গল্পঃ মাহত পঞ্চল্লিছ টকা / আৰ.কে.নাৰায়ণ

Posted by : translatorsassam
June 23, 2020

মাহত পঞ্চল্লিছ টকা

 

মূল : আৰ.কে.নাৰায়ণ

অনুবাদ : মিণ্টুল হাজৰিকা

R K Narayan


শান্তাই ক্লাছত বেছি সময় থাকিব পৰা
নাছিল। উচুপি উঠিল। গান
, ব্যায়াম, আখৰ আৰু সংখ্যাৰ পৰিচয় আদি সকলো ক্লাছ শেষ কৰি তাই ৰং বিৰঙৰ
কাগজ কাটি আছিল। বেল বজাৰ পিছত যেতিয়ালৈকে শিক্ষকে নকয়
এতিয়া তোমালোক ঘৰলৈ
যাব পাৰা

নতুবা কেচি আঁতৰাই ৰাখি
আখৰবোৰ তুলি লোৱা
তেতিয়ালৈকে তাই
কাগজ কাটিয়ে থাকিব। শান্তাই সময় কিমান হৈছে জানিবলৈ অধীৰ হৈ উঠিল। তাই তাইৰ ওচৰতে
বহা বন্ধুজনক সুধিলে
, “ এতিয়া পাঁচটা
বাজিছে নে
?”


বাজিছে চাগে”, সি উত্তৰ দিলে।

 

নে এতিয়াছটা বাজিছে?”

 

নাজানো নহয়তাইৰ বন্ধুয়ে উত্তৰ দিলে।কাৰণ ছয় বাজিলে ৰাতি হয়।

 

তুমি ছয় বাজিল বুলি ভাবা নে?”

 

‘‘হয়ওঁহ,
মই যাব লাগিব। তেতিয়ালৈকে দেউতা ঘৰলৈ উভতিব। দেউতাই মোক
কৈছিল পাঁচটা বজাৰ ভিতৰতে সাজু হৈ থাকিবলৈ। দেউতাই আজি গধূলি মোক চিনেমা চাবলৈ লৈ
যাব। মই এতিয়াই ঘৰলৈ যাব লাগিব।

 

কেচিখন পেলাই থৈ তাই শিক্ষয়িত্ৰীজনীৰ
ওচৰলৈ দৌৰি গ
ল। মেডাম, মই ঘৰলৈ যাব লাগিব।

 

কিয়, শান্তা আইজনী?”

 

কাৰণ, এতিয়া পাঁচ বাজিছে।

 

তোমাক কোনে কলে এতিয়া পাঁচ বাজিল বুলি?”

 

কমলাই।

 

এতিয়া পাঁচ বজা নাই নহয়। তুমি সৌ
ঘড়ীটো দেখা পাইছা নে
? মোক কোৱাচোন এতিয়া
কেইটা বাজিছে
? মই সেইদিনা ঘড়ী চাবলৈ শিকাইছিলোঁ নহয়?”


শান্তাই একেথৰে ঘড়ীটোৰ পিনে চাই
সংখ্যাবোৰ গণি ক
লে, “এতিয়া ন বাজিছে।

 

শিক্ষয়িত্ৰীগৰাকীয়ে অন্যান্য
ছোৱালীবোৰকো মাতি আনি সুধিলে
, “কোনে মোক ঘড়ী চাই
সঠিক সময় ক
ব পাৰিব?”

সিহঁতৰ বহুতে শান্তাৰ সুৰতে সুৰ
মিলাই ক
লে যে নটা বাজিছে। শিক্ষয়িত্ৰীগৰাকীয়ে কলে, “তোমালোকে কেৱল ডাঙৰ
কাঁটাডালহে দেখিছা। সৰু কাঁটাডাললৈ চোৱা
, ত আছে?”

 

দুই আৰু আধাত।

 

তেতিয়াহলে কেই বাজিছে?”


দুই আৰু আধা বাজিছে।

 

এতিয়া দুটা পঞ্চল্লিছ হৈছে, বুজিছানে? এতিয়া তোমালোক
সকলোৱে বহা ঠাইলৈ যোৱা।
দহ মিনিট পিছত
শান্তাই আকৌ শিক্ষয়িত্ৰীগৰাকীৰ ওচৰলৈ গৈ সুধিলে
, “এতিয়া বাৰু পাঁচটা বাজিছেনে? মেডাম? কাৰণ পাঁচটা বজাৰ ভিতৰত মই সাজু হৈ থাকিব লাগিব। নহলে দেউতাই মোক খং কৰিব। দেউতাই মোক সোনকালে ঘৰলৈ উভতিব
কৈছে।

 

কেতিয়া?”

 

এতিয়া।

 

 শিক্ষয়িত্ৰীগৰাকীয়ে শান্তাক যোৱাৰ অনুমতি দিলে।
তাই কিতাপ-পত্ৰ লৈ আনন্দ মনেৰে বতাহৰ দৰে শ্ৰেণীকোঠাৰ পৰা ওলাই গ
ল। তাই দৌৰি ঘৰলৈ আহি কিতাপ পত্ৰখিনি মাটিত পেলাই চিঞৰিবলৈ
ধৰিলে
,
মা, মা।

 

মাকে ওচৰৰ ঘৰৰ বান্ধৱীৰ সৈতে কথা
পাতি আছিল। তেওঁ তাৰপৰাই দৌৰি ঘৰলৈ আহিল।
তুমি ইমান
সোনকালে কিয় আহিলা
?” মাকে জানিব
বিচাৰিলে।

 

দেউতাই ঘৰলৈ আহি আকৌ গল নেকি?” শান্তাই সুধিলে।
এগিলাচ বনভিটা আৰু ভাত খাই তাই কাপোৰ- কানি পিন্ধি সাজু হ
বলৈ আৰম্ভ কৰিলে। বাকচ খুলি তাই সকলোতকৈ পাতল ফ্ৰক আৰু
পাইজামা পিন্ধিবলৈ বিচাৰিলে
, কিন্তু মাকে বিচাৰে
গধূলি হোৱা বাবে তাই দীঘল স্কাৰ্ট আৰু মোটা কোট চোলা পিন্ধাতো। শান্তাই পেঞ্চিল
বাকচৰ পৰা সুন্দৰ ফিতা এপাত উলিয়াই ল
লে। সাজ
পোছাক লৈ মাক জীয়েকৰ মাজত বেছ এখন আমোদজনক যুদ্ধ চলিল আৰু শেষত মাকে হাৰ মানিবলৈ
বাধ্য হ
ল। শান্তাই তাইৰ প্ৰিয় গোলাপী চোলাটো পিন্ধিলে আৰু চুলিখিনি
বেণী গুঠি তাত ফিতা বান্ধিলে। তাৰপাছত মুখত পাউদাৰ ঘঁহিলে
, কপালত সেন্দূৰৰ ফোঁট লগাই তাই কলে, “এতিয়া দেউতাই কব মই বৰ ভাল ছোৱালী, কাৰণ মই একেবাৰে সাজু হৈছোঁ। তুমি নোযোৱা নেকি, মা?”

 

আজি নহয়।

 

শান্তাই সৰু গেটখনৰ সন্মুখত ঠিয় হৈ
বাটৰ পিনে চালে।

 

মাকে কলে, “দেউতাৰা পাঁচ বজাৰ
পিছতহে আহিব। ৰ
দত ঠিয় হৈ নাথাকিবা। এতিয়া মাত্ৰ
চাৰিটাহে বাজিছে।

 

বিপৰীত পিনৰ ঘৰবোৰৰ পিছফালে বেলি
যেতিয়া অদৃশ্য হৈ গৈছিল তেতিয়া শান্তাই বুজি পালে আন্ধাৰ হ
ব এতিয়া। তাই দৌৰি মাকৰ ওচৰলৈ গৈ সুধিলে, “মা, দেউতা এতিয়াও অহা
নাই
?”

 

মই কেনেকৈ জানিম? হয়তো অফিচৰ কামত ব্যস্ত আছে।

 

শান্তাই অভিমান কৰি কলে, “অফিচৰ মানুহবোৰক
সেইকাৰণেই মোৰ ভাল নালাগে। তেওঁলোক বৰ বেয়া মানুহ…।

 

তাই আকৌ জপনামুখত গৈ বাহিৰলৈ
ভূমুকিয়াই চালে। মাকে ভিতৰৰ পৰা মাতিলে
, “ভিতৰলৈ আহা শান্তা, আন্ধাৰ হৈ আহিছে।
তাত ঠিয় হৈ নাথাকিবা।
কিন্তু শান্তা
ভিতৰলৈ নগ
ল। তাই জপনামুখত ৰৈ থাকিল আৰু
তেতিয়াই তাইৰ মগজুত এক অদ্ভুত বুদ্ধি খেলালে। তাই অফিচলৈ গৈ তাৰ পৰা দেউতাকক লগত
লৈ চিনেমা চাব যাব পাৰেচোন
? তাই চিন্তা কৰিলে
দেউতাকৰ অফিচ ক
ত হব পাৰে। তাইৰ এই সম্পৰ্কে কোনো ধাৰণা নাছিল। তাই সদায় দেখে দেউতাকে বাটৰ মূৰত
নেদেখা হয়। কোনোবাই যদি তালৈ যায়
, সি হয়তো নিজে নিজে
দেউতাকৰ অফিচলৈ যায়।  তাই এবাৰ ভালদৰে
নিৰীক্ষণ কৰি ল
লে মাক ওচৰে পাজৰে আছে নে নাই, তাৰ পাছত বাটমুৱা হল।

 

 

তেতিয়া গধূলি হৈছিল। যিসকলে বাটেৰে
খোজকাঢ়ি আহ যাহ কৰি আছিল তেখেতসকলক বৃহৎ আকাৰৰ যেন দেখা পাইছিল
, ঘৰৰ দেৱালবোৰক বৰ ওখ যেন দেখা গৈছিল, চাইকেল আৰু গাড়ীবোৰ দেখি ধাৰণা হৈছিল সকলো যেন তাইৰ ওপৰত
আহি পৰিব। তাই বাটটোৰ একেবাৰে শেষ প্ৰান্তত আহি উপস্থিত হ
ল! কিছুসময় পাছত বাটৰ লাইটবোৰ জ্বলি উঠিল আৰু বাটৰুৱাসকলক ছায়ামূৰ্ত্তিৰ
দৰে দেখা গ
ল। দুটা কেঁকুৰি পাৰ হোৱাৰ পাছত
শান্তাই বুজি পোৱা নাছিল তাই ক
ত আহি উপস্থিত
হৈছে। তাই নখ কামুৰি কামুৰি বাটৰ শেষ প্ৰান্তত আহি বহি পৰিল। তাই তেতিয়া ভাবিছিল
কেনেকৈ ঘৰলৈ উভতিব পৰা যায়। সিহঁতৰ ওচৰৰ ঘৰৰ চাকৰজন তেতিয়া বাটেৰে গৈ আছিল। তেওঁক
দেখা পাই শান্তাই তেওঁৰ ওচৰত গৈ থিয় হ
ল।

 

অহ, তুমি অকলে অকলে ইয়াত কি কৰি আছা?” তেওঁ সুধিলে।

 

শান্তাই উত্তৰ দিলে, মই নাজানো। মই ইয়ালৈ কেনেকৈ গুচি আহিছোঁ। আপুনি মোক আমাৰ
ঘৰলৈ লৈ যাব নে
?” ইয়াৰ পাছত তেওঁৰ পিছে পিছে আহি
শান্তাই সোনকালে ঘৰ সোমালে।

 

শান্তাৰ দেউতাক ভেঙ্কাত ৰাও সেইদিনা
ৰাতিপুৱাই অফিচলৈ বুলি যাবলৈ ওলাইছিল
, সেইসময়তে এখন নতুন চিনেমাৰ বিজ্ঞাপনৰ প্ৰচাৰ চলোৱা গাড়ী তেওঁলোকৰ পদূলিৰ
সন্মুখেৰে পাৰ হৈ গৈছিল।
দেউতা, আজি আপুনি মোক চিনেমা চাবলৈ নিব নে?” প্ৰশ্নটো শুনি ভেঙ্কাত ৰাওৰ মনটো বৰ বেয়া লাগিল। ছোৱালীজনী
কোনোধৰণৰ আমোদ প্ৰমোদ আৰু জীৱনৰ সাধাৰণ আনন্দবোৰ নোহোৱাকৈয়ে ডাঙৰ হৈ উঠিছে। তেওঁ
তাইক দুবাৰমান চিনেমা চাবলৈ নিছিল নে নাই তাৰো কথা মনত নাই। যিটো সময়ত তাইৰ বয়সৰ
আন আন ল
ৰা ছোৱালীবোৰে পুতলা, নতুন নতুন সাজ পোছাক নতুবা বাহিৰলৈ ফুৰিবলৈ যায়, সেইসময়ত শান্তাই যেন অকলশৰীয়াভাৱে ডাঙৰ হৈছে।

 

তেতিয়া তেওঁ তেওঁৰ অফিচৰ ওপৰত
প্ৰচণ্ড খঙ কৰি উঠিলে। মাহে চল্লিশ টকা দি তেওঁলোকে যেন তেওঁক কিনি পেলাইছে।

 

স্ত্ৰী-কন্যাক অৱহেলা কৰাৰ কাৰণে
তেওঁ নিজকে নিজে সমালোচনা কৰিলে। আনকি তেওঁৰ স্ত্ৰীৰ নিজৰ বন্ধু বান্ধৱীৰ লগত
যোগাযোগ ৰাখি চলিব পাৰিলেহেঁতেন
, কিন্তু নাই ৰখা।
তেওঁ বাৰু এজনী বয়স্ক মানুহ। কিন্তু শান্তা
? একেবাৰে নীৰস আৰু একঘেয়েমী তাইৰ জীৱন। প্ৰত্যেক দিনে তেওঁলোকে তেওঁক গধূলি সাত
আঠ বজালৈকে অফিচত ব্যস্ত কৰি ৰাখে আৰু তেওঁ যেতিয়া ঘৰলৈ উভতি আহি দেখে শান্তা শুই
পৰিছে। আনকি তেওঁলোকে দেওবাৰেও তেওঁক অফিচতে ৰাখিব বিচাৰে। কিয় তেওঁলোকে নাভাবে
তেওঁৰ পৰিয়ালটোৰ কথা
, তেওঁৰ নিজৰ কথা, ছোৱালীজনীৰ কথা। তেওঁলোকৰতো তেওঁ খেলৰ সামগ্ৰী নহয়। প্ৰয়োজন
লে তেওঁ মেনেজাৰৰ লগত কাজিয়া কৰিবলৈও কুণ্ঠাবোধ নকৰে।

 

তেওঁ সিদ্ধান্ত গ্ৰহণ কৰি কলে, “আজি আবেলি মই তোমাক
চিনেমা দেখুৱাবলৈ লৈ যাম। পাঁচটা বজাত সাজু হৈ থাকিবা।

 

সঁচাই? মা!

শান্তাই আনন্দত চিঞৰি দিলে। মাক
পাকঘৰৰ পৰা দৌৰি আহিল।

 

দেউতাই আজি আবেলি মোক চিনেমা চাবলৈ
নিব।

 

শান্তাৰ মাকে এই কথা শুনি কৌতুক কৰি
হাঁহিলে।

শিশুক মিছা প্ৰতিশ্ৰুতি নিদিবা।

ভেংকট ৰাওয়ে তেওঁৰ পিনে চালে, “যি তি নকবা। তুমি কেৱল ভাবা তুমিয়েহে কথা দি কথা ৰাখিব
পাৰা।

 

তেওঁ শান্তাক কলে, “পাঁচটা বজাত সাজু
হৈ থাকিবা আৰু মই আহি তোমাক লৈ যাম। যদি তুমি সাজু হৈ নাথাকা তেতিয়া কিন্তু মই খং
কৰিম।

তেওঁ দৃঢ় সংকল্পবদ্ধ হৈ অফিচলৈ গল। তেওঁ তেওঁৰ নিয়মীয়া কামখিনি কৰি পাঁচটা বজাত অফিচৰ পৰা
ওলাই যাব। আৰু যদি সিহঁতে সিহঁতৰ কৌশলসমূহ খটুৱাবলৈ চেষ্টা কৰে
, তেনে কৰিলে তেওঁ ক, “এয়া লোৱা মোৰ পদত্যাগ পত্ৰ। মোৰ বাবে মোৰ সন্তানৰ আনন্দ
আপোনালোকৰ সেই অলাগতিয়াল কাগজবোৰতকৈ বহুগুনে গুৰুত্বপূৰ্ণ।

 

 

গোটেই দিনটো কাগজ পত্ৰবোৰ নদীৰ সোঁতৰ
দৰে তাৰ মেজলৈ আহি থাকিল
, গৈ থাকিল। তেওঁ
সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি চহী কৰিলে। তেওঁক সেইবোৰ বাৰে বাৰে সংশোধন কৰিবলৈ
কোৱা হ
, সকীয়াই দিয়া হল আৰু অপমানো কৰা হল। তেওঁ
দুপৰীয়া কফিৰ বাবে মাত্ৰ পাঁচ মিনিটহে বিৰতি পালে।

 

অফিচৰ ঘড়ীটোত যেতিয়া পাঁচ বাজিল আৰু
অন্যান্য ক্লাৰ্কসকলে অফিচ ছুটি লৈছিল
, তেতিয়া ভেঙ্কাত ৰাওয়েও মেনেজাৰৰ ওচৰলৈ গৈ কলে,
মই ঘৰলৈ যাব পাৰোঁ নে, ছাৰ?”

 

মেনেজাৰজনে তেওঁৰ সন্মুখৰ কাগজবোৰৰ
পৰা মূৰ তুলি অবাক হৈ ক
লে,

 তুমি! একাউণ্ট কাউণ্টাৰ পাঁচ বজাত বন্ধ হৈ যোৱা কথাটো চিন্তাই কৰিব নোৱাৰি।
তুমি কেনেকৈ যাব পাৰিবা
?”

 

মোৰ অলপ জৰুৰি ব্যক্তিগত কাম আছে, ছাৰ।ভেঙ্কাত ৰাওয়ে কলে আৰু ৰাতিপুৱাৰ পৰাই পাগুলি থকা কথাবোৰ ভাবিবলৈ ধৰিলে; এয়া লোৱা মোৰ পদত্যাগ পত্ৰ…।

তেওঁ যেন দেখিবলৈ পালে শান্তা সাজু
হৈ দুৱাৰমুখত থিয় হৈ তেওঁৰ বাবে ব্যগ্ৰভাবে অপেক্ষা কৰি আছে।

 

অফিচৰ কামতকৈ গুৰুত্বপূৰ্ণ একো থাকিব
নোৱাৰে। তুমি তোমাৰ ঠাইলৈ যোৱা। তুমি জানা নে মই কেতিয়ালৈ কাম কৰোঁ
?” মেনেজাৰে জানিবলৈ বিচাৰিলে। মেনেজাৰে অফিচ আৰম্ভ হোৱাৰ
প্ৰায় তিনিঘণ্টা আগতে আহে আৰু অফিচ শেষ হোৱাৰ প্ৰায় তিনিঘণ্টা পাছতহে যায়
, আনকি দেওবাৰেও। অফিচৰ ক্লাৰ্কসকলে কোৱাকুই কৰে, তেওঁৰ পত্নীয়ে কিজানি ঘৰত কাজিয়া কৰি থাকে; সেইকাৰণে বুঢ়াই অফিচত থাকিবলৈ ভাল পায়।

 

তুমি সেই গৰমিলৰ কাৰণটো বিচাৰি
উলিয়ালা নে
?” মেনেজাৰে প্ৰশ্ন কৰিলে।

 

এইবাবে মই দুশটা ভাউচাৰ পৰীক্ষা কৰিব
লগা হ
ল।

 

নহয়, নহয়,
সেইটো নহব। তুমি এতিয়াই
ভুলটো সংশোধন কৰিব লাগিব।

 

ভেঙ্কাত ৰাওয়ে ক্ষীণ কণ্ঠত কলে, “ব ছাৰ।আৰু ভিজা মেকুৰীৰ
দৰে নিজৰ আসনত গৈ বহিল।

 

ঘড়ীত পাঁচটা বজাৰ সংকেত দিলে। মানে
আৰু দুঘণ্টা ধৰি ভাউচাৰ পৰীক্ষা কৰাৰ দৰে কষ্টকৰ কামটো কৰিব লাগিব। অফিচৰ সকলোৱে
ঘৰাঘৰি গ
লগৈ। কেৱল তেওঁ আৰু তেওঁৰ ছেকচনৰ আৰু এজন ক্লাৰ্ক তেতিয়াও
কাম কৰি আছিল। আৰু মেনেজাৰজনতো আছেই। ভেঙ্কাত ৰাও খঙত অগ্নিশৰ্মা হৈ উঠিল। তেওঁ মন
স্থিৰ কৰি পেলালে। তেওঁ এনেকুৱা কোনো দাস নহয় যে নিজক মাত্ৰ ৪০ টকাত বিক্ৰী কৰি
দিছে। তেওঁ অতি সহজে সেই একে পৰিমাণৰ ধন আয় কৰিব পাৰে। আৰু যদি নোৱাৰেও তেন্তে
ভোকত মৰি যোৱাটোও ইয়াতকৈ বেছি সন্মানজনক।

 

তেওঁ এখন কাগজ লৈ লিখিবলৈ আৰম্ভ
কৰিলে
;
এয়া মোৰ পদত্যাগ পত্ৰ। আপোনালোকে যদি ভাবি আছে যে
কেৱল মাত্ৰ ৪০ টকা দি আপোনালোকে মোৰ দেহ আৰু আত্মা কিনি লৈছে তেন্তে আপোনালোকে ভুল
ভাবিছে। মই ভাবোঁ নেখায় মৰি যোৱাটো আমাৰ পৰিয়ালৰ বাবে সামান্য ৪০টকাৰ দাসত্বতকৈ
বেছি ভাল হ
ব। যিকেইটা টকাৰ বলত আপুনি বছৰৰ পাছত
বছৰজুৰি মোক বান্ধি ৰাখিছে। মোৰ ধাৰণা মোৰ দৰমহা বঢ়াই দিয়াৰ বিন্দু মাত্ৰ আগ্ৰহো
আপোনালোকৰ নাই। আপোনালোকে নিজৰ কাৰণে বহুত কিবাকিবি কৰে
, কিন্তু মই বুজি নাপাওঁ আপোনালোকে ভুলতো আমাৰ কথা কিয় চিন্তা
নকৰে। অৱশ্যে এতিয়া মোৰ জনাৰ কোনো আগ্ৰহো নাই
, যিহেতু মই পদত্যাগ কৰিবলৈ ওলাইছোঁ। মই যদি সপৰিয়ালে ভোকৰ জ্বালাত মৰি যাওঁ, তেন্তে প্ৰাৰ্থনা কৰোঁ আমাৰ অতৃপ্ত আত্মাই আহি আপোনালোকক
আজীৱন যেন জেৰা কৰে…।

তেওঁ চিঠিখন ভাঁজ কৰি জাপি খামত
ভৰালে
,
খামৰ মুখখন আঠা লগাই মাৰি দিলে আৰু খামৰ ওপৰত মেনেজাৰৰ নাম
লিখি দিলে। তেওঁ বহা আসনৰ পৰা উঠি গৈ মেনেজাৰৰ সন্মুখত থিয় হ
ল। মেনেজাৰে হাতে হাতে চিঠিখন পাই গল আৰু তেওঁৰ লিখা পেডৰ ওপৰত থলে।

 

 

ভেঙ্কাত ৰাও”, মেনেজাৰে কলে, “মই ভাবোঁ তুমি এই খবৰটো শুনি সুখী হবা। আমাৰ অফিচাৰসকলে আজি দৰমহা বঢ়োৱা বিষয়টোকলৈ আলোচনা
কৰিছিলে। মই তোমাৰ নামটো আগবঢ়াইছোঁ আৰু তোমাৰ দৰমহা পাঁচ টকা বঢ়োৱাৰ কথা কৈছোঁ।
অৰ্ডাৰ এতিয়াও বাহিৰ হৈ অহা নাই বাবে খবৰটো এতিয়া তোমাৰ ওচৰতে থকাই ভাল হ
ব।ভেঙ্কাত ৰাওয়ে লিখা
পেডৰ মাজত থোৱা চিঠিখন চিলনীয়ে থাপ মাৰি নিয়াদি নি পকেটত ভৰালে।

 

সেইটো কিহৰ চিঠি আছিল?”

 

মই আচলতে সাময়িক চুটিৰ বাবে আবেদন
কৰিছিলোঁ
,
ছাৰ, কিন্তু মই
ভাবোঁ…।

 

তুমি আগন্তুক দুই সপ্তাহৰ ভিতৰত কোনো
চুটি ল
ব নোৱৰা।

 

হয় ছাৰ, মই বুজি পাইছোঁ। এইবাবেই মই মোৰ আবেদন পত্ৰখন ওভতাই ললোঁ।

 

বৰ ভাল কথা। বাৰু, তুমি ভুলটো বিচাৰি পালা নে?”

 

মই এতিয়াও বিচাৰি আছোঁ, ছাৰ। একঘণ্টামানৰ ভিতৰত সেইটো ওলাই যাব…।

 

ভেঙ্কাত ৰাও ঘৰলৈ উভতি আহোঁতে আহোঁতে
নটা বাজিল। শান্তা তেতিয়ালৈকে টোপনি গৈছিল। মাকে ক
লে,
তাই কাপোৰ খুলিবই বিচৰা নাই, এইটো ভাবি যে যিকোনো সময়তে আপুনদ আহি তাইক বাহিৰলৈ লৈ যাব।
তাই একোৱে খোৱা নাই। কাপোৰ কোচমোচ খাই যাব বুলি ভয়তে তাই শুবই বিচৰা নাছিল।

 

ভেঙ্কাত ৰাওৰ মন শোকত সেমেকি উঠিল।
যেতিয়া তেওঁ দেখিলে শান্তা শুই আছে
, 
তাইৰ গোলাপী ৰঙৰ চোলাটো পিন্ধি, চুলি বান্ধি, পাউদাৰ ঘঁহি…একেবাৰে ফুৰিবলৈ যাবলৈ সাজু হৈ।

 

তাইক মই নিশাৰ দৰ্শনীৰ বাবে লৈ
নাযাওঁনো কিয়
?”

 

তেওঁ শান্তাক মৰমেৰে গাটো জোকাৰি দি
মাতিলে
,
শান্তা, শান্তা”,  শান্তাই টোপনিৰ জালত বিৰক্ত হৈ ভৰি আফাল মাৰি দি কান্দি পেলালে। মাকে তাইক আৰু জগাব নালাগে দিয়াবুলি কৈ শান্তাক আকৌ টোপনি নিয়াবলৈ ধৰিলে। ভেঙ্কাত ৰাৱে কিছু সময় শান্তাৰ পিনে
চাই থাকিল। তাৰ পিছত বেজাৰ মনে ক
লে, “মোৰ দ্বাৰা তাইক আকৌ কেতিয়াবা ফুৰাবলৈ নিয়াটো নহবও পাৰে। আচলতে সিহঁতে মোৰ দৰমহাটো বঢ়াই দিছে।” ….


Popular Post

ঐতিহাসিক চিঠি