পৃথিৱীখন কেনেকৈ সৃষ্টি হ’ল – অৰুণাচল প্ৰদেশৰ চাৰিটা জনগোষ্ঠীৰ লোক-কাহিনী

Posted by : translatorsassam
June 14, 2020


সৃষ্টিৰ পাতনিৰ লগত জড়িত অৰুণাচল প্ৰদেশৰ চাৰিটা 

প্ৰধান জনগোষ্ঠীয় লোক-কাহিনীঃ


অনুবাদ ঃ ময়ূৰী শৰ্মা বৰুৱা



(ক) আপাটানি ৰেৰু সোৱণশিৰী

 

আদিতে কুজুম-চ্ছাণ্টু মানে পৃথিৱীখন মূৰ, হাত-ভৰি আৰু প্ৰকাণ্ড পেটটোৰ সৈতে মানুহৰ দৰে আছিল৷ অতীজৰ মানুহবিলাক
তেওঁৰ পেটৰ ওপৰতে বাস কৰিছিল৷ এদিন হ
ল কি কুজুম-চ্ছাণ্টুৰ
মনত খেলালে যে যদিহে তেওঁ ঠিয় হয় আৰু খোজ দিবলৈ লয় তেন্তে তেওঁৰ পেটৰ ওপৰত বসবাস কৰা
মানুহবিলাক দেখোন বাগৰি পৰি মৰি থাকিব৷ সেইহেতুকে তেওঁ স্বইচ্ছাই মৃত্যুক সাৱটি ল
লে৷ পৰৱৰ্তী সময়ত তেওঁৰ মূৰটো বৰফাবৃত পৰ্বত হল আৰু পিঠিৰ হাড়বিলাক সৰু-সৰু পাহাৰলৈ ৰুপান্তৰিত হৈ পৰিল৷ আপাটানিসকলে
বাস কৰা ঠাইডোখৰেই হ
ল তেওঁৰ বুকুখন৷ তেওঁৰ
গলধনেই হৈছে উত্তৰদিশত টাগিনসকলৰ বসতিস্থল৷ তেওঁৰ নিতম্বতেই ভৈয়ামৰ অসমখন অৱস্থিত৷  নিতম্ব অংশ মঙহাল হয় বাবেই অসমৰ মাটি অতি সাৰুৱা৷
কুজুম-চ্ছাণ্টুৰ চকুযুৰি জোন আৰু বেলি হৈ পৰিল৷ আৰু তেওঁৰ মুখখনৰ পৰা জনম লোৱা কুজুম-পপিয়ে
জোন আৰু বেলিক আকাশত জিলিকিবলৈ পঠিয়াই দিলে৷

 

(খ) ধম্মাই (মিজি) নাখু, কামেং

 

আদিতে পৃথিৱীও নাছিল আকাশো নাছিল৷ তেতিয়া
পত্নী যুমিয়াং-নুইৰ সৈতে শ্বুযাংঘু ওপৰতে বাস কৰিছিল৷ এদিনৰ কথা৷ তেওঁ নিজৰ পত্নীক
লে, “হয়নে, এনেকৈ আৰু কিমান দিনলৈ আমি ভৰিদুখন থবলৈকো ঠাই নোহোৱাকৈ থাকিম?” যুমিয়াং-নুইয়ে কলে, “মইনো কি কওঁ? আপুনিতো সদায় মোৰ পৰা আঁতৰিয়েই থাকে৷ মোক ভালেই নাপায়৷ কিন্তু আপুনি যদি মোক সঁচাকৈয়ে
ভাল পায় আৰু মোৰ লগত একেলগে থাকে তেন্তে মই এটা উপায় দিব পাৰোঁ৷ আপুনি
কি কৰিব লাগিবসেইটো মই কম৷সেইমতে শ্বুযাংঘু পত্নীৰ কাষলৈ গল আৰু যুমিয়াং-নুইয়ে
গৰ্ভধাৰণ কৰিলে৷ সময়ত তেওঁ চুব্বু-খাইথুং নামৰ এটি কন্যাসন্তান আৰু জংচুলি-ইয়ং-জংবু
নামৰ এটি পুত্ৰসন্তান জন্ম দিলে৷ এই চুব্বু-খাইথুংয়েই হ
ল পৃথিৱী আৰু জংচুলি-ইয়ং-জংবু হল আকাশ৷ সিহঁত দুয়ো থিতাপি লবলৈ কতো অকণো ঠাই নহল৷ অৱশেষত সিহঁত দুয়ো সৰি পৰিল৷ সিহঁত যত আহি পৰিল তাতে থাকিছিল ফাংনালমাং নামক এটি কীট আৰু তাৰ ঘৈণীয়েক৷ ফাংনালমাঙই দুয়োকে গিলি থৈ দিলে৷ যুমিয়াং-নুইয়ে নিজৰ লৰা-ছোৱালীহালক বিচাৰি চলাথ কৰিলে আৰু গিৰীয়েকক সুধিলে, “সিহঁতৰ কি হ? সিহঁত দুটা কলৈ গ?” শ্বুযাংঘুয়ে কোনো উত্তৰ দিব নোৱাৰিলে৷ তেতিয়া তেওঁ কলে, “মই যেতিয়া আকৌ মাক হ, কেঁচুৱাটিক থবলৈ এটুকুৰা
চেপেটা সমান ঠাই সাজু কৰি ৰাখিব৷ তাৰ চৌপাশে ফান্দ পাতি থব৷
সেইমতে শ্বুযাংঘুয়ে ঠাই এডোখৰ সাজু কৰি তুলিলে৷ যেতিয়া তেওঁৰ
পত্নীয়ে পুনৰ এটি সন্তান প্ৰসৱ কৰিলে তাক থবলৈ এটুকুৰা স্থান ওলাল৷ এইবাৰ যেই কেঁচুৱাটিক
ভক্ষণ কৰিবলৈ ফাংনাল
মাং আহিল, পাতি থোৱা ফান্দ এখনতে সি লাগি ধৰিল৷ তাক তাত দেখা পাই শ্বুযাংঘুয়ে
তাৰ গাটো ফালি পেলালে৷ সেই ল
ৰা-ছোৱালীহাল তেতিয়ালৈকে
ফাংনাল
মাঙৰ পেটতে সোমাই আছিল৷ তাৰ দেহৰ নিম্নভাগ পৃথিৱী হৈ পৰিল আৰু
ওপৰভাগ আকাশ৷ এতিয়া পৃথিৱী আৰু আকাশ একেলগে থাকিবলৈ ল
লে৷ আকাশ নিজৰ পত্নী পৃথিৱীৰ কাষ চাপিল আৰু তেওঁলোকৰ এহাল সন্তান
জন্ম হ
ল৷ তেওঁলোকে পুত্ৰ সন্তানটিৰ নাম চবজাং-নৈ-ৰাইজ আৰু কন্যাটিৰ
নাম জুব্বু-জাং-চাংনে থ
লে৷ সিহঁত ওপজাৰ পাছৰ
পৰাই পৃথিৱী আৰু আকাশৰ মাজত এৰা-এৰি হ
ল৷ পিছে তাৰ
আগে আগে পৃথিৱীয়ে আৰু দুটি সন্তান জন্ম দিলে৷ ভেকুলীৰ ৰূপত জন্ম হোৱা ল
ৰাটোৰ নাম আছিল লুজ্জুফু আৰু ছোৱালীজনীৰ নাম জাচ্চুজু৷ দুয়োৰে
সহবাসৰ ফলত মানুহৰ ৰূপত আবুগুফাম-বুম
নামৰ লৰা এটা আৰু আনৈ-দিগ্গান-জুজে নামৰ ছোৱালী
এজনী জন্ম হ
ল৷ মানুহ আছিল যদিও সিহঁত দুয়োৰে শৰীৰ
নোমাল আছিল৷ আবুগুফাম-বুম
আৰু আনৈ-দিগ্গান-জুজেৰ
বিয়াত পাছত এটি এটিকৈ সিহঁতৰ তিনিটা ল
ৰা জন্ম হল৷ লৰাকেইটাৰ নাম হল লুবুখানলুং, চাংচডুংচআৰু কিম্বু-চাংটুং৷


 

( গ) হ্ৰুচ্চ’ (অকা) বুঢ়াগাওঁ, কামেং

 

একেবাৰে আৰম্ভণিতে হেনো পৃথিৱী বা আকাশ
একোৱেই নাছিল৷ কেৱল মাত্ৰ দুটা প্ৰকাণ্ড কণীহে আছিল৷ সেইবুলি সেই দুটা এলা-পেচা কণী
নাছিল৷ দু্যোটাই কোমল কোমল আছিল আৰু সোণৰ দৰে জিলিকি থাকিছিল৷ কণী দুটা একেঠাইতে থিৰেৰে
নাথাকিছিল৷ সিহঁত বাগৰি বাগৰি ঘূৰি ফুৰিছিল৷ এনেদৰে বাগৰি ফুৰোতে এদিন এটা ঘটনা ঘটিল৷
ইটোৱে সিটোক খুন্দা মাৰি দিলে আৰু কণী দুটা ফাটি থাকিল৷ এটাৰ পৰা ওলাই আহিল পৃথিৱী
আৰু আনটোৰ পৰা ওলাল আকাশ৷ দুয়ো পতি-পত্নী আছিল৷ আকাশৰ তুলনাত পৃথিৱী আছিল বিশালকায়৷
দুবাহুত পৃথিৱীক সামৰিব নোৱাৰি আকাশে ক
লে, “যদিওবা তুমি মোৰ পত্নী, তুমি মোতকৈ ইমান ডাঙৰ যে মই তোমাক সাৱটি ধৰিব নোৱাৰোঁ৷ মোৰ বাবে তুমি নিজকে সৰু
কৰা৷

আকাশৰ কথামতে পৃথিৱীয়ে নিজৰ অৱয়বৰ কিছু সাল-সলনি কৰিলে৷ পাহাৰ-পৰ্বত
আৰু উপত্যকাৰ সৃষ্টি হোৱাত পৃথিৱীৰ আকাৰ সৰু হৈ পৰিল৷ এইদৰে আকাশ নিজৰ পত্নী পৃথিৱীৰ
ওচৰ চাপিবলৈ সক্ষম হ
ল৷ পৃথিৱী আৰু আকাশৰ
মিলনৰ ফলতেই সকলোপ্ৰকাৰৰ বন-বিৰিখ আৰু জীৱ-জন্তুৰ সৃষ্টি হ
ল৷

 

(ঘ) চিংফৌ ইম্বু, টিৰাপ

 

আদিতে পৃথিৱী বা আকাশ একোৱেই নাছিল৷ আছিল
কেৱল ডাৱৰ আৰু কুঁৱলী৷ সেই ডাৱৰ আৰু কুঁৱলীৰ পৰাই খুপনিং-কুৱাম নামৰ এগৰাকী নাৰীৰ জন্ম
ল৷ যিহেতু কুঁৱলীৰ পৰা জন্ম, দেখাত তেওঁ ডাৱৰৰ দৰেই হল৷ কালক্ৰমত তেওঁ নিংগন-
চ্চিনুন নামৰ এটি পুত্ৰ আৰু টুং-কাম-ৱাইচুন নামৰ এটি কন্যা জন্ম দিলে৷ ইহঁত আকৌ দেখিবলৈ
বৰফৰ নিচিনা আছিল৷ ডাঙৰ হৈ সিহঁতে নিজৰ মাজতে বিয়া পাতিলে৷ তাহাঁতৰো ল
ৰা-ছোৱালী এহাল হল৷ মু(আকাশ)
বোলা ল
ৰাটো দেখিবলৈ বোকাৰ নিচিনা আৰু আনহাতে ইংগা(পৃথিৱী) বোলা ছোৱালীজনী
আছিল ডাৱৰৰ দৰে৷ সিহঁত দুটাৰ বিয়াৰ ফলত ইমবুং নামৰ ল
ৰা এটা ওপজিল৷ সি পিছে বতাহৰ নিচিনা৷ জন্ম হোৱাৰ লগে লগে সি
ইমানেই বলিবলৈ ধৰিলে যে সি দেউতাক ডাৱৰক আকাশলৈ লৈ গ
ল আৰু মাক বোকাক শুকুৱাই পেলালে৷ আৰু এনেদৰেই স্বৰ্গ আৰু মৰ্ত্যৰ
সৃষ্টি হ
ল৷

 

টোকাঃ কাহিনীসমূহ প্ৰসিদ্ধ নৃতত্ত্ববিদ
ড০ ভেৰিয়াৰ এলৱিনৰ ১৯৫৮ চনত প্ৰথম প্ৰকাশ হোৱা
মিথচ্ অৱ দ্য নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ অৱ ইণ্ডিয়াশীৰ্ষক গ্ৰন্থৰ পৰা লোৱা হৈছে৷ দ্ৰষ্টব্য যে গ্ৰন্থখনত উল্লিখিত
ফ্ৰণ্টিয়াৰ ডিভিজনসমূহ এতিয়া জিলা হিচাবে জনাজাত৷

 

Popular Post

ঐতিহাসিক চিঠি