মাইকেল ষ্টিভেনৰ কবিতা

Posted by : translatorsassam
June 28, 2020

মাইকেল ষ্টিভেনৰ কবিতা 

ইংৰাজী : জেক ৰ

অসমীয়া : দ্বিজেন কুমাৰ দাস


 

এক. The Excelsior Cafe

 

কাউন্টাৰত বহা ছোৱালীজনীৰ

হাতৰ তলুৱাৰ উষ্ণতাই

 

ঈঙ্গিতৰ কোমলতাই

 

মোৰ পৰা দুটা মুদ্ৰা লৈছে

প্ৰতিদানৰ!

 

দুই. Raven Books

 

বিপণীৰ খিৰিকিৰে দেখোঁ

 

গাড়ীত ৰৈ থকা প্ৰেমিক যুগল

 

মূৰ দুপিয়াইছে

 

চুম্বনত!

 

তিনি. Dented Moon

 

ঘূৰি ফুৰি হেৰাই যোৱা 

জোনটোৰ

 

বাটটো হৈ পৰে

দিগন্তৰ এডাল ৰঙা ফিটা

 

আকাশ আৰু সাগৰক

দুভাগ কৰা!

 

কবি পৰিচিতিঃ পেচাত উদ্যোগ ক্ষেত্ৰৰ ইলেক্ট্ৰিচিয়ান মাইকেল ষ্টিভেনৰ জন্ম 1977 চনত অকলেণ্ডতনিউজিলেণ্ডৰ সৰু ঠাই আৰু আধুনিক মননক
সংবেদনশীলতাৰে উপস্থাপন কৰা ষ্টিভেনৰ কবিতা যথেষ্ট সমাদৃত
তেওঁৰ উল্লেখযোগ্য কবিতাপুথি – Daybook
Fragments .

Popular Post

ঐতিহাসিক চিঠি