কবিতাঃ কিমান নাৱত কিমানবাৰ / সচিদানন্দ বাৎসায়ন

Posted by : translatorsassam
June 29, 2020

কিমান নাৱত কিমানবাৰ

মূল : সচ্চিদানন্দ ব্যাত্স্যায়ন

অনু : ৰাজেন্দ্ৰনাথ বৰদলৈ

 

কিমান দূৰ-দূৰণিৰ পৰা কিমানবাৰ

কিমান টুলুঙা নাৱত বহি

মই তোমাৰ উদ্দেশ্যে আহি আছোঁ

হে মোৰ ক্ষণ-প্ৰভ জ্যোতি !

কুঁৱলিৰ আৱৰণে মাজে মাজে

মোৰ দৃষ্টি তোমাৰ পৰা আচ্ছন্ন কৰি ৰাখিছিল

তথাপি কুঁৱলিৰ দৰে কোমল

তোমাৰ ৰূপাল দ্যুতিয়ে

তোমাৰ সৈতে ঘটাইছিল মোৰ নিবিড় পৰিচয়
|

কিমানবাৰ মই

ধীৰ, আশ্বস্ত, অক্লান্ত

হে মোৰ অজ্ঞাত সত্য ! কিমানবাৰ..

 

আৰু কিমানবাৰ কিমান চিকিমিকি জাহাজে

মোক কঢ়িয়াই লৈ যায় দূৰ- দূৰণিলৈ,

দুঃসহ বতাহৰ সোঁতে

মোক লৈ যায় অচিনাকি দূৰ দেশলৈ

ত নগ্ন আন্ধাৰ

       আৰু নগ্নতৰ হয়

এক উলংগ, তীক্ষ্ণ, নিৰ্মম প্ৰকাশ–

ত পোহৰৰ কোনো দ্যুতিয়েই নাই

কেৱল আছে কিছুমান স্তুপাকাৰ

             তথ্যৰ অস্তিত্ব–

সত্য নাই, অন্তহীন বাস্তৱতাৰ….

কিমানবাৰ মই

ক্ষুণ্ণ, বিকল, সন্ত্ৰস্ত

কিমানবাৰ !

 

(প্ৰকাশ আলোচনীৰ মে‘ 1983 সংখ্যাৰ পৰা সংগৃহীত)

Popular Post

ঐতিহাসিক চিঠি