গল্পঃ তৃষ্ণা/ কা টা চিক্কান্না (কানাড়া)

Posted by : translatorsassam
July 3, 2020

তৃষ্ণা

মুল (কানাড়া) : কা টা চিক্কান্না (Ka Ta Chikkanna)

ইংৰাজী : এইচ,এচ,এম প্ৰকাশ
অনুবাদ : ৰঞ্জনা দত্ত


“মই তোক কেতিয়াবাৰ পৰাই মাতি আছোঁ। তই লৰচৰেই কৰা নাই দেখোন। সোনকালে আহি মোক ডাইল
বোৰ বাচি দেহি চোন। তেতিয়াহে ডাইল খন অলপ ডাঠ হব।”

তাই বোধহয় এতিয়ালৈকে এই বাৰৰ সৈতে দহ বাৰ মান মাতিলে । কিন্ত জাভাৰাই কোনো উত্তৰ
নিদিয়াকৈ নিজৰ কাম কৰাতে মগ্ন। তাৰ কামটো হ’ল – খেৰী ঘৰৰ কোঠালীটোৰ একেবাৰে কোণত
বহি,বুকুখনে সমুখত মজিয়াখন চুই যোৱাকৈ হাউলি, কোঁচৰ ওপৰত কিতাপখন লৈ, কেৰাচিনৰ
লেমৰ ক্ষীণ পোহৰত, সেঙুনেৰে বন্ধ নাকেৰে জোৰেৰে উশাহ লৈ কিতাপখনত থকা দৰে লিখিবলৈ
কৰা চেষ্টা । লিখিবলৈ তাৰ অপৰিসীম আগ্ৰহ । কুকুৰা জনীয়ে গাধোৱা ঘৰৰ পিছফালৰ জেকা
মাটিত নখেৰে কৰা আঁক বাঁক বোৰৰ দৰেই সি গোটেই চিলেট খনৰ ওপৰত লিখি আছে , মুখৰ পৰা
থুই উলিয়াই গোটেই ফলি খন মুচিছে , নুশুকোৱা বাবে পিন্ধা চোলাটোৰ তল ডোখৰেদি আকৌ
পৰিস্কাৰ কৰিছে । সি আকৌ নতুনকৈ লিখা কামটোত বৰ আনন্দ অনুভৱ কৰিছে।

জাভাৰাৰ কাৰণে এইটো এটা ডাঙৰ কাম । সৌ সিদিনা তাৰ দুৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল ।
কিন্তুআজি সি চুই চাবলৈ পাইছে । সি কিতাপ আৰু ফলি এখন পাইছে । কিন্তু ধুনীয়াকৈ
লিখা ফলি পেন্সিল ডাল সি পোৱা নাছিল । মাৰ্বল খেলাৰ সময়ত সি পুৰণি লেতেৰা মাটি
পেঞ্চিল টুকুৰা এটা নলাত পৰি থকা পাই নিজৰ পকেটত সাঁচি থৈছিল । ভাল কামত আহিলে !
কিবা হ’ব লগা থাকিলে এনেকৈয়ে হয় ।

কিতাপখন যেন উৰিহে যাব এনে ভাৱত সি আঁঠুৰ ভাজটোৰ মাজত কিতাপখন সুমুৱাই ফলি খন
সমুখত থৈ উৎফুল্লিত আৰু উৎসাহিত ভাৱেৰে ইমান দিনে লিখিব লগীয়া বোৰ লিখি গ’ল ।

তাৰ স্কুললৈ যোৱা আশা পূৰণ নহ’ল। আধাবাটতে ৰৈ যাব লগা হোৱা সৌ সিদিনাৰ কথা তাৰ
মনত পৰিল। সি তাৰ বাবে সচাকৈয়ে দুখী। পাক খাই শুই থকা সাপ এডালৰ দৰেই তাৰ মনত
সোমাই আছে।

সিদিনাখন দবাপিটা বৰষুণ হৈছিল। বহুত দেৰিলৈকে বৰষুণ বন্ধ হোৱা নাছিল। পূব ফালৰ পৰা
অহা বতাহ জাকৰ বাবে সেই ফালে আগুৱাই যোৱা সম্ভৱ নাছিল। যদিও ফেৰ্ফেৰীয়া ঠাণ্ডা
বতাহজাকৰ বাবে ওলাই যোৱাটো কষ্টকৰ আছিল হনুমাপ্পাই তাক ম’হ কেইটা চৰাবলৈ লৈ যাবলৈ
আদেশ দিলে । আদেশৰ বিৰুদ্ধে একো মাতিব নোৱাৰি উপায়হীন হৈ, শুকান মুখ এখনেৰে – মূৰত
কাপোৰ এখন মেৰিয়াই মূৰটো ভালদৰে ঢাকি লৈ সি ম’হ কেইটা গাৱঁৰ কাষতে ক’ৰবাত চৰাবলৈ
নিব বুলি ঠিক কৰিলে। ম’হ কেইটাই বৰষুণৰ বাবে লাহে লাহে খোজ কাঢ়িছে। ইহঁতো ম’হ হে!
কাণৰ চাৰিওফালে ঘূৰি ফুৰা মাখিবোৰৰ বাবে সিহঁতে মূৰবোৰ লৰাই লৰাই আগ বাঢ়িছে। সিহঁত
গাঁৱৰ মাজৰ আলিটোৱেদি আগবাঢ়িবলৈ ধৰিলে। জাভাৰাই পেন্টৰ পকেটৰ পৰা ভজা বুট উলিয়াই
চোবাই চোবাই আগবাঢ়িছে। বৰষুণৰ পৰা ৰক্ষা পাবলৈ সি মূৰৰ কাপোৰখন ঠিক-ঠাক কৰি ল’লে।
স্কুলৰ সমুখতে থকা কৃষ্ণচূড়া জোপাৰ তলতে সি বহি ল’লে ।


স্কুলখনৰ পৰা সমুহীয়া কণ্ঠস্বৰত ভাঁহি আহিছে ক,খ,গ,ঘ,ঙ…..২ এগুণ ২, ২ দুগুণ ৪
…। জাভাৰাই সমুহীয়া কাৰ্য্যবোৰ খুব ভাল পায়। ম’হ চৰাবলৈ যাওঁতে সি খেলিবৰ বাবে
গৰখীয়া দল আৰু ভেৰাৰখীয়াৰ দল বনাই লয় আৰু সেইসময়তে পশুবোৰে শস্যবোৰ খাবলৈ কাষৰ
খেতিপথাৰত সোমাইগৈ। এই কথা হনুমাপ্পাৰ কাণটো পৰিছেগৈ । জাভাৰাই তাৰ বাবে মাধমাৰ
খাইছে । এনেকুৱা এটা ল’ৰায়ে লগৰীয়াৰ হুলস্থূল বোৰ শুনিছে, তাকো একেবাৰে অকলে থাকোঁতে।
সি থিয় হৈ স্কুলৰ বেৰাৰ ওপৰেদি জুমি চালে। কিছুমানে গান গাইছে , কিছুমানে সুৰ লগাই
পাঠ আওৰাইছে , কিছুমানে পঢ়িছে । ভিতৰত ল’ৰা আৰু ছোৱালী উভয়ে আছে । সি মূৰত বন্ধা
কাপোৰখন একাষৰীয়াকৈ লৈ খিড়িকীৰে ভিতৰলৈ জুমি চালে। ল’ৰা ছোৱালীবোৰে ফলি কিতাপ আদি
টনাটনি কৰি আছে । এইবোৰ সিহঁতি ঘাহঁনিত বা পথাৰত খেলা খেলবোৰতকৈ বহুত বেলেগ ।

জাভাৰাই সিহঁতলৈ ভালদৰে চাই অনুভৱ কৰিলে সি ইমানদিনে কি নাপালে । সি লাহে লাহে
ভিতৰলৈ সোমাই গৈ সিহঁতৰ লগত মিলি সিহঁতি ফলিত বনোৱা চিত্ৰবোৰ চোৱাত ব্যস্ত হৈ
পৰিল।

সকলোবোৰ ছাত্ৰ-ছাত্ৰী নিজৰ নিজৰ জগতত মগ্ন। কেৱল পেটেলৰ ল’ৰা দ্যাৱৰাজাই জাভাৰাক
লক্ষ্য কৰি আছিল। সি সুধিলে-“তই ইয়ালৈ কিয় আহিছ? স্কুলত নামভৰ্তি কৰিলি নেকি?
সোনকালে যাগৈ নহ’লে মাষ্টৰক কৈ দিম।”


সি তাক ঠেলিবলৈ আৰম্ভ কৰিলে । আৰু এটাই তাক যোগ দিলে আৰু এনেকৈয়ে সিহঁতি ডাঙৰ গোট
এটা বনাই ল’লে । জাভাৰাই কি ক’ব ভাবি নাপালে । সি চকু পিৰিকিয়াই সিহঁতলৈ চাই ৰ’ল।


দ্যাৱৰাজাই ক’লে – “তোক যেতিয়া মাষ্টৰে মাতিছিল, তই নাহিলি । তই ম’হ চৰাবলৈ গুছি
গ’লি । শেঙুননকা জাভাৰা, এতিয়া কিয় আহিছ? তই নগ’লিনে সোনকালে । নহ’লে তোক আমি ঠেলি
ঠেলি উলিয়াম” সি শেষৰ শাৰীটো নিজৰ মাতটো সকলোৱে শুনাকৈ কিছু ডাঙৰ কৰি ক’লে।
জাভাৰাই কেতিয়াও কোৱা নাছিল যে সি স্কুললৈ নাযায়। তাক স্কুললৈ আহিবলৈ কোনেও কোৱা নাছিল।
কিন্তু সি লগৰ লৰা ছোৱালীবোৰক ঘৰৰ পৰা মাৰ-পিট কৰি, টানি আজুৰি, কন্দুৱাই, জোৰ
জবৰদস্তি কৰি স্কুললৈ লৈ যোৱা দেখিছে। এতিয়া কি ক’ব ? তাৰ এনে লাগিল যেন সি কিছুমান
অচিনাকি মানুহৰ মাজত সোমাই আছে। সিহঁতৰ গান, খেলা ধুলা, পঢ়া-শুনা আদিৰ মাজত সোমাই
তাৰ বাহিৰলৈ ওলাই যাবলৈ একেবাৰে মন নগ’ল ।

-“মোৰ তহঁতৰ লগতে ইয়াতে বহিবলৈ মন গৈছে।” সি কাবৌ কৰিলে।

কিন্তু দ্যাৱৰাজা আৰু তাৰ বন্ধুবোৰে তাৰ কথা নুশুনিলে। শিক্ষকৰ খং আৰু বেতৰ কোব
আদিৰ কথাৰে ভয় খুৱাই তাক ঠেলি ঠেলি শ্ৰেণীকোঠাৰ পৰা বাহিৰ কৰি দিলে। শ্ৰেণীৰ বাহিৰ
ওলোৱাৰ লগে লগে বৰষুণত তিতি থকা সমুখৰ চোতালখনৰ বোকাত সি পিচলি পৰিল। অৱশ্যে শৰীৰত
কোনো আঘাত নাপালে। তথাপিও সি তৎক্ষণাত বহিলৈ চিলনীৰ পৰা নিজকে ৰক্ষা কৰিব খোজা
কুকুৰা পোৱালিটোৰ দৰে ইফালে সিফালে ঘুৰি নিজকে বচোৱাৰ চেষ্টা কৰিলে। তাকে দেখি
বাকীবোৰে চিঞৰিবলৈ আৰম্ভ কৰিলে ।

ইতিমধ্যে বাহিৰত বিড়ি চুৰট হুপি কথাৰ মহলা মাৰি থকা শিক্ষকসকল ঘূৰি আহিল। আটাইজাক
ল’ৰা-ছোৱালীয়ে জাভাৰাক বেঢ়ি আছিল । চিনাপ্পা মাষ্টৰৰ খং উঠিল । তেওঁ সকলোকে ধমকি
দি জাভাৰাৰ ফালে চাই শুধিলে- “কি হ’ল জাভাৰা তই ইয়ালৈ কিয় আহিছ? তোক মাটিত বগৰালে
কোনে?”
কোনোৱে একো উত্তৰ নিদিলে । অকল হুচিৰাৰ ছোৱালী নাগিয়ে জাভাৰাৰ হৈ সংকোচেৰে গোটেইখিনি
কথা বিবৰি ক’লে ।

-“অ! এইটোৱেই কথা তাৰমানে?”

তাকে কৈ তেওঁ ভিতৰলৈ সোমাই গ’ল । মাইলাৰাপ্পা মাষ্টৰে এই সকলোবোৰ চাই আছিল । তেওঁ
জাভাৰাৰ ওচৰলৈ আহি ক’লে “ উঠ” । এনে লাগিল তেওঁৰ যেন তাৰ বাবে কিছু দুখ হৈছে ।


জাভাৰা লাহে লাহে উঠি নিজৰ হাফ্ পেন্টৰ পৰা বোকাবোৰ গুচাবলৈ চেষ্টা কৰিলে ।
মাইলাৰাপ্পা মাষ্টৰে তাক ক’লে – “আজিৰ পৰা তয়ো স্কুললৈ আহিবি তেতিয়া কোনোৱে তোক
আৰু ঠেলিব নোৱাৰে । তোৰ যদি পঢ়িবলৈ ইমান ইচ্ছা আছে মাৰ বাপেকৰ কবি স্কুললৈ আহিম
বুলি।”

জাভাৰাই কথাবোৰ শুনি বৰ ভাল পালে । সি তেওঁলৈ চলচলিয়া চকুৰে এবাৰ চালে । দেউতাকে
মাৰধৰ কৰা সময়ত মাকে তাক ৰক্ষা কৰাৰ দৰে তেওঁ তাৰ ফলীয়া হৈ তাত থিয় হৈ আছিল ।

মাষ্টৰে শুধিলে –“তোৰ নাম কি?”
-“জাভাৰা চাৰ “কান্দো কান্দো ভাৱেৰে সি উত্তৰ দিলে ।
মাষ্টৰে পৰীক্ষা ল’বৰ বাবে পুনৰ তাক সুধিলে
– “তই স্কুলত নাম লগাবিনে? তোৰ সঁচাকৈয়ে মন আছেনে?”
-“ হয় ছাৰ আছে “ সি উৎফুল্লিত হৈ ক’লে ।
-“তই যদি পিছত স্কুললৈ নাহ, বেতৰ কোব খাবি”
-“নহয় ছাৰ , মই নিশ্চয় আহিম । মই অনুপস্থিত নাথাকো।”
– “ তেনেহ’লে যা, মা-দেউতাক লৈ আনগৈ, আমি তোৰ নাম ভৰ্তি কৰি দিম।”
“ ঠিক আছে ছাৰ।” বিষ, মাৰ খোৱা, অপমান সকলো পাহৰি, চকুপানী খিনি মোহাৰি সি ঘৰলৈ
দৌৰ দিলে ।

তাৰ মাকে জুহালৰ বহি সেমেকা খৰিবোৰ ফুৱাই ফুৱাই জ্বলাবলৈ চেষ্টা কৰি আছিল আৰু
তাৰবাবে বাপেকক বকি আছিল । তাই চকু আৰু নাকৰ পৰা বিৰিঙি অহা পানীবোৰ মচিবলৈ চেষ্টা
কৰি আছিল। পুতেকক দৌৰা-দৌৰি কৰি অহা দেখি মাকে তাক সুধিলে

– “কি হ’ল?”

সি মুখখন মেলি একে উশাহতে কথাখিনি ক’বলৈ আৰম্ভ কৰোঁতেই গৰম কম্বল এখন মেৰিয়াই
এচুকত বহি থকা বাপেকক দেখি ৰৈ গ’ল । তাৰ বাপেকৰ লগত বৰ এটা ভাব নাই । বাপেকে মাকৰ
ইচ্ছাৰ বিৰুদ্ধে জাভাৰাক ম’হ বোৰ চৰাবলৈ হনুমাপ্পাৰ ঘৰলৈ পঠাই দিছিল। জাভাৰাই মাকৰ
আচলৰ পিচফালে সোমাই কান্দি কান্দি আপত্তি কৰি গৈছিল, তথাপিও বাপেকে তাক টানি
উলিয়াই আনি, টিকাত চাট দুটামান দি কামলৈ চোঁচৰাই নিছিল। তাত নিয়মিত ভাবে খোৱা বোৱা
পাই যদিও সি বাপেকৰ মাৰ কেইটা পাহৰা নাই । সেইবাবেই সি বাপেকৰ পৰা এহাত দুৰত থাকে।


তাৰ উদগ্ৰীৱ চাৱনি আৰু বোকা লাগি থকা আঁঠু আৰু ভৰি দেখি সি শুধিলে, “তোৰ কাপোৰবোৰত
বোকা লগালি কিয় জাভাৰা ? অলপ লাহে লাহেও আহিব পাৰিলেহেঁতেন ! হনুমাপ্পাই কিবা খবৰ
পঠাইছে নেকি?”
জাভাৰাই অলপ সকাহ পালে ।


-“নাই মই নিজে আহিছো ।”
-“এনেকৈ কিয় আহিলি তই ?”
-“এনেয়ে ।”
-“এনেয়ে মানে?”


সি এতিয়া কবই লাগিব। সি মাকৰ মুখলৈ সংকোচেৰে চালে। মাকে ক’লে
-“কিয় বাচা। তই কিবা খালিনে নাই মুখখন শুকাই আছেযে ? ক’চোন কি হ’ল?”
সি মাকৰ ফালে দুখোজ আগুৱাই গৈ ক’লে
-“মা, মই..মই …..!”
-“কি হ’ল ভালদৰে বুজাই কচোন”
বাপেকেও একে কথাকে ক’লে ।
তাৰ মনৰ ভিতৰৰ সম্পূৰ্ণ ইচ্ছা বোৰ মুখেদি ওলাই আহিল ।
-“মই স্কুলত পঢ়িম । মাষ্টৰে তেনেকৈ কৈছে । মই সেইবাবে আহিলো ।’’
মাকে ফুৰ্তিত চিঞৰি উঠিল “তই স্কুললৈ যাবি?”
বাপেকে ক’লে “ কিহৰ স্কুল ? হনুমাপ্পাৰ ম’হ কেইটাৰ কি হ’ব ভাবিছনে ?’’

জাভাৰাই দুয়োলৈকে চালে । সি শ্ৰেণীকোঠাত বন্ধু বান্ধৱী হঁতৰ লগত একেলগে বহাৰ যি
সপোন দেখিছিলে এইখিনি পাই তাৰ যেন সেই সপোন ভংগ হ’ল।

এক মিনিট মান নিৰৱতা পাচত সি তাৰ ইচ্ছা বোৰ পুনৰ ব্যক্ত কৰিলে
-“পেটেলৰ ল’ৰা দ্যাৱৰাজা আৰু অন্যবোৰে মোক স্কুলৰ পৰা ঠেলি উলিয়াই দিছিল আৰু
সেইফালে নাযাবলৈ সকিয়াই দিছিল , কিন্তু মাইলাৰাপ্পা মাষ্টৰে মোক তোমাৰ অনুমতি
ল’বলৈ কৈছে । তেহে তেওঁলোকে মোক স্কুলত ল’ব । তুমি মোক স্কুললৈ পঠোৱা ।’’


তাৰ ইচ্ছা ভৰা কথাবোৰ শুনি ধোৱাঁৰে কোঁচখাই থকা মাকৰ মুখখন নতুনকৈ ওলোৱা ফুলপাহৰ
দৰে উজলি উঠিল ।


-“কিয় নাযাব ? মোৰ ল’ৰায়ো আনৰ দৰে পঢ়াশুনা কৰি শিক্ষিত হ’ব…..”

তাইৰ শুকাই যোৱা চকুজুৰিত আশাৰ ৰেঙনি দেখা গ’ল । সেই চকুজুৰিয়ে মুখেৰে ক’ব নোৱাৰা
অনেক কথাই ক’লে । কিন্তু তাৰ দেউতাকৰ চিন্তা বেলেগ আছিল ।

-“স্কুল? স্কুল কিহৰ ? তোক হনুমাপ্পাই অনুমতি দিবনে ? কোনোবাই তাক নাম লগাবলৈ
কৈছে আৰু ই দৌৰি দৌৰি আহিছে । বছৰৰ পাছত বছৰ ধৰি আমি পাই থকা ইমানবোৰ পইছা কোনে
দিব ? এলেহুৱা ল’ৰা । এই কম বয়সতে সি নিজৰ ৰং দেখুৱাবলৈ আৰম্ভ কৰিলেই ।“
বাপেকৰ খং উঠিল ।


-“ পঢ়াশুনা কৰি কৰিবি কি ? তই আমাক একো খুৱাব পিন্ধাব নালাগে । সোনকালে যা …..
গৈ নিজৰ কাম কাজ চম্ভাল গৈ ।”


বাপেকৰ খং দেখি সি হতাশ হ’ল। আৰম্ভণিতে দ্যাৱৰাজা , ময়ান্না , আৰু বাকীবোৰে
স্কুললৈ যাবলৈ আপত্তি কৰিছিল । ককায়েক হঁতে সিহঁতক স্কুললৈ বোকোচাত লৈ গৈছিল
।এতিয়া মই নিজে যাবলৈ বিছাৰিছো আৰু দেউতাই এনেদৰে কথা কৈছে ।

জাভাৰাৰ মুখৰ মাত হেৰাই গ’ল । শেঁতা পৰি যোৱা মুখেৰে সি ক’লে -“মা” । তাৰ দুচকুৰে
বাধাহীন ভাবে চকুপানী ওলাই আহিল । জাভাৰাৰ শেঁতা পৰি অহা মুখখন দেখি মাকে বাপেকক
ক’লে – “ইফালে সিফালে ঘুৰি ফুৰাতকৈ তুমি যদি অলপ কষ্ট কৰিলা হেতেঁন দুবেলা দুসাঁজ
যোগাৰ কৰিবলৈ আমাৰ একো অসুবিধা নহ’ল হেতেঁন । মোৰ লৰাই একো বুজিব পৰা হোৱাৰ আগতেই
তুমি তাক বেলেগ ঘৰত কাম কৰিবলৈ পঠাইছা । এতিয়া সি স্কুললৈ যাবলৈ ওলাইছে আৰু তুমি
তাক গালি পাৰিছা । কোনোবা গাঁৱৰ লৰাই তাৰ দৰে আহি পঢ়িবলৈ যাম বুলি ক’বনে ? তুমি
নিজৰ বংশ-গোত্ৰ সকলো চিঙি নেপেলোৱা কিয় ?” তাইৰ তাৰ ওপৰত খুব খং উঠিল। গাৰ পৰা
কম্বল খন দলিয়াই সি ডাঙৰ ডাঙৰ কৈ ক’লে -“মনে মনে নিজৰ কাম কৰি থাক। অদৰকাৰী কথাবোৰ
পেঘেনিয়াই নাথাকিবি ।”


মাকে খঙেৰে ক’লে – “ বৰ মতা দেখুৱাই ঘৰতে দপদপাই থাকিলেই নহয়। তাকো দুটামান আখৰ
শিকিবলৈ দিয়াচোন । তাৰ সমনীয়া বোৰে পঢ়াশুনা কৰি আছে তুমি দেখা পোৱা নাইনে ?”


বাপেকে জাভাৰাৰ মূৰত মাৰ এটা মাৰি ক’লে – “এই সকলোবোৰ তোৰ কাৰনে হৈছে মুৰ্খ”। তাৰ
পিছতে সি খৰকৈ ঘৰৰ পৰা ওলাই গুছি গ’ল ।

মূৰৰ প্ৰচণ্ড বিষটো সহ্য কৰিব নোৱাৰি সি অনাথ ল’ৰা এটাৰ দৰে তাত থিয় হৈ থাকিল। মাকে
তাক আকোৱালি লৈ কান্দিবলৈ ল’লে। এইদৰেই জাভাৰাৰ আখৰৰ সৈতে ভালপোৱা শেষ হৈ গ’ল।


আজি জাভাৰাই কোঁচত কিতাপখন লৈছে । তাৰ ঘামেৰে কিতাপখন তিতি গৈছে। সি মন কৰা নাই।
তাৰ একমাত্ৰ কামটো হৈছে – সি ম’হ চৰাই থাকোতে সমনীয়া বোৰে কৰা পঢ়া-শুনা , স্কুলৰ
বাহিৰত আৰু ভিতৰত দেখা সকলোবোৰ ফলিখনত লিখিবলৈ কৰা চেষ্টা। মুখৰ থুই উলিয়াই ফলিখন
মচি আকৌ নতুনকৈ লিখা । ভিক্ষাৰী এটাই আপেল এটা পালে যিদৰে সকলো পাহৰি আপেলৰ সমস্ত
ৰস খোৱাত মগ্ন থাকে তেনেদৰে জাভাৰাই মাক-বাপেক আৰু তাৰ সমস্ত অসুবিধাৰ কথা পাহৰি
লিখাৰ আনন্দত মজি আছিল। হঠাতে বাহিৰত হোৱা হুলস্থূলৰ শব্দত সি জোকাৰ খাই উঠিল –
মাকৰ ওপৰত কাৰোবাৰ খং উঠিছে ।

জাভাৰাৰ কাণ দুখন সষ্টম হৈ উঠিল। মাকে তাক কৈছিলে যে দেউতাক হনুমাপ্পাৰ লগত ম’হ
এহাল আনিবলৈ হনুমাপ্পাৰ জীয়েকৰ গাঁৱলৈ গৈছে। বাপেক ঘুৰি আহিলে বুলি ভাবি সি
বাহিৰলৈ জুমি চালে। সি বাহিৰত দ্যাৱৰাজা আৰু তাৰ ককায়েক চমাপ্পাক দেখা পালে ।

-“তাক মাতা। বেলুড়ীয়ে কৈছে তাক কামটো কৰা তাই নিজে দেখিছে।”
জাভাৰাই বৰ ভয় খালে । কিতাপ আৰু ফলি খন তাৰ নিজৰ বুলি ক’লে দ্যাৱৰাজাৰ নিচিনা কাজিয়াখোৰ
এটাই এৰি দিবনে?

“নাই নাই। মোৰ ল’ৰাই কিতাপ আৰু ফলি লৈ কি কৰিব? সি কিয় ল’ব? ম’হ চৰাই উঠি সি
হনুমাপ্পাৰ ঘৰৰ পৰা আহি এতিয়া জিৰণি লৈছে। সি ফলি আৰু কিতাপবোৰ লৈ খাই পেলাব নেকি?
এইবোৰ তাৰ ভাগ্যত নাই।” তাই হুমুনিয়াহ কাঢ়িলে ।

“নহয় কামটো সিয়েই কৰিছে। আমি বাহিৰত কাবাডী খেলি থকা সময়ত সি ম’হবোৰ লৈ পথাৰৰ পৰা
আহি আছিল। সি কিতাপবোৰ মনে মনে লৈ তাৰ মোনাটোত ভৰাই থৈছিল। বেলুড়ীয়ে ওচৰতে গছৰ
সেউজীয়া পাতবোৰ চিঙি আছিল। তাই কৈছে। সিয়ে কামটো কৰিছে ….” দ্যাৱৰাজাই পানীত পৰা
মানুহে কুটা এডালকে খামোচ মাৰি ধৰাদি কৈ উঠিল ।

-“তুমি তাক দেখোন কোনোবা ডাঙৰ ফৈদৰ পুত্ৰৰ দৰে ৰক্ষা কৰি আছা । তাক মাতি আনা । আমি
তাৰ লগত কথা পাতিম।” চমাপ্পাই চিঞৰি ক’লে ।

মাকে ক’লে – “তহঁতি এইবোৰ কি আৰম্ভ কৰিছ? বেচেৰাটো শুই আছে । মই তাক জগাই দিওঁগৈ।”
তাই দুৱাৰখন হেঁচা দি খুলি কোঠালীটোলৈ সোমাই গ’ল । জাভাৰাই কান্দি কান্দি তাত ঠিয়
হৈ আছিল।


-“মা” সি ভগা মাতেৰে ক’লে । তাই তাক চোচঁৰাই বাহিৰলৈ আনি ক’লে
–“সোধ সিহঁতক কি হৈছে এইবোৰ?” ।
তাইৰ মাতটো ভাগিবলৈ আৰম্ভ কৰিছিল । জাভাৰাই তাৰ মাকক এনেদৰে তাৰ ওপৰত খং কৰা
কেতিয়াও দেখা নাছিল ।

জাভাৰাৰ ভৰিৰ তলৰ মাটিখিনি ফাটিবলৈ আৰম্ভ কৰা যেন লাগিল । সি কঁপিবলৈ আৰম্ভ কৰিলে
। চমাপ্পাই তাক জোৰেৰে ধৰি লৈ ক’লে – “সচাঁ কথা ক’। তই দ্যাৱৰাজাৰ কিতাপ আৰু ফলি
খন লৈ অনা নাইনে? চা, ভালে ভালে ঘুৰাই দে। তোক মই একো নকৰো।”

জাভাৰাই শান্ত ল’ৰাৰ দৰে মাকলৈ চালে। তাৰ কথা কোৱা শক্তি নোহোৱা হৈ গৈছিল। ইমানবোৰ
কথা কোৱাৰ পাছতো জাভাৰাই একো নক’লে । এইবাৰ দ্যাৱৰাজাই ক’লে – “আৰু কোনেও নিয়া
নাই। বদমাচ তয়ো নিছ।”

এইবোৰ মাকৰ খং উঠিল -“এনেদৰে কথা ন’কবি। তাক এৰি দে। সি দুখীয়াৰ ঘৰত জন্ম হ’ব পাৰে
কিন্তু চোৰ নহয় ।”

চোমাপ্পাই তাৰ হাতৰ মুঠিতো ঢিলা কৰি দি ক’লে “তোৰ মায়ে কৈছে তই হেনো বৰ ভাল ল’ৰা ।
এতিয়া তই ক’ ন’হ’লে ….চাবি….” সি জিভা উলিয়াই দেখুৱালে।

মাকে কান্দি থকা পুতেকৰ চুলিত হাত ফুৰাই ক’লে
-“এয়া সচাঁনে ? যদি হয় কৈ দে। কিয় ইহঁতৰ কথা শুনি আছ?”

জাভাৰা নিস্প্ৰাণ হৈ থিয় দি আছিল। সি মাকক সাৱতি ধৰি ক’লে -“এইটো সঁচা মা।”


তাৰ পিছতে সি মাটিত বহি পৰিল। সি কথাষাৰ কোৱা মাত্ৰকে মাকৰ মুখত
কোনোবাই চৰিয়াই দিয়া যেন ভাব হ’ল । দুই ভায়েকে একেলগে চিঞৰি উঠিল -“এতিয়া শুনিলানে? তুমি ইমান সময়ে এক ডাঙৰ বংশৰ লোকৰ দৰে কথা কৈ আছিলা ।”


তাইৰ ডিঙিতো কিহবাই সোপা মাৰি ধৰিল। বিশ্বাস কৰিব নোৱাৰি তাই পৰাজিত কন্ঠেৰে
শুধিলে
-“এয়া সচাঁ নে?”

জাভাৰাই ভিতৰলৈ সোমাই গৈ ফলিখন আৰু কিতাপবোৰ লৈ আনিলেগৈ। অনিচ্ছাস্বতেও সেইবোৰ
দ্যাৱৰাজাক ঘুৰাই দি মাকক ক’লে – “মা, মই এনে কাম আৰু কেতিয়াও নকৰো।” উচুপনি বন্ধ
কৰিব নোৱাৰি সি মাকক সাৱতি ধৰি কান্দিবলৈ ধৰিলে । পেটতো সামান্য কঁপনি তুলি উচুপনি
উচুপি তাই তাক সাবটি ধৰি ক’লে “জাভাৰা”

মাক আৰু পুতেকৰ চকুপানী একাকাৰ হৈ গ’ল।।



গল্পকাৰ পৰিচিতিঃ কানাড়া সাহিত্যত যোৱা
চাৰিটা দশকৰ বেছি অবিৰত ভাবে অৱদান আগবঢ়াই অহা লেখক কা টা চিক্কান্নাৰ প্ৰায় ২৫
-৩০ খন মান কিতাপ এতিয়ালৈকে প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত কেইবাখনো কিতাপ বিভিন্ন সময়ত
পুৰস্কাৰ প্ৰাপ্ত। ইয়াৰ বাহিৰেও কানাড়া সাহিত্যৰ অনেক বাচকবনীয়া সংকলনৰ সম্পাদনাৰ
লগত তেখেত জড়িত। তেখেতৰ গল্প, উপন্যাস আদিৰ কেইবাখনো টেলিভিছন ধাৰাবাহিক আৰু
তথ্যচিত্ৰ নিৰ্মাণ হৈছে।

Popular Post

ঐতিহাসিক চিঠি