কবিতাঃ আত্মান্বেষণ / নাহিদা আশৰাফী

Posted by : translatorsassam
July 4, 2020

আত্মান্বেষণ 
মূলঃ নাহিদা আশৰাফী (বাংলা)
অসমীয়া ভাঙনিঃ কুমুদ ঘোষ



  
হাতে দোষাৰোপ কৰিলে ভৰিক ।
ভৰিয়ে চকুক
চকুৱে ভোকক
ভোকে দোষাৰোপ কৰিলে কাণক 

ইমানবোৰ হুলস্থূল, দেহযুদ্ধত
ভয় খাই আত্মা
হাতত সাৰে ভৰিত সাৰে ওলাই আহি
খোজ কঢ়াত লাগিল অন্ধকাৰত

এতিয়া সি জৰিগছৰ তলত
কুঁচিমুচি হৈ শুই আছে বৃক্ষৰ জন্মৰ আশাত

কবি পৰিচিতিঃ নাহিদা
আশৰাফী বাংলাদেশৰ এগৰাকী কবি
, লেখক ।এপিটাফ’, ‘প্ৰেম
নিয়ে পাখিৰা যা ভাবে
কবিৰ প্ৰকাশিত একক কাব্য সঙ্কলন । আনহাতেমায়াবৃক্ষ’, ‘জাদুৰ
ট্ৰাঙ্ক ও বিবৰ্ণ বিষাদেৰা
একক গল্প সঙ্কলন । সাহিত্য পত্ৰিকাজলধিৰো
সম্পাদক । বহুকেইটা পুৰস্কাৰ আৰু সম্মানেৰে এইগৰাকী কবি সম্মানিত হৈছে । কবিৰ
সানন্দ অনুমতি সাপেক্ষে বৰ্তমানৰ কবিতাটি অনুবাদ কৰা হ
ল ।

Popular Post

ঐতিহাসিক চিঠি