অসমীয়া অনুবাদত বিদেশী কবিতাঃ প্ৰেম আৰু যৌনতা বিষয়ক পাঁচটা কবিতা

Posted by : translatorsassam
June 21, 2020

প্ৰেম আৰু যৌনতাৰ পাঁচটা কবিতা

অসমীয়া ভাঙনি ঃ কোকিল শইকীয়া


মূলঃ Desire
কবিঃ
Langston Hughes (আমেৰিকা)

আমাৰ ইচ্ছা আছিল

যেন একেলগে দুটা মৃত্যু

দ্ৰুতভাবে মিহলি হৈ পৰা আমাৰ 

একেটা উশাহৰ মৃত্যু

 

এটি অচিনাকি অদ্ভুদ সুগন্ধিৰ ভাপ

আমাৰ মাজৰ তীব্ৰতা

এটি নগ্ন ঘৰ

Flesh on the stones by Salvador Dali

মূলঃ At The Touch Of You 
কবিঃ Witter Bynner (আমেৰিকা)

তোমাৰ স্পৰ্শত

যেন তুমি তোমাৰ তীক্ষ্ণ হাতেৰে 

লক্ষ্যৰ দিশে ধেনুত শৰ জুৰিছা

সুখৰ শৰেৰে বিন্ধি পেলাইছা মোৰ শৰীৰ

তুমি বসন্ত

আৰু মই পাহাৰৰ গৰা

মোৰ ওপৰেৰে এটি উজ্জ্বল জলপ্ৰপাত বৈ গৈছে

মূলঃ The Atheist 
কবিঃ Megan
Falley

আমি
প্ৰথমবাৰ প্ৰেমত পৰোঁতেই মই বুজিছিলোঁ

কিয় মই কাহানিও প্ৰাৰ্থনা
কৰা নাছিলোঁ

 কাৰণ
কেৱল মানুহেই ক
ব পাৰে 

হে ভগৱান, ইমানবাৰ !

 

মূলঃ XVII  
কবিঃ EE Cumming (আমেৰিকা)

নাৰী, মই
তোমাক মোৰ মনেৰে স্পৰ্শ কৰিম

তেতিয়ালৈকে চুই থাকিম, চুই থাকিম, চুয়েই থাকিম

যেতিয়ালৈকে তোমাৰ মুখত ফুটি
নুঠে
 

লাজুক আৰু অশ্লীল 

এটা আকস্মিক হাঁহি

মূলঃ Love Sonnet XI  

কবিঃ Pablo
Neruda (চিলি)

তোমাৰ
মুখ
, মাত আৰু চকুৱেই মোৰ কামনা ।

মই
ঘুৰি ফুৰিছোঁ
, নীৰৱে অনাহাৰে

ভাতেও মোৰ ভোক গুচাব নোৱাৰে

পুৱতিয়ে মোক বাৰণ কৰে 

গোটেই
দিন মই সন্ধান কৰি ফুৰোঁ

তোমাৰ শৰীৰ সঞ্চালয় ভংগীমাৰ
তৰল পৰিমাপ

মই তোমাৰ ঈষৎ হাঁহিটোৰ বাবে
পাগল ।

তোমাৰ দুখনি হাত আদিম দাৱনীৰ
হাতৰ বৰণ

আৰু মই পাগল তোমাৰ নখৰ
শিলনিবোৰৰ আঘাতৰ বাবে
, উন্মাদ ভোকাতুৰ ।

মই
পুৰঠ বাদাম খোৱাদি খাব খোজো তোমাৰ মঙহাল শৰীৰ
 

তোমাৰ সমুজ্জ্বল শৰীৰৰ
সূৰ্যৰ খলকনিবোৰ

আৰু তোমাৰ চেহেৰাৰ আকৰ্ষণৰ
কেন্দ্ৰবিন্দু তোমাৰ টিপচি নাকটো
  মই খাব খোজো

আৰু
মই খাব খোজো তোমাৰ বৈ পৰা চেলাউৰিৰ ছাঁ

মই ভোকাতুৰ হৈ পৰোঁ আৰু
ধূসৰিত গধূলিটো শুঙি ফুৰোঁ

তোমাক আৰু তোমাৰ উষ্ণ হৃদয়খন
চিকাৰ কৰিবলৈ

যেন মই এটা চিকাৰি মেকুৰী, কুইট্ৰেট্যুৰ
বন্ধ্যাভূমিৰ ।

Popular Post

ঐতিহাসিক চিঠি