গল্পঃ শেষ পাতটো (The Last Leaf) / অ’ হেনৰী

Posted by : translatorsassam
June 30, 2020

শেষ পাতটো (The Last Leaf)

মূলঃ অ’ হেনৰী

অনুবাদঃ যতীন্দ্ৰ চৌধুৰী

আগকথাঃ
হেনৰীৰ প্ৰখ্যাত গল্প “The
Last Leaf” ৰ পটভূমি নিউয়ৰ্ক মহানগৰ আৰু তাত হোৱা নিউমোনিয়া
মহামাৰী। কোভিদ-১৯ ও নিউমোনিয়াৰ বিশ্ব মহামাৰী ৰূপ আৰু ইয়াৰ চিকিৎসা নাই।

কিন্তু চিকিৎসা বিজ্ঞানী আৰু মনস্তত্ববিদ সকলে কয় যে যোগাত্মক দৃষ্টিভংগীয়ে
আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুগুণে বঢ়াব পাৰে। এই গল্পটোত সেই সত্যটোকে কলাত্মক ৰূপত
,
স্মৰণীয় ভাৱে তুলি ধৰা হৈছে। আশাকৰোঁ‌ আগ্ৰহী সকলে গল্পটো আদৰি লব।
শেষ পাতটোঃ অ’ হেনৰী
ৱাশ্বিংটন স্কোৱাৰৰ পশ্চিমে, এটা সৰু অঞ্চলত,
ৰাস্তাবোৰ অদ্ভূৎ ধৰণৰ আৰু সেইবোৰে ইটোৰ লগত সিটি কটাকটি কৰি কিছুমান
“স্থান”ৰ সৃষ্টি কৰিছে। এই স্থানবোৰে আচহুৱা কোণ আৰু ভাঁ‌জ কিছুমানৰ সৃষ্টি
কৰিছে।ৰাস্তা এটাই নিজেই নিজৰ ওপৰেৰে এবাৰ
, দুবাৰ পাৰ হৈ গৈছে।
এজন চিত্ৰশিল্পীয়ে এবাৰ এই ৰাস্তাটোত এক মূল্যবান সম্ভাৱনীয়াতা আৱিষ্কাৰ কৰিছিল।

গতিকে তুৰন্তে পুৰণি আৰ্হিৰ গ্ৰীণৱীটছ ৱিলেজলৈ শিল্পীধৰণৰ মানুহবোৰে
চুপচাপে আহি উত্তৰ ফালৰ খিৰিকী
,ওঠৰ শতিকাৰ, তিনিকোণীয়াকৈ আগবাঢ়ি অহা ঘৰৰ চাল,দাচ্চ আৰ্হিৰ
চিলিঙত লাগি থকা কোঠালী আৰু কম ভাড়াৰ সন্ধানত লাগি গৈছিল। তাৰ পাছত তেওঁ‌লোকে সিক্সথ
এৱিনিউৰ পৰা কেইটামান টিন আৰু সীহেৰে নিৰ্মিত
, ধোঁ‌ৱা বৰণীয়া
কাপ আৰু খাদ্য গৰম কৰি ৰখাৰ ব্যৱস্থা থকা ৰন্ধা পাত্ৰ আনিলে আৰু সেইটো এটা ক
নী হৈ পৰিল।

চাপৰ, বহল, ইটাৰে
নিৰ্মিত তিনিমহলীয়া এটাৰ একেবাৰে ওপৰত আছিল স্যু আৰু জ
ন্সীৰ
শিল্পশালা। জোৱানাৰ পৰা সহজ ৰূপ জ
ন্সী।এগৰাকী আছিল মেইন প্ৰদেশৰ;
আনগৰাকী কেলিফৰ্ণিয়াৰ। তেওঁ‌লোকৰ দেখাদেখি
হৈছিল “অষ্টম ৰাস্তাৰ” নিৰ্ধাৰিত মূল্যৰ খাদ্যৰ “ডেলম
নিক‘”ৰ ৰেষ্টোঁ‌ৰাত। তাতেই দুয়োৱে দুয়োৰ কলা, চিকোৰীৰ চালাড আৰু চোলাৰ দীঘল হাতৰ বিষয়ে এনে
ৰুচিৰ মিল পাইছিল যে তাৰ ফলত দুয়োগৰাকীয়ে লগ হৈ শিল্পশালাটো গঢ়ি তুলিছিল।

সেয়া আছিল, মেমাহৰ কথা।নৱেম্বৰ মাহত আহি উপস্থিত হৈছিল এক চেঁ‌চা, অদৃশ্য, অচিন আলহী যাক ডাক্তৰ সকলে নিউমোনিয়া নামেৰে
মাতিছিল। সি ক
নীটোৰ অত তত চোপ লৈ অত এটাক
আৰু ত
ত এটাক, তাৰ বৰফ চেঁ‌চা আঙুলিৰে
চুই গৈছিল। পূবফালে এই আক্ৰমণ ভীষণভাৱে চলিছিল আৰু গণ্ডাই
, গণ্ডাই মানুহ তাৰ চিকাৰত পৰিছিল।

কিন্তু শেলুৱৈয়ে আৱৰাথেক, মকৰাজাল সদৃশ “স্থান সমূহত”,
তাৰ ভৰিৰ গতি মন্থৰ হৈ পৰিছিল।
মিঃ নিউমোনিয়াৰ আচৰণ আছিল অভদ্ৰ। কেলিফৰ্ণিয়াৰ জুৰ মলয়াত ডাঙৰ হোৱা জঞ্চীৰ বাবে তেওঁ‌
হৈ পৰিছিল মাৰাত্মক। তেওঁ‌লোকৰ ঠিক পিছৰ ইটাৰ ঘৰটোৰ শূন্য ফালে
, সৰু ডাচ্চ খিৰিকীখনেৰ চাই, ঞ্চী তেওঁ‌ৰ ৰং কৰা লোহাৰ বিচনাখনত, লৰচৰ নকৰাকৈ
পৰি আছিল।

এদিন ৰাতিপুৱা , নোমাল, পকা চেলাউৰিৰে ব্যস্ত ডাক্তৰজনে স্যুক অহাযোৱা কৰা হলটোলৈ মাতিলে।
থাৰ্মমিটাৰৰ পাৰাখিনি তললৈ নিয়াৰ বাবে থাৰ্মমিটাৰটো জোকাৰি, জোকাৰি তেওঁ‌ কলে,
তোমাৰ বান্ধৱীৰ, ধৰা, দহৰ ভিতৰ এক সুযোগ আছে বাচি থকাৰ। সেই সুযোগটো আকৌ আহিব তেওঁ‌ৰ জীয়াই থকাৰ
ইচ্ছা শক্তিৰ ওপৰত নিৰ্ভৰ কৰি। এইদৰে মৃত্যুৰ বিষয়ে মন দূৰ্বল কৰি মানুহবোৰে ঔষধপাতিৰ
অৰ্থই নোহোৱা কৰিছে। তোমাৰ বান্ধৱীৰ মনত এই ভাৱটোৱে থিতাপি লৈছে যে তেওঁ‌ সুস্থ হৈ
নুঠে। তেওঁ‌ৰ মনত কিবা প্ৰবল ইচ্ছা আছে নেকি
?”

তাই–তাই কোনোবা এদিন নেপলছ উপসাগৰ খন আঁ‌কিবলৈ
ইচ্ছা থকা বুলি কৈছিল”
, স্যুৱে উত্তৰ দিছিল।

ৰঙ-তুলিকা? বাজে কথা! এনে
কোনো কথা নাইনে তেওঁ‌ৰ মনত যাৰ বাবে দুবাৰ চিন্তা কৰিব পাৰি – ধৰা কোনোবা পুৰুষ
?”

কোনোবা পুৰুষ?”  ইহুদী সকলে বজোৱা হাৰ্পৰ ধ্বনিৰ
দৰে কণ্ঠেৰে স্যুৱে কৈছিল।

পুৰুষ এজনৰ কিবা মূল্য আছেনে – কিন্তু, নাই, নাই, ডাক্তৰ। তাইৰ
তেনে কোনো নাই।”

তেন্তে তাইৰ ক্ষেত্ৰত ই এক দূৰ্বলতা। মোৰ প্ৰচেষ্টাৰ
মাজেৰে বিজ্ঞানে যিখিনি দিব পৰে
, আটাইখিনি মই দিম। কিন্তু
মোৰ ৰোগীয়ে যেতিয়া তেওঁ‌ৰ শৱ যাত্ৰাত যাবলগীয়া গাড়ীৰ সংখ্যা হিচাপ কৰিবলৈ লয়
,
মই ঔষধৰ আৰোগ্যকাৰী গুণৰ পৰা শতকৰা পঞ্চাশ ভাগ বাদ দিওঁ‌। যদি তুমি
তেওঁ‌ক এইবছৰৰ শীতৰ সাজ পোচাকত দীঘল হাত সম্পৰ্কে প্ৰশ্ন এটা সোধাব পাৰা
,তেন্তে মই কথা দিছোঁ‌, তেওঁ‌ বাচি থকাৰ সম্ভাৱনা
দহৰ ভিতৰত একৰ সলনি
, মই পাঁ‌চৰ ভিতৰত এক কৰিম।”

ডাক্তৰ গুচি যোৱাৰ পাছত, স্যুৱে শিল্পশাললৈ
উভটি গৈ
, কান্দি কান্দি, চকুপানীৰে
জাপানী নেপকিন এখন ভিজাই দিলে। তাৰ পিছত ৰেগ সংগীত সুহুৰিয়াই
, সুহুৰিয়াই, হাতত দ্ৰয়িং বৰ্ডখন লৈ, যথেষ্ট আত্মপ্ৰত্যয়েৰে জঞ্চীৰ কোঠালৈ সোমাই গল।

ঞ্চীয়ে খিৰিকীৰ ফালে মুখখন কৰি, বিচনাত, উৰা কাপোৰৰ তলত, অলপো লৰচৰ নকৰাকৈ পৰি আছিল। তাই শুই থকা বুলি ভাৱি স্যুৱে সুহুৰি বন্ধ কৰিলে

তেওঁ‌ বৰ্ডখন ঠিকথাক কৰি লৈ, আলোচনী এখনৰ গল্পৰ বাবে কলম আৰু চিয়াঁ‌হীৰে ব্যখ্যা-চিত্ৰ আঁ‌কিবলৈ আৰম্ভ
কৰিলে। তৰুণ লেখক-লেখিকাই আলোচনীৰ বাবে গল্প লিখি যেনেকৈ সহিত্যলৈ বাট উলিয়াই লয়
,
তেনেদৰে তৰুণ শিল্পী সকলে, আলোচনীৰ গল্পৰ
বাবে ব্যাখ্যা-চিত্ৰ অঙ্কণ কৰি কলাৰ জগতলৈ বাট উলিয়াই লবই লাগিব।

স্যুয়ে গল্পটোৰ নায়ক, আইডাহো ৰাজ্যৰ কাওবয় এজনৰ
চিত্ৰত অশ্বাৰোহীৰ সুন্দৰ পোচাক আৰু আৰু ফ্ৰেমবিহীন
, এটা চকুৰ
চশমা আঁ‌কি থাকোতেই
, নিম্ন স্বৰত হোৱা শব্দ এটা বাৰে,বাৰে শুনিলে।তেওঁ‌ তৎক্ষণাত বিচনাখনৰ কাষলৈ গল।

ঞ্চীৰ চকুহাল,বহলকৈ
মেলা আছিল। খিৰিকীৰে বাহিৰলৈ চাই
, তাই ওপৰৰ পৰা তললৈ গণণা
কৰি আছিল। “বাৰ”
, তাই কৈছিল; তাৰ অলপ পিছতে কৈছিল,”এঘাৰ”;
তাৰ পাছত”দহ”,তাৰ পাছত”ন”,
তাৰ পাছত “আঠ” আৰু “সাত”, প্ৰায় একেলগে কৈছিল।

উদ্বিগ্নতাৰে তেওঁ‌ বাহিৰলৈ চাই পঠিয়াইছিল। তাতনো হিচাপ কৰিবলগীয়া
কি আছিল
?
তাত আছিল এখন শূন্য , হতাশাৰে মন ভৰোৱা,
বিৱৰ্ণ চোতাল আৰু কুৰি ফুটমান আঁ‌তৰত, ইটাৰ
ঘৰটোৰ উদংফালটো। শিপাতেই ডাঙৰ গাঁ‌ঠি হোৱা
,লেৰেলা এডাল আইভি
লতা
, ইটাৰ দেৱালৰ আধামানলৈ বগাইছিল।

শৰতৰ চেঁ‌চা নিশ্বাস লাগি লতাডালৰ পাতবোৰ সৰি সৰি, তাৰ জকা সদৃশ ঠেঙুলিবোৰ প্ৰায় পত্ৰবিহীন হৈ ভাঙি পৰো, পৰো হোৱা ইটাবোৰ আকোৱালি আছিল।

হেৰা, সোণজনী, কিনো চাই আছা?”

ছয়”, ঞ্চীয়ে প্ৰায় ফুচফুচাই কৈছিল। “সিহঁ‌তবোৰ এতিয়া বেছি বেগাই পৰিছে।
তিনিদিন আগত প্ৰায় এশ আছিল। গণনা কৰি
, কৰি, মোৰ মোৰ মূৰ বিষাই গৈছিল। কিন্তু এতিয়া সহজ হৈ পৰিছে। আন এটা গল। এতিয়া মাত্ৰ পাঁ‌চটাহে বাকী আছে।”

কি পাঁ‌চটা, সোণজনী?
তোমাৰ স্যুক নোকোৱা জানো?”

পাত।সৌ আইভি লতাডালত। শেষ পাতটো সৰিল মানে ময়ো মৰিলোঁ‌।
কথাটো মই তিনি দিনৰ পৰাই জানোঁ‌। ডাক্তৰে কোৱা নাই জানো। তোমাক
?”

নাই, এনেকুৱা বাজে কথা
মই কেতিয়াও শুনা নাই”
, স্যুৱে বিদ্ৰুপৰ সুৰত কলে।

তুমি সুস্থ হৈ উঠাৰ লগত, সেই পুৰণি আইভী লতাডালৰ পাতৰ কি সম্পৰ্ক আছে?আৰু
তুমিতো লতাডালক এসময়ত ভাল পাইছিলা
, দুষ্ট ছোৱালীজনী। মূৰ্খৰ
দৰে আচৰণ নকৰিবা। কিয়
, ডাক্তৰেতো ৰাতিপুৱা মোক কলে যে তুমি সোনকালে সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে – ৰবা, তেওঁ‌ ঠিক যেনেকৈ
কৈছিল
, তেনেকৈ কওঁ‌ – তেওঁ‌ কৈছিল সম্ভৱ দহৰ ভিতৰত এক। সেয়া
আমি নিউয়ৰ্কত ৰাস্তাৰ গাড়ীত ঘুৰোতে বা নতুন অট্টালিকা এটাৰ কাষেৰে যাওতে বাচি যোৱাৰ
যিখিনি সম্ভাৱনা
, সিমানখিনিয়েই।এতিয়া অলপ মঙহ, পাচলিৰ চুপ খোৱা আৰু তোমাৰ স্যুডিক ছবি অঁ‌কা কামলৈ ঘূৰি যাবলৈ দিয়া যাতে
তেওঁ‌ সম্পাদক মহোদয়ক চিত্ৰ বিক্ৰী কৰিব পাৰে আৰু সেই পইছাৰে
, তেওঁৰ অসুস্থ ছোৱালীজনীলৈ অলপ পৰ্ট ৱাইন আৰু নিজৰ
লুভীয়া জিভাখনৰ বাবে কেইটামান গাহৰিৰ মঙহৰ চ
প কিনিব পাৰে।”
তুমি পুনৰ ৱাইন কিনিব নালাগে”, খিৰিকীৰ বাহিৰত দৃষ্টি আৱদ্ধ ৰাখি জঞ্চীয়ে কৈছিল।
“আৰু এটা গ
ল।নাই, মোক একো চুপ
টুপ নালাগে। এতিয়া মাত্ৰ চাৰিটাহে থাকিল।আন্ধাৰ হোৱাৰ আগতেই মই শেষ পাতটো সৰি যোৱা
চাবলৈ বিচাৰোঁ‌। তেতিয়া মোৰো মৰণ আহিব।”

ঞ্চী, সোণজনী”, স্যুৱে তাইৰ ওপৰত হালি লৈ কলে,”মোৰ কাম শেষ নোহোৱালৈ তুমি চকু বন্ধ কৰি
ৰাখি
, খিৰিকীৰে বাহিৰলৈ লৈ চাই নাথাকো বুলি শপত লবানে?
কাইলৈৰ ভিতৰত মই এই চিত্ৰখিনি জমা দিবই লাগিব।মোক পোহৰ লাগে।নহলে
মই আৰঁ‌ কাপোৰ খন টানি নমাই ল
ম।
তুমি আনটো কোঠাত আঁ‌কিব পাৰিবানে?”
নিৰুত্তাপ ভাৱে জঞ্চীয়ে সুধিছিল।

মই ইয়াতহে থকিম, তোমাৰ
কাষত”
, স্যুই উত্তৰ দিছিল। “তদুপৰি সেই আইভি লতাডালৰ
বাজে পাত কেইটালৈ তুমি চাই থকাটো মই নিবিচাৰোঁ‌।”

তুমি কাম সামৰাৰ লগে, লগেই
মোক ক
বা”, পৰি যোৱা বগা,নিঠৰ মূৰ্তি এটাৰ দৰে চকু জপাই জঞ্চীয়ে কৈছিল,”
কাৰণ মই শেষ পাতটো পৰি যোৱা চাবলৈ বিচাৰোঁ‌। অপেক্ষা কৰি কৰি মই ভাগৰি
পৰিছোঁ‌। মই চিন্তা কৰি
, কৰি ভাগৰি পৰিছোঁ‌। সকলোকে ধৰি থকা
মোৰ হাতৰ মুঠিটো মই ঢিলা কৰি দিবলৈ বিচাৰিছোঁ‌ আৰু সেই দূৰ্ভগীয়া
, ক্লান্ত পাতবোৰৰ এটাৰ দৰে মই পাল তৰি আঁ‌তৰি যাবলৈ বিচাৰিছোঁ‌।”

শুবলৈ যত্ন কৰা।মই বেহৰ্মানক, অকলশৰীয়া খনি শ্ৰমিকৰ মডেল হিচাপে মাতি আনিবই
লাগিব।এক মিনিট নালাগে। মই ঘুৰি আহি নোপোৱালৈ লৰচৰ কৰিবলৈ যত্ন নকৰিবা কিন্তু।”

বৃদ্ধ বেহৰ্মান আছিল এজন চিত্ৰশিল্পী আৰু তেওঁ‌ একেটা ঘৰৰ ভূ-মহলাত
বাস কৰিছিল।তেওঁ‌ৰ বয়স ষাঠীৰ ওপৰ আছিল – সুশ্ৰী দেহ আৰু দীঘল দাঢ়ি একোচাৰে তেওঁ‌ দেখনিয়াৰ
আছিল।

লাৰ ক্ষেত্ৰত বেহৰ্মান ব্যৰ্থ হৈছিল। চল্লিশ
বছৰ
ৰং তুলিকাৰ ব্যৱহাৰ কৰিও তেওঁ‌ সন্মান আদায় কৰিব পৰা নাছিল।
তেওঁ‌ তেওঁ‌ৰ
শ্ৰেষ্ঠতম পেইণ্টিংখন আঁ‌কিবলৈ সদায় প্ৰস্তুত
আছিল
, কিন্তু কাহানিও আৰম্ভ কৰিব পৰা নাছিল। কেবাবছৰ ধৰি মাজে সময়ে বাণিজ্যিক কাৰণত বা বিজ্ঞাপনৰ বাবে অঁ‌কাৰ সলনি কোনো
ধৰণৰ পেইণ্টিং কৰা নাছিল। ক
লনীত বাস কৰা তৰুণ-তৰুণী যি সকল
শিল্পীয়ে পেশাদাৰী ম
ডেলক পইছা দিব পৰা নাছিল, সেই সকলৰ বাবে মডেল হিচাপে কাম কৰি দুই পইছা আৰ্জিছিল।
তেওঁ‌ অতি বেছি পৰিমাণৰ জিন পান কৰিছিল আৰু তেতিয়াওঁ‌ নিজৰ শ্ৰেষ্ঠতম কলাকৃতিৰ কথা
কৈছিল।আন কথাত কবলৈ হ
লে তেওঁ‌ আছিল এক ভয়ানক ভাৱে ৰাগী,
সৰু আকাৰৰ বৃদ্ধ এজন যিয়ে কাৰোবাৰ মাজত অকণ কোমল অনুভুতি দেখিলেও
তীব্ৰ ভাৱে বিদ্ৰূপাত্মক কথা কৈছিল আৰু ওপৰৰ ষ্টুডিওত বাস কৰা দুই তৰুণী শিল্পীৰ ৰক্ষণাবেক্ষনৰ
বাবে নিজকে মাষ্টিফ জাতৰ বিশেষ কুকুৰ এটা বুলি গণ্য কৰিছিল।

স্যুৱে গৈ বেহৰ্মানৰ অনুজ্বল পোহৰে আৱৰি ৰখা চোংটোত তেওঁ‌ক
পালে।মানুহজনৰ মুখৰ পৰা জুনিপাৰ বেৰীৰ উগ্ৰ গোন্ধ।এটা চুকত
, এডাল ঈজেলৰ ওপৰত উকা কেনভাচ এখন,যিখনে তেওঁ‌ৰ শ্ৰেষ্ঠতম
কলাকৃতি হ
বলৈ পচিশ বছৰ ধৰি প্ৰথম ৰেখাডাল পাবলৈ অপেক্ষা কৰি
আছিল।স্যুৱে তেওঁ‌ক জ
ঞ্চীৰ অদ্ভূত কল্পনাৰ কথা কৈছিল – কেনেকৈ
তাই ভয় কৰিছিল যে গছৰ পাত এটাৰ দৰে পাতল আৰু ঠুনুকা তাই নিজেই
,পৃথিৱীক ধৰি ৰখা মুঠিতো অলপ ঢিলাই দিলেই কেনেকৈ পাত এটাৰ দৰে ওপঙি,
ওপঙি আঁ‌তৰি যাব।

নিচাত মাতাল বেহৰ্মানে, ৰঙা চকুৰে এনেকুৱা মূৰ্খৰ
কল্পনাৰ প্ৰতি বিতৃষ্ণা আৰু বিদ্ৰূপ
, চিঞৰি, চিঞৰি প্ৰকাশ কৰিলে।

ধেৎ”, তেওঁ‌ চিঞৰি
উঠিছিল
, ” ফাল্টু এডাল লতাৰ পৰা পাত সৰি পৰিল বুলিয়ে,
মৰিব বুলি ভৱা মুৰ্খামি কৰা মানুহো এই সংসাৰত আছেনে?এনে কথা কতো আগতে শুনা নাই দেই।নাই, তোমাৰ বাবে মই খনি কৰ্মীৰ মডেল হব নোৱাৰিম।কিয় এনেকুৱা বাজে চিন্তা তাইৰ মগজুত আহিবলৈ দিছা? সেই বেচেৰী মিছ জঞ্চীৰ মগজুলৈ?”

তেওঁ‌ৰ গা অতি বেয়া আৰু তেওঁ‌ বৰ দূৰ্বল হৈ আছে।
জ্বৰৰ ফলত মনটো মৃত্যুমুখী চিন্তাই ভৰাই দিয়াৰ উপৰিও অদ্ভূত
, অদ্ভূত কল্পনা কিছুমানে মনটোত বাহ লৈছে। ঠিক আছে,
মিঃ বেহৰ্মান, আপুনি যদি মোৰ বাবে পজ দিব নুখুজে, নালাগে দিব। কিন্তু মই ভাৱোঁ‌ আপুনি
এজন ভয়ানক
, চেলচেলীয়া বৃদ্ধ।”

তুমিও দহজনী তিৰোতাৰ দৰেই”, বেহৰ্মানে চিৎকাৰ কৰি উঠিছিল।” কোনে কলে
মই প
জ নিদিম বুলি? লা, তোমাৰ লগতে ময়ো যাওঁ‌।আধাঘণ্টা ধৰি মই এইটোৱে
কবলৈ চেষ্টা কৰি আছোঁ‌ যে মই প
জ দিবলৈ সাজু।হে ভগৱান,এইখন এনে ঠাই নহয় যত মিছ জঞ্চীৰ দৰে ইমান ভাল ছোৱালী এজনী বেমাৰত পৰি থাকিব লাগিব।কোনোবাদিনা মোৰ
শ্ৰেষ্ঠ পেইণ্টিংখন কৰিম আৰু আমি আটাইবোৰ গুছি যাম।ভগৱান ! হয়।”

তেওঁ‌লোক ওপৰ মহলা গৈ পাওঁ‌তে, ঞ্চী শুই আছিল। স্যুৱে আঁ‌ৰকাপোৰ খন টানি তললৈ
নমাই দিলে আৰু বেৰ্হামানক ঈঙ্গিত দি আনটো কোঠালৈ মাতিলে।তাৰ পৰা
, ভয় ভয়কৈ আইভি লতাডাললৈ খুব মনদি চালে। তাৰ পাছত একো নোকোৱাকৈ ইজনে সিজনৰ
ফালে চালে ক্ষন্তেকৰ বাবে চালে।একেৰাহে বৰফ মিহলি হৈব থকা
, চেঁ‌চা বৰষুণ এজাক পৰি আছিল। বেৰ্হমানে তেওঁ‌ৰ পুৰণি, নীলা চোলাটো পিন্ধিয়ে, প্ৰস্তৰ এছটাৰ সলনি,
লুটিয়াই লোৱা কেটলী এটাৰ ওপৰত বহি নিসঃঙ্গ খনি শ্ৰমিকৰ ভঙ্গীমাত বহি
দিলে।

পিছদিনা ৰাতিপুৱা এঘণ্টা শুৱাৰ পাছত, স্যুৱে যেতিয়া সাৰ পাইছিল, তেওঁ‌ জঞ্চীক নিষ্প্ৰভ চকু দুটা বহলকৈ মেলি,টানি থোৱা,
সেউজীয়া আঁ‌ৰ কাপোৰখনৰ ফালে ৰলাগি চাই
থকা দেখিলে।
সেইখন ওপৰলৈ টানি দিয়া; মই চাবলৈ বিচাৰোঁ‌”, ফুচফুচাই, আদেশৰ সুৰত জঞ্চীয়ে কৈছিল।
ভীষণ ক্লান্তিৰে স্যুই আদেশ পালন কৰিছিল।

কিন্তু, চোৱা! গোটেই নিশা প্ৰচণ্ড বৰষুণ আৰু
তীব্ৰ বতাহ বলি থকা স্বত্বেও
, ইটাৰ দেৱালত আইভি লতাৰ এটা পাত
তেতিয়াও লাগি আছিল।সেইটোৱে আছিল লতাডালৰ শেষ পাতটো। ঠাৰিডালৰ কাষত এতিয়াও ঘন সেউজীয়া
কিন্তু কৰতৰ মুখৰ দৰে হোৱা তাৰ দুই দাঁ‌তিত অন্তিম ক্ষণৰ অৱক্ষয়ৰ স্বৰূপ লৈ
,
মাটিৰ পৰা বিশ ফুটমান ওপৰত, লতাডালৰ এটা
শাখাত ই ওলমি আছিল।

এইটোৱে শেষ পাতটো”, ঞ্চীয়ে কৈছিল। “মই ভাৱিছিলোঁ‌,ৰাতিটোৰ ভিতৰত ই সৰি পৰিবই।মই বতাহৰ শব্দ শুনি আছিলোঁ‌। ই আজি সৰিবই আৰু
ময়ো একে সময়তে মৰিম।”
অহ সোণজনী, সোণজনী”,
গাৰুটোৰ ফালে তেওঁ‌ৰ ক্লান্ত মুখখন নমাই স্যুৱে কৌছিল,
নিজৰ কথা যদি নাভাৱা, মোৰ কথাতো ভাৱা।
মই কি কৰিম
?”

ঞ্চীয়ে কিন্তু উত্তৰ নিদিলে। পৃথিৱীৰ সাবাতোকৈ
নিঃসঙ্গ প্ৰাণীটো হ
ল সেইটো, যিটোৱে
তাৰ ৰহস্যময়
, অন্তহীন দূৰত্বলৈ যাবলৈ প্ৰস্তুত হৈছে।এই পৃথিৱী
আৰু বন্ধুত্বৰ লগত যি কেইটা বান্ধোনে তেওঁ‌ক কপকপীয়াকৈ সাঙুৰি ৰাখিছিল
, সেই বান্ধোনবোৰ যিমানেই ঢিলা হৈ আহিছিল, সিমানেই
জোৰে সেই অ
দ্ভুদ চিন্তাবোৰে তেওঁ‌ৰ মনত শিপাইছিল।

দিনটো পাৰ হৈ গৈছিল,আৰু মুনিচুনি বেলিৰ কালছোৱাৰ
মাজেৰেও তেওঁ‌লোকে দেখিছিল
, সেই অকলশৰীয়া পাতটো, দেৱালখনত লাগি থকা লতাডালত খামুচি ধৰি আছে। তাৰ পিছত ৰাতি অহাত পুৰ উত্তৰৰ পৰা বোৱা বতাহে কোবাই গৈছিল, খিৰিকীত
বৰষুণৰ পানীয়ে কোবাই গৈছিল আৰু ডাচ্চ আৰ্হিৰ
, চাপৰ পানীপোচাৰ
পৰা পানী বাগৰি গৈছিল।

পোহৰ যেতিয়া যথেষ্ট হৈছিল, নিৰ্দয়া জঞ্চীয়ে আঁ‌ৰ কাপোৰখন তুলি দিবলৈ আদেশ দিছিল।
আইভি পাতটো তেতিয়াও তাত আছিল।

পাতটোৰ ফালে চাই, ঞ্চী বহুত সময় বিচনাত পৰি ৰল। তাৰ পাছত তেওঁ‌
স্যুক মাতিছিল
; স্যুৱে গেচ ষ্টোভত জঞ্চীৰ বাবে কুকুৰাৰ চুপ প্ৰস্তুত কৰি আছিল।

মই বৰ বেয়া ছোৱালীয়ে হৈ থাকিলোঁ‌, স্যু”, ঞ্চীয়ে
কৈছিল।” কিবা এটাই শেষ পাতটো ইয়াত ৰাখি দিলে
, এইটোকে
দেখুৱাবলৈ যে মই অতি
, অতি অসৎ। মৰিবলৈ বিচৰাটো পাপ। মোক এতিয়া
অলপ চুপ দিব পাৰা আৰু অলপমান প
ৰ্ট মিহলাই কিছু গাখীৰ দিয়া।
আৰু
নাই নালাগে। প্ৰথমে মোক হাতত লৈ চাব পৰা আয়না এখন দিয়া,
তাৰ পাছত কেটামান গাৰু মোৰ চাৰিওফালে বহুৱাই দিয়া; মই বহি লৈ, তুমি ৰন্ধা-বঢ়া কৰা চাই থাকিম।

এঘণ্টা পাছত তেওঁ‌ কৈছিল,” কোনোবা এদিন
মই নেপলছ উপসাগৰখন আঁ‌কিম।”
আবেলি ডাক্তৰজন” আহিছিল। তেওঁ‌ যাবলৈ ওলাওতেই, স্যুৱে চেলু এটা উলিয়াই, অহাযোৱা কৰা হলটোলৈ ওলাই গল।

স্যুৰ ক্ষীণ, কঁ‌পি থকা হাতখন নিজৰ
হাতত মাজত লৈ ডাক্তৰে কৈছিল
, “সুন্দৰ সম্ভাৱনা। অলপ পৰিচৰ্যা
কৰা। তুমি জয়লাভ কৰিবা। মই তলৰ মহলাৰ ৰোগী এজন চাবলৈ এতিয়া যাবই লাগিব। নামটো বেৰ্হমান
;
মোৰ বিশ্বাস, এজন শিল্পী।একেই ৰোগ–নিউমোনিয়া।
মানুহজন বৃদ্ধ
, দূৰ্বল; অতি গুৰুতৰ
ভাৱে আক্ৰান্ত হৈছে। বচাৰ আশা নাই
; কিন্তু অলপ আৰাম পাবাৰ
কাৰণে আজি হ
স্পিটেললৈ যাব।”

পিছদিনা ডাক্তৰে স্যুক কৈছিল, “ঞ্চী বিপদমুক্ত। তুমি বিজয়ী হলা। এতিয়া মাথোন পুষ্টিকৰ আহাৰ আৰু যতন – সিমানেই।”

সেই আবেলি, স্যু আহিছিল জঞ্চীৰ বিচনাখনলৈ যত বাগৰি জঞ্চীয়ে পৰম সন্তোষেৰে, অতি নীলা ৰঙৰ আৰু অতি কামত
নহা
, ঊলৰ, কান্ধত লব পৰা স্কাৰ্ফ
এখন গুঁ‌ঠি আছিল। স্যুৱে গাৰুৱে আৱৰি ৰখা জ
ঞ্চীক আকোৱালি
এখন হাত আগবঢ়াই দিলে।

তোমাক কথা এটা কবলগীয়া
আছে
, বগী নিগনি। হাস্পাতালত আজি মিঃ
বেহৰ্মানৰ নিউমোনিয়াত মৃত্যু হ
ল। দুদিনহে বেমাৰ হৈছিল। চকীদাৰজনে
প্ৰথম দিনাখন তলৰ মহলাৰ তেওঁ‌ৰ কোঠাত কষ্ট খাই
, অসহায়ভাৱে
পৰি থকা অৱস্থাত পাইছিল। তেওঁ‌ৰ জোতা আৰু কাপোৰ
কানি সম্পূৰ্ণভাৱে
ভিজি আছিল আৰু সেইবোৰ বৰফ চেঁ‌চা হৈ পৰিছিল। এনেকুৱা ভয়াবহ ৰাতি এটা তেওঁ‌ ক
তনো কটাইছিল তেওঁ‌লোকে অনুমানেই কৰিব পৰা নাছিল। তাৰ পাছত তেওঁ‌লোকে এটা
লেম্প পাইছিল যিটো তেতিয়াও জ্বলি আছিল আৰু পাইছিল নিৰ্দ্দিষ্ট ঠাইৰ পৰা টানি অনা এডাল
জখলা আৰু অ
, ত পৰি থকা কেইডালমান ব্ৰাশ আৰু এখন পেলিট যত সেউজীয়া
আৰু হালধীয়া ৰঙ মিহলি কৰা আছিল
; আৰু সোণজনী, খিৰিকীৰে বাহিৰলৈ চোৱাচোন – দেৱালত লাগি থকা আইভিৰ সেই শেষ পাতটোলৈ। তোমাৰ
মনলৈ এবাৰো ভাৱ অহা নাইনে
, ইমান বতাহ বলি থকা স্বত্বেও কিয়
সেই পাতটোই কেতিয়াও কঁ‌পা বা লৰচৰ কৰা নাছিল
? অহ, সোণজনী এইটোৱে বেৰৰ্হামৰ শ্ৰেষ্ঠতম কলাকৃতি – যি নিশা শেষ পাতটো সৰি পৰিছিল,
সেই নিশাই এই পাতটো তেওঁ‌ তাত আঁ‌কি থৈ গৈছিল।”

Popular Post

ঐতিহাসিক চিঠি