গল্পঃ ৰূপা / হুমায়ূন আহমেদ

Posted by : translatorsassam
June 20, 2020

ৰূপা

মূল : হুমায়ুন আহেমদ

অনুবাদ : মুনমুন চৰকাৰ শইকীয়া


 

: দাদা, আপুনি এটা ইণ্টাৰেষ্টিং গল্প শুনিবলৈ আগ্ৰহী নে?

 

মই মানুহজনৰ মুখলৈ ভেবা লাগি চালোঁ। অলপ
সময়ৰ আগতেহে তেখেতৰ লগত মোৰ পৰিচয় হৈছে
, কথা-বতৰাও বিশেষ নাই হোৱা। মই ট্ৰেইনৰ বাবে ৰৈ আছোঁ নেকি জানিব খুজিলে। মই সন্মতি
প্ৰকাশ কৰিলোঁ আৰু ভদ্ৰতাৰ খাতিৰত জানিব খুজিলোঁ তেখেত ক
লৈ যাব?

 

মানুহজনে হাঁহি মুখে কলে,

 

: মই কলৈকো নাযাওঁ, মই মোৰ পত্নীক নিবলৈ আহিছোঁ। তেওঁ চিতগাঁৱৰ পৰা আহি আছে। ট্ৰেইন
দুঘণ্টা লেইট। ঘূৰি যাবলৈ মন যোৱা নাই। ঘৰলৈ যাম আকৌ আহিম
, ভাবিলোঁ ৰৈ দিওঁ।

 

তেখেতৰ সৈতে ইমানেই কথা বতৰা, ইমানখিনি কথাৰ আঁত ধৰি যদি কোনোবাই কয়, দাদা আপুনি কি এটা ইণ্টাৰেষ্টিং গল্প শুনিব খোজে, তেতিয়া অলপ হলেও আচৰিত হোৱা
যায়। অচিনাকি মানুহৰ পৰা গল্প শুনাৰ আগ্ৰহ মোৰ কম। ইয়াৰ উপৰিও বহুদিনীয়া অভিজ্ঞতাৰ
পৰা মই মন কৰিছোঁ ইণ্টাৰেষ্টিং গল্প বুলি কৈ যি গল্পৰ আৰম্ভণি হয় সেয়া কেতিয়াও ইণ্টাৰেষ্টিং
নহয়গৈ৷

 

মই একো নোকোৱাকৈ মনে মনে থাকিলোঁ। মানুহজন
যদি বুধিয়ক হয় তেন্তে মই মনে মনে থকাৰ অৰ্থ নিশ্চয় বুজি পাব। বুধিয়ক নহ
লে এই গল্প মই শুনিব লাগিবই।

 

মানুহজন কিন্তু মুঠেও বুধিয়ক নোলাল।
পকেটৰ পৰা

 

পাণৰ টেমা এটা উলিয়াই পাণ বনাই থাকোঁতে
আৰম্ভ কৰিলে-

 

: আপুনি নিশ্চয় খুব বিৰক্ত হৈ মোৰ কথা
শুনি আছে
,
নিতান্তই অপৰিচিত মানুহ এজনে পটককৈ গল্প এটা কবলৈ আৰম্ভ কৰিলে মানুহ বিৰক্ত হবই। কিন্তু সমস্যাটো কি গম পায়নে? আজি মোৰ বাবে এটা বিশেষ দিন। এই বিশেষ দিনটোত মজা গল্পটো  কাৰোবাক নহয় কাৰোবাক শুনাবলৈ মন যায়। যদি অনুমতি দিয়ে তেন্তে
গল্পটো কওঁ।

 

: কওক৷

 

: আপুনি কি পাণ খায়?

 

: নাই, নাখাওঁ।

 

: এটা খাই চাওক, মিঠাপতি পাণ। বেয়া নালাগিব খাই।

 

: আপুনি বিশেষ দিনটোত সকলোকে পাণো খুৱায়
নেকি
?

 

মানুহজনে বৰ আন্তৰিক ভংগীমাৰে হাঁহি দিলে।
তেখেতৰ বয়স চল্লিশৰ ওচৰা-ওচৰি হ
ব।খুব দেখনিয়াৰ মানুহ।
গাখীৰৰ দৰে বগা। পায়জামা-পাঞ্জাবীয়ে তেখেতক শুৱাইছে। এনে লাগিছে যেন তেওঁ নিজৰ পত্নীৰ
কাৰণেই সাজিকাচি আহিছে।

 

: প্ৰায় বিছ বছৰমানৰ আগৰ কথা। মই তেতিয়া
ঢাকা বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানত অনাৰ্চ কৰি আছিলোঁ। ইয়াত আন্ধাৰ কাৰণে আপুনি
মোক ভালকৈ ধৰিব পৰা নাই চাগে
, পোহৰ হলে গম পালেহেঁতেন যে মই বেছ দেখনিয়াৰ, বিছ বছৰ আগতে ৰাজপুত্ৰৰ নিচিনা চেহেৰা আছিল। ছাত্ৰ মহলত মোৰ
নাম আছিল
দা প্ৰিন্স!মজাৰ কথাটো হল ছাত্ৰীসকলৰ
মাজত মই বৰ পৰিচিত নাছিলোঁ
, আপুনি কথাটো মন‌ কৰিছে
নে নাই নাজানো কিন্তু পুৰুষৰ ৰূপৰ প্ৰতি নাৰী কেতিয়াও আকৃষ্ট নহয়
, পুৰুষৰ আটাইখিনি তেওঁলোকৰ চকুত পৰে, অকল ৰূপৰ বাহিৰে। বিশ্ববিদ্যালয় পৰ্যায়ত কোনো ছোৱালীয়ে মোৰ
সৈতে ভাব বিনিময় কৰিবলৈ বা কথা হ
বলৈ আগবাঢ়ি
অহা নাছিল। ময়ো উপযাচি যোৱা নাছিলোঁ কাৰণ মই খোনা আছিলোঁ
, কথাবোৰ লাগি লাগি ধৰিছিল৷

 

মই তেখেতৰ কথাৰ মাজতেই সুধিলোঁ,

 

: তা আপোনাৰ চোন এবাৰো কথা লাগি‌ ধৰা নাই। ধুনীয়াকৈ পাতিব পাৰিছে দেখোন।

 

: বিয়াৰ পিছত মোৰ বেমাৰ ভাল হৈ গল। বিয়াৰ আগতে আছিল। বহু চিকিৎসা কৰালোঁ, মাৰ্বল মুখত দিয়াকে ধৰি হোমিওপেথি দৰব, পীৰ বাবাৰ তাবিজ একোৱেই বাদ দিয়া নাই। যি কি নহওক গল্পলৈ ঘূৰি
যাওঁ
,
মোৰ ছাবছিডিয়াৰি আছিল মেথ আৰু কেমিষ্ট্ৰিত।‌ কেমিষ্ট্ৰি বিষয়ত
ছোৱালী এজনীক দেখি মোৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল। ইমান মৰমলগা মুখ! দীঘল চকুৰ
পতাৰে সৈতে মায়ালগা চকু। সেই চকু অনবৰতে হাঁহি থাকে। দাদা আপুনি কেতিয়াবা প্ৰেমত
পৰিছে নে
?

 

: নাই, পৰা নাই।

 

: প্ৰেমত নপৰিলে মোৰ সেই সময়ৰ মানসিকতা
আপোনাক বুজাব নোৱাৰিম। প্ৰথম দিনাই তাইক দেখি মই অসুস্থ হৈ পৰিছিলোঁ
, গোটেই ৰাতিটো শুব পৰা নাছিলোঁ। অলপ দেৰিৰ পিছে পিছে পানী পিয়াহ
লাগে আৰু মই পানী খাই খাই হোষ্টেলৰ বাৰান্দাত ঘূৰি ফুৰোঁ। সপ্তাহত আমাৰ মাত্ৰ দুটা
ছাবছিডিয়াৰি ক্লাছ। খং আৰু দুখত মোৰ কান্দিবলৈ মন যায়। সদায় নো এটাকৈ ছাবছিডিয়াৰি
ক্লাছ থাকিলে কি হয়
? সপ্তাহত দুটা ক্লাছ
মানেই ৫০ মিনিটকৈ ১০০ মিনিট। এই সময়খিনি চকুৰ পচাৰতে শেষ হৈ যায়। ইয়াৰ উপৰিও ছোৱালীজনীয়ে
খুব ক্লাছ ক্ষতি কৰে। তাই কেতিয়াবা দুসপ্তাহ ধৰি কোনো ক্লাছ নকৰাকৈ থাকে। তেতিয়া
মোৰ মন যায় মহসিন হলৰ চাদৰ পৰা জাপ মাৰি যেন নিজৰ দুখ কষ্টৰ অৱসান ঘটাম। সেয়া যে
কি ভয়ংকৰ কষ্ট আপুনি বুজি নাপাব কাৰণ আপুনি কেতিয়াও প্ৰেমত পৰা নাই।

 

: আপুনি দেখোন ছোৱালীজনীৰ নামটোৱে নকলে, তাইৰ নাম কি?

 

:তাইৰ নাম ৰূপা। তেতিয়া অৱশ্যে মই তাইৰ
নাম জনা নাছিলোঁ। নাম নালাগে একোৱেই জনা নাছিলোঁ। কোন বিভাগৰ তাকো গম পোৱা নাছিলোঁ।
অকলগম পাইছিলোঁ যে মেথ তাইৰো ছাবছিডিয়াৰি বিষয় আৰু তাই ক
লা ৰঙৰ মৰিচ মাইনৰ গাড়ীত আহে। গাড়ীৰ নম্বৰ-ভ ৮৭৮১।

 

: আপুনি তাইৰ বিষয়ে একো খবৰ লোৱা নাছিল?

 

: নাই। লোৱা নাছিলোঁ। কাৰণ প্ৰায় এটা ভয়ে
মোক খুলি খুলি খাইছিল যে খবৰ ল
বলৈ গৈ যদি মই গম পাওঁ
যে তাইৰ কোনোবা প্ৰেমিক আছে। এদিন কি হ
ল শুনক৷ ছাবছিডিয়াৰি
ক্লাছৰ শেষত মই হঠাত লক্ষ্য কৰিলোঁ যে তাই হাঁহি হাঁহি ল
ৰা এজনৰ লগত কথা পাতি আছে। মোৰ গোটেই গা কঁপিবলৈ লাগি গ, এনে লাগিল যেন মূৰ্চ্ছা
যাম। আটাইকেইটা ক্লাছ বাদ দি হললৈ আহিলোঁ। অলপ দেৰি পিছতেই কঁপনি উঠি মোক জ্বৰে পালে।

 

: আচৰিত!

 

: এৰা, আচৰিতেই। দুবছৰ মোৰ তেনেকৈ গল। পঢ়া শুনা জহন্নামে
ল। তাৰ পিছত এদিন সাহস গোটাই কাম এভাগ কৰি পেলালোঁ। মৰিছ মাইনৰ
গাড়ীৰ ড্ৰাইভাৰৰ পৰা ঘৰৰ ঠিকনা লৈ ল
লোঁ। তাৰ পিছত
সম্বোধনহীন চিঠি এখন ছোৱালীজনীলৈ লিখিলোঁ
, কি লিখিছিলোঁ এতিয়া আৰু মনত নপৰে কিন্তু চিঠিৰ বিষয়বস্তু আছিল মই তাইক বিয়া
পাতিব খোজোঁ। তাই সন্মতি দিবই লাগিব৷ নিদিয়ালৈকে তাইৰ ঘৰৰ আগফালে একো নোখোৱাকৈ বহি
থাকিম। যাক কাগজে পত্ৰই আমৰণ অনশন বুলি কয়। গল্পটো আপোনাৰ ইণ্টাৰেষ্টিং যেন লাগিছে
নে
?

 

: হয়, লাগিছে। তাৰ পিছত কি হল কওক, চিঠি ডাকত দি দিলে?

 

: নাই নিজেই লৈ গৈ চকিদাৰজনক দিলোঁ আৰু
লোঁ। ইয়াত যে বাইদেউ এগৰাকী থাকে, ইউনিভাৰ্ছিটিত পঢ়ে তেওঁৰ হাতত দি দিবা। সি কথামতেই চিঠি হাতত
লৈ ভিতৰলৈ গ
ল আৰু অলপ দেৰি পিছতেই ঘূৰি আহি কলে, বাইদেৱে কৈছে তেওঁ আপোনাক
চিনি নাপায়। মই ক
লোঁ ঠিকেই কৈছে, কিন্তু মই তেওঁক চিনি পাওঁ সেয়াই যথেষ্ট। এইবুলি কৈ মই গেটৰ
বাহিৰত খুটা পুতি দিলোঁ। ধৰিব পাৰিছেই চাগে নিতান্ত পাগলৰ কাণ্ড। তেতিয়া সঁচাকৈ মূৰটোৱে
কাম কৰা নাছিল। লজিক নাইকিয়া হৈ গৈছিল। যিয়েই নহওক ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৪বজালৈ
একো দুৰ্ঘটনা নোহোৱাকৈ ৰৈ থাকিলোঁ। মাজে মাজে কেইটামান চকুৱে মোক লুকাই চুৰকৈ চোৱা
যেন লাগিল। আবেলি ৪ বজাত মানুহ এজনে মোক ক
লে,

 

পাগলামি বহুত হ, এতিয়া ঘৰলৈ যোৱাগৈ।

 

মই আৰু অলপ টানকৈ কলোঁ,

 

নাযাওঁঁ৷

 

পুলিচক খবৰ দিছোঁ, আহি তোমাক লৈ যাব।

 

একো নাই, খবৰ দিয়ক।

 

ইউ ৰাস্কেল, বলিয়ালি কৰিবলৈ জেগা পোৱা নাই?”

 

গালি কিয় দিছে? মইতো আপোনাক গালি দিয়া নাই।

 

মানুহজনে খঙত জ্বলি-পুৰি ভিতৰলৈ গুচি
ল। তাৰ পিছতেই আৰম্ভ হল বৰষুণৰ ঢল, মই নিৰ্বিকাৰ হৈ তিতি গৈ আছোঁ, লগে লগে গম পাই আছোঁ যে মোৰ জ্বৰ উঠিছে, দিনটো ৰদে পোৰাৰ পিছত এই চেঁচা
বৰষুণ সহ্য নহ
, কিন্তু তেতিয়ালৈ মই বেপৰোৱা হৈ উঠিছিলোঁ। যি হয় হব। ভোকত, ভাগৰত, দেহা ভাগি পৰিছে, অলপ দেৰিৰ পিছে পিছে ভাব হৈছে যেন এই ঢলি পৰিম।

 

ইতিমধ্যেই মই ওচৰ চুবুৰীয়াৰ দৃষ্টি আকৰ্ষণ
কৰিবলৈ সক্ষম হৈছিলোঁ। বহুতেই আহি মোক প্ৰশ্ন কৰিছিল
, কি হৈছে? কিয় তাত ৰৈ তিতি আছোঁ? মই তেওঁলোকক কৈছিলোঁ যে মোৰ কথাত মূৰ ঘমাব নালাগে। মই এজন পাগল
হয়। ছোৱালীজনীৰ ঘৰৰ পৰাও হয়তো কথাটো কাৰোবাক জনোৱা হৈছিল। তিনিখন গাড়ী আহি তেওঁলোকৰ
দুৱাৰ মুখত ৰ
লহি। গাড়ীত অহা কেইজনে মোলৈ কোপদৃষ্টি
নিক্ষেপ কৰি ভিতৰলৈ গ
ল। ৰাতি ৯ টা মান বাজিলে।
বৰষুণজাক এৰাৰ নামেই লোৱা নাছিল। মোৰ তীড় কোপত জ্বৰ উঠিছিল
, থিয় হৈ থাকিব পৰা নাছিলোঁ কাৰণে বহি দিলোঁ। চকিদাৰজনে আহি মোক
ফুচফুচাই ক
লে,

 

চাৰে পুলিচ মাতিব খুজিছে, কিন্তু বাইদেৱে দিয়া নাই। বাইদেৱে আপোনাৰ অৱস্থা দেখি খুব কান্দিছে।
আপুনি ধৈৰ্য ধৰি বহি থাকক।

 

মই ধৈৰ্য ধৰি বহি থাকিলোঁ। ৰাতি ১১ বাজিল।
ঘৰৰ বাৰান্দাত লাইট জ্বলি উঠিল। চ
ৰা ঘৰৰো। দুৱাৰ
খুলি ছোৱালীজনী ওলাই আহিল
, লগতে ঘৰৰ মানুহো। কেবাজনো
মানুহ
,
কোনোৱে বাৰান্দাৰ পৰা নামি নাহিল। ছোৱালীজনী আগুৱাই আহিল। মোৰ
ওচৰত আহি ৰ
লহি আৰু অসম্ভৱ কোমল মাতেৰে সুধিলে-

 

কিয় পাগলামি কৰিছে?”

 

মই হতভম্ব হৈ গলোঁ কাৰণ এইজনী, সেইজনী ছোৱালী নহয়। বেলেগ। এইক মই কাহানিও দেখা নাছিলোঁ, গাড়ীৰ ড্ৰাইভাৰে মোক ভুল ঠিকনা দিলে। ইচ্ছা কৰিয়েই হয়তো।
ছোৱালীজনীয়ে কোমল মাতেৰে ক
লে,

 

আহক ভিতৰলৈ আহক, ভিতৰত খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে, বলক, ভিতৰলৈ যাওঁ।

 

মই থিয় হলো, ব খুজিছিলোঁ, যে বেয়া নাপাব। মোৰ ভুল হৈ গল। আপুনি সেইজনী
ছোৱালী নহয়। আপুনি বেলেগ কোনোবা। কিন্তু ছোৱালীজনীৰ মমতাময়ী চকুকেইটালৈ চাই মই একো
ব নোৱাৰিলোঁ। ইমান ক্ষমতাৰে কোনো নাৰীয়ে আজিলৈকে মোলৈ চোৱা
নাছিল। তীব্ৰ জ্বৰৰ বাবে মই খোজ পেলাব পৰা নাছিলোঁ। ছোৱালীজনীয়ে ক
লে,

 

আপোনাৰ হয়তো গা বেয়া লাগিছে। আপুনি
মোৰ হাতত ধৰি খোজ কাঢ়ক। একো অসুবিধা নহয়।

 

ঘৰৰ সকলোৱে খঙত আমালৈ চাই আছিল, সেই দৃষ্টিক উপেক্ষা কৰি তাই মোলৈ হাতখন আগবঢ়াই দিছিল। যি গভীৰ
ভালপোৱাৰে তাই হাতখন আগবঢ়াই দিছিল
, সেই ভালপোৱাক উপেক্ষা কৰাৰ শক্তি ঈশ্বৰে কাকোৱেই দিয়া নাই। মই তাইৰ হাতত ধৰিলোঁ, যোৱা ২০ বছৰেই ধৰি আছোঁ। মাজে মাজে অস্থিৰ হৈ পৰোঁ, এই ভ্ৰান্তি গল্প এখেতক কবলৈ মন যায়। কব নোৱাৰোঁ। সেয়ে মাজে
মাজে আপোনাৰ দৰে এজনক বিচাৰোঁ
, গল্প কওঁ। মই জানো এই
গল্প কেতিয়াও তাইৰ কাণত নপৰে। হ
ব দিয়ক উঠোঁ। ট্ৰেইন
আহিল।

 

তেওঁ থিয় হল। দূৰৈত ট্ৰেইনৰ পোহৰ দেখা গল। ঘোৰ ঘোৰ আৱাজ এটাই ষ্টেচন কঁপাই তুলিলে। সঁচাকৈ ট্ৰেইন আহি
পালে।

Popular Post

ঐতিহাসিক চিঠি