এক বাজি গ‘ল (Past one
o’ clock)
o’ clock)
মূলঃ ভ্লাডিমিৰ মায়াক‘ভস্কী (Vladimir Mayakovsky)
ইংৰাজী অনুবাদঃ Vladimir
Markov and Merrill Sparks.
Markov and Merrill Sparks.
অসমীয়া ভাঙনিঃ খগেশ সেন ডেকা
এক বাজি গ‘ল৷ তুমি নিশ্চয় এতিয়া গভীৰ
টোপনিত৷
ৰাতিৰ আকাশত ৰূপালী নিজৰাৰ দৰে হাতীপটি নাচে৷
চৌদিশ নিস্তব্ধপ্ৰায়৷ বিদ্যুতৰ আঘাতৰ দৰে বিজুলী
ডাকৰ খবৰেৰে নজগাওঁ এতিয়া তোমাক
সুখৰ সপোন ভাঙি আমনি দিবলৈ৷
সিহঁতে কোৱাৰ দৰে সিমানতে গল্পটোৰ সামৰণি৷
জীৱনৰ কঠিন শিলবোৰত ঠেকা খাই খাই
চুৰমাৰ হ‘ল প্ৰেমৰ নাওখনি৷
আমি এতিয়া মুক্ত আৰু আমাৰ বাবে প্ৰয়োজন নাই
পাৰস্পৰিক আঘাত, অপমান আৰু দুখৰ তালিকাৰ৷
আৰু মই দেখিছোঁ পৃথিৱী কিদৰে শুই আছে পৰম শান্তিৰে
আকাশে সাঁচতীয়া ভঁড়ালৰ পৰা ৰাতিক দিছে এলানি উদ্ধত তৰা৷
এনেবোৰ সময়ত
সাৰে থাকি অভিনন্দন জনায়
সমস্ত সময়, ইতিহাস আৰু
বিশ্ব-ব্ৰহ্মাণ্ডক৷
টোকাঃ এই কবিতাটো ১৯৩০ চনত মায়াক‘ভস্কীয়ে
আত্মহত্যা কৰাৰ পিছত তেওঁৰ জেপত পোৱা গৈছিল৷ সম্ভৱতঃ ইয়েই আছিল কবিগৰাকীৰ অন্তিম
ৰচনা৷
![]() |
| মায়াক’ভস্কী |
