জীৱনী / ৰাহুল সাংকৃত্যায়ন

Posted by : translatorsassam
June 16, 2020

জীবনী

উৎস গ্ৰন্থ : প্ৰসংগ : গৌতম বুদ্ধ
মূল : ৰাহুল সাংকৃত্যায়ন

বাংলা অনুবাদ : অভিজিৎ ভট্টাচাৰ্য

অসমীয়া অনুবাদ : খগেশ সেন ডেকা



বাল্যকাল :

সিদ্ধাৰ্থ গৌতমৰ জন্ম হৈছিল খ্ৰীঃ পূঃ ৫৬৩ শতাব্দীৰ আশে পাশে৷
তেওঁৰ পিতৃ শুদ্ধোধনক শাক্যসকলৰ ৰজা বোলা হয়৷ কিন্তু আমি জানো যে
, শুদ্ধোধনৰ লগতে ভদ্দীয় আৰু দণ্ডপাণিকো শাক্যসকলৰ ৰজা আখ্যা দিয়া হৈছিল৷ ইয়াৰ
অৰ্থ এয়ে যে
, শাক্যসকলৰ প্ৰজাতন্ত্ৰ বা গণসংস্থাৰ (চিনেট
বা পাৰ্লামেণ্ট) সদস্যসকলক লিচ্ছবিসকলৰ দৰে ৰজা বুলি সম্বোধন কৰা হৈছিল৷ মাতৃ
মায়াদেৱী নিজৰ পিতৃগৃহলৈ যোৱাৰ পথত কপিলাবস্তুৰ পৰা কিছু দূৰৈত লুম্বিনী নামৰ
শালনিত সিদ্ধাৰ্থৰ জন্ম হয়৷ সিদ্ধাৰ্থৰ জন্মৰ ৩১৮ বছৰৰ পাছত
, নিজৰ ৰাজ্যাভিষেকৰ ২০ সংখ্যক বছৰত অশোকে এই স্থানতে এটা শৈলস্তম্ভ স্থাপন কৰে৷
এই স্তম্ভ আজিকোপতি তাত সগৌৰৱে থিয় দি আছে৷ সিদ্ধাৰ্থৰ জন্মৰ সাত দিনৰ পাছত তেওঁৰ
মাতৃৰ দেহান্তৰ ঘটে আৰু মাউৰা সিদ্ধাৰ্থৰ লালন-পালনৰ ভাৰ মাহীয়েক তথা বিমাতা
প্ৰজাপতি গৌতমীৰ ওপৰত ন্যস্ত হয়৷ এনেদৰে ক্ৰমে ক্ৰমে ষোল্লটা বছৰ বাগৰি যায়৷ ৰজা
শুদ্ধোধনে সিদ্ধাৰ্থৰ বাবে ঋতুৰ উপযোগীকৈ তিনিটা মহল নিৰ্মাণ কৰোৱায়৷ মহা
প্ৰাচুৰ্যৰ মাজত উপভোগৰ বিবিধ সামগ্ৰী সহ অপৰূপ ৰূপহী নৰ্তকীৰ দ্বাৰা পৰিৱেষ্টিত
হৈ সিদ্ধাৰ্থই পাৰ্থিৱ সুখ উপভোগ কৰাত ব্যস্ত হ
ল৷ ইতিমধ্যে শুদ্ধোধনে প্ৰতিৱেশী কোলীয়গণৰ (প্ৰজাতন্ত্ৰ) সুন্দৰী কন্যা ভদ্ৰা
কাপিলায়নীৰ (বা যশোধৰাৰ) লগত সিদ্ধাৰ্থৰ বৈবাহিক সম্বন্ধ স্থাপন কৰে৷

কপিলাবস্তুত এইবোৰকে লৈ এক গুজব প্ৰচাৰিত হয়
যে
, ৰাজকুমাৰ সিদ্ধাৰ্থ ভোগ-বিলাস পৰায়ণ হৈ উঠিছে৷ যুদ্ধবিদ্যা সম্বন্ধে তেওঁ
সমূলি অনভিজ্ঞ৷ যুদ্ধ-বিগ্ৰহৰ সম্ভাৱনা দেখা দিলে তেওঁ কিদৰে সেই সমস্যাৰ সৈতে
মোকাবিলা কৰিব
, সেয়া চিন্তনীয় বিষয়!

কথাটো শুদ্ধোধনৰ কাণত পৰিল৷ তেওঁ এদিন সিদ্ধাৰ্থক মতাই আনি
সেই সম্বন্ধে জানিবলৈ বিচাৰিলে৷

সিদ্ধাৰ্থই শান্ত, নিস্পৃহ
কণ্ঠেৰে ক
লে—”পিতা,
মোক সুকীয়াকৈ শিক্ষক ৰাখি অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰ
কোনো প্ৰয়োজন নাই৷ মই এই মূলগত বিদ্যাবোৰ জন্মাৱস্থাতে নিজৰ স্বভাৱৰ গুণেৰে আয়ত্ত
কৰিছোঁ৷ আপুনি চৌদিশে ঢোল পিটি সকলোকে শুনাই দিয়ক
আজিৰ পৰা অহা সাদিনৰ দিনা মই ৰাজ্যবাসীৰ আগত মই মোৰ যুদ্ধবিদ্যাৰ পাৰদৰ্শিতা
প্ৰদৰ্শন কৰিম৷

ৰজাই তাকেই কৰিলে৷ সপ্তম দিনা ৰজা আৰু ৰাজ্যবাসী আটাইৰে
সমুখত সিদ্ধাৰ্থই এটি এটিকৈ যুদ্ধবিদ্যাৰ সকলো কৌশল প্ৰদৰ্শন কৰিলে৷ সিদ্ধাৰ্থ
অকলে নাছিল৷ তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে আন বহুতো ধনুৰ্ধৰো সেইদিনা তাত উপস্থিত
আছিল৷ সকলোকে বিস্মিত আৰু হতবাক কৰি সিদ্ধাৰ্থই যুদ্ধবিদ্যাৰ বিভিন্ন কৌশল আৰু
অস্ত্ৰ চালনা এনে পাৰদৰ্শিতাৰে প্ৰদৰ্শন কৰিলে যে সাধাৰণ যোদ্ধাতো দূৰৰে কথা অভিজ্ঞ
তথা শস্ত্ৰচালনাৰ বিশেষজ্ঞ বিভিন্ন বীৰে সিদ্ধাৰ্থৰ অস্ত্ৰচালনা দেখি তেওঁৰ
অতিমানৱিক প্ৰতিভা সম্পৰ্কে ধন্য ধন্য কৰি প্ৰশংসাত পঞ্চমুখ হ
ল৷ যি গুজব চাৰিওফালে বিয়পি পৰিছিল, সময়ত সি জয়
জয়কাৰত পৰিণত হ
ল৷

এদিনৰ কথা৷ ৰাজকুমাৰ সিদ্ধাৰ্থই বাগিচাখনত ফুৰিবলৈ বুলি
সাৰথিক ৰথ আনিবলৈ ক
লে৷ সাৰথিয়ে অনা সেই ৰথত উঠি সিদ্ধাৰ্থ
বাগিচাৰ ফালে আগবাঢ়ি গ
ল৷ বাগিচা পৰিভ্ৰমণৰ এই সময়ছোৱাতে সিদ্ধাৰ্থৰ
জীৱনত যে এক বিৰাট পৰিৱৰ্তন সংঘটিত হ
, সেই কথা সিদ্ধাৰ্থই অলপো ধাৰণা কৰিব পৰা নাছিল৷ সি যি কি নহওক, বাটেৰে আগুৱাই গৈ থাকোঁতে হঠাৎ সিদ্ধাৰ্থই দেখিলেএজন জৰাগ্ৰস্ত আলৰ বৃদ্ধ ৷ দন্তহীন খোলা মুখ ৷ কুঁজা হৈ ভাঙি পৰা দেহেৰে তেওঁ
লাহে লাহে খোজ কাঢ়ি গৈ আছে ৷ প্ৰতিটো খোজৰ লগে লগে বুঢ়াজনৰ শৰীৰ কঁপি উঠিছে ৷
সিদ্ধাৰ্থই এনে চেহেৰা কেতিয়াও দেখা নাছিল ৷ তেওঁ সাৰথি ছন্দকক প্ৰশ্ন কৰিলে
—”এয়া কোন ? কি কাৰণে মানুহজনৰ এই অৱস্থা ?” ছন্দকে উত্তৰ দিলে—”হে ৰাজকুমাৰ, এয়া জীৱনৰ এক অৱশ্যম্ভাৱী সত্য৷ ইয়াৰ নাম বাৰ্ধক্য৷ আজি তৰুণ আৰু ৰূপবান; কাইলৈ সি হব পক্ককেশ, গাৰ ছাল সোঁতোৰা পৰা এক বৃদ্ধ৷ সময়ৰ গতিত সকলোৰে এনে অৱস্থা হব৷”

ছন্দকৰ কথা শুনি সিদ্ধাৰ্থ স্তম্ভিত হল৷ তেওঁ চকুৰ আগৰ জগত আৰু পৰিৱেশ তেনেহলে চিৰন্তন নহয়, তেওঁৰ গাত যৌৱন চিৰকাল নাথাকিবএদিন ধূসৰ
স্বপ্নৰ দৰে এই ৰঙীণ দিনবোৰ হেৰাই যাব৷ এই নিৰ্মম সত্যৰ আঘাতে সিদ্ধাৰ্থৰ অন্তৰ
ভেদি গ
ল৷ গভীৰ চিন্তাক্লিষ্ট মন এটি লৈ তেওঁ ৰাজপ্ৰাসাদলৈ উভতি আহিল৷

ইয়াৰ পৰৱৰ্তী অন্য এটা দিনত আগৰ দৰে বাগিচা পৰিভ্ৰমণ কৰিবলৈ
গৈ সিদ্ধাৰ্থই ৰোগত জৰ্জৰিত এক ব্যক্তিয়ে কাতৰ স্বৰে আৰ্তনাদ কৰি থকা দেখিবলৈ
পালে৷ মানুহজনৰ এনে অৱস্থা দেখি সিদ্ধাৰ্থৰ কোমল প্ৰাণে কান্দি উঠিল ৷ সাৰথি
ছন্দকক সুধি জানিব পাৰিলে যে ইয়াৰ নাম ব্যাধি ৷ ৰজা আৰু ভিক্ষাৰী
, ধনী আৰু দুখীয়া সকলো সময়ত এনেদৰে ৰোগগ্ৰস্ত হব পাৰে৷ সিদ্ধাৰ্থ পুনৰ হতবাক হল ৷ জগতৰ সত্য
যে ইমান ৰূঢ় আৰু নিষ্ঠুৰ
, সেই কথা তেওঁৰ ধাৰণাৰ বাহিৰত আছিল৷ এটি এটিকৈ
বাস্তৱ জগতৰ নিৰ্মম সত্যবোৰ তেওঁৰ সমুখত উপস্থিত হ
ল ৷ ইয়াৰ পাছৰ দিনবোৰৰ কোনো এটা দিনত বাগিচা ভ্ৰমণৰ সময়ত তেওঁ এটি মৃতদেহ
দেখিবলৈ পালে৷ আন এটা দিনত তেওঁ দেখিলে এগৰাকী শান্ত চিত্ত
, ধীৰ,
স্থিৰ, ধ্যানমগ্ন সাধুক৷
এনেদৰে বাস্তৱৰ যাবতীয় বস্তুবোৰে সিদ্ধাৰ্থৰ মনোজগতত গভীৰ চাঁপ বহুৱালে৷ ইয়াৰ
মাজতে ৰাহুল নামৰ এটি পুত্ৰ সন্তানে সিদ্ধাৰ্থৰ পত্নী যশোধৰাৰ কোলা শুৱনি কৰিলেহি৷
তেতিয়া সিদ্ধাৰ্থৰ সমুখত এক উজ্জ্বল ভৱিষ্যতৰ ৰেঙনি৷

গৃহত্যাগ  
:

কিন্তু সিদ্ধাৰ্থই যি মহাজীৱনৰ আহ্বান অন্তৰৰ
গভীৰত অনুভৱ কৰিছিল
, সেয়া ভোগসৰ্বস্ব জীৱনৰ পথ নাছিল৷ সেয়া আছিল
ত্যাগৰ পথ৷ দৰাচলপক্ষে সিদ্ধাৰ্থক ত্যাগৰ পথেই হাত বাউল দি মাতিছিল
, উদ্বুদ্ধ কৰিছিল৷ তেওঁ স্বাভাৱিকতে জিজ্ঞাসু হৈ উঠিছিল আৰু আন্তৰিকতাৰে জানিব
বিচাৰিছিল
,
জীৱনৰ এই দুঃখময় বাস্তৱৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যাৱহাৰিক তথা
যুক্তিসিদ্ধ কোনো উপায় আছে নে নাই
? তেওঁ এই কথা
ভালদৰে বুজি পাইছিল যে
, তেনে পথ যদি সঁচাকৈয়ে আছেও ঘৰ-সংসাৰৰ
চাৰিবেৰৰ মাজত থাকি তাক পোৱা একোপধ্যেও সম্ভৱ নহ
ব৷ মনৰ অদম্য তাগিদাত তেওঁ সত্যক ব্যাৱহাৰিক ৰূপত প্ৰতিজন মানুহৰ ওচৰলৈ লৈ
যোৱাৰ এক জগতব্যাপী প্ৰচেষ্টা আৰম্ভ কৰিলে৷ এনেদৰে ৰাজপুত্ৰ সিদ্ধাৰ্থ ক্ৰমাগতভাৱে
এক নৱজীৱনৰ দিশ ধৰি আগুৱাই গ
ল৷

সংসাৰৰ স্নেহৰ এই প্ৰগাঢ় বন্ধন সিদ্ধাৰ্থৰ বাবে লাহে লাহে
অসহ্যকৰ হৈ উঠিল৷ তেওঁ অন্তৰ্জগতত এক তীব্ৰ বৈৰাগ্যৰ আলোড়ন
, এক সীমাহীন নিস্পৃহতা আৰু সত্যান্বেষণৰ বাবে আত্মানুসন্ধানৰ সাধনাৰ পথ বাছি
লোৱাৰ ভীষণ আকুলতা অনুভৱ কৰিলে৷ যেতিয়া পত্নী যশোধৰাৰ গৰ্ভত এক পুত্ৰ সন্তানৰ
জন্ম হৈছিল
, তেতিয়া তেওঁৰ মন আনন্দৰ পৰিৱৰ্তে বিষাদবোধেৰে
ভৰি পৰিছিল৷ সেই সময়ত তেওঁ হেনো স্বগতোক্তি কৰিছিল
—”এয়া পুত্ৰ নহয়, এক মূৰ্তিমান ৰাহু৷ এনে কাৰণতে হেনো পৰৱৰ্তী
সময়ত তেওঁৰ পুত্ৰৰ নাম ৰাহুল ৰখা হয়৷

মানুহৰ দুখ-নিবৃত্তিৰ বাবে পথৰ সন্ধান কৰিবলৈ সিদ্ধাৰ্থই
মনে মনে গৃহত্যাগৰ সিদ্ধান্ত ল
লে আৰু তাৰ বাবে নিজক
প্ৰস্তুত কৰি তুলিলে৷ এদিনাখন ৰাতি সিদ্ধাৰ্থই ৰাজপ্ৰাসাদত বহি নৃত্যগীতবাদ্যৰতা
গাভৰুহঁতৰ নাচ-গানৰ অনুষ্ঠান চাই আছিল৷ লাহে লাহে বহু ৰাতি হ
ল৷ সিদ্ধাৰ্থ ক্লান্ত হৈ পৰিল৷ টোপনিয়ে তেওঁক হেঁচি ধৰিলে৷ এনেয়েও এই ধৰণৰ
জাগতিক উপভোগৰ কাম-কাজত আগৰ দৰে তেওঁৰ ৰুচি নাছিল৷ সিদ্ধাৰ্থ ক্লান্ত দেহেৰে
নিদ্ৰাৰত হৈ পৰা দেখি নৰ্তকীহঁতে এটা সময়ত নাচ-গান বন্ধ কৰিলে আৰু তেওঁলোক
প্ৰত্যেকে বিভিন্ন ঠাইত শুই পৰিল৷

তেতিয়া গভীৰ ৰাতি৷ সুগন্ধি তেলেৰে পূৰ্ণ প্ৰদীপটি তেতিয়াও
দপদপকৈ জ্বলি আছে৷ হঠাৎ সিদ্ধাৰ্থৰ টোপনি ভাঙি গ
ল৷ চকু মোহাৰি তেওঁ সেই দোভাগ ৰাতি নিজৰ বিচনাত উঠি বহিল৷ হৃদয়ত জাগি উঠিল এক
তীব্ৰ উদাসীনতা৷ লাহে লাহে তেওঁ বিচনাৰ পৰা নামি অলপ আগুৱাই গ
ল৷ চকুত পৰিল, নাতি দূৰৈত নৰ্তকীহঁত গভীৰ নিদ্ৰাত নিমগ্ন৷
সিদ্ধাৰ্থই দেখিলে
, নিদ্ৰাৰত নাচনীহঁতৰ মাজৰ কাৰোবাৰ টোপনিতে
দাঁত কৰচা কেৰমেৰ শব্দ ওলাইছে৷ কাৰোবাৰ আকৌ মুখৰ পৰা অবিৰাম গতিত লেলাৱতি ওলাই
বিচনাৰ কাপোৰ
, গাৰু আদি তিতি গৈছে৷ কাৰোবাৰ আকৌ মুখেৰে
শ্লেশ্মা নিৰ্গত হৈছে৷ অবিন্যস্ত অৱস্থাৰে শুই পৰা হেতুকে তেওঁলোকৰ বেশ-ভূষাও
অসংলগ্ন হৈ পৰিছে ৷ ইয়াৰ মাজতে কোনো কোনোৱে টোপনিতে প্ৰলাপ বকিছে
, কোনোৱে গোঙাইছে৷ সিদ্ধাৰ্থৰ ভাব হ, এই নিস্তব্ধ, অন্ধকাৰ, গভীৰ ৰাতি
চাৰিওফালে যেন অসংখ্য মৃতদেহ পৰি আছে৷ প্ৰেতপুৰীৰ দৰে এই সুৰম্য ৰাজপ্ৰাসাদে যেন
সিদ্ধাৰ্থক ভেঙুচালি কৰিবলৈ ল
লে ৷ গোটেই সংসাৰখনেই
যেন দুখৰ আবাস
, সিদ্ধাৰ্থৰ তেনে যেন অনুভৱ হল৷ দুখ, শোকেৰে পৰিপূৰ্ণ এই সংসাৰৰ চাৰিও দিশৰ পৰা
যেন তেওঁ আৰ্তনাদৰ প্ৰতিধ্বনি শুনিবলৈ পালে৷ সিদ্ধাৰ্থৰ অন্তৰাত্মা যেন জঁপিয়াই
উঠিল ৷ তেওঁ ভাবিলে
—”আৰু নহব ! ইয়াৰ মাজতে যি কৰিব লাগে, তাকে কৰা হব৷ আজি এই মুহূৰ্ততে মই গৃহত্যাগ কৰিবই লাগিব৷

ঘৰৰ বাহিৰত থিয় হৈ সিদ্ধাৰ্থই ধীৰে ধীৰে অনুস্ব স্বৰেৰে মাত
লগালে
—”কোন আছে ইয়াত ?”—চৌকাঠৰ ওপৰত মূৰ থৈ শুই আছিল
সিদ্ধাৰ্থৰ বিশ্বস্ত সাৰথি ছন্দক৷ সিদ্ধাৰ্থৰ মাত শুনি সি সচকিত হৈ শোৱাৰ পৰা
ততালিকে উঠি আহিল৷ উত্তৰ দিলে
—”হে আৰ্যপুত্ৰ, মই ছন্দক৷”

সিদ্ধাৰ্থই ধীৰ আৰু গুৰু-গম্ভীৰ কণ্ঠেৰে কলে—”ছন্দক,
আজি ৰাতিয়েই মই গৃহৰ পৰা মহাভিনিষ্ক্ৰমণ কৰিব খোজোঁ৷ মোৰ
বাবে এটি ঘোঁৰা লৈ আহা৷”

ছন্দকে অশ্বশালাত সোমাই ঘোঁৰাৰ জিন আদি লৈ আৰ্যপুত্ৰ
সিদ্ধাৰ্থৰ বাবে কোনটো ঘোঁৰা উপযুক্ত হ
ব সেই কথা ভাবি
থাকোঁতেই দেখিলে সমস্ত অশ্বকুলৰ মাজৰ দেখিবলৈ অতিকে মনোমোহা এটি অপৰূপ অশ্ব আহি
সমুখত থিয় দি আছে৷ ঘোঁৰাটো বগা বৰণৰ
, অসাধাৰণ
তেজস্বী আৰু উচ্চ জাতৰ৷ তাৰ নাম আছিল কন্থক৷ আশ্চৰ্যকৰ কথা এইটোৱে যে
, সেই দিনা দোভাগ ৰাতি ঘোঁৰাটি সাৰে আছিল, যেন অপেক্ষা
কৰিছিল
কোনো এক বিশেষ দায়িত্ব পালনৰ বাবে৷

ইফালে সিদ্ধাৰ্থৰ ইচ্ছা হগৃহত্যাগ কৰাৰ পূৰ্বে নিজৰ শিশুপুত্ৰক এবাৰ চাই যোৱাৰ৷ সেই ইচ্ছা পূৰণৰ বাবে
সিদ্ধাৰ্থ অন্তেষপুৰলৈ বুলি খোজ পেলালে আৰু লাহকৈ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰিলে৷
তেতিয়া ৰাহুলৰ বয়স মাত্ৰ এসপ্তাহ৷ এটা সৰু প্ৰদীপৰ ক্ষীণ পোহৰত তেওঁ দেখিলে
যশোধৰা পুত্ৰ ৰাহুলৰ মূৰত হাত থৈ নিশ্চিন্ত মনে শুই আছে৷ সিদ্ধাৰ্থৰ তীব্ৰ
ইচ্ছা হ
ল পুতেকক এবাৰ বুকুৰ মাজত সাৱটি লোৱাৰ৷ কিন্তু পাছ মুহূৰ্ততে তেওঁ সতৰ্ক হকাৰণ এনে কৰোঁতে যদি যশোধৰাই সাৰ পায়, তেতিয়া তেওঁৰ
যাত্ৰাত নিশ্চয়কৈ বিঘিনি ঘটিব৷ সকলো দিশ ভাবি-গুণি তেওঁ মনৰ আকুল ইচ্ছা মনতে সামৰি
নিজক পতিয়ন নিয়াবৰ চেষ্টা কৰিলে
—”আজিলৈ থাওক, ভৱিষ্যতে যদি কেতিয়াবা ইয়ালৈ উভতি আহোঁ, তেন্তে পুত্ৰৰ
সৈতে নিশ্চয় দেখাদেখি হ
ব৷ সেই ইচ্ছা মনত পুহি ৰাখিলোঁ৷”

ইয়াৰ পাছত আহিল সেই ঐতিহাসিক মুহূৰ্ত৷ সমগ্ৰ বিশ্বৰ কল্যাণ
আৰু প্ৰকৃত সত্যৰ অন্বেষণৰ বাবে কন্থকৰ পিঠিত উঠি সেই ৰাতিয়েই সিদ্ধাৰ্থই চিৰকালৰ
বাবে গৃহত্যাগ কৰিলে৷ সিদ্ধাৰ্থৰ এই মহানিষ্ক্ৰমণৰ সাক্ষী আছিল কেৱল সাৰথি ছন্দক
আৰু কন্থক নামৰ সেই বিশেষ ঘোঁৰাটি৷ লোকমুখে প্ৰচাৰিত এক কাহিনী অনুসাৰে কন্থক সেই
দিনা ইমান বেগেৰে দৌৰিছিল যে এক ৰাতিৰ ভিতৰতে সি ত্ৰিশ যোজন দূৰৈত থকা শাক্য
, কোলীয় আৰু ৰামগ্ৰামএই তিনিখনকৈ ৰাজ্যৰ সীমা অতিক্ৰম কৰি অমোনা
নদীৰ পাৰত উপস্থিত হৈছিলহি৷

নৈৰ পাৰত সিদ্ধাৰ্থ ঘোঁৰাৰ পৰা নামি থিয় হল৷ পাৰ হৈ অহা সমগ্ৰ পথছোৱাত সাৰথি ছন্দকে তাৰ প্ৰভুক এটা প্ৰশ্নও কৰা নাছিল৷
কেৱল অনুমান কৰিছিল
,—সি যুৱৰাজক আৰু কোনোদিনেই ৰথত উঠাই ভ্ৰমণ
কৰাবলৈ নাপাব
, এনেকি দেখিবলৈকো নাপাব৷ ওলাই অহা কান্দোন
চেপি ৰাখি কিবা এষাৰ ক
বলৈ বিচাৰোঁতেই সিদ্ধাৰ্থই তাক প্ৰশ্ন কৰিলে—”ছন্দক,
এইখন কি নদী ?”

কঁপা কঁপা মাতেৰে ছন্দকে উত্তৰ দিলে—”হে দেৱ, এইখন অনোমা নদী ৷”

উদাত্ত, নিস্পৃহ তথা এক
অপাৰ্থিৱ কণ্ঠেৰে সিদ্ধাৰ্থই ক
লে—”তেনেহলে অনোমাৰ তীৰতে মই অনিশ্চিত পৰিভ্ৰমণৰ পাতনি মেলিম৷”

ধীৰে ধীৰে তেওঁলোক অনোমা নৈ পাৰ হল৷ সিপাৰত উপস্থিত হৈ সিদ্ধাৰ্থই তেওঁৰ বহুমূলীয়া ৰাজ-আভৰণ খুলি ছন্দকৰ হাতত
তুলি দিলে আৰু ক
লে—”হে ছন্দক ! তুমি এই বেশভূষাবোৰ আৰু কন্থকক লৈ কপিলাবস্তুলৈ উভতি যোৱা৷ মই
মোৰ অনিশ্চিত যাত্ৰা আৰম্ভ কৰিলোঁ ৷” ছন্দকৰ হৃদয় যেন শেলে বিন্ধিলে৷
চকুপানী টুকি টুকি সি ক
লে—”হে প্ৰভু ! আপোনাৰ অবিহনে কপিলাবস্তু অন্ধকাৰত ডুব যাব৷ আপোনাক এৰি মই কিদৰে
বাচি থাকিম
? নহয় নহয়, যদি সঁচাকৈয়ে
আপুনি উভতি নাযায়
, তেন্তে মোকো আপোনাৰ লগত থাকিবলৈ অনুমতি দিয়ক; লৈ যাওক মোক আপোনাৰ সতে৷”

ইষৎ হাঁহি সিদ্ধাৰ্থই কলে—”নাই ভাই, সেয়া সম্ভৱ নহব৷ এই পথ বৰ কঠিন, বৰ কষ্টৰ৷ মই মোৰ জীৱন দি হলেও,
পোনতে সত্যান্বেষণৰ বাবে এটা কল্যাণময় পথ সাজি উলিয়াব
বিচাৰোঁ ৷ তাৰ পাছত সকলোকে সেই শান্তিৰ ছত্ৰছাঁয়ালৈ আহিবলৈ আহ্বান জনাম৷ কিন্তু
আজি নহয়৷ তুমি উভতি যোৱা৷ “

নিজৰ ঘনকলা, অপূৰ্ব চুলিকোছা সিদ্ধাৰ্থই তৰোৱালেৰে কাটি পেলালে৷ বহুমূলীয়া বস্ত্ৰ পৰিত্যাগ
কৰি মাত্ৰ একবস্ত্ৰ পৰিধান কৰি তেওঁ জীৱন-ৰহস্যৰ উত্তৰ বিচাৰি অনিশ্চিত ভৱিষ্যৰ
বুকুত খোজ পেলালে৷ আৰম্ভ হ
ল এক নতুন অধ্যায়ৰ৷ সিদ্ধাৰ্থ বোধিসত্বলৈ
বিৱৰ্তিত হোৱাৰ প্ৰথম পদক্ষেপৰ সূচনা হ
ল৷

বেদনাহত, ব্যথিত ছন্দক
সিদ্ধাৰ্থৰ স্মৃতিচিহ্ন লৈ কপিলাবস্তুলৈ উভতি গ
ল৷

স্বয়ং বুদ্ধই চুনাৰত (সুন্সুমাৰগিৰিত) বৎসৰাজ উদয়নৰ পুত্ৰ
বোধৰাজ কুমাৰক কৈছিল (মজঝিম্ নিকায় ২/৪/৫)

ৰাজকুমাৰ, বুদ্ধ হোৱাৰ
পূৰ্বে
ময়ো ধাৰণা কৰিছিলোঁসুখৰ মাজত সুখ কদাপি পোৱা নাযায়, দুখৰ মাজতহে সুখ নিহিত হৈ থাকে৷ সেই বাবেডেকা বয়সতে মই, ঘন কলা চুলি থকা অৱস্থাতেই, সুন্দৰতাৰে ভৰা যৌৱনদীপ্ত অৱস্থাতেই, জীৱনৰ আৰম্ভণতে মাতা-পিতাক অশ্ৰুসিক্ত অৱস্থাত ত্যাগ কৰি সত্যৰ সন্ধানত
ঘৰ-সংসাৰ এৰি ওলাই আহিলোঁ৷
…(প্ৰথমে) আলাৰ কালামৰ (ওচৰলৈ) আহিলোঁ৷”

উল্লেখনীয় যে আলাৰ কালামে গৃহত্যাগী সিদ্ধাৰ্থক কেইটিমান
যোগাসনৰ পদ্ধতি শিকাই দিছিল
; কিন্তু, সেই শিক্ষাই তেওঁৰ জিজ্ঞাসু মনটোক অলপো তৃপ্ত কৰিব নোৱাৰিলে ৷ তাৰে পৰা তেওঁ উদ্দক ৰামপুত্ত‘-ৰ (উদ্ৰক ৰামপুত্ৰ) ওচৰলৈ যায়৷ তেৱোঁ
সিদ্ধাৰ্থক কেইটিমান যোগৰ নিয়ম শিকাই দিয়ে৷ কিন্তু
, সেইবোৰেও তেওঁৰ মনৰ অসন্তুষ্টি অলপো আঁতৰ কৰিব নোৱাৰিলে৷ তাৰ পাছত তেওঁ
বোধগয়াৰ ওচৰত প্ৰায় ছয় বছৰ জুৰি যোগ আৰু অনশন-ক্ৰিয়াৰ কঠোৰ সাধনা কৰে৷ এই শাৰীৰিক
কৃচ্ছ্ৰ সাধনা বা তপস্যা সম্বন্ধে সিদ্ধাৰ্থই কৈছে

মোৰ শাৰীৰিক অৱস্থা (দুৰ্বলতা) চৰম সীমাত
উপস্থিত হৈছিল৷ যেন
আসীতিক‘-
(অশীতিবৰ্ষ/আশী বছৰীয়া) দৰে মোৰ শৰীৰৰ গ্ৰন্থিসমূহ ওলমি পৰিছিল আৰু
অংগ-প্ৰত্যংগবোৰ ৰঙা পৰি গৈছিল৷ উটৰ ঠেঙৰ দৰে মোৰ দুভৰি ফাটি কৰ্কশ হৈ উঠিছিল৷
যিদৰে শাল গছৰ ঠাল-ঠেঙুলিয়ে বয়স হ
লে একাঁ-বেঁকা
ৰূপ লয়
,
তেনেদৰে মোৰ শিৰা-উপশিৰাবোৰেও তেনে ধৰণৰ তীৰ্যক ৰূপ ধাৰণ
কৰিছিল৷
কুঁৱাৰ গভীৰ পানীত যিদৰে সুদূৰ আকাশৰ তৰা দেখা যায়, মোৰ দুচকুও তেনে ধৰণৰ কোটৰগত হৈ পৰিছিল৷ আঁপইতা লাও কেঁচাই ভাঙিলে যিদৰে ৰদ-বতাহত সি কোঁচ খাই শুকাই যায়, মোৰ মূৰৰ ছালো
তেনে ধৰণে শুকাই-উবাই গৈছিল৷
সেই অনশন কৰাৰ পাছত
মোৰ পিঠিৰ শিৰবোৰ আৰু ভৰিৰ ছাল-চামৰা যেন দেহৰ হাড়ৰ সৈতে একাকাৰ হৈ পৰিছিল৷
মল-মূত্ৰ ত্যাগ কৰিবলৈ সামান্য উঠি থিয় দিলেই মই মূৰ ঘূৰাই পৰি যাওঁ৷ যদি
সামান্যভাৱেও গাৰ ওপৰত হাত বুলাওঁ
, বা অকণমান
জোৰেৰে শৰীৰত হাতেৰে হেঁচা দিওঁ
, চকুৰ সমুখতে গাৰ মৰি
যোৱা নোমবোৰ জৰ জৰকৈ সৰি পৰে৷
মানুহে কোৱাকুই কৰে—’শ্ৰমণ গৌতম কেনেদৰে কলা পৰি গৈছে চোৱা, চোৱা৷
কোনোৱে আকৌ কয়—’আৰে, লা নহয়, শ্যামবৰ্ণ৷‘… আন কোনোৱে কয়—’নহয়, নহয় ভংগুৰবৰ্ণ৷জানো,
মোৰ সেই সুন্দৰ গাখীৰত আল্টা মিহলোৱা যেন দেহৰ ৰং
(পৰিঅবদাত)
, পৰিষ্কাৰ তেজোদীপ্ত ৰূপ সমূলি নষ্ট হৈ গৈছিল৷

“…কিন্তু এনে কঠোৰ তপস্যা কৰিও মই সেই চৰম বা পৰম সত্যৰ সন্ধান নাপালোঁ৷ তেতিয়া
মনতে ভাবিলোঁ
জ্ঞানপ্ৰাপ্তিৰ বাবে আৰু অন্য কোনো পথ নাইনে ? বোধি (জ্ঞান) প্ৰাপ্তিৰ সেই পথ বা উপায় কি হব পাৰে ? তেতিয়া মোৰ মনত পৰিলমই প্ৰথমে পিতা শুদ্ধোধনৰ সুবিস্তীৰ্ণ ভূমিত জামু গছৰ শীতল ছাঁত বহি ধ্যান কৰি
সেই অনুভূতি বুকুৰ মাজত লৈ তাৰ পাছত বিহাৰ (প্ৰব্ৰজন) কৰিছিলোঁ৷ হয়তো সেই পথেই
সঠিক পথ হ

সেই ধ্যানেই মোক বোধিৰ পথলৈ লৈ যাব৷ কিন্তু এই হাড়-ছাল
সৰ্বস্ব কংকালসাৰ দেহেৰে ধ্যানৰ অনুভূতি দূৰৰে কথা ভালদৰে বহাটোৱেই কঠিন হ
ব দেখোন৷ সেই বাবে পোনতে শৰীৰ আৰু স্বাস্থ্যৰ পুনৰুদ্ধাৰৰ প্ৰতি মনোযোগ
দিলোঁ৷ ভাল ভাল খাদ্য
দাইল, ভাতখাবলৈ আৰম্ভ কৰিলোঁ৷ সেই সময়ত মোৰ লগত পাঁচজন ভিক্ষু আছিল৷মোক শক্তিযুক্ত আহাৰ গ্ৰহণ কৰা দেখি তেওঁলোকে ভাবিলে যে মোৰ তপস্যাত স্খলন
ঘটিছে৷ মোৰ প্ৰতি প্ৰচণ্ড ঘৃণাত উদাসীন হৈ সেই পাঁচজন ভিক্ষু মোক এৰি থৈ গুচি গ
ল৷”

ইয়াৰ পৰৱৰ্তী জীৱন-যাত্ৰা সম্বন্ধে প্ৰসংগান্তৰত বুদ্ধই
কৈছে
—”মই এটুকুৰা ৰমণীয় স্থানত, হাবি-জংগলে ঢাকি থোৱা
অঞ্চল এটাত এখন নৈ (নিৰঞ্জনা) বৈ থকা দেখা পালোঁ৷ নৈখনৰ ঘাটটি বৰ সুন্দৰ আৰু
পৰিষ্কাৰ৷ ঠাইখন দেখি ভাব হ
ল এয়াই প্ৰকৃত
ধ্যানযোগ্য স্থান৷ মই তাতেই বহি পৰিলোঁ৷ (ইয়াৰ পাছত) সাধনাৰ জৰিয়তে জন্ম-মৃত্যুৰ
দুষ্পৰিণামৰ কথা জানি
মই পৰম অনুপম নিৰ্বাণ লাভ কৰিলোঁ; পৰম জ্ঞানৰূপী সত্যৰ সাক্ষাৎ লাভ কৰিবলৈ সমৰ্থ হলোঁ;
চিত্তৰ চিৰন্তন মুক্ত অৱস্থা লাভ কৰিলোঁ৷ এইটোৱে মোৰ
অন্তিম জন্ম
, ইয়াৰ পাছত আৰু (দ্বিতীয়) জন্ম (নহব)৷”

সিদ্ধাৰ্থৰ এই যে জ্ঞানগৰ্ভ দৰ্শন সি চাৰি ভাগত বিভক্তদুখ আছে, দুখৰ কাৰণ আছে (সমুদয়), দুখক নিৰোধ বা বিনাশ কৰিব পাৰি আৰু দুখ বিনাশৰ পথ বা উপায় আছে৷ যি বস্তু বা
ঘটনা বৰ্তমান
, সেইবোৰ কাৰণৰ পৰা উৎপন্ন হৈছে৷ সেই কাৰণ বা
হেতুবোৰৰ বিষয়ে বুদ্ধই নিজৰ বক্তব্য দি থৈ গৈছে৷ এনেকি সেই কাৰণবোৰ নিৰোধ কৰাৰ
উপায়ো বুদ্ধই দেখুৱাই থৈ গৈছে৷ এনে ধৰণৰ মত যিয়ে পোষণ কৰে তেওঁ হ
ল মহাশ্ৰমণ৷

সিদ্ধাৰ্থই ঊনত্ৰিশ বছৰ বয়সত (৫৩৪ খ্ৰীঃ পূঃ) গৃহত্যাগ
কৰিছিল৷ ছয় বছৰ কাল যোগ তপস্যা কৰাৰ পাছত ধ্যান আৰু গভীৰ আত্মচিন্তাৰ জৰিয়তে ৩৬
বছৰ বয়সত (৫২৮ খ্ৰীঃ পূঃ) তেওঁ বোধিজ্ঞান লাভ কৰি বুদ্ধ নামেৰে পৰিচিত হয়৷ তাৰ
পাছত সুদীৰ্ঘ ৪৫ বছৰ জুৰি তেওঁ ধৰ্ম আৰু দৰ্শনৰ উপদেশ প্ৰদান কৰি ৪৮৩ খ্ৰীষ্ট
পূৰ্বাব্দত কুশী নগৰত আশী (৮০) বছৰ বয়সত মহাপৰিনিৰ্বাণ লাভ কৰে (দেহত্যাগ কৰে)৷

 


সাধাৰণ চিন্তাধাৰা


বুদ্ধত্ব প্ৰাপ্তিৰ পাছত সিদ্ধাৰ্থই সৰ্বপ্ৰথমে নিজা-জ্ঞানৰ
অধিকাৰী সেই পাঁচগৰাকী ভিক্ষুকৰ কথা স্মৰণ কৰিলে
, যিয়ে তেওঁক স্খলিত, পতিত আখ্যা দি এৰি থৈ গৈছিল৷ বিচাৰ-খোচাৰ কৰি
এদিন তেওঁ সেই পাঁচজন সাধুৰ আশ্ৰম ওলালগৈ৷ ঠাইখন ঋষিপত্তম মৃগদাবৰূপে জনাজাত আৰু
বৰ্তমান সেই ঠাই বাৰানসীৰ ওচৰৰ সাৰনাথত অৱস্থিত৷ বুদ্ধৰ সৰ্বপ্ৰথম উপদেশ সেই বিশেষ
আশংকা নিৰ্মূল কৰাৰ বাবে ব্যক্ত হৈছিল
যি আশংকা পোষণ
কৰি অনশন ত্যাগ কৰাৰ বাবে এদিন সেই বিশেষ পাঁচগৰাকী ভিক্ষুৱে বুদ্ধক উপেক্ষা কৰি
তেওঁৰ সংগ ত্যাগ কৰিছিল৷ বুদ্ধই ক
লে (সংযুক্ত
নিকায় ৫৫/২/১)

ভিক্ষুগণ, এই দুটা
অতিচাৰৰ পৰা দূৰৈত থকা উচিত :

(১) কাম-সুখত লিপ্ত হোৱা, আৰু

(২) শৰীৰক পীড়িত কৰা৷

এই দুই অতিচাৰ ত্যাগ কৰি তাৰ বিপৰীতে মই মধ্যম পন্থা বিচাৰি
পাইছোঁ৷ এই পথ শান্তিৰ পথ
, জ্ঞানৰ পথ৷ এই পথৰ অৱলম্বনে মানুহৰ চকু মুকলি
কৰিব৷ এই মধ্যম পন্থাই হ
ল আৰ্য মাৰ্গ৷ ইয়াক আৰ্য অষ্টাংগিক মাৰ্গ
বুলি অভিহিত কৰা হৈছে৷ এই আঠ প্ৰকাৰৰ মাৰ্গ বা পথ হ
সঠিক দৃষ্টি (দৰ্শন), সঠিক সংকল্প, সঠিক বচন, সঠিক কৰ্ম, সঠিক জীৱিকা, সঠিক চেষ্টা, সঠিক স্মৃতি আৰু সঠিক সমাধি৷”


(১) চাৰি আৰ্য সত্য :


দুখ, দুখ-সমুদয় (কাৰণ), দুখ-নিৰোধ, দুখ-নিৰোধৰ মাৰ্গ বা পথযাৰ কথা মই উল্লেখ পূৰ্বেই কৰিছোঁ৷ এইকেইটাক বুদ্ধই আৰ্য সত্য, উচ্চতম সত্য বা শ্ৰেষ্ঠ সত্য বুলি অভিহিত কৰিছে৷


(ক) দুখ :


প্ৰথমটো, অৰ্থাৎ দুখ সত্যৰ
ব্যাখ্যা দিবলৈ গৈ বুদ্ধই কৈছে
—”জন্মও দুখময়, বাৰ্ধক্যও দুখময়৷ মৃত্যুৰোগ, শোক,
ব্যাধি, ক্ৰন্দন, মনৰ অসন্তুষ্টি, বিমৰ্ষতা, বিভ্ৰান্তিএই আটাইবোৰেই দুখ৷ অপ্ৰিয়জনৰ সৈতে সংযোগ, প্ৰিয়জনৰ সৈতে
বিয়োগ বা বিচ্ছেদ
দুখজনক৷ সংক্ষেপতে দুখৰ উপাদান পাঁচটা৷ এই
পাঁচটা উপাদান স্কন্ধ হ
ৰূপ, বেদনা,
সংজ্ঞা, সংস্কাৰ আৰু বিজ্ঞান৷

(অ) ৰূপচাৰি মহাভূত : ক্ষিতি, অপ,
তেজ আৰু মৰুৎএইকেইটাৰ নাম
ৰূপ উপাদান স্কন্ধ৷

(আ) বেদনাবস্তু তথা সিবোৰৰ
বিচাৰগত সংস্পৰ্শলৈ আহিলে যি সুখ
, দুখ বা নিৰপেক্ষতা
(সুখ+দুখ হীনতা) অনুভৱ কৰা যায়
, তাৰ নাম বেদনা স্কন্ধ৷

(ই) সংজ্ঞাবেদনাৰ পাছত মস্তিষ্কত
পূৰ্বৰে পৰা স্থিত সংস্কাৰৰ জৰিয়তে যিভাৱে জানিব বা বুজিব পৰা যায় যে
, ‘এয়াই সেই দেৱদত্ত‘, তাক সংজ্ঞাৰূপে অভিহিত কৰা হৈছে৷

(ঈ) সংস্কাৰৰূপগত বেদনা
আৰু সংজ্ঞাৰ যি সংস্কাৰ মগজুৰ ওপৰত পৰে আৰু যাৰ সহায়ত আমি চিনি উলিয়াবলৈ সক্ষম হওঁ
এয়াই সেই দেৱদত্ত‘,—তাক সংস্কাৰ আখ্যা দিয়া হৈছে৷

(উ) বিজ্ঞানবিজ্ঞান হল চেতনা বা মন৷

এই পাঁচোটা উপাদান যেতিয়া তৃষ্ণাৰ বিষয় হিচাপে ব্যক্তিৰ
সংস্পৰ্শলৈ আহে
, তেতিয়া ইবোৰক উপাদান স্কন্ধ বোলা হয়৷

(খ) দুখৰ হেতু :


দুখৰ হেতু বা কাৰণ কি ? ইয়াৰ উত্তৰত
কোৱা হৈছে তৃষ্ণা বা ইচ্ছাই হৈছে দুখৰ হেতু৷ তৃষ্ণা কেইবা প্ৰকাৰৰ : কামভোগৰ
তৃষ্ণা
,
ভৱজগতৰ তৃষ্ণা, বৈভৱৰ তৃষ্ণা৷
কামনাৰ বশৱৰ্তী হৈ ভোগস্পৃহাৰ আকাংক্ষাত ৰজাই ৰজাই যুদ্ধ হয়
ক্ষত্ৰিয়ৰ লগত ক্ষত্ৰিয়ই যুদ্ধ কৰে৷ ব্ৰাহ্মণৰ সৈতে ব্ৰাহ্মণে, বৈশ্যৰ লগত বৈশ্যই, মাকে পুতেকৰ লগত, পুত্ৰই মাকৰ লগত, পিতৃৰ লগত পুত্ৰই, পুত্ৰৰ লগত পিতৃয়ে, ভায়েকে ভায়েকে, ভনীয়েকৰ সৈতে ভনীয়েকে, ভায়েকৰ লগত ভনীয়েকে, ভনীয়েকৰ লগত ভায়েকে, বন্ধুৱে বন্ধুৰ লগত কাজিয়াত লিপ্ত হৈ পৰে৷
এওঁলোক আটায়ে নিজৰ মাজত কাজিয়া-বিবাদ-বিসম্বাদ কৰি এজনে আনজনক হাতেৰে
, লাঠিৰে, এনেকি অস্ত্ৰৰ দ্বাৰাও আক্ৰমণ-প্ৰত্যাক্ৰমণ
কৰে৷ ইয়াৰ পৰিণতিত হয়তো তেওঁলোকৰ মৃত্যু হয়
, নতুবা মৃত্যুৱৎ
যন্ত্ৰণাৰ দৰে নানান জ্বালা-যাতনা আৰু দুখ সহ্য কৰিবলগীয়া অৱস্থা হয়৷


(গ) দুখৰ বিনাশ :


তৃষ্ণাৰ নিৰোধ, পৰিত্যাগ আৰু
বিনাশৰ নাম দুখ নিৰোধ বা দুখৰ বিনাশ৷ যিবোৰ বস্তু বা বিষয় নিজৰ প্ৰিয় বুলি ধাৰণা
কৰা হয় আৰু সেই বিষয়বোৰৰ সংকল্প-বিকল্প
, চিন্তা-ভাবনাৰ
পৰা নিজকে মুক্ত কৰিব পৰা যায়
, অৰ্থাৎ সেইবোৰৰ ইচ্ছা
ৰহিত হয়
,
তেতিয়াই তৃষ্ণাৰ নিৰোধ সম্ভৱ হয়৷ তৃষ্ণাৰ বিনাশ হলে পৰ উপাদানৰ প্ৰবৃত্তি (বিষয় সংগ্ৰহ কৰাৰ প্ৰবৃত্তি) নাইকিয়া হয়৷ উপাদানৰ
নিৰোধ হ
লে ভৱ (লোক) যন্ত্ৰণা বিলুপ্ত হয়৷ ভৱ-যন্ত্ৰণা বিলুপ্ত হলে পূৰ্বজন্ম ৰোধ হয়৷ পুনৰ্জন্ম ৰোধ হলে বাৰ্ধক্য, মৃত্যু, শোক, ক্ৰন্দন, দুখ,
বিমৰ্ষতা, বিভ্ৰান্তি আদি সকলো
বিনষ্ট হয় ৷ এনেদৰে দুখৰ নিৰোধ কৰিব পৰা যায়৷

প্ৰকৃতপক্ষে, দুখৰ বিনাশ বা
দুখৰ নিৰোধক বুদ্ধৰ সমগ্ৰ চিন্তা-ভাৱনাৰ কেন্দ্ৰবিন্দু বুলিলেও ভুল কোৱা নহয়৷


(ঘ) দুখ বিনাশৰ পথ :


দুখ-বিনাশৰ দিশলৈ লৈ যোৱা পথ কোনটো ? বা কোন বাটেৰে গলে দুখৰ বিনাশ সম্ভৱ হয় ? ইয়াৰ উত্তৰত বুদ্ধই আঠোটা পথৰ নিৰ্দেশনা দিছে৷ এইকেইটাক আৰ্য (শ্ৰেষ্ঠ) অষ্টাংগিক
মাৰ্গৰূপে অভিহিত কৰা হৈছে
যাৰ কথা ইতিপূ্ৰ্বে মই উল্লেখ কৰি আহিছোঁ৷
বুদ্ধ নিৰ্দেশিত এই আঠোটা পথৰ আদৰ্শক তিনিটা প্ৰধান ভাগত ভাগ কৰা হয়৷ সেই ভাগবোৰ হ
জ্ঞান (প্ৰজ্ঞা), সদাচাৰ (শীল) আৰু যোগ (সমাধি)৷ এই তিনিটা
ভাগৰ অন্তৰ্গত মাৰ্গকেইটা এনে ধৰণৰ :

(ক) জ্ঞান : সঠিক দৃষ্টি,

সঠিক সংকল্প,

সঠিক বচন৷

(খ) শীল : সঠিক কৰ্ম,

সঠিক জীৱিকা,

সঠিক যত্ন৷

(গ) সমাধি : সঠিক স্মৃতি,

সঠিক সমাধি৷


(ক) সঠিক জ্ঞান


সঠিক (সম্যক) দৃষ্টি :


কায়িক, বাচিক, মানসিক, ভাল-বেয়া কৰ্মৰ চিনাক্তকৰণৰ জ্ঞানক সঠিক
দৃষ্টি বোলা হৈছে৷ বুদ্ধই দেখুওৱা বেয়া আৰু ভাল কামৰ তালিকাখন এনে ধৰণৰ :


কায়িক :


বেয়া কাম : ভাল কাম


১. হিংসাবৃত্তি : অহিংসা,

২. চৌৰ্যবৃত্তি : অচৌৰ্য,

৩. যৌন ব্যভিচাৰ : অব্যভিচাৰ৷


বাচিক :


৪. মিথ্যাভাষণ : সত্য বচন,

৫. পৰনিন্দা পৰচৰ্চা : উভয়ৰ বৰ্জন,

৬. কটুবচন : মিষ্টবচন,

৭.অদৰ্কাৰী কথা : প্ৰয়োজনীয় কথা৷


মানসিক :


৮. লোভ : নিৰ্লোভ,

৯. প্ৰতিহিংসা : প্ৰতিহিংসাহীনতা,

১০. মিছা ধাৰণা : সত্য আধাৰিত

ধাৰণা৷

দুখ, দুখৰ হেতু, দুখ-নিৰোধ আৰু দুখ নিবৃত্তিৰ পথৰ সঠিক জ্ঞানে সম্যক দৃষ্টি প্ৰদান কৰে ৷
আনহাতে ৰাগ
, দ্বেষ, হিংসা, প্ৰতিহিংসা ৰহিত সংকল্পৰ নাম সম্যক বা সঠিক সংকল্প৷

(খ) সঠিক আচাৰ :


সঠিক বচন:


মিছাকথা, পৰনিন্দা, কটুভাষণ আৰু অনৰ্থক আজে-বাজে কথা এৰি সত্য তথা সুমিষ্ট বচন প্ৰয়োগ কৰিব লাগে৷


সঠিক কৰ্ম :


হিংসা, চৌৰ্য আৰু ব্যভিচাৰ
মুক্ত (ৰহিত) কৰ্মই সঠিক কৰ্ম৷


সঠিক জীৱিকা (সম্যক আজীৱ) :


জীৱন নিৰ্বাহৰ বাবে নিকৃষ্ট জীৱিকাৰ পথ ত্যাগ কৰি সঠিক
আচৰণৰ ভিত্তিত জীৱিকা অৱলম্বন কৰাটোকে সঠিক জীৱিকা বোলা হৈছে৷ তৎকালীন শাসক-শোষক
সমাজৰ দ্বাৰা অনুমোদিত জীৱিকাসমূহৰ ভিতৰত প্ৰাণী হিংসাৰ সৈতে জড়িত জীৱিকাবোৰকে
বুদ্ধই মিথ্যা জীৱিকা আখ্যা দিছে৷ বুদ্ধ নিৰ্দেশিত আন কেতবোৰ নিকৃষ্ট জীৱিকা হ
—”অস্ত্ৰ-শস্ত্ৰৰ ব্যৱসায়, প্ৰাণী বা প্ৰাণীজ
দ্ৰৱ্যৰ সৈতে জড়িত জীৱিকা
, মাংসৰ ব্যৱসায়, মাদক দ্ৰৱ্যৰ ব্যৱসায়, বিষৰ ব্যৱসায় ইত্যাদি৷”


(গ) সঠিক সমাধি :


সঠিক চেষ্টা বা যত্ন (ব্যায়াম) :


ইন্দ্ৰিয় সংযম, কু-মনোভাব
বৰ্জন
,
উচ্চ চিন্তা-ভাবনা, সজ চিন্তাৰ
আন্তৰিক প্ৰচেষ্টা
, মনত জাগি উঠা ভাল চিন্তা সংৰক্ষণ কৰাএইবোৰেই হল সঠিক চেষ্টা৷


সঠিক স্মৃতি :


কায়া, বেদনা, চিত্ত আৰু মনৰ ধৰ্মৰ স্থিতি সম্বন্ধে সজাগ-সচেতন থকা৷ সিবোৰৰ ক্ষণস্থায়িত্ব
আৰু মলিনতাৰ সম্ভাৱনাৰ কথা সৰ্বদা স্মৰণ কৰা৷


সঠিক সমাধি :


সমাধিৰ অৰ্থ হল চিত্তৰ সংযমৰ
বাবে কৰা বিবিধ প্ৰকাৰৰ ধ্যানানুশীলন৷ “চিত্তৰ একাগ্ৰতাৰ নাম সমাধি৷”
যাৰ জৰিয়তে মনৰ বিক্ষেপসমূহ দূৰ কৰিব পৰা যায়
, তাৰ নাম সঠিক
সমাধি৷ বুদ্ধৰ শিক্ষাক অতি সংক্ষেপে এটা প্ৰাচীন গাথাৰ জৰিয়তে এনেদৰে বেকত কৰা
হৈছে

যাবতীয় কুকৰ্মবোৰ পৰিহাৰ কৰা, যাবতীয় শুভকৰ্মবোৰ সম্পাদন কৰা আৰু চিত্তক সংযত ৰাখা, এয়াই বুদ্ধৰ শিক্ষা৷”

নিজ নিজ জীৱনত শিক্ষাৰ মুখ্য প্ৰয়োজন কি, সেই বিষয়ে বুদ্ধই কৈছে

হে ভিক্ষুগণ, এই ব্ৰহ্মচৰ্য (ভিক্ষু-জীৱন) লাভ, সৎকাৰ প্ৰশংসা
বুটলি ফুৰাৰ বাবে নহয়
, কোনো শীল বা সদাচাৰ পোৱাৰ বাবে নহয়, সমাধি প্ৰাপ্তিৰ বাবে নহয়, জ্ঞান-দৰ্শনৰ বাবেও
নহয়৷ যি অটুট চিত্তৰ মুক্তি আৰু প্ৰশংসা বৰ্তমান
তাৰ বাবেই এই ব্ৰহ্মচৰ্য, এয়াই সাৰ সত্যএয়াই শেষ কথা৷”

বুদ্ধৰ দাৰ্শনিক চিন্তা-ভাৱনাৰ কথা আৰু বিশদভাৱে জনাৰ
পূৰ্বে তেওঁৰ জীৱন-পঞ্জীৰ বাকী অংশ সমাপ্ত কৰি লোৱা আৱশ্যক৷

সাৰনাথত প্ৰথম ধৰ্মোপদেশ প্ৰদান কৰাৰ পাছত, তাতেই বৰ্ষাকালছোৱা কটাই চতুৰ্থ মাহত নিজ হাতে দীক্ষা দিয়া ষাঠিগৰাকী শিষ্যক
সেই স্থান ত্যাগ কৰাৰ সময়ত বুদ্ধই সম্বোধন কৰি কৈছিল

ভিক্ষুগণ, বহুজনৰ
হিতাৰ্থে
,
বহুজনৰ সুখাৰ্থে, আনৰ জীৱনত দয়াৰ
প্ৰলেপ প্ৰদানৰ বাবে
, দেৱ-মানৱৰ আৱশ্যকতা, হিত আৰু সুখৰ বাবে তোমালোকে বিচৰণ কৰিবা৷ একেলগে দুজন কেতিয়াও নুফুৰিবা৷ ময়ো
উৰুবেলালৈ
সেনানী গাঁৱলৈ ধৰ্মোপদেশৰ বাবে যাওঁ৷”

ইয়াৰ পাছত সুদীৰ্ঘ চোৱাল্লিশ (৪৪) বছৰ বুদ্ধ জীয়াই আছিল৷
এই চোৱাল্লিশটা বছৰে বাৰিষাৰ তিনি মাহ বাদ দি
, তেওঁ
প্ৰতিদিনেই পৰিব্ৰাজন কৰিছিল৷ য
লৈকে গৈছিল, তাতেই তেওঁ জনগণক ধৰ্ম আৰু দৰ্শনৰ উপদেশ প্ৰদান কৰিছিল৷ বুদ্ধত্ব প্ৰাপ্তিৰ পাছত
বুদ্ধই জীৱনৰ ৪৪ টা বাৰিষা ক
ত কত কটাইছিল, তলত তাৰ এখন তালিকা দিয়া হল :


স্থান –  খ্ৰীষ্টপূৰ্ব 

লুম্বিনীত জন্ম ৬৫৩

বোধগয়াত বুদ্ধত্ব প্ৰাপ্তি ৫২৮

১৷ ঋষিপতন (সাৰনাথ) ৫২৮

২-৪৷ ৰাজগৃহ ৫২৭-৫২৫

৫৷ বৈশালী ৫২৪

৬৷ মংকুল পৰ্বত (বিহাৰ) ৫২৩

৭৷ ……ত্ৰয়স্ত্ৰিংশ ৫২২

৮৷ সুন্সুমাৰগিৰি (চুনাৰ) ৫২১

৯৷ কৌশাম্বী (এলাহাবাদ) ৫২০

১০৷পাৰিলেয়ক

(মিৰ্জাপুৰ) ৫১৯

১১৷ নালা (বিহাৰ) ৫১৮

১২৷ বৈৰঞ্জ (কনৌজ

মথুৰাৰ মাজভাগ) ৫১৭

১৩ ৷ চালিয়া পৰ্বত

(বিহাৰ) ৫১৬

১৪৷ শ্ৰাৱস্তী (গোন্ডা) ৫১৫

১৫৷ কপিলাবস্তু ৫১৪

১৬৷ সালবী (অবৰল) ৫১৩

১৭৷ ৰাজগৃহ ৫১২

১৮৷ চালিয়া পৰ্বত ৫১১

১৯৷ চালিয়া পৰ্বত ৫১০

২০৷ ৰাজগৃহ ৫০৮-৪৮৪

২১-৪৫৷ শ্ৰাৱস্তী ৪৮৩

৪৬ ৷ বৈশালী ৪৮৩

(কুশীনাৰাত নিৰ্বাণ ৪৮৩)৷

বুদ্ধৰ বিচৰণ ক্ষেত্ৰ সৰহ ভাগেই যুক্তপ্ৰান্তৰ সমস্ত অঞ্চল
আৰু সমগ্ৰ বিহাৰ জুৰি সীমিত আছিল৷ ইয়াৰ বাহিৰলৈ তেওঁ কেতিয়াও ক
লৈকো যোৱা নাছিল৷

 

Popular Post

ঐতিহাসিক চিঠি