ৰামদৰশ মিশ্ৰৰ দুটি কবিতা

Posted by : translatorsassam
June 17, 2020

মূল : ৰামদৰশ মিশ্ৰ (হিন্দী)

অসমীয়া ভাঙনি : ৰুবুল দাস

 

 

অপেক্ষা

প্ৰতিটো চকতে

দুৰ্ঘটনাগ্ৰস্ত
হৈ কেঁকাই আছে এখন দেশ

আৰু আমি

ডাক্তৰৰ সলনি

অপেক্ষা কৰি
আছোঁ পুলিচৰ
|

 

ঠিকনা

চাৰিওফালে কাঁইটৰ
জংঘল

আৰু ভিতৰৰ কৰবাত

এডালি ভীত লতা
|

 

যোৱা,  গুচি যোৱা

এইটোৱে তেওঁৰ
ঘৰৰ ঠিকনা
|

 

 

কবি পৰিচিতি  : দিন এক
নদী বন গয়া
‘, ‘কন্ধে পৰ সূৰজ ‘,’আমকে পত্তে ‘,’আগ কুছ নহী বলতা ” আদিকে ধৰি কেবাখনো কবিতা পুথি ৰচনা কৰি হিন্দী কাব্য-জগতক চহকী কৰা এগৰাকী প্ৰতিষ্ঠিত কবি
ল – ৰামদৰশ মিশ্ৰ | ১৯২৪ চনৰ ১৫ আগষ্টত জন্ম গ্ৰহণ কৰা এইগৰাকী কবিৰ
ঘৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত
২০১৫ চনত “আগ কী হঁসী ” কাব্যগ্ৰন্থখনিৰ
বাবে তেওঁক
সাহিত্য অকাডেমীবঁটাৰে সন্মানিত কৰা হয় |

Popular Post

ঐতিহাসিক চিঠি