কাবায়াচি ইচচাৰ কেইটামান কবিতা

Posted by : translatorsassam
July 5, 2020

কাবায়াচি ইচচাৰ কেইটামান কবিতা

অসমীয়া ভাঙনিঃ আনিছ উজ জামান






ছেৰিফুলবোৰ ফুলিছে
এই ঠাইখনত
ঘাঁহবোৰো ফুলে


 

আজি নিশা
তোমালোকো গৈছা 
হেমন্তৰ জোন



বুদ্ধৰ নিয়ম
পাতৰ নিয়ৰকনাত
জিলিকি আছে



চেৰিগছবোৰৰ তলত
অচিনাকি
কোনোৱেই নাই



উৰি নেযাবা নাইটিঙ্গেল
তোমাৰ গানটো দুৰ্বল
হলেও 

তুমি যে মোৰেই




স্কাইলাৰ্কটোৱে গীত জুৰিছে
কৃষকজনে
কোৰখনকে গাৰু কৰি লৈছে



কুলি চৰাইটোৱে
মোলৈকে গায়
আকৌ ওভতি পাহাৰটোলৈ



পুনিভৰা পথেই
লওঁ আহাঁ আমি
মেঘবোৰলৈ



এই পৃথিৱীত
আনকি পখিলায়ো
নিজে নিজক বচাব
লাগিব



১০

বনৰীয়া হাঁহৰ চিঞৰ
মোৰ চাৰিওফালে
বিয়পি গল উৰা
বাতৰিবোৰ




উৎসঃ পাঞ্চজন্য বুকছৰ পৰা প্ৰকাশ হ’বলগীয়া আনিছ উজ জামানৰ ‘সেউজীয়া ধুমুহাৰ পাছত’ শীৰ্ষক পুথিৰ পাণ্ডুলিপিৰ পৰা। 

Popular Post

ঐতিহাসিক চিঠি