কবিতাঃ মই বহুক্ষণ ধৰি / বিনয় মজুমদাৰ

Posted by : translatorsassam
June 15, 2020


মই বহুক্ষণ ধৰি


মূল(বাংলা) : বিনয়
মজুমদাৰ


ভাষান্তৰ : অপৰাজ

বিনয় মজুমদাৰ

 

বহুক্ষণ ধৰি সফল কলগছৰ কথা ভাবিলোঁ

অতি মনোযোগেৰে , কল বাগানৰ মাজত আৰু বাস কৰা নকৰোঁ

 

ভাৰতৰ মানচিত্ৰ যত্নসহকাৰে মই ৰাখিছোঁ পিতাৰ চুটকেচত

এতিয়া সকলো বিষয়তে মোৰ সুহৃদ , বন্ধু, ভাৰতৰ মানচিত্ৰখন,

ফলত কলবাগানৰ মাজত বাস কৰা নাই মই বৰ্তমান

 

আমি মানুহবোৰেতো গোফহীন পুৱাবেলা পঢ়া শুনা কৰোঁ

সৰস দুপৰীয়া কাম কৰো, তাৰপিছত পকাচুলীয়া আবেলি

খেলা-ধূলা কৰোঁ- এয়ে আমাৰ দিনৰ হিচাব।

Popular Post

ঐতিহাসিক চিঠি