গল্পঃ প্লেগ / শৰদিন্দু বন্দোপাধ্যায়

Posted by : translatorsassam
June 17, 2020

প্লেগ

মূল (বাংলা)
: শৰদিন্দু বন্দোপাধ্যায়

অসমীয়া ভাঙনি : দেৱাশ্ৰী বৰগোহাঁই

 

    দহবছৰৰ আগৰ কথা ।

    বম্বেত জাহাজৰপৰা নামিয়ে ঘৰলৈ তাঁৰপঠিয়ালো । একোৱে
চোন ভাল লগা নাই
, মনটোৱে ছটফটাই আছে
। ঘৰৰ ইমান ওচৰ পায়ো তেতিয়াও ঘৰ পাবলৈ বহু দূৰ বাকী । যিমান দিন বিদেশত আছিলো কিবা
প্ৰকাৰে মনটোক বুজনি দি বান্ধি ৰাখিছিলো । এতিয়া ঠিক যেন
 ভালপোৱাজনৰ সতে একেটা ঘৰতে থাকিও দেখা কৰিব নোৱাৰাৰ বিড়ম্বনা । কালিলৈ
দ্বিতীয় প্ৰহৰত ঘৰ পামগৈ
; মাজত সুদীৰ্ঘ
চৌব্বিছ ঘন্টা ।

    সন্ধিয়াবেলা বম্বেৰ পৰা যাত্ৰা আৰম্ভ হল । সন্ধ্যা বাগৰি ৰাতি ঘন হৈ আহিল । ট্ৰেইনখন উৰ্ধ্বশ্বাসে
গতি কৰিলে । মাত্ৰ কিছু ঘন্টাৰ ভিতৰতে ভাৰতৰ পশ্চিমৰ পৰা পূৱত উপস্থিত হ
ব লাগিব তাৰবাবেই এই প্ৰচণ্ড গতি । বেহাৰ এখন ক্ষুদ্ৰ চহৰ ।
অত্যন্ত ধূলিময় । সংকীৰ্ণ গলিসংকুল মোৰ চিৰজীৱনৰ দীন চহৰখন । মাতৃভূমি নহয়
, কিন্তু আজন্ম জীৱনটো ইয়াতে কটাইছো । চহৰখনৰ প্ৰতি এক অদৃশ্য
মোহে অজগৰ সাপৰ দৰে মেৰিয়াই আছে । তাৰপাছত আমাৰ ঘৰখন । ৰাস্তাৰ ঠিক কাষতে বগা চূণ
দিয়া প্ৰকাণ্ড ঘৰটো
, কেঁকুৰিটো ঘূৰিলেই
দেখা পোৱা যায় ।  কাষতে গোলাপ ফুলৰ বাগানখন
। দেউতাৰ গোলাপৰ ভীষণ চখ ।

   

ৰাতিটো গভীৰ হৈ আহিছে । ট্ৰেইনখনে অন্ধকাৰ ভেদি এক নিষ্ঠুৰ আনন্দত কিৰিলি পাৰি আগবাঢ়িছে । টোপনি
অহা নাই । জীৱনৰ এই তিনিটা বছৰ টোপনিতে কাটি গ
 নেকি
? আজি জীৱনটো অতি অদূৰ অতি অপ্ৰাকৃত যেন বোধ হৈছে । উঠি বহি
চুৰট এটা জ্বলাই ল
লো । প্ৰখৰ পোহৰৰ
বিজুলীচাকিটোৰ ওপৰত কাপোৰৰ আৱৰণ এখন টানি দিলো । ষ্টে
নত দেউতা নিশ্চয় গাড়ী লৈ ৰৈ থাকিব । আৰু কোন থাকিব ? সুবোধো নিশ্চয় আহিব, সি নেৰিব । দেউতা ছাগে
ইমানদিনে অলপ বুঢ়া হৈ পৰিছে । দাড়িবোৰ বোধকৰো সব পকিছে । বিলাতলৈ যোৱাৰ আগেয়ে
দেখিছিলো তেওঁৰ দুই-এডাল দাড়ি পকিবলৈ আৰম্ভ কৰিছিল । আৰু মা
…! মোৰ মা ! তেওঁ অলপো সলনি হোৱা নাই- ঠিক আগৰ দৰেই আছে ।  মই যোৱাৰ সময়ত তেওঁ কন্দা নাছিল- অমঙ্গলৰ চিন ।
কিন্তু এতিয়া ! এতিয়া তেওঁ ৰ
ব নোৱাৰিব- কান্দি
পেলাব । আৰু
আৰু তেওঁ
যাক বাৰ বছৰতে এৰি থৈ গৈছিলো । তেওঁ এতিয়া পোন্ধৰ বছৰীয়া হচিঠিৰ মাজত নো
কিমান পোৱা যায়  । যাক বুকুৰ মাজত সাৱটিও
মনে তৃপ্তি নাপায়-তেওঁৰ চিঠি । দূৰৰ পৰা ছটিয়াই দিয়া এমুঠি শুকান ফুল পাপৰি
শেষৰখন চিঠিত তেওঁ লিখিছিল- তেওঁ
কিন্তু আগেয়ে কথা নাপাতে
দেখা যাওকচোন কি হয়
মোৰ টেলিগ্ৰাম ইমান
সময়ে চাগে ঘৰ পাইছেগৈ । ঘৰত ছাগে এতিয়া আনন্দৰ কোলাহল । সুবোধে আনন্দত নাছি উঠিছে
, মায়ে বাৰে বাৰে চাদৰৰ আঁচলেৰে চকুহাল মোহাৰিছে । দেউতাই
বাহিৰৰ কোঠাত এখন কিতাপ সন্মুখত লৈ বহি আছে । আৰু তেওঁ
আজি ৰাতি ছাগে ঘৰত কাৰোৰে টোপনি নাহিব ।

    টোপনি পৰা সাৰ পাই দেখিলো আকাশত ঢলফাট মেলিছে, যদিও বেলি তেতিয়াও ওলোৱা নাই ।  কিছুসময়ৰ পাছত ট্ৰেইন খন আহি এটা ডাঙৰ ষ্টেছনত
ল । তাতে চাহ খালো আৰু খবৰ কাকত এখন কিনি ললো । প্ৰায় ছয় ঘন্টা সময় যে শুই থাকোতে পাৰ হৈ গল এই কথা ভাবি বৰ স্ফূৰ্টি লাগিল । সাৰ পাই যদি দেখিলোহেতেন
মই গৈ ঘৰ পাইছো !

    খবৰ কাগজ খনত বিশেষ একো আছিল । কলকাতাৰ
মৰাপাটৰ গুদাম জুই লাগিছে
, এগৰাকী মহিলাই পানী
জাপ দি আত্মহত্যা কৰিছে
, বেহাৰ আৰু তাৰ
কাষৰীয়া অঞ্চলসমূহত প্লেগ মহামাৰীয়ে দেখা দিছে- পঢ়ি ভাল নালাগিল
; কাকতখন সামৰি থৈ দিলো । 
মোৰ মনটো আকৌ এবাৰ মোৰ ঘৰ মোৰ চিৰপৰিচিত চৌপাশত ঘূৰিবলৈ ধৰিলে ।

দুপৰীয়া
একমান বজাত ট্ৰেইনখন গৈ মোৰ পৰিচিত ষ্টেছনত গৈ ৰ
ল । ট্ৰেইনৰ পৰা মূৰ উলিয়াই চিনাকী কাৰোবাক দেখো নেকি চালো, পিছে কাকো দেখা নাপালো । লৰালৰিকৈ নামি পৰিলো, ট্ৰেইনখন গুচি গল ।

মোক নিবলৈ
কোনো কিয় নাহিল
? ‘তাঁৰগৈ পোৱা নাই নেকি ? খুব সম্ভৱ সেইটোৱেই । যি কি নহওক বেয়া
নহয় পিছে । হঠাৎ ঘৰত উপস্থিত হৈ সকলোকে হতবাক কৰি দিম ।
Surprise…!

কুলীয়ে
সুধিলে
,
চাহেব, কাহা জানা হ্যা?’

মই দেউতাৰ
নামটো কৈ সুধিলো
, ‘গাড়ী মিলেগা?’

তেওঁ কলে, ‘নহী হুজুৰ, গাড়ী টমটম কুছ নহী ।

মই ষ্টেছন
মাষ্টাৰৰ ওচৰলৈ গ
লো । বয়বস্তুবোৰ তেওঁৰ জিম্মাত থৈ খোজকাঢ়িয়ে ওলাই আহিলো । ষ্টেছন
মাষ্টাৰজন হিন্দুস্থানী-তেওঁ ক
লে মজুৰী
একেবাৰে কম সেইবাবে ষ্টেছনত গাড়ী ঘোঁৰা একোৰে ব্যৱস্থা নাই ।

ৰাস্তাত
কোনো এজন লোক নাই । এইয়া কি
? ঘৰ দুৱাৰ সকলো বন্ধ
। দ্ৰুতিগতিত খোজকাঢ়ি বজাৰৰ মাজ পালোহি । সমস্ত দোকান বন্ধ
, তলা লগোৱা । মানুহবিহীন চহৰৰ দৰে ভয়াবহ দৃশ্য বোধকৰো আন একো
নাই । বুকুৰ ভিতৰেৰে যেন কোনোবাই হিম শীতল হাত এখন বোলাই দিলে । নি:শ্বাসবোৰ ডিঙিৰ
ওচৰত এটুকুৰা শিল হৈ বহিল । এটা ধূলিৰ ঘূৰ্ণি হঠাতে ৰাস্তাৰ মাজত উঠি মোৰ দিশে
লাহে লাহে অগ্ৰসৰ হ
ব ধৰিলে । থমকি থিয়
দি ৰ
লো । ভাৱ হল ঘূৰ্ণি
নহয় যেন এই মৃত চহৰখনৰ প্ৰেতাত্মাহে । ঘূৰ্ণিটো যেতিয়া মোৰ ওপৰেৰে পাৰ হৈ গৈছিল
সেই সময়তে অদূৰত এটা শব্দ শুনা পালো । দেহৰ বাহিৰে ভিতৰে
মুহূৰ্ততে যেন কিবা এটাই বিন্ধি পেলালে ।  এক অমানুষিক আৰ্তনাদ নে বিকট হাঁহি চকু মোহাৰি দেখা
পালো দহ বাৰটামান কুকুৰে কৃষ্ণবৰ্ণ কিবা এটা বেৰি বহি আ
ছে । ওচৰলৈ গৈ দেখা পালো কৃষ্ণবৰ্ণ বস্তুটো এটা পাঁচ ছয় বছৰীয়া
শিশুৰ শৱ । তাকে আগুৰি কুকুৰকেইটাই কাজিয়া কৰিছে ।

যি অৱস্থাত মানুহৰ মনত আশংকাৰ উদয় হয় মই তেতিয়া সেই
অৱস্থাতো নাছিলো ।  মাথো ঘৰ পাবলৈ এটা
উৰ্ধ্বশ্বাস ত্বৰিৎ
, জ্ঞানহীন চেষ্টা
কৰিছিলো । দৌৰিবলৈ আৰম্ভ কৰিছিলো
, জীৱনত কোনোদিন
এনেদৰে দৌৰা নাই
শীতৰ দ্বিতীয় প্ৰহৰ, কিন্তু সৰ্বাংগ ঘামত তিতিছে । ঘামত চকু জাপ খাই পৰিছেকিন্তু তেতিয়া সেইবোৰ একোৰে জ্ঞান নাছিল

ঘৰৰ সমুখত আহি থিয় হলোহি । দুৱাৰ
খো
লা। এনেভাৱে খোলা যেন
বহুদিন ধৰি বন্ধ কৰা হোৱা নাই । বাগানৰ ফালে চকু গ

ফুলবোৰ কলৈ গ, গোলাপ ফুলবোৰ? বুকুৰ ভিতৰখনে হাহাকাৰ কৰি উঠিল, ফুলবোৰ ক?

যিটো ঘূৰ্ণি
ৰাস্তাত দেখিছিলো
, সেই ঘূৰ্ণি তেতিয়া
ৰাস্তাৰ পৰা আহি মোৰ গাৰ ওপৰে দি মিলাই থৈ গ

এক শীতল নি:শ্বাস যেন অস্ফুট কণ্ঠেৰে মোক ঘৰত প্ৰৱেশ কৰা অনুমতি দি থৈ গল ।

ঘৰত সোমায়ে
মাতিলো – মা ! সাৰ নাই । আৰু জোৰেৰে মাতিলো – মা ! তাৰপাছত চিৎকাৰ কৰি উঠিলো –
দেউতা । মৌন ঘৰটো মোৰ চিঞৰত উপচ খাই উঠিল
কিন্তু কোনো উত্তৰ নাহিল ।

প্ৰকাণ্ড
ঘৰটোৰ কোঠাবোৰত ইফালৰ পৰা সিফাললৈ
ঘুৰিবলৈ
ধৰিলো-কোনো নাই
, মা-দেউতা কোনো নাই
। ঘৰ সজাই থোৱা আছে
, বিচনাও পাৰি থোৱা
আছে

কিন্তু কোনো নাই । দেৱালত চকু পৰিল, ডাঙৰ ডাঙৰ আখৰেৰে এঙাৰেৰে লিখা দেউতাৰ হাতৰ আখৰ, ‘সকলো একেলগে প্লেগত আক্ৰান্ত হৈছে-চাকৰ বাকৰ সকলো পলাইছে, চহৰ শূন্যসুবোধ আৰু বোৱাৰী গল-এওঁ গ, এতিয়া মই বাকী ।
কিন্তু আৰু বেছি সময় নাই । সুধীৰৰ লগত দেখা নহ
ল । দেৱালৰ ওপৰত আছাৰ খাই পৰিলো ।

শীতৰ সূৰ্য
তেতিয়া পশ্চিমত নামিছে
, ধলং পলংকৈ আহি
বাহিৰৰ দুৱাৰৰ ওচৰত থিয় হ
লো । সকলো মৃত- ভূত
ভৱিষ্যত বৰ্তমান
নিসংগ উলঙ্গ, একাকী ।

সন্মুখৰ ৰাস্তাৰপৰা
তেতিয়া ৰ
দ আঁতৰিছিল । দূৰত চকু পৰিল পথৰ ওপৰত এডাল ৰেখাৰেখাডাল মোৰ ফালে অগ্ৰসৰ হৈছেএটা প্ৰকাণ্ড শীৰ্ণ সাপৰ দৰে । কাষ চাপি আহিছেসন্মুখেৰে পাৰ হৈ গৈছেসাপ নহয়, এটাৰ পাছত এটা, তাৰপাছত আৰু এটা, শাৰী শাৰীএদল এন্দুৰ

Popular Post

ঐতিহাসিক চিঠি