা মীৰ চাহাবৰ
খেলিবলৈ যোৱাত দেৰি হ
লে আহি একোবাৰ সোঁৱৰাইহে
দিছিলহি। এইবোৰ কাৰণতেই মীৰ চাহাবৰ মনত এটা ধাৰণা সোমাইছিল যে তেওঁৰ পত্নী অত্যন্ত
বিনয়ী আৰু গহীন স্বভাৱৰ। পিছে যেতিয়া তেওঁৰ নিজৰ ঘৰৰ বৈঠকখানাতেই নিতৌ দবাখেলৰ আড্ডা
বহা আৰম্ভ হ
ল আৰু সেই সুবাদতেই তেই মীৰ চাহাবেও দিনৰ
দিনটো ঘৰতেই কটোৱা আৰম্ভ কৰিলে তেতিয়াহে বেগমৰ দিনবোৰ বেয়ালৈ আহিল। অতদিনে ভোগ কৰি
থকা স্বাধীনতাখিনি যেন নাইকিয়া হ
ল। আনকি দুৱাৰমুখলৈ
ওলাই আহিবলৈকো গোটেই দিনটো অপেক্ষা কৰিবলগীয়া সময় আহি পৰিল।

ইফালে ঘৰৰ লগুৱা-লিগিৰী বোৰৰ মাজতো অসন্তোষৰ
ফুচফুচীয়া মেল চলিল। অতদিনে কাম-বনৰ বৰ বিশেষ দাবী নথকা ঘৰখনত সিহঁতে দিনটোৰ সৰহখিনি
সময় মাখি মাৰি মাৰিয়েই কটাইছিল । ঘৰলৈ কোন আহিছে কোন গৈছে এইবোৰ বিষয় লৈ সিহঁতৰ একো
মূৰ কামোৰণিও নাছিল।পিছে আজিকালি দিনৰ অষ্টপ্ৰহৰেই হুকুমৰ ওপৰত হুকুম। এবাৰ যদি বৈঠকখানাৰ
পৰা পাণৰ ফৰমাইছ আহে তাৰ অলপ পাছতে মিঠাই নিয়াৰ হুকুম। ইপিনে কোনো বিৰহ-কাতৰ প্ৰেমিকৰ
হৃদয় জ্বলাৰ দৰে হোকাৰ ছিলিমো অনবৰতে জ্বলিয়ে থাকিছিল।

চেগ বুজি সিহঁতে গৈ বেগম সাহেবক অভিযোগ
দিয়ে “হুজুৰ
, মালিকৰ এই দবাখেলৰ নিচাবিধ
আমাৰ মূৰৰ জঞ্জাল হৈ পৰিছে। দিনৰ দিনটো দৌৰাদৌৰি কৰি কৰি আনকি আমাৰ ভৰিতো জোলা ফুটি
গৈছে। আৰু এইবিধনো কিবা খেল হ
লনে যত পুৱা খেলিবলৈ
বহিলে উঠালৈ সন্ধিয়া লাগি ভাগি যায়।মন ভাল লগাবলৈ কেতিয়াবা আধা-এঘণ্টা খেলিবলৈ বহাটোৱে
দেখোন যথেষ্ট।

অৱশ্যে আমিবোৰেনো কি আপত্তি কৰিব পাৰোঁ? হুজুৰৰ গোলাম আমি, হুজুৰে যি কামৰ আদেশ দিয়ে তাকেই কৰিম, কিন্তু তথাপি কম যে এইবিধ খেল বৰ অমংগলীয়া।
ইয়াক খেলা মানুহৰ ঘৰ-বাৰী কেতিয়াও ঠন ধৰি নুঠে
, ঘৰলৈ বিপদ আহে।ঘৰ কি, এইবিধ খেলৰ বাবে একো
একোটা চুবুৰী পৰ্য্যন্ত ধ্বংস হৈছে। আজিকালি গোটেই চুবুৰীটোত এই কথাটোৰে চৰ্চা চলি
আছে। আমি হুজুৰৰ নিমখ খোৱা মানুহ
, হুজুৰৰ বদনাম শুনি দুখ
পাওঁ
,
কিন্তু একো কৰিবও নোৱাৰোঁ।”

বেগম সাহিবাই কয় “মই নিজেই এইবিধ
খেল পছন্দ নকৰোঁ
, পিছে তেওঁ দেখোন কাৰো
কথাই নুশুনে
,কি কৰা যায়?”

 

চুবুৰীৰ দুই এজন পুৰণিকলীয়া মানুহ লগ
লে নিজৰ মাজতে ভিন ভিন ধৰণৰ সম্ভাৱ্য অমংগলৰ বিষয়ে কল্পনা কৰিছিল।

এতিয়া আৰু নিস্তাৰ নাই। আজি সমাজৰ অভিজাত
শ্ৰেণীৰেই এই অৱস্থা যেতিয়া আগলৈ এই দেশক একমাত্ৰ ঈশ্বৰেহে তৰিব পাৰিব। এই সাম্ৰাজ্য
এদিন এই এবিধ খেলৰ বাবেই ধ্বংস হ
ব। ভৱিষ্যতৰ লক্ষণ শুভ
নহয়।”

 

আৰু সঁচাকৈয়ে দেশত হাঁহাকাৰ অৱস্থাই চলি
আছিল। দিন-দুপৰতে সংঘটিত হৈছিল ডকাইতি। প্ৰজাৰ 
হাঁহাকাৰ শুনাৰ আহৰি কাৰো নাছিল। গাঁও অঞ্চলৰ সমস্ত ধন-ঐশ্বৰ্য ৰাজধানী লক্ষ্ণৌলৈ
চপাই অনা হৈছিল।আৰু সেই ধন বেপৰোৱাভাৱে উৰুৱাই দিয়া হৈছেল বেশ্যা
, মনোৰঞ্জনকাৰী বহুৱা আৰু অইন বিভিন্ন আমোদ প্ৰমোদৰ নামত।ইংৰাজ
কোম্পানীৰ পৰা লোৱা ঋণৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈ আছিল।প্ৰশাসনৰ সুব্যৱস্থাৰ অভাৱত
বাৰ্ষিক কৰ-কাটলো সময়মতে উচুল নহৈছিল। ব্ৰিটিছ চৰকাৰৰ ভাৰপ্ৰাপ্ত বিষয়াই বাবে বাৰে
সকীয়নি দি আহিছিল
, অথচ ইয়াৰ মানুহবোৰৰ
কাণত এইবোৰ একো নোসোমাইছিল।সকলো মত্ত আছিল কেৱল আমোদ-প্ৰমোদৰ  নিচাত।

 

বাৰু যি নহওঁক, মীৰ চাহাবৰ বৈঠকখানাত দৈনিক দবাখেলৰ আড্ডা বহি অহা এমাহেই হবৰ হল। এই এমাহত খেলৰ ভিন
ভিন নক্সা ভঙা-পতা হ
, নিতৌ নতুন নতুন ব্যুহ ৰচনা কৰা হল। কেতিয়াবা আকৌ খেলৰ মাজতে দুয়োৰে মাজত উখনা-উখনি একোখনো লাগে।
মনোমালিন্য পৰ্যন্ত হয়গৈ। পাছমুহূৰ্ততে আকৌ মিটমাটো হৈ যায়। কেতিয়াবা আকৌ কাজিয়াই এনে
পৰ্যায় পৰ্যন্ত পায় যে দবাৰ পাটখনো দলিয়াই দিয়া হয়। মিৰ্জা চাহাব খং কৰি নিজৰ ঘৰলৈ
গুচি যায়
,
আনহাতে মীৰ চাহাবো ঘৰত সোমাই পৰে।পিছে নিশাৰ টোপনিৰ পূৰ হোৱাৰ
লগে লগে মান-অভিমানবোৰো শেষ হৈ আহে।পাছদিনা পুৱাই পুৱাই দুয়ো বন্ধু পুনৰ মীৰ চাহাবৰ
বৈঠকখানাত লগ হয়।

এদিনৰ কথা।সচৰাচৰ দৰেই দুই বন্ধুৱে দবাখেলৰ

কোমল, পলসুৱা পথাৰত ডুবি থাকোতেই মীৰ চাহাবক বিচাৰ-খোচাৰ কৰি এজন ৰজাঘৰীয়া অশ্বাৰোহী
সৈন্য আহি ওলালহি। ভয়ত মীৰ চাহাবৰ অণ্ঠ-কণ্ঠ শুকাল।বোলে এয়া আকৌ কি নতুন বিপদ আহি ওলালহি
, বাদশ্বাহে আকৌ কিয় তলব কৰিছে।

তেওঁ যেন কিবা অশুভ আগজাননী এটাহে পালে।লগে
লগে ঘৰৰ দুৱাৰ খিড়িকী বন্ধ কৰি লগুৱাবোৰক নিৰ্দেশ দিলে যাতে তেওঁ ঘৰত নাই বুলি বিষয়াগৰাকীক
জনাই দিয়া হয়।

কথামতে কাম।

অশ্বাৰোহী-” ঘৰত নাই যদি কলৈ গ?”

লগুৱা-“সেইটো মই নেজানো। কি কাম
আছিল তেওঁৰ সৈতে
?”

 

অশ্বাৰোহী- “কামৰ কথা তোক কেলেই
ম।ৰজাঘৰৰ পৰা হুজুৰক তলব কৰা হৈছে। বোধহয় সেনাবাহিনীৰ বাবে কিছু
চিপাহীৰ প্ৰয়োজন। এয়া জাগিৰ চলাইছে নে ল
ৰা-ধেমালি কৰিছে? কোনোবাদিনা যুঁজলৈ নিজে যাবলগীয়া হলেহে চাউল-পাতৰ দৰ গম পাব ।”

 

লগুৱা:-“ঠিক আছে যাওঁক। তেওঁক জনাই
দিয়া হব।”

 

অশ্বাৰোহী:- “জনালেই নহব। মই কাইলৈ পুনৰ আহিম। তেওঁক লগত লৈ যোৱাৰ হুকুম দিয়া আছে
মোক।”

 

অশ্বাৰোহী জন গুচি গল। ভয়ত মীৰ চাহাবৰ বুকুখন কঁপি উঠিল। তেওঁ মিৰ্জা চাহাবক সুধিলে
“ডাঙৰীয়া
, এতিয়া কি হ?”

মিৰ্জা -“ডাঙৰ বিপদ দেখোন। মোকো
তলব নকৰেতো
?”

মীৰ-“আপদটোৱে কাইলৈ আকৌ আহিব বুলি
কৈ গ
ল দেখোন।”

মিৰ্জা-“ছেঃ, বৰ বিপদ হল। যুদ্ধৰ আখৰালৈ যাবলগীয়া
লে পিছে অকালতে সিফলীয়া হম।”

মীৰ-“এতিয়া মাত্ৰ এটায়ে উপায় আছে, আমি ঘৰতেই নাথাকোঁ।কাইলৈৰ পৰা গোমতী নদীৰ পাৰৰ কোনো নিজান ঠাইত
বহি দবা খেলা যাওঁক। আমি তাত থকা বুলিনো কোনে কল্পনা কৰিব পাৰিব
? দৰবাৰৰ বিষয়াই আমাক ঘৰত নেপাই উলটি যাব।

মিৰ্জা:” বাহ! উত্তম বুদ্ধি আপোনাৰ
। ইয়াৰ বাহিৰে অইন একো উপায়ো নাই।”

 

ইফালে বাহিৰত মীৰ চাহাবৰ বেগমে অশ্বাৰোহী
জনক কৈছে
;

তুমি কিন্তু সেই দুজনৰ পৰা বঢ়িয়াকৈ গা
এৰুৱালা দেই।”

আৰোহীয়ে অলপ গৰ্বেৰে কলে “এনে জধামূৰ্খ বোৰক আঙুলিৰ ঠাৰত নচুৱাব জানো মই। এনেয়ো
ইহঁতৰ বুদ্ধি-বল-সাহস সকলো দবাই গিলি থৈছে। কাইলৈৰ পৰা ভূলতেও ঘৰত নাথাকে দুয়ো।”

 

 

পিছদিনাৰ পৰা নিতৌ দোকমোকালিতে উঠি দুই
বন্ধুৱে কাষলতিৰ ভাজত একোখনকৈ পাটী আৰু হাতত পাণৰ টেমা একোটা লৈ নিজ নিজ ঘৰৰ পৰা ওলাই
যায়।দুয়ো লগ হয় গোমতী নদীৰ পাৰৰ এটি পৰিত্যক্ত মছজিদত। মছজিদটো বেছ পুৰণি
,** নৱাব আছফ-উদ-দৌল্লাৰ দিনতে নিৰ্মিত। বাটত দুয়ো ধঁপাত-ছিলিম আৰু
মাটিৰে সজোৱা হোকাও কিনি নিয়ে। মছজিদ পায়েই হোকা ভৰাই
, পাটী পাৰি দুয়ো খেলত লাগি যায়।খেল আৰম্ভ হোৱাৰ পাছত আৰু তেওঁলোকৰ
দেশ-দুনীয়াৰ একো খবৰ নেথাকে। “বাজি”
,” মাৎ” আদি দুই এটা শব্দৰ বাহিৰে তেওঁলোকৰ মুখেদি এটা টু শব্দও নোলায়। কোনো
তপস্বীয়েও হয়তো ইমান একাগ্ৰতাৰে সাধনাত মগ্ন নহয়।

দুপৰীয়া সময়ত ভোক লাগিলে কেতিয়াবা দুয়ো
উঠি গৈ ওচৰৰ কোনো নান-পৰঠাৰ দোকানত পেট ভৰাই
, হোকা এচিলিমকৈ টানি লৈ পুনৰ সংগ্ৰাম ক্ষেত্ৰত নামি পৰিছিল। কেতিয়াবা আনকি দুয়ো
খেলৰ নিচাতে ভোকো অনুভৱ নকৰিছিল।

আনফালে দেশৰ ৰাজনৈতিক অৱস্থা হৈ পৰিছিল
অস্থিৰৰ পৰা অস্থিৰতৰ ।

ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাবাহিনী
লক্ষ্ণৌ অভিমুখে ক্ষিপ্ৰ গতিত অগ্ৰসৰ হৈছিল।

গোটেই চহৰত হুলস্থুল লাগিছিল, যেয়ে যেনেকৈ পাৰে লৰা-ছোৱালী লৈ
গাঁৱলৈ পলায়ন আৰম্ভ কৰিছিল।

পিছে আমাৰ দুই খেলুৱৈৰ এইবোৰৰ প্ৰতি ভ্ৰূক্ষেপ
নাই।সন্ধিয়া সময়ত তেওঁলোকে ঘৰো সোমাইছিল চহৰৰ সৰু সৰু ভিতৰুৱা গলিবোৰৰ মাজেদিহে।কাৰণ
তেওঁলোকৰ ভয়
, জানোচা বাদশ্বাহী সৈন্যৰ চকুত  পৰিলে বন্দী হবলগীয়া হয়!

বছৰি হেজাৰোধিক মুদ্ৰাৰ খাজনা আনি দিয়া
বৃহৎ জাগিৰদাৰীৰ মজা কোনো কষ্ট নকৰাকৈ উপভোগ কৰাটোৱেই উদ্দেশ্যে তেওঁলোকৰ।

এদিন দুয়ো বন্ধুৱে মছজিদৰ ভগ্নস্তূপৰ
মাজত বহি খেলি আছিল। সেইদিনা মিৰ্জা চাহাবৰ বাজি কিছু দুৰ্বল চলিছে। মীৰ চাহাবে এটাৰ
পাছত এটা কিস্তিমাৎ জাপি আছে তেওঁক।তেনেতে কিছু দূৰৈত ব্ৰিটিছ কোম্পানীৰ এটা অগ্ৰগামী
সৈন্যৰ দল দেখা পোৱা গ
ল। বগা চামৰাৰ ব্ৰিটিছ
সেনাৰ দল আছিল সেয়া।লক্ষ্ণৌ চহৰ নিজৰ আয়ত্বলৈ অনাৰ লক্ষ্যৰে আগবাঢ়িছে দলটো।

মীৰ চাহাবে কলে -“সৌৱা ইংৰাজ সেনা আহিছে। ঈশ্বৰে ৰক্ষা কৰক।”

মিৰ্জা চাহাব- “আহিবলৈ দিয়ক। আপুনি
আপোনাৰ বাদশ্বাহক বচাওঁক।”

মীৰ-“এবাৰ চাই অহাটো ভাল হ, এইখিনিতে কৰবাত লুকাই লৈ চোৱা যাওঁক।”

মিৰ্জা-“ৰ, ইমান লৰালৰি কিহৰ?”

মীৰ- “টোপো আনিছে দেখোন। নাই কমেও
পাচ হাজাৰ সৈন্য। দেখাতো কেনেহেন ! বান্দৰৰ দৰে ৰঙা ৰঙা মুখ। চেহেৰা দেখিলেই ভয় লাগে।”

মিৰ্জা-” জনাব, চালে বেৰে কোবোৱা কথা এৰক। এইবোৰ কথাৰে অন্য কাৰোবাক ঠগিব। এয়া
আপোনাৰ কিস্তিমাৎ!”

মীৰ-“আপুনিও এজন আচৰিত মানুহ। এইফালে
গোটেই চহৰলৈ বিপদ আহি পৰিছে
, আৰু আপুনি কেৱল বাজি
আৰু মাৎৰ কথাকে ভাবিছে। এবাৰলৈয়ো ভাবিছেনে যে চহৰখন যদি ইহঁতে ঘেৰি লয়
, আমি ঘৰলৈ কেনেকৈ ওভতিম?

মিৰ্জা-“ঘৰলৈ ওভতাৰ সময় হলে দেখা যাব।এয়া লওঁক মোৰ চাল। এইবাৰ আপোনাৰ পাল।”

 

সৈন্যদল আঁতৰি গল।তেতিয়া  আগবেলা প্ৰায়
দহমান বাজিছিল।দুয়ো বন্ধু পুনৰ খেলত মগ্ন হ
ল ।

 

মিৰ্জা চাহাবে মাজত পুনৰ মাত দিলে-আজি
দুপৰীয়াৰ খোৱা-বোৱাৰ বিষয়ে কি ভাবিছে
?

মীৰ-আজিতো উপবাস। আপোনাৰ বেছি ভোক লাগিছে
নেকি
?

মিৰ্জা- নাই নাই। পিছে চহৰৰ পিনেহে কি
চলি আছে জানো
?

 

মীৰ-চলিবলৈ বেলেগ কিটো আছে?সকলোৱে নিশ্চয় আহাৰ গ্ৰহণ কৰি আৰামত ভাত-ঘুমটি মাৰিছে। হুজুৰ
নৱাব চাহাবেও নিশ্চয় নিজৰ বিলাস-গৃহত আনন্দ উপভোগ কৰি আছে।

 

দুয়ো বন্ধু পুনৰ খেলত মগন হল এইবাৰো মিৰ্জা চাহাবৰ বাজি অলপ দুৰ্বল। এনেদৰেই তিনি বাজি
ল।আবেলিৰ প্ৰায় চাৰি বাজো বাজো হওঁতে কোম্পানীৰ সৈন্যদলটো ওভতাৰ
বতৰা কঢ়িওৱা হৈ-হাল্লা শুনা গ
ল। নৱাব ৱাজেদ আলী শ্বাহক
বন্দী কৰি কোনো অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছিল।চহৰত নাছিল কোনো হুলস্থূল
, নাছিল কোনো মাৰপিত।কাৰো এটোপাল ৰক্তও মাটিত পৰা নাছিল।

আজিলৈকে কোনেও স্বাধীন দেশৰ ৰজাৰ পতন
ইমান শান্তিপূৰ্ণ ভাৱে
,ইমান ৰক্তপাতবিহীন ভাৱে
হোৱা নাছিল।

অথচ এয়া কোনো অহিংসাৰ নিদৰ্শন নাছিল, ত সমস্ত দেৱগণ সুখী
হৈ উঠে। বৰঞ্চ এয়া আছিল কাপুৰুষালিৰ চূড়ান্ত নিদৰ্শন যাক দেখি হয়তো বৰৰো বৰ কাপুৰুষেও
চকুলো টুকে।বিশাল
, ঐতিহ্যমণ্ডিত অৱধ দেশৰ
নৱাবক বন্দী কৰি লৈ শত্ৰুৰ সমদল আঁতৰি গ
ল অথচ ৰাজধানীৰ
প্ৰজাগণ সুখনিদ্ৰাত মগন। ৰাজনৈতিক অধঃপতনৰ হয়তো এয়াই চৰম উদাহৰণ।

 

মিৰ্জা চাহাবে কলে-“হুজুৰ,সেই অত্যাচাৰী
বোৰে নৱাব চাহাবক বন্দী কৰি নিলে।”

মীৰ চাহাব-“ও…..এয়া লওঁক কিস্তি।”

মিৰ্জা চাহাব-“জনাব, অলপ ৰৈ দিয়ক। এই সময়ত খেলত মোৰ মন নবহে দেখোন। বেচেৰা আমাৰ নৱাব
চাহাব
,
এতিয়া চাগৈ তেওঁ তেজৰ চকুলো টুকিছে।”

 

মীৰ চাহাব- “সেয়াই স্বাভাৱিক। তাত  ইযাৰদৰে সুখ আৰু আৰাম কত পাব? এয়া লওঁক কিস্তি!”

মিৰ্জা চাহাব- “উস! কাৰো দিন সমানে
নেযায়। কিমান দুখৰ কথা এয়া।”

মীৰ-অ, সেইটো অৱশ্যে হয়। এয়া লওঁক পুনৰ কিস্তি। অহা কিস্তিত আপোনাৰ বাজিমাৎ, ত সাৰিব?

মিৰ্জা-” ঈশ্বৰৰ শপত খাই কৈছো ডাঙৰীয়া, আপুনি কিন্তু বৰ নিৰ্দয় মানুহ।ইমান ডাঙৰ এটা দুখৰ ঘটনা  চকুৰ সন্মুখতে দেখিও আপোনাৰ অন্তৰত অকণো দুখ ওপজা
নাই। হায়
,
বেচেৰা ৱাজেদ আলী শ্বাহ!”

মীৰ-“আপুনি প্ৰথমে নিজৰ বাদশ্বাহ
বচাওঁক
,
তাৰ পাছত নৱাবৰ চিন্তা কৰক। এয়া মোৰ কিস্তি আৰু এয়া লওঁক বাজীমাৎ!”

ইতিমধ্যে বন্দী বাদশ্বাহক লৈ কোম্পানীৰ
সৈন্যদল মছজিদৰ সন্মুখেৰে পাৰ হৈ গৈছিল। দলটো আঁতৰি যোৱাৰ কিছু পাছতেই মিৰ্জা চাহাবে
পুনৰ খেলৰ বাবে গুটিবোৰ সজালে। পৰাজয়ৰ আঘাত অত্যন্ত কষ্টদায়ী।

এইবাৰ পিছে মীৰে কলে “আহক, নৱাব সাহেবক স্মৰণ কৰি এটি শোকগীতকে গোৱা যাওঁক।”

পিছে মিৰ্জা চাহাবৰ ক্ষণজন্মা ৰাজভক্তি
তেওঁৰ পৰাজয়ৰ সৈতেই শেষ হৈছিল। পৰাজয়ৰ প্ৰতিশোধৰ বাবে অধীৰ হৈ উঠিছিল তেওঁ।

 

তেতিয়া সন্ধ্যা লাগি ভাগিছিল। গোমতী নদীৰ
পাৰৰ সেই পুৰণি মছজিদটোৰ ভিতৰত বাদুলীয়ে চিঞৰা আৰম্ভ কৰিছিল।চৰাই-চিৰিকটিবোৰে নিজৰ
নিজৰ বাহত আহি সোমাই পৰিছিল।কিন্তু আমাৰ দুই দবা খেলুৱৈ ৰণক্ষেত্ৰত তেতিয়াও অবিচল হৈ
ৰৈছিল। যেন দুই ৰক্তপিপাসু যোদ্ধাইহে ইজনে সিজনৰ সৈতে মল্লযুঁজ কৰিছে।মিৰ্জা সাহেবে
তিনিটা বাজি ইতিমধ্যে হাৰিলে
, আৰু চতুৰ্থটো বাজিয়ো
তেওঁ জিকাৰ কোনো লক্ষণ নাই। তেওঁ প্ৰত্যেকবাৰেই জিকাৰ সংকল্প লৈ সাৱধানে খেল আৰম্ভ
কৰে
,
কিন্তু হঠাতে সমুখত এনে একোটা অভাৱনীয় চাল আহি পৰে যে তেওঁৰ
বাজি নষ্ট হৈ পৰে।প্ৰত্যেকটো পৰাজয়ৰ লগতে তেওঁৰ মনত প্ৰতিশোধৰ আকাংক্ষা তীব্রতৰ হৈ
উঠে। ইফালে মীৰ সাহেবে মনৰ আনন্দতে এবাৰ যদি গজল এটা গাইছে
, পিছমুহূৰ্তত আকৌ কৌতূক এটাকে শুনাইছে।আওঁ-ভাওঁ দেখিলে ভাব হয়
যেন তেওঁ কোনো গুপ্তধনহে লাভ কৰিলে। সেইবোৰ দেখি-শুনি মিৰ্জা সাহেব মনে মনে খঙত জ্বলি-পকি
উঠিছিল
,অথচ পৰাজয়ৰ ক্ষোভ ঢাকিবৰ নিমিত্তেই মীৰৰ প্ৰশংসা কৰি গৈছিল।
কিন্তু লাহে লাহে যেতিয়া তেওঁ পুনৰ বাজি হৰাৰ সম্ভাৱনা প্ৰকট হৈ আহিল
, মানুহজনৰ ধৈর্যৰ বান্ধ সুলকি আহিব ধৰিলে। কথাই কথাই তেওঁ খেচখেচোৱা
আৰম্ভ কৰিলে।

জনাব, আপুনি কিন্তু চাল সলনি নকৰিব। এইটো কেনেকুৱা কথা হ; এবাৰ চাল আগবঢ়ায়, আকৌ পাছমুহূৰ্ততে সেইটো সলনি কৰে। যি চাল দিব খোজে একেবাৰতেই
দিয়ক” “আপুনি মোহৰবোৰৰ ওপৰতেই হাতখন কিয় ৰাখে
? মোহৰ এৰি দিয়ক, আৰু যেতিয়ালৈ চাল  মনলৈ নাহে আপুনি মোহৰ
নুচুবই”

আপুনি একোটা চাল দিওঁতেই  আধা ঘণ্টাকৈ সময় লয়, এইটো নিয়মৰ বাহিৰত। যাৰ পাঁচ মিনিটতকৈ বেছি সময় লাগে, তেওঁৰ পৰাজয় হোৱা বুলি গণ্য কৰা উচিত” “আপুনি পুনৰ
চাল সলনি কৰিলে নেকি
? ভালে ভালে মোহৰ আগৰ
ঠাইত ৰাখক”

তেতিয়া মীৰ সাহেবৰ মন্ত্ৰী যাওঁ যাওঁ
অৱস্থা। তেওঁ উত্তৰ দিলে -“মইনো চাল কেতিয়া দিলোঁ
?”

মিৰ্জা-“আপুনি ইতিমধ্যেই দিছে ।গতিকে
মোহৰ পুনৰ আগৰ স্থানত ৰাখক।”

মীৰ-“কিয় ৰাখিম? মই মোহৰটো হাতৰপৰা এৰিলোঁৱেইবা কেতিয়া?”

মিৰ্জা-“আপুনি যদি প্ৰলয় নহালৈকে
নেৰে
,
খেল আগনেবাঢ়িবই নেকি? মন্ত্ৰী  হেৰুৱাবৰ সময় হোৱা দেখি ঠগবাজিত
ধৰিলে
?”

মীৰ-“ঠগবাজি আপুনিহে কৰে, হৰা-জিকা ভাগ্যৰ কথা। ঠগবাজি কৰি কোনেও কতো নিজিকে।”

মিৰ্জা-“তেন্তে এই বাজিত আপোনাৰ
মাৎ হ
ল।”

মীৰ-“সেইটো কেনেকৈ হ?”

মিৰ্জা-“তেনেহলে আপুনি মোহৰ পুনৰ আগৰ ঠাইত ৰাখক।”

মীৰ-“কিয় ৰাখিম? নেৰাখোঁ।”

মিৰ্জা-“ৰাখিবই লাগিব আপুনি।”

মতানক্য ক্ৰমাৎ বাঢ়িব ধৰিলে। দুয়ো নিজ
নিজ জেদত আকোৰগোজ হৈ ৰ
ল।এজনেও তল পৰাৰ নাম
নলয়। লাহে লাহে কাজিয়া মূল প্ৰসংগৰ পৰা ফালৰি খাই আহিল।

মিৰ্জা সাহেবে মীৰ চাহাবক ঠাট্টা কৰিলে-
“সাত পুৰুষত কোনোবাই দবা খেলি পালেহে নিয়ম-কায়দা জানিলেহেঁতেন। তেওঁলোকেতো গোটেই
জীৱন ঘাঁহ-বননি চাফা কৰিয়ে কটাই দিলে
, তেনেস্থলত আপুনি কৰপৰা দবা খেলিব জানিব? ৰাজ-পদ বস্তুটোৱেই বেলেগ। জাগীৰ লাভ কৰামাত্ৰেই মানুহ সম্ভ্ৰান্ত
হৈ নপৰে নহয়।”

মীৰ চাহাব-“কি কলে? ঘাঁহ গুচোৱাৰ দৰে কাম
হয়তো আপোনাৰ আব্বাজানেহে কৰিছিল। মোৰ বংশত পিছে কেইবা পুৰুষ আগৰেপৰাই দবা খেলি অহা
হৈছে।”

মিৰ্জা-“থওঁক হেৰি, গাজীউদ্দীন হাইদৰৰ ঘৰত ৰান্ধনী খাটি যাৰ জীৱনটো শেষ হবৰ হ, তেওঁ আজি নিজকে অভিজাত বোলাব আহিছে।প্ৰকৃত অভিজাত্য কোনো লৰা ধেমালি নেকি?”

মীৰ-“নিজৰ উপৰিপুৰুষৰ মুখত কিয়নো
কালিমা সানে
, বাবুৰ্চীগিৰি  হয়তো তেওঁলোকেহে কৰিছিল। আমাৰ ফালে কিন্তু অতীজৰে
পৰা নৱাবৰ ভোজনশালাত আহাৰ গ্ৰহণ কৰাৰহে অভিজ্ঞতা আছে।”

 

মিৰ্জা-” ঘাঁহকটাৰ জাত ! বেছি ওপৰত
উঠি কথা নকবি।”

মীৰ-“জিভা চম্ভালি কথা কওঁক। নহলে
বিপদ আছে।এনে কটু ভাষা শুনাৰ অভ্যাস নাই মোৰ। কোনোবাই চকু তুলি কথা ক
লেও সেই চকু ঘূকটি আনো আমি। ইমান দুঃসাহস!”

 

মিৰ্জা- “আপুনি মোৰ সাহস চাব খোজে
নেকি
?
আহক তেনেহলে এঘড়ী যুঁজিয়েই চোৱা
যাওঁক। হয় ইপাৰ হওঁক নহয় সিপাৰ ।”

মীৰ- “ইয়াত তোমাক কোনোবাই  ভয়  কৰি
আছে নেকি
?
আহা!”

দুয়ো বন্ধুৱে কঁকালৰ বান্ধি থোৱা তৰোৱাল
উলিয়ালে। নৱাবৰ যুগ আছিল সেয়া। সকলোৱে তৰোৱাল
,**পেশ-কব্জ,চুৰি-কটাৰী আদি চোকা অস্ত্ৰ লগত লৈয়ে
ফুৰিছিল। দুই বন্ধু বিলাসপ্ৰিয় নিঃসন্দেহে আছিল
, পিছে কাপুৰুষ মুঠেও নাছিল। দুয়োৰে ৰাজনৈতিক চেতনাৰ পতন ঘটিছিল, বাদশ্বাহৰ বাবে বা বাদশ্বাহৰ ক্ষমতা ৰক্ষাৰ বাবে মৰিবলৈ আগবাঢ়ি
গলেও ব্যক্তিগত স্তৰত তেওঁলোকৰ বীৰত্বৰ অভাৱ হোৱা নাছিল।

আক্ৰমণ-প্রত্যাক্ৰমণ চলিল। ৰক্তপাত হল। শেষত দুয়ো বন্ধুৰ শৰীৰ মাটিত ঢলি পৰিল। উশাহৰ বাবে হামৰাও
কাঢ়ি কাঢ়ি দুয়ো অৱশেষত মৃত্যুক আঁকোৱালি ল
লে। দেশৰ বাদশ্বাহৰ
বন্দীত্বত যাৰ চকুৰে এটোপাল পানীও নোলাল তেওঁলোকে দবাখেলৰ ৰাণীক ৰক্ষার্থে নিজৰ প্ৰাণ
হেলাৰঙে ত্যাগ কৰিলে।

ইতিমধ্যে অন্ধকাৰ হৈছিল। সেই পুৰণি ভগ্নপ্ৰায়
মছজিদৰ মজিয়াত  তেতিয়াও দবাখেলৰ পাটখন পৰি আছিল
, আৰু নিজ নিজ আসনত উপবিষ্ট দুই বাদশ্বাহে দুই বন্ধুৰ অপমৃত্যত
যেন নীৰৱে মাথোঁ চকুলো টুকি ৰৈছিল।

 

 টোকা – 

১)নৱাব ৱাজেদ আলি শ্বাহ:

ঐতিহ্যমণ্ডিত তথা প্ৰতিপত্তিশীল অৱধ সাম্ৰাজ্যেৰ
অন্তিমজন নৱাব।১৮৫৬ চনত তেওঁক ব্ৰিটিছ চৰকাৰে কোনো প্ৰতিৰোধ-বিহীন ভাৱেই সিংহাসনচ্যুত
কৰি কলিকতালৈ নির্বাসিত কৰে। নাট্য-নৃত্য-সুখাদ্যৰ অনুৰাগী এইজন নৱাবৰ জীৱন-কাহিনী
অতি ঘটনাবহুল আৰু উপন্যাসোপম।

 

২)চিকন/কলাবট্টু- পাৰম্পৰিক সূতাৰ/চিলাইৰ
কাজ।

 

৩)ছৌচৰ-একধৰণৰ পাশাখেল।

৪)গঞ্জীফা-একধৰণৰ তাচখেল।

৫)নৱাব আছফ-উদ-দৌল্লা: অৱধৰ চতুৰ্থ গৰাকী
নৱাব। স্থপতিবিদ্যাৰ প্ৰতি তেওঁৰ যথেষ্ট আগ্ৰহী আছিল।তেওঁ বড়া ইমামবাৰা
, ৰুমী দৰৱাজা সমন্বিতে কেবাটাও কীৰ্তিস্তম্ভৰ নিৰ্মাণ কৰি গৈছে। 

৬)পেশ-কবজ: যুদ্ধৰ কৱচ ভেদি আঘাত কৰাৰ
ক্ষমতাসম্পন্ন এবিধ পাৰস্য মূলৰ চোকা ছুৰী।

Popular Post

ঐতিহাসিক চিঠি