গল্পঃ আৰু যুদ্ধ নালাগে / কর্তাৰ সিং দুগ্গল (পঞ্জাৱী)

Posted by : translatorsassam
June 18, 2020

আৰু
যুদ্ধ নালাগে


মূল : কর্তাৰ সিং দুগ্গল (পঞ্জাৱী)


অনুবাদ : স্বাতী কিৰণ, সহকাৰী প্রাধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয় 


গড় অৰবাবত
ভীষণ হুলস্থুল। ছাহজাদ খান যুদ্ধৰ পৰা
ঘূৰি আহিছে। হাবিলদাৰ
হিচাপে সেনাবাহিনীত যোগ দি ঘূৰি আহিছে অফিচাৰ হিচাপে। কঁকালত পিষ্টল
, কান্ধত
বন্দুক। বুকুত পদবীৰ চিহ্নসূচক ছডলীয়া ফিটা। লগত দুটা অর্ডালী। গাঁৱৰ সীমাৰ
বাহিৰৰ আঁহত গছ এজোপাৰ তলতে তেওঁ উঠি অহা জীপখন ৰখোৱা হৈছে।

 

তেওঁৰ
দেউতাক অৰবাবৰ পক্ষৰ লোকসকল স্বাভাৱিকতেই আনন্দিত হৈছে।

 

 আনফালে শত্ৰুবোৰৰ মুখ বিবর্ণ হৈ
পৰিছে। ছাহজাদৰ পদোন্নতি
,
গাড়ী, অস্ত্রশস্ত্ৰৰ
কথা শুনি সিহঁত আচৰিত হৈছে।

      

পুৰুষানুক্রমিক বিবাদৰ বাবে
গাঁও দুটা পক্ষত বিভক্ত। সময়ৰ লগে লগে যুদ্ধখনৰো বঢ়া-টুটা ঘটিছে। ঘৰত নজনোৱাকৈ
ছাহজাদে সেনাবাহিনীত যোগ দিয়াৰ সময়ত তেওঁৰ দেউতাকে নীৰৱে চকুলো টুকিছিল।

 

অৰবাবে যিহলৈ
ভয় কৰিছিল সেয়ে হ
ল।
তেওঁৰ পুত্র ছাহজাদ গুচি যোৱাৰ পিছতেই শত্রুবোৰৰ ৰাজত্ব আৰম্ভ হ
ল। সিহঁতে
তেওঁৰ পথাৰত গৰু-ছাগলী মেলি দিবলৈ ধৰিলে। বেচেৰা অৰবাবে একো নেদেখাৰ ভাও জোৰা দেখি
সিহঁতৰ অত্যাচাৰ আৰু বাঢ়ি গ
ল। সিহঁতে অৰবাব খানৰ ঘোঁৰাটো চুৰি কৰি নিলে। কেইদিনমানৰ
পিছতে দেখা গ

যে তেওঁৰ ম
হটোও
নিখোজ হৈছে। অৰবাবে সকলো সহ্য কৰি থাকিল। খেতিত পানী দিবৰ সময়ত সিহঁতে গোপনে নলাবোৰ
কাটি দিলে। উত্তেজিত হালোৱাবোৰক অৰবাবে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলে। শত্ৰুৱে
এইবাৰ তেওঁৰ খেতিত জুই লগাই দিলে। গোটেই নিশা অৰবাব খানে জুইকুৰা নীৰৱে চাই থাকিল।
তেওঁৰ পত্নীয়ে বুকু চপৰিয়াই হুৰাওৰাৱে কান্দিলে। খানৰ ধৈৰ্য আৰু সহিষ্ণুতা দেখি
সকলো আচৰিত হ
ল।
তেওঁ মুখ ফুটাই নিজেও একো প্রতিবাদ নকৰিলে আৰু কাকো একো ক
বলৈকো
নিদিলে। তেওঁ নিজেতো হাতত অস্ত্র নল
লেই, আনকো লবলৈ নিদিলে।
বছৰৰ পিছত বছৰ ধৰি তেওঁ এইদৰে অত্যাচাৰ সহ্য কৰি থাকিল। কিন্তু যিদিনাই তেওঁৰ
পুত্র ছাহজাদ ঘৰলৈ ঘূৰি আহিল
, সেইদিনাই তেওঁ বন্দুক পৰিষ্কাৰ কৰিবলৈ
আৰম্ভ কৰিলে।

 

ছাহজাদক
দেখা কৰিবলৈ অহা মানুহবোৰে অৰবাৰৰ লগত বহু সময় ধৰি ফুচফুচাই কথা পাতিলে।

 

গাঁৱত যেন জুইহে লাগিব। অৰবাব
খানৰ নিপীড়িত
, অত্যাচাৰিত
সংগীবৃন্দই মূৰ তুলি উঠিল। সিহঁতে বন্দুক চাফা

কৰিলে, বেগত
কার্টিজ ভৰালে
, যাঠি-তৰােৱালত
ধাৰ দিলে। শত্রুপক্ষক দেখুৱাই সিহঁতে গোঁফত তাও দি
শূন্যলৈ গুলী
কৰি
আলি’ ‘আলিবুলি
চিঞৰিবলৈ ধৰিলে।
 সিহঁতে
কোৱাকুই কৰিলে যে চুৰি কৰা প্ৰতিটো
ঘোঁৰাৰ বাবদ সিহঁতে
শত্রুপক্ষৰ দহজনীকৈ জীয়ৰী-বোৱাৰীক উপভোগ কৰিব। সকলোৱে জানে
, দুটা পক্ষৰ
মাজত যুদ্ধ হলে তেজৰ নৈ বৈ যায়। শত্রুপক্ষ স্বাভাৱিকতেই আতংকিত হ
ল। ছাহজাদ খান ইমান সোনকালে ঘূৰি আহিব বুলি সিহঁতে ভবাই নাছিল। আগেয়ে
গাৱৰ পৰা যিমানবোৰ ল
ৰা সেনাবাহিনীলৈ গৈছিল, সিহঁতৰ কোনোবাটোৰ হাত ভাগিছে, কোনোবা খোৰা
হৈছে। অথচ অৰবাৰৰ পুতেক গাত আঁচোৰ এটাও নলগাকৈ কেৱল ঘূৰি অহাই নহয়- সেনাবাহিনীৰ
ডাঙৰ বিষয়াও হ
ল।
অৱশ্যে কিমান ডাঙৰ বিষয়া সেয়া কোনেও নাজানে
, কোনোবাই কৈছে লেফটেনেন্ট’, কোনোবাই
কৈছে
কেপ্টেইন‘। ছাহজাদে বোলে যাকে মন যায় তাকে গুলীয়াই দিব
পাৰে
, তাৰ
বাবে সি কা
ৰোৰে ওচৰতে জবাবদিহি হবলগীয়া
নহয়।

 

পৰিস্থিতিৰ
ভয়াৱহতা উপলব্ধি কৰি শত্রুপক্ষ বিমোৰত পৰিল। সাত বছৰে অৰবা
হঁতৰ প্ৰতি যি অন্যায় কৰিছে, সিহঁতৰ ওপৰত যিবোৰ অত্যাচাৰ চলাইছে, সেই সকলোবোৰেইতো
অৰবা
হঁতৰ নখদর্পণত। সেয়ে অৰবাব খানে বন্দুক চাফা কৰিছে, সংগীবৃন্দই
নিজৰ যাঠি-তৰোৱাল ধাৰ দিছে। সকলোৱে ভাবিছে শত্রুপক্ষ এইবাৰ নিশ্চিহ্ন হ
ব।

 

আকাশত
সন্ধিয়া প্রথম তৰাটো ওলাওঁতে অৰবাব খানৰ সংগীবৃন্দই হিলৈ ফুটালে। লগে-লগে বাজি
উঠিল ৰণশিঙা। সেই সময়ত ঘৰৰ বাৰাণ্ডাত বহি ছাহজাদে তেওঁৰ পত্নীক যুদ্ধৰ গল্প কৈ
আছিল। গুলীৰ শব্দ শুনি ছাহজাদ
চঁক খাই উঠিল। পত্নীয়ে তেওঁক
ভিতৰলৈ টানি নিলে। পত্নীয়ে ছাহজাদক কান্দি কান্দি হৈ যোৱা সকলো ঘটনাৰ বর্ণনা
দিলে। পত্নীৰ মতে
,
এনে এটা অপমানজনক জীৱন কেতিয়াও কোনো পাঠানেই যাপন কৰি পোৱা নাই।

 

তাই
শত্রুপক্ষই চুৰি কৰি নিয়া ম
হ আৰু ঘোঁৰাবোৰৰ নাম উল্লেখ কৰিলে, নষ্ট কৰা
শস্যবোৰৰ কথা ক
লে
আৰু লগতে সহ্য কৰিব লগা হোৱা বিদ্ৰুপবোৰো মনত পেলালে। দিনে দহ সেৰ গাখীৰ দিয়া
এজনী গাই তাইৰ লগত যৌতুকত দিছিল। অথচ তাইক মর্মান্তিক আঘাত দি সেই গৰুজনীও শত্রুপক্ষই
চুৰি কৰিলে। তিনি দিন ধৰি পাত পাতকৈ বিচাৰিও গৰুজনী পোৱা নগ
ল। সেই তিনি
দিন শত্রুপক্ষই গৰুজনী নিজৰ বাৰীত বান্ধি থৈ দিছিল। চতুর্থ দিনা পুৱাই শত্রুপক্ষই
গাইজনী হত্যা কৰি তাইৰ মাংস টুকুৰা-টুকুৰকৈ কাটি সেই মাংসৰে মালা গাঁথি অৰবাবৰ
ঘৰলৈ পঠিয়াই দিছিল। সেইদিনা ওৰেৰাতি ছাহজাদৰ পত্নীয়ে চকুলো টুকিছিল। পিছদিনা পুৱা
অৰবাব খানে তাইৰ সেমেকি থকা গাৰুত হাত দি বোৱাৰীয়েকৰ অন্তৰৰ গভীৰ বেদনাৰ উমান
পাইছিল।  কথাবোৰ শুনি ছাহজাদ খান গভীৰ চিন্তাত
নিমগ্ন হ
ল।

 

গাভৰু পত্নীয়ে তেওঁৰ চকুত চকু থৈ কলে— “তুমি যদি ছহিদো হোৱা তেতিয়াও মই দুখ
নকৰোঁ। তোমাৰ প্রাণভৰি চোৱাৰ হেঁপাহ পূৰ্ণ হৈছে। তোমাৰ সৈতে অতিবাহিত কৰা
মধুৰ স্মৃতি
মোৰ মনত সদায়েই সজীৱ হৈ থাকিব। এজন যোগ্য পাঠান সন্তানৰ দৰে বংশৰ সন্মান
ৰক্ষাৰ্থে তুমি হয় শত্রক নিধন কৰা
, নহয় মৃত্যুকে আঁকোৱালি লোৱা

 

হৃদয়ত
আঁচোৰ বহুৱাই যোৱা যুদ্ধৰ দৃশ্যবোৰ ছাহজাদৰ চকুৰ সন্মুখত ছবিৰ দৰে ভাহি উঠিল। তেওঁ
দেখিবলৈ পালে পথাৰৰ পিছত পথাৰ ভৰি থকা শাৰী শাৰী মৃতদেহ

মৃতদেহ খাবলৈ অহা জাকে জাকে কুকুৰ আৰু শগুন। বাটে
পথে অনাইবনাই ঘূৰি ফুৰা অসংখ্য সদ্যবিধৱা আৰু শিশু। তেওঁৰ কাণত ধ্বনিত হ
ক্ষুধার্ত-তৃষ্ণার্ত মানুহৰ জীৱনৰ কথা
, আর্তনাদ। যুদ্ধ বুলিলেই চৌপাশে
বেমাৰ-আজাৰ
, অভাৱ-অনাটন, মুদ্রাস্ফীতি
আৰু দাৰিদ্ৰ। তেওঁৰ মনত পৰে
, যুদ্ধই মাত্র কেইদিনমানৰ ভিতৰতে ধ্বংসস্তুপত পৰিণত কৰা
সুবৃহৎ অট্টালিকা
, গির্জা, চিকিৎসালয়, মহাবিদ্যালয়বোৰৰ
কথা। যুদ্ধৰ পিছত যুদ্ধক্ষেত্ৰত
জীৱিত প্ৰাণীৰ নামত আনকি গৰু-মহ এটাও দেখা
পোৱা নাযায়। বাৰুদৰ জুয়ে
পুৰি ছাই কৰা গছ কেইডালমানহে মাত্র
থিয় হৈ থাকে। যুদ্ধত অনেক সন্তান সন্ধানহীন হয়। ছাহজাদে
 শুনিবলৈ পালেঅকালতে
স্বামীহাৰা হোৱা ভৰযৌৱনা স্ত্রীসকলৰ
বিননি, মৃত মাতৃৰ শুকান স্তনত দুগ্ধৰ সন্ধান
কৰা ভোকাতুৰ কেঁচুৱাৰ কান্দোন
, বোমা বিস্ফোৰণত আহতসকলৰ আৰ্তনাদ।

 

বাহিৰত ঢোলৰ
শব্দ। নেতাৰ ইংগিত পালেই
,
আক্রমণ আৰম্ভ কৰিম বুলি অৰবাব পক্ষৰ লোকসকল সম্পূর্ণ সাজু হৈ আছে। অপেক্ষা কৰি
কৰি তেওঁলোকৰ সুতীক্ষ্ণ যাঠিবোৰ
, ধৰাল তৰোৱালবোৰ আৰু গুলীভর্তি বন্দুকবোৰ অস্থিৰ হৈ উঠিছিল।
দুশ্চিন্তা নিমজ্জিত হৈ খুঁটা এটাত আঁউজি বহি থকা ছাহজাদৰ এনে লাগিল যেন তেওঁৰ
চকুৰ সন্মুখতে তেজৰ নৈ বৈ গৈছে। তেওঁৰ কাণত ধ্বনিত হ
ল গুলীৰ
আঘাতত হাড় ভগাৰ শব্দ
,
কোনো যুৱকৰ মৃত্যুকাতৰ আর্তনাদ। সেয়া তেওঁৰ চকুৰ সন্মুখতে কোনোবাই এটা ভৰি
হেৰুৱাই দুপিয়াই দুপিয়াই খোজ কাঢ়িছে
, কোনোবাই আকৌ দুয়োখন হাতকে হেৰুৱাই
অসহায় হৈ পৰিছে। ডিঙিৰ হাড় ভগা
, পিঠি ভগা, কঁকাল ভগা, দৃষ্টিশক্তি হেৰুওৱাআঃ কিমানবোৰ যে
পংগু হৈ পৰা মানুহ। ভাবি ভাবি ছাহজাদে চিৎকাৰ কৰি উঠিল। চিৎকাৰ শুনি আচৰিত হৈ মানুবোৰে
ঢোল বজোৱা বন্ধ কৰিলে আৰু বন্দুকবোৰ নমাই থ
লে। ছাহজাদে দৌৰ মাৰি দেউতাকৰ ওচৰলৈ
আহি আঁঠুকাঢ়ি হাতযোৰ কৰি কাতৰভাৱে ক
বলৈ ধৰিলে-আৰু যুদ্ধ
নালাগে আৰু যুদ্ধ নালাগে।

যুদ্ধৰ পৰা উলটি অহা সৈনিক পুত্ৰৰ ফালে অৰবাব খানে অবাক কৈ চাই থাকিল।

 

লেখক পৰিচিতি :  সাহিত্য অকাডেমী পুৰস্কাৰ বিজয়ী পঞ্জাৱী
লেখক কর্তাৰ সিং দুগ্গলে পঞ্জাৱীৰ উপৰি উর্দু
, হিন্দী আৰু ইংৰাজী ভাষাতো সাহিত্যচর্চা
কৰে। কর্তাৰ সিং দুগ্গল একাধাৰে গল্পকাৰ
, ঔপন্যাসিক, নাট্যকাৰ, কবি, সমালোচক।
পঞ্জাৱী
, হিন্দী, উর্দু আৰু
ইংৰাজী ভাষাত এতিয়ালৈকে তেওঁৰ সৰ্বমুঠ বাৱন্নখন গল্প সংকলন
, একত্ৰিশখন
উপন্যাস
, তেইছখন
নাটক
, তিনিখন
একাংকিকা আৰু নখন সাহিত্য সমালোচনামূলক গ্রন্থ প্রকাশ পাইছে। সাহিত্য অকাডেমীৰ
উপৰি কৰ্তাৰ সিং দুগ্গলে ভাৰতীয় ভাষা পৰিষদৰ পুৰস্কাৰ
, গালিব
পুৰস্কাৰ
, ভাই
মোহন সিং বৈদ্য পুৰস্কাৰ
,
ছোভিয়েট লেণ্ড নেহৰু পুৰস্কাৰ লাভ কৰিছে। পঞ্জাৱ বিশ্ববিদ্যালয়ে তেওঁক
সন্মানীয় ডি-লিট উপাধি প্রদান কৰিছিল। ১৯৯৭ চনত তেওঁ ৰাজ্যসভাৰ সদস্যৰূপে মনোনীত
হৈছিল। ভাৰত চৰকাৰে তেওঁক

পদ্মভূষণ সন্মানেৰে বিভূষিত কৰিছে।

 

Popular Post

ঐতিহাসিক চিঠি