কবিতা: হুল / সুবোধ সৰকাৰ

Posted by : translatorsassam
July 4, 2020

হুল

মূলঃ সুবোধ সৰকাৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ
ঘোষ

সুবোধ সৰকাৰ



চাওতালসকলক বান্ধি
ইংৰাজসকলৰ ভৰিৰ ওচৰলৈ চোঁচৰাই আনিম বুলি
ট্ৰাক ভৰ্তি পঘা লৈ মহেশ দাৰোগা হাবিত সোমাল ।
কিন্তু হাবিৰ পৰা সিহঁতে গছৰ ডালত ভাৰ বান্ধি   
কঢ়িয়াই আনিলে মহেশ দাৰোগাৰ শৰীৰ ।
ট্ৰাকত তুলি পঠিয়াই দিলে ইংৰাজহঁতৰ থানালৈ ।
মহেশে কৈছিল, ‘তইনো কোন ?’
তেওঁ কৈছিল,‘মই কানহু মুৰ্মু,
এই হাবি আমাৰ,
এই দেশ আমাৰ, এই পাহাৰ আমাৰ ।
মহেশে কৈছিল, ‘তইনো কোন ?’
তেওঁ কৈছিল,‘মই সিধু মুৰ্মু,
এই ধানবোৰ আমাৰ, গোমধানবোৰ আমাৰ,
ভেড়াবোৰ আমাৰ, হবোৰ আমাৰ, পলাশ গছবোৰ আমাৰ ।
পঞ্চাশ হাজাৰ চাওতালে কৈছিল
ডুংৰিয়েডুংৰিয়ে আমাৰ তেজ
ডুংৰিয়ে ডুংৰিয়ে আমাৰ আত্মা
ডুংৰিয়ে ডুংৰিয়ে আমাৰ প্ৰতিধ্বনি
ডুংৰিয়ে ডুংৰিয়ে আমাৰ হুল ।
চাহাব, তুমি আমাক চিনি নোপোৱা
ইংৰাজী শুনি আমি বাবুহঁতৰ দৰে ভয় নকৰোঁ ।
ট্ৰাক ভৰ্তি পঘা লৈ মহেশ দাৰোগা হাবিত সোমাল ।
সেই পঘাই কাল হ, সেই পঘাৰে মহেশক বান্ধি
হাবিৰ পৰা ওলাই আহিছে
ভাৰতৰ প্ৰথম দুই হিৰণ্ময় গেৰিলা ।
প্ৰথম দুই দেশপ্ৰমিক
এজন কাঁড়, এজন ধনুক
এজন বজ্ৰ, এজন মাণিক
এজন কানহাইয়া, এজন বাঁহী ।
মই কথা এষাৰ জনা নাছিলোঁ, জানি গৰ্ব হ
কানুৱে ফাঁচিকাঠত উঠি কৈছিল,‘মই উভতি
আহিম ।
কানুৱে এতিয়াও যুঁজ দিছে আমেৰিকাত
আৰু সিধুৱে যুঁজিছে ভাৰতবৰ্ষৰ পৰা ভাৰতবৰ্ষত ।

টোকাঃ ১পশ্চিম বংগৰ পশ্চিমাঞ্চলৰ অনুচ্চ পাহাৰবোৰক স্থানীয়
ভাষাত ডুংৰি বুলি কোৱা হয় ।
বিঃ দ্ৰঃ কবিৰ সানন্দ অনুমতি সাপেক্ষে এই অনুবাদ আয়োজন ।

Popular Post

ঐতিহাসিক চিঠি