গল্পঃ নিহালি / ইসমাত চুঘটাই

Posted by : translatorsassam
July 5, 2020

নিহালি (The Quilt)

মূল(উৰ্দু) : ইসমাত চুঘটাই

ইংৰাজী অনুবাদ : এম. আশাদুদ্দিন

অনুবাদ : নাবিলা আখতাৰ





জাৰকালি যেতিয়া মই নিহালিখন
গাত মেৰিয়াই লওঁ,
বেৰত প্ৰতিফলিত হোৱা
ইয়াৰ ছাঁটো  দেখিবলৈ 
এটা হাতীৰ নিচিনা হৈ
পৰে মোৰ
মনটো অতীতৰ দুৰূহ
সময়ৰ গভীৰতালৈ ধাৱিত
কৰে স্মৃতিবোৰে আহি
ভিৰ কৰেহি
   দুঃখিত
যে মই মোৰ
নিহালিখনৰ লগত জড়িত
কোনো ৰোমান্টিক কাহিনী
শুনাই আমোদ প্ৰদান  কৰিব
নোৱাৰিম কোনো
ৰোমাঞ্চৰ বিষয়বস্তুও নহয় মোৰ ধাৰণা যে
কম্বলখন যদিও নিহালি
খনতকৈ কম আৰামদায়ক
অন্ততঃ বেৰত
নিহালিখনৰ নিচিনা ভয়ংকৰ
অংগীভঙ্গীৰ ছাঁ
প্ৰক্ষেপণ নকৰে
    তেতিয়া
মই এজনী সৰু
ছোৱালী আছিলোঁ আৰু
গোটেই দিনটো মোৰ
ভাইটি আৰু তাৰ
সমনীয়বোৰৰ লগত মাৰপিট কৰি কটাইছিলোঁ মই প্ৰায়ে ভাবি
আচৰিত হৈছিলোঁ, কিয়
জানো মই ইমান
আক্ৰমণাত্মক!! মোৰ বয়সত
মোৰ আন ভনীবিলাকে
সিহঁতৰ প্রিয় চিত্ৰ
অঙ্কণত ব্যস্ত আছিল,
আৰু মই যাকে
পাওঁ তাৰে লগত
যুজঁবাগৰ কৰি
কটাইছিলোঁ
    এইটো
কাৰণতেই যেতিয়া মোৰ
মা এসপ্তাহৰ বাবে
আগ্ৰালৈ গৈছিল মোক
তেওঁৰ তোলনীয়া ভগ্নী
এগৰাকীৰ ওচৰত এৰি
থৈ গৈছিল তেওঁ
ভালদৰেই জানিছিল যে
তাত মই যুজঁবাগৰ কৰি থাকিবলৈ
এটা নিগনিও নাই এয়া মোৰ বাবে
কঠোৰ শাস্তি আছিল!
গতিকে আম্মাই মোক
বেগমজানৰ লগত থৈ
, যিগৰাকী
ভদ্ৰমহিলাৰ নিহালিখন মোৰ
স্মৃতিত কমাৰশালৰ মাৰ্কাৰ
সাঁচৰ দৰে খোদিত
হৈ ৰৈছিল তেওঁৰ
দৰিদ্ৰ পিতৃমাতৃয়ে
তেওঁক আদবয়সীয়া নৱাব
চাহেবৰ লগত বিয়া
দিবলৈ সন্মত হৈছিল
কাৰণ তেওঁ অতি
গুণবান ব্যক্তি আছিল কাহানিও তেওঁৰ বাসগৃহত  কোনো
নৰ্তকী বা বেশ্যাৰ
আগমন দৃষ্টিগোচৰ হোৱা
নাছিল তেওঁ হজ
কৰিবলৈ গৈছিল আৰু
আন বহুতক এই
ক্ষেত্ৰত সহায়ো আগবঢ়াইছিল
    যি
হওঁক, তেওঁৰ এটা
আচহুৱা চখ আছিল কিছুমান ব্যক্তি পাৰ
চৰাইৰ প্ৰতিপালন আৰু
কুকুৰাযুঁজ পৰিদৰ্শন কৰা
চখ পালিবলৈ অহৌবলিয়া
আছিল নৱাব চাহেব
এই বীভৎস খেলবোৰৰ
প্ৰতি অনাসক্ত আছিল তেওঁ তৰুণ, সুন্দৰ,
ক্ষীণমধ্যা যুৱক ছাত্ৰসকলৰ
বাবে মুকলি এটা
ঘৰ ৰাখিছিল আৰু
তাৰ সকলো খৰচপাতি তেওঁ নিজে
বহন কৰিছিল
   বিয়াৰ
পিছত তেওঁ বেগমজানক
তেওঁৰ দখলাধীন অন্যান্য
বয়বস্তুৰ লগত
ঘৰত অন্তৰ্ভুক্ত কৰিছিল
আৰু বেগমজানৰ বিষয়ে
সমূলি পাহৰি গৈছিল আলসুৱা, সুন্দৰী বেগমজান
নিঃসংগতাৰ বেদনাত অসাৰ
হৈ পৰিছিল
    কোনেও
নাজানে প্ৰকৃততে বেগমজানৰ
জীৱন কেতিয়া আৰম্ভ
হৈছিল–– যিদিনা তেওঁ
জন্মগ্ৰহণ কৰাৰ ভুলটি
কৰিছিল অথবা যিদিনা
তেওঁ কইনা
ৰূপত নৱাব চাহেবৰ
ঘৰ সোমাইছিল আৰু
চাৰি খুঁটিৰ বিচনা
বগাই অনাগত দিনবোৰ
গণি গণি কটাবলৈ
লৈছিল নে যিদিনা
তেওঁ চৰাঘৰৰ দুৱাৰেৰে
ভুমুকিয়াই বৰ্ধিত নিপোটল
কলাফুল, নমনীয় কমৰৰ
পুৰুষসকল আৰু তেওঁলোকৰ
বাবে ৰান্ধনীঘৰৰ পৰা
অহা খাদ্যসম্ভাৰ
প্ৰত্যক্ষ কৰিছিল বেগমজানে
সিহঁতৰ সুগন্ধিযুক্ত পাতল
চোলা বোৰত সিহঁতৰ
প্ৰতিচ্ছবি উপভোগ কৰিছিল
যেন প্ৰতিটো চোলাই
তেওঁক ভৰ্ৎসনা কৰিছিল
   অথবা
যেতিয়া তেওঁৰ অমনোযোগী
স্বামীৰ অপ্ৰাপ্ত প্ৰেম
লাভৰ আকাংক্ষাত  সকলোধৰণৰ কৱচ, মাদলি,
যাদুমন্ত্ৰৰ প্ৰয়োগ পৰিহাৰ
কৰিবলৈ লৈছিল?  তেওঁ গোটেই নিশা
ধর্মগ্রন্থ পঢ়ি কটাইছিল,
কিন্তু সকলো অথলে
গৈছিল শিল ভাঙি
কোনেও তেজ বোৱাব
নোৱাৰে নৱাব তিলমানো
বিচলিত হোৱা নাছিল বেগমজানে ভগ্ন হৃদয়েৰে
কিতাপৰ বুকুত সোমাই
পৰিছিল, তথাপিও তেওঁ
সকাহ পোৱা নাছিল প্ৰেমমূলক উপন্যাস আৰু
আৱেগপ্ৰৱণ স্তৱক বিলাকে
তেওঁক অধিক হতাশ
কৰিছিল কোনোদিনে তেওঁৰ
ভাগত নপৰা প্ৰেমৰ
বাসনাত তেওঁ উজাগৰী
নিশা কটাবলৈ লৈছিল
   কেতিয়াবা
তেওঁৰ সকলো সাজপোছাক জুহালত দলিয়াই
দিব মন গৈছিল মানুহে পৰক আকৰ্ষণ
কৰিবলৈহে সাজসজ্জা
কৰে ইফালে নৱাবৰ
অতিৰিক্ত এটা মুহূৰ্তও
নাই তেওঁৰ বাবে তেওঁ সেই ৰেচমি
চোলাবোৰ অনুকৰণ কৰাতেই
দিনভৰ ব্যস্ত থাকিছিল আনকি বেগমজানক বাহিৰলৈ
ওলাই যাবলৈও অনুমতি
দিয়া নাছিল মিতিৰকুটুমসকলে সময়ে সময়ে
দেখা কৰিবলৈ আহি
মাহৰ পিছত মাহ
ধৰি তেওঁৰ ঘৰত
বাহৰ পাতিছিল আৰু
বেগমজান ঘৰটোত কাৰাবন্দী
হৈ ৰৈ গৈছিল এই নিতান্তই স্বাৰ্থপৰ
আত্মীয়বিলাকৰ প্ৰতি তেওঁৰ
প্ৰচণ্ড ক্ষোভ আছিল  আটায়ে
নিজৰ বাবে সুস্বাদু
আহাৰ আৰু উমাল  আৰামদায়ক
কাপোৰ তৈয়াৰ কৰাইছিল
আৰু তেওঁ নিজে
নতুন কপাহ লগাই
তৈয়াৰ কৰা নিহালিখন
উৰিও ঠাণ্ডাত জঠৰ
হৈ পৰি থাকিছিল তেওঁ যিমানেই লৰচৰ
কৰে নিহালি খনে
সিমানেই বেলেগ বেলেগ
আকৃতিৰ ছাঁ বেৰত
ধৰা পেলাইছিল, অথচ
একোৱেই তেওঁৰ জীৱনৰ
অৰ্থ বহন কৰা
নাছিল তেন্তে বেগমজানৰ
বাবে নিৰ্ধাৰিত এনে
এটি জীৱন জীয়াই
থাকিব লাগে কিয়…?
কিন্তু পিছমুহূৰ্ত্ততে তেওঁ
জীয়াই থাকিবলৈ বিচাৰে
আৰু জীৱনটো সম্পূৰ্ণকৈ
উপভোগ কৰিবলৈ লয়
      তেওঁক
এই বিপৰ্যয়ৰ পৰা
ৰক্ষাকৰোতাজন আছিল ৰাব্বু
    অতি
সোনকালেই তেওঁৰ শুকান
শৰীৰ পৰিপূৰ্ণ হবলৈ
ধৰিলে তেওঁৰ দুগাল
উজ্জ্বল হৈ পৰিছিল
আৰু সৌন্দৰ্য্যত উদ্ভাসিত
হৈছিল অৰ্ধমৃত বেগমজানৰ
মাজত পুনৰ জীৱনৰ
সঞ্চাৰ ঘটোৱা ৰহস্যটি
আছিল এটা বিশেষ
তেল মালিচ দুঃখিত
যে এই বিশেষ
তেলমালিছৰ কৌশল কোনো
বিশেষ পত্রিকাত পোৱা
নাযাব
    যেতিয়া
মই প্ৰথমবাৰ বেগমজানক
দেখিছিলোঁ তেওঁৰ বয়স
চল্লিশৰ আশে পাশে তেওঁ চোফাত একাষৰীয়াকৈ
আউজি এখন  ৰঙীন আলোকচিত্ৰৰ ফালে
চাই আছিল ৰাব্বু
তেওঁৰ পিঠিৰ বিপৰীতে
বহি তেওঁৰ কঁকাল
মালিচ কৰি আছিল এখন বেঙুনীয়া শ্বলে
তেওঁৰ দুভৰি ঢাকি
ৰাখিছিল, তেওঁ ৰাজকীয়
আড়ম্বৰত এগৰাকী প্রকৃত
মহাৰাণীৰ ভঙ্গীমাত বহি
আছিল 
তেওঁৰ সৌন্দৰ্য্যত মই মুগ্ধ
হৈছিলোঁ, আৰু এনে  লাগিছিল
যেন তেওঁৰ ওচৰত
বহি মাথোঁ তেওঁৰ
প্ৰশংসা কৰিয়েই ঘণ্টাৰ
পিছত ঘন্টা অতিবাহিত
কৰিম তেওঁৰ গাৰ
ৰংটো এটাও দাগ
নথকা বগা মাৰ্বল
পাথৰৰ দৰে আছিল তেওঁৰ চুলিটাৰী কিচকিচিয়া
লা আৰু
অনবৰতে তেলেৰে থপথপিয়া তেওঁৰ সেউতা ফলা
দুভাগ চুলিৰ কেতিয়াও
অকণো ভাঁজ নালাগিছিল,
এডাল চুলিও ইফাল
সিফাল হোৱা মই
দেখা নাছিলোঁ তেওঁৰ
চকুযুৰি গভীৰ লা আৰু অতি
নিপুনতাৰে মিলোৱা চেলাউৰি
যোৰ তেওঁৰ শান্ত
চকুযুৰিৰ ওপৰেৰে বৈ
পৰা দুখনি ধেনুৰ
নিচিনা লাগিছিল চকুৰ
পতাবোৰ গধুৰ আৰু  পতাৰ
নোমবিলাক ঘন ঘন তেওঁৰ মুখমণ্ডলৰ আটাইতকৈ
মোহনীয় অংশটি আছিল
সততে 
লিপষ্টিকেৰে ৰঙচুৱা কৰি ৰখা
ওঁঠযুৰি, ওপৰৰ ওঁঠটোত
সামান্য তলপৰা ছাঁ
এটিৰে দীঘল চুলিকোছাই
তেওঁৰ কুমলৈকে ঢাকিছিল কেতিয়াবা মোৰ দৃষ্টিত
তেওঁৰ মুখৰ আকৃতি
সলনি হৈ পুৰুষৰ
মুখমণ্ডলৰ নিচিনা দেখা
গৈছিল
    তেওঁৰ
গাৰ ছালখনো বগা
আৰু মসৃণ যেন
কোনোবাই তেওঁৰ গাৰ
ওপৰত ছালখন টানকৈ
চিলাই ৰাখিছিল যেতিয়া
তেওঁ মালিচ কৰিবলৈ
ভৰি দুখন মেলি
দিছিল, মই গোপনে
তাৰ উজ্জলতা লক্ষ্য
কৰিছিলোঁ দীৰ্ঘকায় আৰু
মঙহাল শৰীৰটোৱে তেওঁক
দেখিবলৈ আকৰ্ষণীয় আৰু
ৰমনীয় কৰি তুলি
ধৰিছিল হাতবিলাক ডাঙৰ
আৰু মিহি, কঁকালৰ
গঠন মোহনীয় ৰাব্বু
একেৰাহে কেবাঘণ্টা তেওঁৰ
গা মালিচ কৰি
থাকিছিল এই মালিচ
তেওঁ সদায় লোৱাটো
দৈনন্দিন জীৱনৰ আন
অপৰিহাৰ্য প্ৰয়োজনৰ সমানেই
গুৰুত্বপূৰ্ণ আছিল–– আনকি
তাতকৈও বেছি প্ৰয়োজনীয়
   ৰাব্বুৰ
ওপৰত আন কোনো
ঘৰুৱা কামৰ দায়িত্ব
নাছিল চোফাখনত থিতাপি
লৈ তাই সকলো
সময়তে বেগমজানৰ শৰীৰ
কোনো এটা অংশ
মালিচ কৰি থাকিছিল ঘণ্টাধৰি ৰাব্বুয়ে মালিচ
কৰি থকা দৃশ্যটি
মোৰ বাবে অসহ্যকৰ
হৈ পৰিছিল মোৰ
শৰীৰ কোনোবাই সঘনাই
ইমান স্পৰ্শ কৰি
থাকিলে চাগে মই
গেলি মৰি থাকিলো
হেতেন
    এই
প্ৰত্যাহিক মালিচেই শেষ
নাছিল যিদিনা তেওঁ
স্নান কৰে, তাই
বিভিন্ন প্ৰকাৰৰ তেল
আৰু মিশ্ৰণেৰে দুঘণ্টা
ধৰি বেগমজানৰ শৰীৰটো
মালিচ কৰিছিল তাই
ইমান বলপ্ৰয়োগ কৰি
মালিচ কৰিছিল যে
সেয়া কল্পনা কৰিও
মই অসুস্থ হৈ
পৰোঁ দুৱাৰখন বন্ধ
কৰি, জুহালত জুই
লগাই দিয়া হয়,
তাৰপিছত পৰিক্ৰমা আৰম্ভ
হয় সচৰাচৰ এনে
উপলক্ষত কেৱল ৰাব্বুক
কোঠালীৰ ভিতৰত থাকিবলৈ
অনুমতি দিয়া হয় আন দাসীসকলে অসন্মতিসূচক
মন্তব্য বিৰবিৰাই দুৱাৰৰ
সন্মুখত সকলো লাগতিয়াল
সামগ্ৰী থৈ যায়
    দৰাচলতে
বেগমজান নিগাজীকৈ হোৱা
খজুৱতি এটাত জৰ্জৰিত
হৈছিল সকলো তেল
আৰু মলম প্ৰয়োগ
কৰাৰ পিছতো খজুৱতিৰ
পৰা ৰক্ষা পোৱা
নাছিল চিকিৎসকে একেবাৰে
দাগহীন ছালখনত একোৱেই
নাই হোৱা বুলি
কৈছিল হয়তো ছালৰ
ভিতৰুৱা কিবা সংক্ৰমণ!
এই চিকিৎসকবোৰ বলিয়া
হৈছে….একোৱেই হোৱা
নাই তোমাৰ ছালত মাথোঁ শৰীৰৰ উত্তাপৰ
এইবোৰ ৰাব্বুয়ে
স্বপ্নাতুৰ ভাবে বেগমজানলৈ
দৃষ্টি নিক্ষেপ কৰি
হাঁহি হাঁহি কয়
   ৰাব্বু!
বেগমজান 
যিমান সুন্দৰী আছিল, তাই
সিমানেই কুৰূপা বেগমজানৰ
গাৰ ৰং যিমানেই
বগা তাইৰ সিমানেই
গাঢ় জামুকলীয়া তাই
জ্বলন্ত লোহাৰ টুকুৰা
নিচিনা উজ্জ্বল আছিল মুখখনি সৰু আইৰ
দাগেৰে পৰিপূৰ্ণ তাই
চাপৰ আৰু গাঁথলু
চেহেৰাত এটা অপূৰঠ
উদৰ তাইৰ হাতবোৰ
সৰু কিন্তু ক্ষিপ্ৰ,
তাইৰ ডাঙৰ ফুলা
ওঁঠযুৰি অনবৰতে সিক্ত
হৈ থাকিছিল তাইৰ
গাৰ পৰা এটা
আচহুৱা ভেকেটাভেকেট
গোন্ধ নিৰ্গত হৈছিল আৰু তাইৰ সূক্ষ্মকায়,
পূৰঠ হাত দুখনি
বিচক্ষণতাৰে বেগমজানৰ শৰীৰত
বগাই ফুৰিছিলতেওঁৰ
কঁকালত, নিতম্বত, তাৰপৰা
তললৈ চুচৰি কৰঙন
আৰু শেষত ভৰিৰ
গাঁঠিত খুন্দা খায় যেতিয়াই মই বেগমজানৰ
ওচৰত বহোঁ তেওঁৰ
শৰীৰত পিঁয়াপি দি
ফুৰা হাত দুখনত
মোৰ দৃষ্টি স্থিৰ
হৈ ৰয় 
    বছৰৰ
আটাইকেইদিন তেওঁ হায়দৰাবাদী
কাম কৰা বগা
ঢৌ খেলা কুর্তা
আৰু উজ্জ্বল ৰঙৰ
পায়জামা পৰিধান কৰিছিল গৰমৰ দিনত পাংখা
চলি থাকিলেও তেওঁ
এখন পাতল শ্বলেৰে
নিজকে ঢাকি ৰাখিছিল শীতকাল তেওঁৰ প্রিয়
আছিল 
সেই দিনকেইটাত তেওঁৰ ঘৰত
থাকি ময়ো ভাল
পাইছিলোঁ তেওঁ খুব
কমেই ঘৰৰ বাহিৰলৈ
ওলাইছিল 
দলিচাত বাগৰি শুকান ফল
চোবাই চোবাই তেওঁ
ৰাব্বুৰ মালিছ উপভোগ
কৰিছিল আন দাসীবিলাক
ৰাব্বুৰ প্ৰতি ঈৰ্ষাত
দগ্ধ হৈছিল সেই ডাইনিজনী!! তাই
বেগমজানৰ লগতে খায়,
বহে আনকি শোৱেও!
আজৰি সময়বোৰত ৰাব্বু
আৰু বেগমজান সিহঁতৰ
চুপতিৰ বিষয়বস্তু হৈ
পৰিছিল কোনোবা এজনীয়ে
তেওঁলোকৰ নাম উলিয়ালেই
আটাইকেইজনী হাঁহিত ফাটি
পৰিছিল সিহঁতে তেওঁলোকৰ
বিষয়ে কিমান যে
ৰসাল কাহিনী  ৰচিছিল! এই সকলোবোৰ
বেগমজানৰ অগোচৰ আছিল
যেন 
বাহিৰৰ পৃথিৱীখনৰ লগত তেওঁ
সকলো সম্পৰ্ক ছেদ
কৰিছিল তেওঁৰ অস্তিত্ব
মাথোঁ তেওঁ আৰু
তেওঁৰ 
খজুৱতিতেই কেন্দ্ৰীভূত আছিল
   মই
ইতিমধ্যে উল্লেখ কৰিছোঁ
যে সেই সময়ত
মই নিচেই কম
বয়সীয়া আছিলোঁ আৰু
বেগমজানৰ প্ৰেমত পৰিছিলোঁ  ময়ো
তেওঁৰ বৰ প্ৰিয়
আছিলোঁ যেতিয়া আম্মা
আগ্ৰালৈ যোৱাৰ সিদ্ধান্ত
লৈছিল , মোক বেগমজানৰ
ওচৰত এসপ্তাহৰ বাবে
এৰি গৈছিলতেওঁ জানিছিল
যে মোক অকলশৰে
ঘৰত থৈ গলে
মই ভাইটিৰ লগত
যুঁজবাগৰ  কৰি অথবা অনাই
বনাই ঘূৰি ফুৰি
দিন কটাম গতিকে
এই ব্যৱস্থাই বেগমজান
আৰু মোক দুয়োজনকে
প্ৰসন্ন কৰিছিল আৰু
সর্বোপৰি তেওঁ আম্মাৰ
তোলনীয়া ভগ্নী! এতিয়া
প্ৰশ্ন আছিল যে––
মই শুম ? নিশ্চিতভাৱে বেগমজানৰ
কোঠাত তাত তেওঁৰ
বিচনাৰ দাঁতিয়েদি সমীপতে
এখন বিচনা পৰা
নিশা
দহএঘাৰ বজালৈকে
আমি কথা পাতি
আছিলোঁ, তাচ পাতৰ
খেল খেলিছিলোঁ তাৰপিছত
মই শুবলৈ গলোঁ তেতিয়াও ৰাব্বুয়ে তেওঁৰ
পিঠি মালিচ কৰিয়েই
আছিলকি আপচু
মাইকী!” মই মনতে
ভাবিলোঁ 
মই মাজনিশা ভয়
খাই সাৰ পালোঁ ঘিটমিট আন্ধাৰত
বেগমজানৰ নিহালিখন ইমান
প্ৰবলভাৱে কপি উঠিল
যেন তাৰ ভিতৰত
এটা হাতী যুজঁবাগৰ কৰি আছিল
    বেগমজান….” ভয়তে
কথমপি মোৰ মুখেৰে
মাত ওলাইছিল হাতীটোৰ
জোকাৰণি বন্ধ হৈছিল
আৰু নিহালিখন তললৈ
নামিছিল
   
    কি ? শুই থাকা
গৈ যোৱাবেগমজানৰ
মাতটো কৰবাৰ পৰা
ভাঁহি অহা যেন
লাগিল
   মোৰ
ভয় লাগিছে,” মই
থেনথেনালো
   শুই থাকা যোৱা. ভয় খাব লগা একো নাই, আয়াতুল কুৰশ্বি পঢ়া“…
   ঠিক
আছে…” মই পঢ়িবলৈ
লোঁ, কিন্তু
য়া লামু মা
বাইনা…” শাৰীটো পোৱাৰ
পিছত আৰু মনত
পেলাব নোৱাৰিলোঁ, যদিও
সম্পূৰ্ণ স্তৱকটি মোৰ
ভালদৰে মুখস্থ আছিল
  মই আপোনাৰ ওচৰলৈ যাব পাৰোনে, বেগমজান? “
  নাই,
নালাগে, শুই থাকা
গৈতেওঁৰ মাতটো
আৰু সচকিত হৈ
পৰিছিল তাৰে পিছত
মই দুজন ব্যক্তিৰ
ফুচফুচনি শুনিবলৈ পালোঁ হে প্ৰভু! আনজন
কোন? মই ভয়তে
বিতত লো
 
   বেগমজান….
কোঠাত চোৰ সোমাইছে
চাগৈ
   শুই
যোৱা…. কোনো চোৰ
সোমোৱা নাই ইয়াত,”
এইটো ৰাব্বুৰ কণ্ঠ
আছিল মই মূৰৰ
ওপৰলৈ নিহালি খন
টানি শুই পৰিলোঁ
   পিছদিনা
ৰাতিপুৱালৈকে মই ৰাতিৰ
ভয়ানক দৃশ্যবোৰ সমূলি
পাহৰি গলোঁ মই
সদায়েই অন্ধবিশ্বাসী আছিলোঁ
––
ৰাতি ভয় খোৱা,
টোপনিত খোজ কাঢ়া
আৰু কথা কোৱা
এইবোৰ মোৰ শৈশৱকালৰ
নিত্যনৈমিত্তিক ঘটনা
আছিল মানুহে কৈছিল
যে মোৰ ওপৰত
কোনো অশুভ শক্তিৰ
প্ৰভাৱ আছে গতিকে
ৰাতিৰ ঘটনাটো মোৰ
মনৰ পৰা একেবাৰে
আঁতৰি ৰাতিপুৱা নিহালিখন একেবাৰে
শান্ত হৈ পৰি
আছিল
   কিন্তু
সেইদিনা ৰাতি মই
আকৌ সাৰ পালোঁ
আৰু বেগমজান আৰু
ৰাব্বুয়ে অনুস্বৰে কিবা
তৰ্কবিতৰ্ক কৰি
থকা শুনিলোঁ তেওঁলোকৰ
কথা বতৰা মই
একোৱেই শুনা পোৱা
নাছিলোঁ আৰু কথাৰ
অন্তত কি মই ধৰিব
নোৱাৰিলো, কিন্তু মই
ৰাব্বুৰ কান্দোনৰ শব্দ
শুনিলোঁ 
তাৰপিছতে মই মেকুৰীয়ে  সাৰৌপ সাৰৌপকৈ প্লেট
চেলেকাৰ নিচিনা শব্দ
শুনিবলৈ পালোঁমই
সাংঘাতিক ভয় খালোঁ
আৰু আকৌ শুই
পৰিলোঁ
   পিছদিনাখন
ৰাব্বুয়ে তাইৰ তৰুণ
পুতেকক দেখা কৰিবলৈ
, সি
বৰ একাচেকা আছিল বেগমজানে তাক গাঁৱত
এটা সংস্থাপনৰ ব্যৱস্থা
কৰি দিয়াৰ পৰা
তাক দোকান খিনি
কিনি দিয়ালৈকে অনেক
সহায় আগবঢ়াইছিল কিন্তু
একোতেই সি সন্তুষ্ট
হোৱা নাছিল সি
নৱাব চাহেবৰ ওচৰত
কেইদিনমান আছিল আৰু
থকা দিনকেইটাত সি
নৱাব চাহেবৰ পৰা
অনেক নতুন কাপোৰ
আৰু অন্যান্য উপহাৰ
লাভ কৰিছিল,  কিন্তু এদিন সি
কোনো সঠিক কাৰণ
অবিহনেই তাৰপৰা পলাই
  আৰু কোনোদিন উভতি
নাহিল, আনকি তাৰ
মাকক দেখা কৰিবলৈও
কোনোদিন নাহিল….
   ৰাব্বুয়ে
তাইৰ এজন সম্পৰ্কীয়ৰ
ঘৰত তাক দেখা
কৰিবলৈ গৈছিল বেগমজানে
তাইক যাব দিবলৈ
অনিচ্ছুক আছিল, কিন্তু
পিছত তেওঁ বুজি
পাইছিল যে তাই
অসহায় গতিকে তেওঁ
তাইক আৰু  যোৱাত বাধা নিদিলে
  সেইদিনা
গোটেই দিনটো বেগমজানে
তীব্ৰ অস্বস্তিত কটালেতেওঁৰ
শৰীৰৰ প্ৰতিটো জোৰা
বিষাবলৈ ধৰিলে, কিন্তু
তেওঁ কাৰোয়েই স্পৰ্শ
সহ্য কৰিব নোৱাৰিছিল তেওঁ গোটেই দিনটো
একো নাখালে আৰু
বিচনাত কোঁচ খাই
পৰি থাকিল
   মই
আপোনাৰ পিঠিখন মালিচ
কৰি দিওঁ নে
বেগমজান… ?” তাচপাতৰ মুঠিটো
সাজু কৰি কৰি
মই আগ্ৰহেৰে সুধিলোঁ তেওঁ মোৰ ফালে
বেঁকাকৈ চালে
  মই
সঁচাকৈ কৰোঁ..?” তাচপাতখিনি
একাষৰীয়াকৈ থৈ মই
তেওঁৰ পিঠিখন মালিচ
কৰিবলৈ ললোঁ, তেওঁ
সাৰ সুৰ নকৰাকৈ
বিচনাত পৰি থাকিল ৰাব্বু পিছদিনাখন উভতি
অহাৰ কথা আছিল
,
কিন্তু নাহিলে বেগমজান
আৰু অধিক বিৰক্ত
হবলৈ ধৰিছিল তেওঁ
একাপ একাপকৈ কেবাবাৰো
চাহ পান কৰি
আছিল, ফলত তেওঁৰ
প্ৰচণ্ড মূৰৰ বিষ
উঠিছিল
   মই
তেওঁৰ মেজৰ ওপৰৰ
বহল অংশৰ নিচিনা
নিমজ পিঠিখন মালিচ
কৰিবলৈ ললোঁ মই
খুব আলফুলে মালিচ
কৰি আছিলোঁ আৰু
তেওঁৰ অন্ততঃ কিবা
কামত আহিব পাই
মনে মনে সুখী
হৈছিলোঁ
   আৰু
অকণমান জোৰেৰেফিটাবোৰ
খুলি দিয়াবেগমজানে
লে
   তাত
কান্ধৰ সামান্য তলত
তাতেই…..আহ!
কি মজা…” তেওঁ
দীঘল উশাহৰ মাজে
মাজে সন্তুষ্টি প্ৰকাশ
কৰিছিলঅকণমান আগফালে…”
ঠাইখিনি তেওঁ হাতেৰে
ঢুকি পোৱাতে থকা
স্বত্বেও তেওঁ মোক
নিৰ্দেশ 
দিছিল কিমান গৰ্ব
অনুভৱ কৰিছিলোঁ মই!
ইয়াতঅহ, অহ,
তুমি মোক কূটকুটাই
দিছাআহ! ” তেওঁ
হাঁহিছিল মই মালিচ
কৰাৰ লগে লগেই
তেওঁৰ কথাৰ উত্তৰ
দি আছিলোঁ
 
  মই কাইলৈ তোমাক বজাৰলৈ পঠিয়াম…. কি লাগিব তোমাক? তোমাৰ ইচ্ছা মতে চলা এটা পুতলা ?”
   নালাগে, বেগমজানমই পুতলা নিবিচাৰোঁ  মই এতিয়াও সৰু হৈ আছোঁ বুলি ভাবে নেকি আপুনি?”
  তাৰমানে
তুমি এতিয়া এগৰাকী
বয়সীয়াল মহিলা..” তেওঁ
হাঁহিলে, “নহলে তোমাক
এটা বাবু পুতলাকে
আনি দিম দিয়া
তুমি তাক তোমাৰ
ইচ্ছামতে সজাবা মই
তোমাক এসোপামান ফটাকানি
দিম, ?”
   ঠিক
আছে,” মই উত্তৰ
দিলোঁ
   ইয়াত,”
তেওঁ মোৰ হাত
খন খজুৱতি হোৱা
ঠাইবোৰত লগাই লগাই
গৈছিল আৰু মই
তেওঁৰ কথাৰ মাজে
মাজে বাবু পুতলাৰ
চিন্তাত নিমগ্ন হৈ
অলসভাবে তেওঁৰ পিঠি
খন আঁচুৰি গৈছিলোঁ
  শুনা  তোমাক
কেইটামান ফ্ৰকৰ দৰকাৰ কাইলৈ তোমাৰ বাবে
নতুন চোলা চিলাবলৈ
মই দৰ্জিজনক পঠিয়াম তোমাৰ মাৰাই কিছু
চোলাৰ কাপোৰ দি
থৈ গৈছে
  সেই
ৰঙা ৰঙৰ কাপোৰটো
মোক নালাগে…. সেইটো
বহুত সস্তীয়া দেখি,”
মই হাতখনৰ সঞ্চালনৰ
অজানিতেই কলকলাই উঠিলোঁ বেগমজান তেতিয়াও নিথৰ
হৈ পৰি আছিল….
হে প্ৰভু! মই
তৎক্ষণাৎ হাতখন আঁতৰাই
আনিলোঁ
  ছোৱালী, তোমাৰ হাতখন
চাবামই কামিহাড়ত
দুখ পাইছোঁ বেগমজানে দুষ্টামিৰ সুৰত
হাঁহি উঠিল মই
লাজতে সেমেনাসেমেনি
কৰিলোঁ
  ইয়ালৈ
আহা, মোৰ ওচৰত
শোৱাহি….” তেওঁ মোক
তেওঁৰ বাহুৰ ওপৰত
মূৰ পেলাই শুৱালে,
ইমান নিশকতীয়া তুমিতোমাৰ
কামিহাড় বিলাক ওলাই
আহিছে” , তেওঁ মোৰ
কামিহাড় গণিবলৈ ধৰিলে
 মই
প্ৰতিবাদ কৰাৰ চেষ্টা
কৰিলোঁ
 একো
নাই, মই তোমাক
খাই নেপেলাওতো! এই
চুৱেটাৰটো ইমান টান
যে! আৰু তুমি
গৰম গেঞ্জীও পিন্ধা
নাই,” মই তীব্ৰ
অস্বস্তি অনুভৱ কৰিলোঁ
 মানুহৰ
কিমান ডাল কামিহাড়
থাকে?” তেওঁ বিষয়টি
ফালৰি কাটিলে
 এফালে
নডাল আৰু আনফালে
দহডালমই খপকৈ
বিদ্যালয়ত শিকা স্বাস্থ্য
জ্ঞানেৰে অসংলগ্ন উত্তৰ
দিলোঁ
 তোমাৰ হাতখন আঁতৰোৱাচাওঁএক, দুই, তিনি….
  মোৰ
দৌৰি পলাব মন
গৈছিল, কিন্তু তেওঁ
মোক সজোৰে সাৱটি
ৰাখিছিল মই নিজকে
মোকোলাবলৈ আপ্ৰাণ চেষ্টা
চলাইছিলোঁ , তাকে দেখি
বেগমজানে সশব্দে হাঁহিবলৈ
ধৰিলে তেওঁৰ সেই
মুখখন মনত পৰিলে
মই আজিও শিয়ঁৰি
উঠোঁ তেওঁৰ চকুৰ
পতা ওলমি আছিল,
ওপৰৰ ওঁঠটি লা ছায়া এটিৰ
ৰূপ লৈছিল আৰু
প্ৰচণ্ড শীততো সৰু
সৰু মুকুতাহেন ঘামৰ
টোপাল নাক আৰু
ওঁঠত জিলিকি উঠিছিল তেওঁৰ হাতদুখনি হিমশীতল
আৰু ঘামত থেপথেপিয়া
হৈ পৰিছিল যেন
কোনোবাই তেওঁৰ গাৰ
পৰা ছালখন খহাই
পেলালে! তেওঁ পাতল
শ্বলখন আঁতৰাই দিছিল
আৰু সুন্দৰ কাম
কৰা কুর্তাত তেওঁৰ
শৰীৰটো এটা আটাৰ
লদাৰ নিচিনা জ্বলমলাইছিল কুৰ্তাটোৰ গধুৰ সোণৰ
বুটাম বোৰ খোল
খাই এটা কিনাৰত
দুলি আছিল
  তেতিয়া
সন্ধ্যা লাগিছিল ,আৰু
কোঠালিটো আন্ধাৰে গ্ৰাস
কৰি আহিছিল এটা
অদ্ভুত ভয়ে মোক
গিলি পেলাইছিল বেগমজানৰ
গভীৰ চকুযুৰি মোৰ
ওপৰত দৃষ্টিবদ্ধ আছিল,
মোৰ কান্দি দিব
মন গৈছিল তেওঁ
মোক এটা মাটিৰ
পুতলাৰ নিচিনাকৈ চেপি
ধৰিছিল, তেওঁৰ উষ্ম
শৰীৰৰ গোন্ধত মোৰ
ওকালি আহিছিল কিন্তু
মই যেন তেওঁৰ
কবলত মই চিঞৰিব
বা কান্দিবও পৰা
নাছিলোঁ
  কিছুসময়
পিছত তেওঁৰ ক্ষান্ত
আৰু
ক্লান্তিত ঢলি পৰিল তেওঁৰ উশাহ ঘন
হৈ আহিল, মুখখন
শেঁতা আৰু বিবৰ্ণ
হৈ পৰিল মোৰ
ভাব যেন এতিয়াই তেওঁৰ
মৃত্যু , একেকোবে মই কোঠাৰ
পৰা ওলাই দৌৰিলোঁ….
  ভাগ্যক্ৰমে
সেইদিনা ৰাব্বু উভতি
আহিল ভয়তে মই
সোনকালেই বিচনাত পৰিলোঁ
আৰু নিহালি খন
মূৰলৈকে টানি ললোঁ কিন্তু বহু সময়লৈকে
মোৰ টোপনি অহাৰ
উম ঘামেই নাছিল
  আম্মা
আগ্ৰাৰ পৰা ঘূৰি
আহিবলৈ ইমান সময়
লগাইছে! মোৰ মনত
বেগমজানৰ প্ৰতি ইমান
ভয় সোমাইছিল যে
মই গোটেই দিনটো
দাসীসকলৰ লগত কটাইছিলোঁ তেওঁৰ কোঠাত সোমাবলৈও
মোৰ ভয় লগা
হৈছিল মই কাক
কি লোহেঁতেন?
যে মোৰ বেগমজানলৈ
ভয় লাগে? যিজনী
বেগমজান মোৰ আটাইতকৈ
আপোন!
  সেইদিনা
ৰাব্বু আৰু বেগমজানৰ
মাজত আকৌ কিবা
বাকবিতণ্ডা লাগিল কিন্তু মই তেওঁলোকৰ
কথাৰ একো স্পষ্ট
আভাস নাপালোঁ কাৰণ
বেগমজানে বাৰে বাৰে
মোৰ ফালে মনোযোগ
দি আছিল তেওঁ
বুজি পাইছিল যে
মই প্ৰচণ্ড ঠাঁণ্ডাতে
বাহিৰত ঘূৰি ফুৰিছোহি
,
যাৰ ফল মই
নিমনিয়াত ভুগিব পাৰোঁ পোৱালি, তুমি
মোক মানুহৰ আগত
লাজত পেলাব বিচৰা
নেকি? তোমাৰ কিবা
এটা লে
মোৰ বিপদ নহবনেতেওঁ বেচিনত
হাত মুখ ধুই
ধুই মোক তেওঁৰ
ওচৰত বহিবলৈ লে
  চাহ
বনোৱা, আৰু মোক
একাপ দিয়া,” মুখখন
টাৱেলেৰে মচি মচি
তেওঁ লে,
তেতিয়ালৈ মই কাপোৰ
সাজ সলাই লওঁ
 তেওঁ
সলাই থাকোঁতেই মই
চাহ লৈ আহি
পালোঁ মালিচ কৰি
থকা সময়ত তেওঁ
মোক বাৰে বাৰে
পঠিয়ায় মই কোঠাৰ
ভিতৰত সোমাই মুখখন
ঘূৰাই তেওঁৰ ফালে
নোচোৱা কৈয়ে কামফেৰা
কৰি তাৰপৰা ওলাই
লৰ মাৰিছিলোঁ তেওঁ
যেতিয়া কাপোৰ সলাবলৈ
ধৰিছিল মই অস্থিৰ
হৈ পৰিলো,  মুখখন তেওঁৰ পৰা
আঁতৰাই মই চাহত
শোহা মাৰিলোঁ
   আম্মাৰ
প্ৰতীক্ষাত মোৰ মনটো
বিষাদগ্ৰস্ত 
হৈ পৰিছিল মই
ভাইটিহঁতৰ লগত কাজিয়া
কৰাৰ সেকনি স্বৰূপে
এই কঠোৰ শাস্তি
মোৰ বাবে সমুচিত
হোৱা নাছিল মই
ৰাবিলাকৰ লগত
খেলাধূলা কৰা
আম্মাই ভাল নাপাইছিল মোক কোৱাচোন, সিহঁতে
মানুহ ভক্ষণ কৰে
নেকি যে মোক
খাই পেলাব? আৰু
সিহঁতনো কোন, মোৰ
নিজৰ ভাইটি আৰু
তাৰ কম বয়সীয়া
অপৈণত সমনীয়াবোৰ!  তেওঁ ৰা  আৰু
ছোৱালীৰ কঠোৰ পৃথকীকৰণত
বিশ্বাসী আছিল আৰু
ইয়াত বেগমজান পৃথিৱীৰ
সকলোবোৰ উদণ্ড ডেকা
ৰাতকৈও  ভয়ংকৰ! মই পৰা
লে দৌৰি
দৌৰি ৰাস্তা পাৰ
হৈ পলাই কোনোবখিনি
পালোগৈ হেঁতেন! কিন্তু
মই অসহায় আৰু
অনিচ্ছাসত্বেও তাত থাকিবলৈ
বাধ্য আছিলোঁ
  বেগমজানে
নিজকে পুঙ্খানুপূংখ ভাবে
সজ্জিত কৰিলে , উগ্ৰ
গোন্ধৰ আতৰ গাত
সানিলে তাৰপিছত তেওঁ
মোৰ প্ৰতি গভীৰ
চেনেহ প্ৰদৰ্শন কৰিবলৈ
ধৰিলে, 
তেওঁৰ সকলো দিহা পৰামৰ্শৰ
প্ৰতি মোৰ প্ৰত্যুত্তৰ
আছিল, ” মই ঘৰলৈ
যাব বিচাৰোঁ,” তাৰপিছত মই কান্দিবলৈ
ধৰিলোঁ
  এয়া,ইয়াতে…. মোৰ ওচৰলৈ অহা…. আজি মই তোমাক বজাৰলৈ লৈ যাম, নে? ”
 কিন্তু
মই ঘৰ যোৱাতেই
আকোৰগোজ হৈ লাগি
থাকিলোঁ পৃথিৱীৰ কোনো
পুতলা বা মিঠাইতেই
মোৰ আৰু ৰুচি
নাছিল
তোমাৰ ভাইটিয়ে তোমাক
ভাল পিটন দিব
বা“, তেওঁ
মৰমেৰে মোৰ গালখন
চুই দিলে
  পিটক
সিহঁতে
 কেঁচা
আম খাবলৈ টেঙা,
বেগমজান,” ঈৰ্ষাদগ্ধ ৰাব্বু
ফোচ্ ফোচাই উঠিল
  বেগমজান
ঢলি পৰিল তেওঁ
কিছু সময় আগতে
মোলৈ আগবঢ়োৱা সোণৰ
হাৰডাল টুকুৰা টুকুৰকৈ
সিঁচৰিত হৈ পৰিল তেওঁৰ মাচলিন কাপোৰৰ
দুপাট্টা খন ফাটি
চিৰাচিৰ দিলে আৰু
তেওঁৰ পৰিপাটিকৈ ৰখা
সেওঁতা ফলা দুভাগ
চুলি জঁট লাগি
বিশৃংখল হৈ পৰিল
  অহ!
অহ! অহ!”, তেওঁ
প্ৰচণ্ড শিৰামূৰিৰ প্ৰকোপত
চিঞৰি উঠিল মই
বাহিৰলৈ লৰ মাৰিলোঁ
  ভালেখিনি
সময়ৰ তৎপৰতা আৰু
শুশ্ৰূষাৰ অন্তত বেগমজানৰ
চেতনা ঘূৰি আহিল মই হাতত সাৰে
ভৰিত সাৰে কোঠাৰ
ভিতৰত ভুমুকিয়াই চাই
দেখিলোঁ ৰাব্বু তেওঁৰ
পিঠিৰ বিপৰীতে বহি
তেওঁৰ কঁকাল মালিচ
কৰি আছে
  তোমাৰ
জোতা খুলি লোৱা,”
বেগমজানৰ কামিহাড়ত হাত
বুলাই বুলাই ৰাব্বুয়ে
লে মই
নিগনিটোৰ নিচিনা  কুচি মুচি নিহালিৰ
তলত সোমালোঁ
  আকৌ
এক আচহুৱা কোলাহল
ভাঁহি আহিল আন্ধাৰত
বেগমজানৰ নিহালি খন
আকৌ এটা হাতীৰ
নিচিনা লৰচৰ কৰিবলৈ
লে আল্লাহ! আহ্ !….” মই
দুৰ্বল কণ্ঠৰে কেঁকালো নিহালিৰ তলৰ হাতীটো
এবাৰ ওপৰলৈ উঠি
আকৌ বহি পৰিল মই নিঃশব্দে পৰি
থাকিলোঁ হাতীটো আকৌ
লৰচৰ কৰিবলৈ ধৰিলে মই ভয়তে ঠৰঙা
লাগিলোঁ সেইদিনা মই
কোনোমতে বাল্বৰ চুইচ্
অন কৰিবলৈ সক্ষম
হৈছিলোঁ হাতীটো আকৌ
ধপধঁপাবলৈ ধৰিলে , এনে
লাগিল যেন উঠা বহা কৰিবলৈ
চেষ্টা কৰিছে  সুস্বাদু আচাৰৰ ৰস
পোৱাৰ নিচিনা কোনোবাই  তেওঁৰ
ওঁঠ যুৰি টকলিয়াই
টকলিয়াই খোৱা যেন
লাগিল এতিয়াহে মই
বুজিলোঁ! বেগমজানে গোটেই
দিনটো একো খোৱা
নাছিল আৰু ৰাব্বু,ডাইনীজনী, এটা বদনামী
খকুঁৱা তাই নিশ্চয়
বেগমৰ বাবে থোৱা
সুস্বাদু আহাৰ খাই
উদং কৰিলে নাকটো
মোহাৰি মই বতাহত
গোন্ধ চেষ্টা কৰিলোঁ তাত
আতৰ, চন্দন আৰু
হেনাৰ বাহিৰে একোৰেই
গোন্ধ নাছিল
  নিহালিখন
আকৌ দুলিবলৈ ধৰিলে মই নিথৰ হৈ
পৰি থাকিব চেষ্টা
কৰিছিলোঁ , কিন্তু নিহালি
খনে এনে বিকৃত
আকৃতি লবলৈ ধৰিলে
যে মই শিয়ঁৰি
উঠিলোঁ এনেকুৱা লাগিছিল
যেন সশব্দে ওফন্দি
উঠা এটা প্ৰকাণ্ড
ভেঁকুলী এইমাত্ৰ জাঁপ
মাৰি মোৰ গাত
পৰিবহি!
 ….আম্মি….” মই বুকু
ডাঠ কৰি পেনপেনাই
উঠিলোঁ কোনেও কাণ
নিদিলে নিহালি খন
বগাই মোৰ মগজুৰ
ভিতৰলৈ সোমাই আৰু
ডাঙৰ আকাৰ লবলৈ
ধৰিছিল মই ভয়ে
ভয়ে ভৰি দুখন
মেলি দি বিচনাৰ
আনটো দাঁতিত থকা
লাইটৰ চুইচ্ ঢুকি
পাব চেষ্টা কৰিলোঁ
আৰু চুইচ্ অন
কৰি দিলোঁ নিহালিৰ
ভিতৰত লুটিবাগৰ
মাৰি থকা হাতীটো
তৎক্ষণাৎ পোটোকা মাৰিলে লুটিবাগৰ মাৰোঁতে
নিহালিখনৰ চুককেইটা এফুটমান
ওপৰলৈ উঠিছিল….
ৰক্ষা
প্ৰভু! মই ফোঁপালোঁ,
আৰু মোৰ বিচনাত উফাল খাই পৰিলোঁ
টোকাঃ
ইসমাত চুঘটাই উৰ্দু ভাষাৰ এগৰাকী আধুনিক গল্পকাৰ। ইসমাত চুঘটাইৰ
‘নিহালি’ (উৰ্দু-লিহাফ, ইংৰাজী- The Quilt) নামৰ এই গল্পটো এটা বহু বিতৰ্কিত গল্প।
এই গল্পত সমকামীতা আৰু যৌনতাৰ বিষয় অৱলম্বন কৰাৰ বাবে অশ্লীলতাৰ দায়ত গল্পকাৰক লাহোৰৰ
ন্যায়ালয়ৰ দাৰস্থ কৰোৱা হৈছিল । গোচৰীয়া পক্ষই তেওঁ
স্পষ্টীকৰণ দি ৰাজহুৱাভাবে ক্ষমা খুজিবলৈ
দাবী জনাইছিল । কিন্তু তেওঁ ক্ষমা খোজা নাছিল । পিছলৈ ন্যায়ালয়ে গল্পকাৰৰ সপক্ষে ৰায়দান
কৰিছিল। তেওঁ মহিলাৰ যৌনতা আৰু সমকামীতাৰ বিষয়-বস্তুক লৈ লিখা লেখনিসমূহ ভাৰতীয় সাহিত্যত
এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দলিল।  

Popular Post

ঐতিহাসিক চিঠি