কবিতাঃ মাষ্টাৰদাৰ হাতঘড়ী / শামসুৰ ৰাহমান

Posted by : translatorsassam
June 30, 2020

মাষ্টাৰদাৰ হাতঘড়ী

মূলঃ শামসু ৰাহমান (বাংলাদেশ)

অসমীয়া ভাঙনিঃ খগেশ সেন ডেকা



মাষ্টাৰদা, আপুনি হাতঘড়ী পিন্ধিছিল নে কেতিয়াবা?
এই প্ৰশ্নই মোক খুন্দিয়াইছে
বহুবাৰ৷ মাষ্টাৰদা, আপোনাৰ বিষয়ে
বহু কথাই জনা আছে মোৰ৷
আপোনাৰ দেহৰ গঠন, বহুমূলীয়া ৰত্নৰ দৰে
চকুৰ দীপ্তি, জীৱন-চৰ্যাৰ
ধৰণ আদি
বহু প্ৰকাৰৰ খুঁটি-নাটিৰ সন্ধান মই পাইছোঁ
কিতাপৰ কলা আখৰৰ মাজত ভ্রমণ কৰি কৰি৷
কিন্তু মাষ্টাৰদা, আপুনি কেতিয়াবা
হাতঘড়ী পিন্ধিছিল নে নাই আজিকোপতি মই
জানিব পৰা নাই
সেয়ে হলেও আপুনি যে মাজে মাজে ঘড়ীৰ ফালে
চায়, সেই কথা ধৰি লব পাৰি৷
যি নিজে সময়ক শাসন কৰে,
সময়ৰ শাসনো তেওঁ মানি লবলগীয়া হয়
কেতিয়াবা কোনো কোনো সময়ত৷ যেতিয়া আপুনি
পিষ্টলৰ
ট্ৰিগাৰ টিপিছিল৷ কিংবা সহযোগ কৰিছিল
গোৰা সৈন্যদলৰ অস্ত্ৰাগাৰ লুণ্ঠনত
অথবা পায়চাৰি কৰিছিল চট্টগ্ৰাম জেলৰ
নিৰন্ধ্ৰ চেলৰ ভিতৰত,
তেতিয়া সময়ৰ ধ্বনিৰ প্ৰতি আপুনি
উদাসীন আছিল নেকি?
মাষ্টাৰদা, সেই যে মাজে-সময়ে
আপোনাৰ কণ্ঠত উচ্চাৰিত হৈছিল এমুঠি শব্দ,
সেই হিচাপে আপুনি নিজে
চকুৰেও শুনিছে, কাণেৰেও দেখিছে
ক্ষুদিৰাম, প্ৰফুল্ল চাকী, বীৰ আশফাকউল্লাহ, অপৰূপ
অগ্নিবয়লৰ দৰে এক মহামাল্যৰ মণিৰত্ন,
তেওঁলোকৰ পোহৰতে গীত জুৰিছিল
আপোনাৰ চেতনাই, আপুনি যেতিয়া বহি থাকে
চুপচাপ, নীলা নক্সা আঁকে প্ৰতিৰোধৰ
অথবা সহযাত্ৰীসকলক উদ্বুদ্ধ কৰে
সমুখলৈ খোজ পেলাবৰ বাবে৷
মাষ্টাৰদা, যেতিয়া আপোনাৰ মূৰৰ ওপৰত
ওলমিছিল ফাঁচীৰ ৰচি, তেতিয়া
আপোনাৰ ঋজু মেৰুদণ্ড শিৰশিৰাই উঠিছিল
নেকি
শীতে কোবাই যোৱা গছৰ ডালৰ দৰে? আপোনাৰ হৃদপিণ্ডৰ
স্পন্দন কি থামি গৈছিল
ক্ষণিকৰ বাবে? মাষ্টাৰদা, আপোনাৰ
ব্যক্তিগত মৃত্যু এক লহমাৰ ভিতৰত
হৈ উঠিছিল বিপুল জনগোষ্ঠীৰ যুগপৎ
মৃত্যু আৰু জীৱন৷
মাষ্টাৰদা, আপুনি কেতিয়াবা
হাতঘড়ী পিন্ধিছিল নে নাই নাজানো, জনাৰ প্ৰয়োজনো নাই সিমান৷ অমৰতাই
জ্যোতিৰ্বলয়ৰ দৰে ৰাখী পিন্ধাই দিছে
আপোনাৰ মণিবন্ধনত৷
আপোনাৰ হাত সূৰ্যোদয়ৰ প্ৰসন্নতাৰে
প্ৰসাৰিত হৈ আছে সেই ভূখণ্ডৰ ফালে,
ভাবীকাল যাৰ পোছাকী নাম৷
আৰু এটি অলৌকিক হাতঘড়ী, যি হয়তো আপুনি পিন্ধা নাছিল, অথচ আপোনাৰ নামেৰেই নামাংকিত
ক্ৰমাগত বাজি আছে
আমাৰ হৃদপিণ্ডত অনন্তৰ ৰৌদ্ৰ-নিঃসীম উষ্ণতাৰে৷

Popular Post

ঐতিহাসিক চিঠি