চাৰ্লছ চেপলিনে জীয়েকলৈ লিখা এখন চিঠি

Posted by : translatorsassam
June 21, 2020

চাৰ্ল চেপলিনে জীয়েকলৈ লিখা এখন চিঠি

অনুবাদ ঃ নাবিলা আখতাৰ

 

মোৰ জীয়ৰী,

এতিয়া নিশাৰ
প্রহৰ বৰদিনৰ এটি
নিশা মোৰ সৰু
দুৰ্গটিৰ
সকলো
সশস্ত্ৰ
ৰণুৱা
এতিয়া
নিদ্ৰাৰত তোমাৰ ভায়েৰা
আৰু
ভনীয়েৰা
শুই
আছে তোমাৰ মাৰাও
এতিয়া
টোপনিত মোৰ এই
অৰ্ধআলোকিত
কোঠালীৰ
পথত
মই
নিদ্ৰাৰত
পখীটি
সাৰ
পাই
উঠাৰ
প্ৰাকমুহূৰ্তত
উপনীত
হৈছোঁ

 

মোৰ পৰা
কিমান
নিলগত
তুমি!
কিন্তু
তোমাৰ
প্ৰতিচ্ছবি
মোৰ
দুচকুৰ
সন্মুখত
নাথাকিলে
মই
যেন
অন্ধ
হৈ
যাওঁ!
তোমাৰ
আলোকচিত্ৰ  মোৰ মেজৰ ওপৰত
আৰু
এয়া,
মোৰ
হৃদয়ৰ
কাষৰত কিন্তু তুমি
?
সৌ
সুদূৰ
দেৱভূমি
পেৰিছৰ
চেম্পছ
এলিজেৰ
সুবিশাল
ৰঙ্গমঞ্চত
নৃত্যৰতা যদিও মোৰ
ধাৰণা
হয়,
মই
জানো
যে
নিশাৰ
নিশব্দতাত
মই
খোজৰ
শব্দ
শুনো,
শীতৰ
আকাশৰ
তৰাবোৰৰ
নিচিনা
উজ্জ্বল
তিৰবিৰাই
থকা
তোমাৰ
চকুযুৰি
দেখোঁ মই শুনো
এই
উৎসৱমুখৰ
আৰু
আলোকসজ্জিত
নাটকখনিত
তুমি
টাটাৰ
খানৰ
কাৰাৰুদ্ধ
পাৰস্য
সুন্দৰীৰ
ভূমিকাত
অভিনয়
কৰিছাঁ সৌন্দৰ্য্যশালী হোৱা
আৰু
নৃত্য
পৰিবেশন
কৰা!
এটি
নক্ষত্ৰ
হোৱা
আৰু
আলোকিত
কৰা কিন্তু যদিহে
দৰ্শকৰ
উৎসাহ
উদ্দীপনা
আৰু
শলাগৰ
মালাই
তোমাক
মতলীয়া
কৰি
তোলে,
তোমাক
পুৰস্কৃত
কৰা
ফুলৰ
সুবাসে
তোমাক
উদ্বিগ্ন
কৰি
তোলে,
তেন্তে
এটি
চুকত  বহি মোৰ চিঠি
পঢ়িবা,
তোমাৰ
হৃদয়ৰ
কণ্ঠ
মন
দি
শুনিবা

 

মই তোমাৰ পিতৃ, জেৰালডিন!

মই চাৰ্লছ, চাৰ্ল চেপলিন!

 

তুমি জানানে,
তুমি
যেতিয়া
শিশু
আছিলা,
তোমাৰ
বিচনাৰ
ওচৰত
বহি
কত
ৰাতি
মই
তোমাক
নিদ্ৰাৰত
সুন্দৰী,
সজাগ
ড্ৰাগনৰ
সাধু
শুনাইছিলো?
আৰু
যেতিয়া
টোপনি
মোৰ
দুচকুত
জিৰাব
আহিছিল,
মই
তাক
বিদ্ৰুপ
কৰি
কৈছিলোঁ,
আঁতৰি যোৱা! মোৰ নিদ্ৰা, এই সকলোবোৰ মোৰ জীয়ৰীৰ সপোন মই তোমাৰ
সপোনবোৰ
দেখিছিলোঁ,
জেৰালডিন,
তোমাৰ
ভৱিষ্য
আৰু
বৰ্তমান
প্ৰত্যক্ষ
কৰিছিলোঁ মই মঞ্চত
অভিনীতা
এগৰাকী
ছোৱালী
দেখিছিলোঁ,
সুদূৰ
আকাশত
নৃত্যৰতা
এগৰাকী
অপ্সৰা
দেখিছিলোঁ মই মানুহৰ
ভিৰৰ
পৰা
চিটিকি
অহা
শব্দ
শুনিছিলোঁ,
সেই ছোৱালীজনী চোৱা? তাই এজন মূৰ্খ বৃদ্ধৰ জীয়েক, মনত আছে?  তেওঁৰ
নাম
চাৰ্লছ

 

হয়! মই
চাৰ্লছ!
এগৰাকী
নিৰ্বোধ
বৃদ্ধ

 

আজি তোমাৰ
পাল নাচা! মই
জীৰ্ণশীৰ্ণ
ডাঙৰ
পটলুং
পিন্ধি
নাচিছিলোঁ
আৰু
তুমি
নাচা
ৰাজকন্যাৰ
ৰেচমি
সাজত এই নৃত্যবোৰ
আৰু
প্ৰশংসাৰ
উত্তাল
প্রতিধ্বনিয়ে
তোমাক
কেতিয়াবা
স্বৰ্গত
অৱতাৰণ
কৰিব উৰি যোৱা!
তাৰ
ওপৰেদিও
উৰি
যোৱা কিন্তু ধৰালৈ
উভতিও
আহিব তুমি মানুহৰ
জীৱনবোৰ
প্ৰত্যক্ষ
কৰা
উচিত,
ভোক
আৰু
শীতৰ
প্ৰকোপত
কঁপি
কঁপি
নৃত্য
কৰা
সেই  নৃত্যশিল্পী সকলৰ জীৱন

মই
তেওঁলোকৰ
নিচিনাই
আছিলোঁ,
জেৰালডিন!
সেই
বিস্ময়কৰ
নিশাবোৰত,
যেতিয়া
তুমি
মোৰ
সাধু
শুনি
শুনি
টোপনিত
ঢলি
পৰিছিলা,
মই
সাৰে
থাকিছিলোঁ তোমাৰ মুখখনি
চাই,
তোমাৰ
হৃদস্পন্দন
শুনি
শুনি
নিজকে
প্ৰশ্ন
কৰিছিলোঁ,
চাৰ্লছ, এই শিশুটিয়ে তোমাক কেতিয়াবা জানিব পাৰিবনে?” তুমি মোক নাজানা,
জেৰালডিন
মই
সেই
ৰাতিবোৰত
অনেক
কাহিনী
পুনৰাবৃত্তি
কৰি
শুনাইছিলোঁ
তোমাক,
কিন্তু
মোৰ
কাহিনীটি
নাই, কেতিয়াও
নাই
শুনোৱা কিন্তু এই
কাহিনীটিও
খুউব
আমোদজনক
আছিল এই কাহিনীটো
আছিল
এজন
ভোকাতুৰ
ফটুৱাৰ,
যিয়ে
লণ্ডনৰ
অলিয়ে
গলিয়ে
গান
গাই
আৰু
নাচি
ফুৰিছিল
আৰু
তাৰপিছত
মানুহৰ
দানবোৰ
সংগ্ৰহ
কৰিছিল
এইটোৱে
মোৰ
কাহিনী মই ভোক
কি
জানিব
পাৰিছিলোঁ
,
আৰু মূৰৰ ওপৰত এখনি চালি নথকাৰ অনুভৱ উপলব্ধি কৰিছিলোঁ
তাতকৈও
অধিক,
মই
এগৰাকী
যাযাবৰ
বহুৱা  অপদস্থ হোৱাৰ যন্ত্ৰণাৰ
অভিজ্ঞতা
লাভ
কৰিছিলো,
যাৰ
বুকুৰ
এসাগৰ
গৌৰৱ
টছ
কৰা
মুদ্ৰাৰে
কষ্টজনক
ভাবে
আঘাতপ্ৰাপ্ত
হৈছিল তথাপিও মই
জীৱিত,
গতিকে
এইবোৰ
বাদ
দিয়া

 

বাৰু, তোমাৰ
বিষয়ে
কথা
পতাই
বেছি
ভাল
হব

 

তোমাৰ নামৰ
পিছত
জেৰালডিনমোৰ নামটি আহে চেপলিন
এই
নামটিৰে
যোৱা
চল্লিশ
বছৰত
মই  বিভিন্ন প্ৰান্তৰ মানুহক
মনোৰঞ্জন
প্ৰদান
কৰিছোঁ কিন্তু তেওঁলোকে
আমোদ
পাই  যিমান হাঁহিছে , তাতকৈও
বেছি
মই
চকুলো
টুকিছোঁ জেৰালডিন, তুমি
বাস
কৰা
পৃথিৱীখনত
মাথোঁ
নৃত্য
গীতেই
নাই!

 

মাজনিশা যেতিয়া
তুমি
সুবিশাল
হলৰ
পৰা
ওলাই
আহিবা
,
তুমি হয়তো তোমাৰ আঢ্যৱন্ত অনুৰাগী সকলৰ বিষয়ে সুধিব পাহৰি যাব পাৰা, কিন্তু তোমাক ঘৰলৈ লৈ অহা গাড়ীচালকজনক তেওঁৰ বিষয়ে , তেওঁৰ পত্নীৰ বিষয়ে সুধিবলৈ নাপাহৰিবা
যদি
তেওঁৰ
পত্নী
গৰ্ভৱতী
,
যদি তেওঁলোকৰ অনাগত শিশুটিৰ যাৱতীয় খৰছৰ বাবে তেওঁৰ আৰ্থিক সাম্যর্থ নাই, তেওঁৰ পকেটত কিছু টকা গুজি দিবা
তোমাৰ
এই
ব্যয়সমূহ
বহন
কৰিবলৈ
মই
বেংকক
নিৰ্দেশ
দি
থৈছোঁ কিন্তু বাকী
সকলোবোৰ
খৰছৰ
ক্ষেত্ৰত
মিতব্যয়ী
বা সময়ে সময়ে
বাছ
ব্যৱহাৰ
কৰিবা,
পদপথত
খোজ
কাঢ়িবা,
চহৰখন
অন্বেষণ
কৰিবা মানুহবোৰ লক্ষ্য
কৰিবা!
বিধৱা
আৰু
অনাথসকলক
প্ৰত্যক্ষ
কৰিবা!
আৰু
প্ৰতিদিনে
অন্ততঃ
এবাৰ
নিজকে
কবা,
ময়ো ঠিক এওঁলোকৰ নিচিনাই  

 

হয়! তুমি
তেওঁলোকৰ
মাজৰে
এজন,
আইজনী,
তদুপৰি,
সচৰাচৰ
এজন
ব্যক্তিয়ে
উৰিবলৈ
দুখনি
ডেউকা
লাভ
কৰাৰ
আগতে
তেওঁৰ
দুভৰি
আঘাতপ্ৰাপ্ত
হৈ
পৰে আৰু যদিহে
কোনোবাদিনা
তুমি
নিজকে
তোমাৰ
দৰ্শকতকৈ
গুৰুত্বপূৰ্ণ
বুলি
বিবেচনা
কৰা,
তেন্তে
সেই
দৃশ্যটি
ত্যাগ
কৰিবা প্ৰথম টেক্সিখন
লবা
আৰু
পেৰিছৰ
চুবুৰীয়া
অঞ্চলবোৰ
পৰিদৰ্শন
কৰিবা মই নিশ্চিতভাৱে
জানো!
তাত
তুমি
তোমাৰ
দৰে
আৰু
তোমাতকৈও
ধুনীয়া,
মোহময়ী
আৰু
গৌৰৱশালী
নৃত্যকাৰ
দেখিবলৈ
পাবা তোমাৰ ৰঙ্গমঞ্চৰ
মোহনীয়
আলোকসজ্জা
তাত
নাপাবা চন্দ্ৰটি সিহঁতৰ
সৰ্বোচ্চ
প্ৰদীপ সাৱধানে চাবা!
সিঁহতে
তোমাতকৈ
ভাল
নৃত্য
পৰিবেশন
কৰা
নাইনে?
স্বীকাৰ
কৰা
,
আইজনী! তেনেকুৱা এজন ব্যক্তি সদায়ে থাকিব যিয়ে তোমাতকৈ ভাল নৃত্য কৰিব পাৰে, তোমাতকৈ সাৱলীল অভিনয় কৰিব পাৰে
আৰু
মনত
ৰাখিবা,
চাৰ্লছ
পৰিয়ালত
কেতিয়াও
কোনো
এনে
নিৰ্দয়  ব্যক্তি নাই যিয়ে
কোনো
গাড়ীচালকক
কঠুৱা  শব্দৰে অপদস্থ কৰে
অথবা
চেন
নদীৰ
পাৰৰ
মগনিয়াক
ঠাট্টামস্কৰা
কৰে….

 

মোৰ মৃত্যু
,
কিন্তু
তুমি
জীয়াই
থাকিবা….
মই
তোমাক
দৰিদ্ৰতা
কেতিয়াওঁ
চিনিব
দিব
নিবিচাৰোঁ এই চিঠিখনৰ
সৈতে
মই
তোমালৈ
এখনি
চেকবুক
পঠাইছোঁ,
যাতে
তুমি
তোমাৰ
ইচ্ছা
অনুসৰি
খৰচ
কৰিব
পাৰা কিন্তু  যেতিয়া তুমি দুই
ফ্ৰা‍‍ঙ্ক
খৰছ
কৰিবা,
নিজকে
সোঁৱৰাই
দিব
নাপাহৰিবা
যে
তৃতীয়
মুদ্ৰাটো
তোমাৰ
নহয় এইটো কোনো
অচিনাকী
ব্যক্তিৰ
যাৰ
প্ৰয়োজনীয়তা
আছে আৰু তুমি
সেই
ব্যক্তিজনক
অতি
সহজে
বিচাৰি
উলিয়াব
পাৰিবা তেওঁলোকক  মাথোঁ চাবলৈ  ইচ্ছা কৰিব লাগে
আৰু
তেতিয়া  সকলো ঠাইতে তুমি
তেওঁলোকক  লগ পাবা মই তোমাক
টকাপইচাৰ
বিষয়ে
কৈছোঁ
কাৰণ  ইয়াৰ আসুৰিক ক্ষমতা
মোৰ
পৰিচিত

 

তুমি জানা,
মই
চাৰ্কাচত
দীৰ্ঘদিন
অতিবাহিত
কৰিছোঁ
আৰু
সদায়ে
তাত
ওলোমা  ৰছীত বিপদসঙ্কূল  কলা পৰিবেশন কৰা
শিল্পীসকলক
চাই
শংকিত
হৈছিলোঁ  কিন্তু মই তোমাক
নিঃসন্দেহে
কওঁ
যে
ওলোমা
ৰছীত
চাৰ্কাছ
দেখুওৱা
কলাকাৰ
জনতকৈ
সমতল
ভূমিত
মানুহে
বেছিকৈ
পতিত
হয় হয়তো কোনো
সান্ধ্যমেলৰ
আলোকসজ্জাৰ
জাকজমকতাত
তুমি
দৃষ্টিহীন
হৈ
পৰিবা ঠিক সেই
মুহূৰ্ততে
এয়া
তোমাৰ
বাবে
এডাল
বিপদজনক
ৰছী
হৈ
পৰিব
আৰু
তোমাৰ
পতন
অনিবাৰ্য
হৈ
পৰিব হয়তো কোনোবা
দিনাখন
তুমি
কোনো
সুদৰ্শন
ৰাজকুমাৰৰ
দৃষ্টিত
পৰাহত
হবা সেইদিনাখনেই তুমি
এগৰাকী
অনভিজ্ঞ
চাৰ্কাচৰ
শিল্পীলৈ
ৰূপান্তৰ
হবা
আৰু
অনভিজ্ঞৰ
সদায়ে
পতন
হয় তোমাৰ হৃদয়খনি
স্বৰ্ণঅলংকাৰৰ
বিনিময়ত
বিক্ৰী
নকৰিবা জানি থোৱা
যে
আটাইতকৈ
ডাঙৰ
উজ্জলতম
হীৰাটুকুৰা

সূৰ্য্যটি সৌভাগ্যক্ৰমে  সকলোৰে বাবে
আলোকিত
হয়

 

আৰু যেতিয়া
সঠিক
সময়
আহিব,
আৰু
তুমি
কাৰোবাৰ
প্ৰেমত
পৰিবা,
তেতিয়া
সেই
ব্যক্তিজনক
মোৰ
সমস্ত
হৃদয়  উজাৰি ভাল পাবা মই তোমাৰ
মাৰাক
তোমালৈ
এই
বিষয়ে
লিখিবলৈ
কৈছিলোঁ তেওঁ মোতকৈ
বেছি
ভালদৰে
প্ৰেম
বুজি
পায়
আৰু
এই
বিষয়ত
তোমাৰ
লগত
তেওঁ
কথা
পতাই  শ্ৰেয়

 

তোমাৰ কাম
যথেষ্ঠ
কঠিন মই সেয়া
জানো এটুকুৰা ৰেচমি
কাপোৰে
তোমাৰ
শৰীৰ
আৱৰি
ৰাখে কামৰ তাগিদাদ
হয়তো
উলংগ
হৈও
মঞ্চত
আবিৰ্ভাৱ
হব
লাগিব,
কিন্তু
তাৰপৰা
উভতি
আহোতে
তুমি
কেৱল
বস্ত্ৰ
পৰিহিতায়ে
নহয়
,
আৰু অধিক পৱিত্ৰও হব লাগিব
কিন্তু
এই
পৃথিৱীত
কোনেও
এগৰাকী
ছোৱালীৰ
ভৰিৰ
নখ
এটি
চোৱাটোও
সমুচিত
নহয় নগ্নতা আমাৰ
সময়ৰ
এটি
ব্যাধি

 

মই এতিয়া
বয়োবৃদ্ধ
আৰু
মোৰ
কথাবোৰ
ধেমেলীয়া
লাগিব
পাৰে কিন্তু মোৰ
দৃষ্টিভংগীত,
তোমাৰ
বিবস্ত্ৰা
শৰীৰৰ  অধিকাৰী সেইজন ব্যক্তি
হোৱা
উচিত
যিজনে
তোমাৰ
নিৰাভৰণ
আত্মাৰ  প্ৰেমত পৰিব 
এই বিষয়ত তোমাৰ দৃষ্টিভংগী এটি দশকৰ  পুৰণিকলীয়া
লেও
শংকিত
নহবা চিন্তা নকৰিবা!
এই
দশকটিয়ে
তোমাক
প্ৰবীণ
নকৰে কিন্তু
যিয়েই
হওঁক,
মই
বিচাৰোঁ
তুমি
এই
নগ্ন
দ্বীপৰ
অন্তিম
জীৱটি
হোৱা
যেন

 

মই জানো
যে
পিতৃ
আৰু
কন্যা
সকল
কিছুমান
চিৰন্তন
বিতৰ্কত
লিপ্ত তৰ্ক কৰা
মোৰ
লগত,
মোৰ
চিন্তাৰ
লগত,
মোৰ
জীয়ৰী!
একান্ত
বাধ্য
সন্তান
মোৰ
প্ৰিয়
নহয় আৰু যিহেতু
এই
চিঠিখন
লিখি
থাকোঁতে
মোৰ
দুচকুৰে
এটোপাল
চকুলোও
নিগৰি
অহা
নাই,
মই
বিশ্বাস
কৰিব
বিচাৰোঁ
যে
আজিৰ
বৰদিনৰ
নিশাটি
এক
বিস্ময়কৰ
নিশা
মই বিচাৰোঁ
এটি
অলৌকিকতা
সংঘটিত
হওঁক
আৰু
মই
তোমাক

বিচৰা
সকলোবোৰ
কথা
তুমি
প্ৰকৃততে
বুজিবলৈ
সক্ষম
হোৱা 

 

চাৰ্লছ ইতিমধ্যে
বয়োবৃদ্ধ,
জেৰালডিন!
শীঘ্ৰে
অথবা
পলমকৈ
তুমি
বগা
ৰেচমি
সাঁজৰ
পৰিৱৰ্তে
লা
সাঁজ
পিন্ধি
মোৰ
সমাধিলৈ
আহিবা এতিয়া মই
তোমাক
বিমৰ্ষ
কৰিব
নিবিচাৰোঁ মাথোঁ সময়ে
সময়ে
দাপোনত
নিজকে
চাবা,
তাত
তুমি
মোৰ
অৱয়ব
দেখিবলৈ
পাবা আনকি যেতিয়া
মোৰ
শিৰাউপশিৰাত
ৰক্ত  শীতল হৈ পৰিব,
মই
তোমাক
তেতিয়াও
পাহৰিব
দিব
নিবিচাৰোঁ
তোমাৰ
দেউতাৰাক
চাৰ্লছক
মই
কোনো
দেৱদূত
নহয়,
কিন্তু
সদায়ে
এজন
মানুহ
হোৱাৰ
মনোবাঞ্ছিত

তুমিও
এইটো
প্ৰয়াস
কৰিবা

 

এটি চুমা
দিলোঁ,
জেৰালডিন

 

তোমাৰ,

চাৰ্লছ

 

 

 

Popular Post

ঐতিহাসিক চিঠি