কবিতাঃ চিলিয়াৰ কাৰণে এটা গান / বেন জনচন

Posted by : translatorsassam
June 24, 2020

চিলিয়াৰ কাৰণে এটা গান

 

মূল : বেন জনচন ( ১৫৭২- ১৬৩৭ )

অসমীয়া ভাঙনি ঃ প্ৰণয় ফুকন

 

মোক পান  কৰা তোমাৰ দুচকুৰে

ময়ো বন্ধক ৰাখিম মোৰ দুচকু

অথবা মদিৰা পাত্ৰত থৈ যোৱা এটা চুম্বন

মই আন কোনো পানীয়ৰ প্ৰতি মুখ নুঘূৰাও

 

যদিও সেইবোৰ জোঙৰ মধুৰ ভৃংগাৰ হৈ উঠে

নোৱাৰো বিনিময় কৰিব সেইবোৰ

তোমাৰ চকুৰ স’তে, তোমাৰ দৃষ্টিৰ স’তে

বহুদিনৰ পাছত তোমাক দিলোঁ

এধাৰি গোলাপৰ মালা

সেয়া কেৱল সন্মান  বা উপহাৰ নহয়

মোৰ আছে এক গোপন আশা

সেই ফুলৰ সুগন্ধৰেই

উৰি আহিব তোমাৰ নিশ্বাসৰ সুবাস

শপত খাই কৈছোঁ

গোলাপবোৰ ফুলিবৰ পৰাই তোমাৰ আছিল ।

 


অনুবাদকৰ টোকা  ঃ ইংৰাজ কবি নাট্যকাৰ বেন জনচনৰ Song to celia নামৰ  গীতি কবিতাটো ইংৰাজী ভাষাৰ অন্যতম লোক-সংগীত হিচাপে সমাদৃত । কবিতাটোৰ প্ৰথম শাৰী ‘ Drink to me only with thine eyes ’ সাহিত্য অনুৰাগীৰ মুখত পৰি প্ৰায় প্ৰবাদত পৰিণত হৈছে। কোনোবা অনামী সুৰকাৰে কবিতাটোত সুৰ দি যি সংগীতৰ সৃষ্টি কৰিলে তাৰ মাৰ্ধুয্যত মোৎসতিৰ দৰে সংগীতজ্ঞও হতভম্ব হৈ উঠিছিল । অনুবাদে যদিও কবিতাটোৰ সৌন্দৰ্য হ্ৰাস কৰিছে , তথাপি অসমীয়া পঢ়ুৱৈৰ আগত মোৰ চেষ্টা দাঙি ধৰিলোঁ ।

 

 

Popular Post

ঐতিহাসিক চিঠি