জেচমিন ফুলৰ মালা (Jasmine Garlands)
মূল লেখক : মহম্মদ ফাতেহ জিডানি (Muhammad Fateeh
Zidany)
অনুবাদঃ বাপুকণ চৌধুৰী
Zidany)
অনুবাদঃ বাপুকণ চৌধুৰী
ধোঁৱাৰ মাজত সূৰ্য্যটো লুকাইছিল। কিবা যদি মোৰ কাণত পৰিছিল
তেন্তে সেইবোৰ কেবল মানুহৰ আতংক, ভয় আৰু শংকাৰ গভীৰ
হুমূনিয়াহ বা চেপা চেপা চিয়ঁৰ–বাখৰ আছিল। আন দেশৰ দৰে চৰাই চিৰিকতিৰ
মাতত সূৰ্য্যোদয় বা সূৰ্য্যাস্ত নহয় এইদেশত। এইদেশৰ পথবোৰ মৃত্যুৰ গোন্ধত আমোলমোলাই।

পিছদিনাৰ পৰা পবিত্ৰ ৰমজানৰ আৰম্ভণী, বজাৰবোৰত প্ৰয়োজনতকৈ অধিক ভীৰ সেইদিনা, সন্ধিয়াৰ লগে লগেই সকলোবোৰ বন্ধ হ‘ব যিহেতু৷
পথেৰে অহাযোৱা কৰা মানুহবোৰৰ ওপৰত
অলস দৃষ্টি নিবদ্ধ আছিল মোৰ, চাৰিআলিটোৰ মাজত
বৰ্গক্ষেত্ৰাকাৰ আবেষ্টনীবদ্ধ বৃদ্ধ জলফাই গছজোপাও প্ৰস্তৰ মূৰ্তিৰ দৰে লাগিছিল ৷
সেই গছজোপাৰ কাষতেই মোৰ লৰাছোৱালী কেইটাও ডাঙৰ হব, নিজৰ কথা নাভাবি সিহতে দহৰ উন্নতি আৰু সহায়ৰ মনোভাৱেৰেই এদিন নিজকে গঢ়িব৷

ইমানবোৰ ঘটনা পৰিঘটনা হৈ থকা দেশখনৰ
শংকা ভয়ৰ জীৱনবোৰ হঠাতে মনৰ পৰা নোহোৱা হৈ গৈছিল, ক্ষনিকৰ সেই ৰমজান পৰবৰ বজাৰৰ বাবে অহা সুখী আৰু আনন্দপূৰ্ণ মানুহবোৰৰ মুখবোৰ
দেখি মনতে কিবা এটা আশাৰ অনুভূতি জাগিছিল, হয়তো জীয়াই থকাৰ হাবিয়াস।

সৰু ছোৱালী এজনীয়ে জেচমিন ফুলৰ মালা
বিক্ৰি কৰি আছিল বজাৰখনত। প্ৰতিধাৰ মালা বিক্ৰিৰ পিছতে তাইৰ মুখখন দূপৰৰ সূৰ্য্যটোৰ দৰে উজলি উঠিছিল। কাষৰ দোকানখনৰ কাঁচৰ খিড়িকীত
উলমাই থোৱা ৰঙীণ ফ্ৰকটোলৈ তাই বাৰে বাৰে চাই পুনৰ
হেঁপাহেৰে মানুহবোৰক মাতিছিল তাইৰ পৰা জেচমিন ফুলৰ মালা কিনিবলৈ।

কাষত বহি থকা মোৰ পুত্ৰই বাৰে বাৰে
মোক সোঁৱৰাই দিছিল পুতলাৰ দোকানখনলৈ লৈ যাম বুলি মই দিয়া প্ৰতিশ্ৰুতিৰ কথা । তাৰ প্ৰতিবাৰ সোঁৱৰাই দিয়া
কথাত মোৰ সন্মতিসূচক উত্তৰত সি দুয়োগাল ভৰাইছিল চুমাৰে । পিতা পুত্ৰই
মানুহবোৰক চাই চাই বাৰে বাৰে চুমাপৰ্বৰ পুনৰাবৃত্তি কৰি আছিলো তেনেকৈয়ে ।

হঠাতে আকাশখন চমকিত হৈ উঠিল । আমাৰ বাবে নতুন কথা নাছিল
সেইটো !! কাণ তাল মৰা বাৰুদ বিস্ফোৰকৰ
শব্দত পুনৰ বাৰ পৃথিবী কঁপিছিল । এই যে হঠাৎ ইহতে আকাশত উপস্থিত হয় সেইটোৱেই আমাৰ বাবে চৰম
অপ্ৰত্যাশিত । মই যতদূৰ জানো শত্ৰুপক্ষৰ লগত আমাৰ এক চুক্তি হৈছিল কিছুদিন পূৰ্বে । এতিয়া অনুভৱ হয় শত্ৰুক বিশ্বাস
কৰি লোৱাতকৈ সিহঁতক আৰু কিছুদিন জনাৰ প্ৰয়োজন আছিল আমাৰ ।

লৰাটোক তৎক্ষনাত নিৰাপদ স্থানত
লুকুৱাবলৈ ক‘লো, আমাৰ দেশৰ শিশুবোৰে জন্মসুত্ৰে শিকি পেলাইছে এই কৌশল! ! মই কোৱালৈকে আমি ৰৈ
থকা দোকানখনৰ ভিতৰৰ টেবুল এখনৰ তলত সি ইতিমধ্যেই লুকাই পৰিছিল । সেই মূহুৰ্তত ভাবিছিলো মোৰ ল‘ৰাটোৰ যদি যুদ্ধ বিমান আৰু ৰকেটবোৰৰ দৰেই পাখী এযোৰ থাকিলে
হেতেন ••••

অন্তত: সি পাখীযোৰা মেলি এই যুদ্ধৰ
দেশৰ পৰা উৰি গৈ সুখৰ দেশ এখনৰ কৰবাত শান্তিৰে থাকিলে হেতেন !!

চেকেণ্ডৰ ভিতৰতে ধাৰাষাৰ বোমা আৰু
বিস্ফোৰকৰ বৰষুণ আৰম্ভ হল । মানুহৰ মাজত ক্ষন্তেক আগলৈকে চলি থকা সুখ শান্তিৰ সলনি
চিৰদিনৰ ভয় শংকাৰ চিয়ঁৰবোৰে হাই উৰুমিৰ ৰূপ ললে । আজি এই বজাৰখনেই লক্ষ্য আছিল শত্ৰুপক্ষৰ । মোৰ চৌপাশৰ পৃথিবীখনে তেতিয়া
ভুমিত আঘাত কৰা প্ৰতিটো আগ্নেয়াস্ত্ৰৰ আঘাতত কুঁজা হৈ পৰিছিল ।

হঠাতে মোৰ গাত বিস্ফোৰকৰ টুকুৰা এটাই
আঘাত কৰিলে । ভাঙিপৰা ঘৰবোৰৰ শিল বালি চিমেন্টৰ ধুমুহা আৰম্ভ হল চৌদিশে । চকুৰে ধোঁৱাকোৱা দেখা আৰম্ভ হল, মুৰটো ঘূৰাইছিল মোৰ !! প্ৰথমবাৰৰ বাবে মনলৈ আহিল জীৱনটো
ইমানতে সমাপ্ত হব আজি । চকুৰ আগত দেখিলো ৰক্তৰঞ্জিত বগা পোচাকধাৰী কিছুমান মানুহ আকাশলৈ উৰি গৈছে ।

ময়ো তাহাতৰ পিছে পিছে আকাশলৈ উৰিবৰ
চেষ্টা কৰিছিলো, কিন্তু বাৰে বাৰে মোৰ ওজনে
মধ্যাকৰ্ষণ শক্তিৰ জোঁট ভাঙিব নোৱাৰি পেলাই দিলে মাটিত । পোহৰবোৰ যেন জোৰকৈ নুমাই দিয়া হৈছিল সেইখন
পৃথিৱীত ।

শেষত বুজিলো মই বাচি আছো ।
গাৰ সমস্ত শক্তি একগোট কৰি ঠিয় হ‘লো । কপাল, কঁকাল আৰু বাহুৰ
পৰা হলাহলে তেজ ওলাইছিল মোৰ । আকাশ তেতিয়া বিস্ফোৰকৰ ধোঁৱাৰে পৰিপূৰ্ণ হৈ পৰিছিল আৰু
মাটিৰ ওপৰত মৰাশ বোৰে কাৰ্পেট গঢ়ি তুলিছিল । গোটেই বজাৰখন তেতিয়া জুইৰ গৰাহত, ওচৰৰ ওখ ওখ অট্টালিকা দালানবোৰ ভাঙি পৰিছিল ক্ৰমাৎ ।

মোৰ সন্তানটো কলৈ গল, কলৈ গ‘ল সি !! মূহূৰ্তৰ
বাবে তাৰবাহিৰে আন একোৱে নহা হ‘ল মনলৈ । ইটা বালি শিল আৰু লোহাৰ ধ্বংসস্তুপবোৰৰ মাজত তাক বিচাৰিলো, মৃত্যুৰ দেৱদূতক
বাৰে বাৰে ক‘লো “মোকেই নিয়া প্ৰভু, তাক এৰি দিয়া”

একো নুশুনা হলো লাহে লাহে, চৌদিশ অন্ধকাৰ হৈ গ‘ল মোৰ । মই পথৰ ওপৰতে ঢলি
পৰিলো পুনৰ । বাচি থকা মানুহবোৰে মোক ঠিয় কৰাই দিবলৈ আহিল পুনৰবাৰ । মোক মাত্ৰ মোৰ ল‘ৰাটো লাগে, তাৰবাহিৰে একোৱে অহা নাছিল মনলৈ । মানুহবোৰে ক‘লে মোৰ সমগ্ৰ শৰীৰ বিস্ফোৰকৰ আঘাতত ক্ষত বিক্ষত হৈ গৈছে, সেইবোৰ কথা শুনিবলৈ বা মোৰ শৰীৰটো চাবলৈ সময় নাছিল । মোৰ ল‘ৰাটো তেতিয়াও সন্ধানহীন আছিল ।

পাগলৰ দৰে ইফালে সিফালে ঘূৰি থাকোতে
সৰু দেহ এটাত খুন্দা খাই পুনৰ বাগৰি পৰিলো । তেজৰ ডোঙাত ডুব গৈ থকা সেইটো সৰু ছোৱালী এজনীৰ দেহ !! সেই জেচমিন ফুলৰ মালা বেচা আশাৰে ভৰা মুখৰ
ছোৱালীজনী !! তাই তেতিয়াও সন্মূখৰ
দোকানখনৰ খিড়িকীত ওলমাই থোৱা ৰঙীন আৰু মৰমলগা ফ্ৰকটোলৈ চাই আছিল । তাইৰ সৰু হিয়াখন ধপধপাই আছিল, তাই বাচি আছে । অকণমানি প্ৰাণটোৱে তেতিয়াও সন্মুখৰ দোকানখনৰ খিড়িকীত ওলমাই থোৱা ৰঙীন আৰু মৰমলগা ফ্ৰকটোৰ
হেঁপাহত জীয়াই আছিল ।

পৃথিৱীখন ঘূৰিছিল পুনৰ, আকাশৰ পৰা বিমান আৰু বিস্ফোৰকবোৰ আতৰিছিল তেতিয়া ।