গল্পঃ খুলি ৰখা খিৰিকীখন / এইছ এইছ মুনৰো (চাকি)

Posted by : translatorsassam
July 5, 2020

খুলি ৰখা খিৰিকীখন
মূল ইংৰাজী : এইছ এইছ  মুনৰো (চাকি)
অনুবাদ :
যতীন্দ্ৰ চৌধুৰী




মোৰ খুড়ী আহি পাবই, মিঃ নাটেল”, পোন্ধৰ বছৰ বস্যসীয়া
অতি শান্ত ছোৱালী এজনীয়ে কৈছিল
;“ মাজৰ সময়খিনি আপুনি
মোৰ সঙ্গ সহিবলৈ চেষ্টা কৰিব লাগিব
আহিবলগীয়া খুড়ীয়েক  জনীক  বিৰক্ত নকৰাকৈ, এই মূহুৰ্তত উপস্থিত থকা ভতিজী জনীক মন ভাল লগাবলৈ কিবা এটা কবলৈ মিঃ নাটেলে চেষ্টা
কৰিছিল। তেওঁৰ স্নায়ুৰ ৰোগৰ আৰোগ্যৰ বাবেই ইয়ালৈ আহিছিল
; কিন্তু তেওঁৰ মনত সন্দেহ উপজিছিল এই সম্পূৰ্ণ অচিনাকী, ভালেকেইজন মানুহক সৌজন্যমূলকভাৱে কৰা সাক্ষাতে সেই আৰোগ্য লাভত
কিমান সহায় কৰিব।
তেওঁ যেতিয়া আৰোগ্য লাভৰ বাবে গ্ৰামাঞ্চললৈ
যাবলৈ প্ৰস্তুতি চলাইছিল
, তেওঁৰ ভনীয়েকে কৈছিল,”মই জানো নহয়, তই কি কৰিবি। তই তালৈ গৈ নিজৰ মাজতে হেৰাই থাকিবি আৰু কোনো এটা প্ৰাণীৰ লগত কথা-বতৰা
নাপাতিবি আৰু নিঃসঙ্গতাৰ ফলত তোৰ স্নায়ুৰ অৱস্থা তথৈবচ হব। তাত থকা মোৰ প্ৰতিজন চিনাকি
মানুহলৈ তোৰ পৰিচয় দি মই চিঠি লিখি দিম। মোৰ যিমান দূৰ মনত পৰে
, তেওলোকৰ মাজত ভালেকেইজন বেছ ভাল মানুহ আছিল।

মিঃ নাটেলে মনে মনে গুণা-গঁথা কৰি আছিল
যি গৰাকী মহিলালৈ তেনেপ পৰিচয় কৰি দিয়া চিঠি এখন লৈ আহিছিল
, সেই মহিলাগৰাকী তেনে ভাল লোকসকলৰ মাজৰ এগৰাকী আছিল নে নাই!

আপুনি ইয়াৰ ভালেমান লোকক চিনি পায় নেকি?” তেওঁলোক দুজনে ভালেখিনি সময় মনে মনে বহি থকা যেন অনুভৱ কৰি, ভতিজীজনীয়ে প্ৰশ্ন কৰিছিল।

কোনো এজনকে চিনি নাপাওঁ বুলিয়ে কব পাৰি।
মোৰ ভ
নীজনী, বুজিছানে, চাৰি বছৰমান আগতে ইয়াত আছিল। তায়ে ইয়াৰ
কেইজনমান মানুহলৈ মোৰ পৰিচয় জনাই চিঠি লোখি দিছে।

শেষৰ কথাখিনি কওঁতে তেওঁৰ মাতটো কৰুণ
হৈ পৰিছিল।

তেন্তে মোৰ খুড়ীৰ বিষয়ে আপুনি একো নাজানে”, শান্ত-শিষ্ট তৰুণীজনীয়ে কৈ গৈছিল।

কেৱল তেখেতৰ নাম আৰু ঠিকনাতো”, ফ্ৰেমটনে স্বীকাৰ কৰা ধৰণেৰে কৈছিল। মনে মনে তেওঁ নিজকে সুধিছিল  ছেপলটন উপাধিৰ মানুহগৰাকী বিবাহিতা হয় নে নহয়। হয়তো
তেওঁৰ বিয়া হৈছিল কিন্তু স্বামীৰ মৃত্যু হৈছিল। ৰুমটোত পুৰুষ এজন থকাৰ কিবা এটা ইঙ্গিত
আছিল।

খুড়ীৰ জীৱনৰ সবাতোকৈ কৰুণ ঘটনাটো চাৰি
বছৰমান আগতে ঘটিছিল
”, ছোৱালীজনীয়ে কৈ গৈছিল।
সেয়া আপোনাৰ ভনীজনী ইয়াৰ পৰা যোৱাৰ পিছৰ ঘটনা।

তেখেতৰ জীৱনৰ কৰুণ ঘটনা?” ফ্ৰেমটনে সুধিছিল।

এই শান্তিপূৰ্ণ ঠাইখনৰ পৰা দুখ কিবা প্ৰকাৰে
যেন বহুত দূৰ আতৰি থাকে।

আপুনি হয়তো ভাৱি বিচূৰ্তি খাইছে অক্টোবৰ
মাহৰ আবেলিও আমি সেই খিৰিকীখন কিয় গোটেই খুলি ৰাখিছো।
বাহিৰৰ ঘাহঁনিৰ ফালে দুৱাৰ এখনৰ দৰে খোলা থকা দীঘল খিৰিকী এখনৰ
ফালে আঙুলিয়াই দি ভতিজীজনীয়ে কৈছিল।

বছৰৰ এই সময়ছোৱা বেছ উত্তাপ ভৰা”, ফ্ৰেমটনে কৈছিল; “ কিন্তু সেই খিৰিকীখনৰ লগত তোমাৰ খুড়ীয়েৰাৰ জীৱনৰ কৰুণ ঘটনাৰ কিবা সম্পৰ্ক আছে নেকি?”

আজিৰ পৰা থিক তিনি বছৰ আগতে সেই খিৰিকীখনেৰে
তেওঁৰ স্বামী আৰু দুজন ভায়েক দিনটোৰ চিকাৰৰ বাবে ওলাই গৈছিল। তে
ওঁলোক কাহানিও ঘূৰি নাহিল। গাঁওৰ মাজেৰে চিকাৰথলীলৈ যাওঁতে বাটতে এটা পিতনীত তিনিওজন পো গৈছিল। সেইযে ভয়ানক, বৃষ্টিভৰা জহকাল এটা গৈছিল, জানেই নিশ্চয়; আৰু যিবোৰ ঠাই আন আন বছৰত নিৰাপদ আছিল, সেইবছৰ হঠাৎ বিপদজনক হৈ পৰিছিল। তেওঁলোকৰ মৃতদেহ কেইটা পোৱাই
নগ
ল।সেটোৱে হল সবাতোকৈ কৰুণ
দিশ।

এইখিনি কওঁতে ছোৱালীজনীৰ কণ্ঠস্বৰৰ শান্তভাৱটো হেৰাই পূৰঠ হৈ
পৰিছিল।
বেছেৰী খুড়ীজনীয়ে ভাৱে যে তেওঁলোক আৰু তেওঁলোকৰ লগত হেৰাই যোৱা
অকণমানি মুগা বৰণৰ কুকুৰটো এদিন ঘূৰি আহিব আৰু সদায় অহাৰ দৰে সেই খিৰিকীখনেৰেই সোমাই
আহিব। সেই কাৰণেই প্ৰতি সন্ধিয়া বেছ আন্ধাৰ হোৱালৈ খিৰিকীখন খুলা ৰখা হয়।বেছেৰী খুড়ীজনীয়ে
মোক প্ৰায়ে কয় কেনেকৈ তেওঁলোক ওলাই গৈছিল
; তেওঁৰ স্বামীয়ে কান্ধৰ ওপৰত বগা কোটটো লৈ আৰু তেওঁৰ সবাতোকৈ সৰু ভায়েক ৰোণীয়ে তেওঁক
বিৰক্ত কৰিবলৈ সদায় কৰাৰ দৰে গীত এটা গাই গাই ওলাই গৈছিল কাৰণ তেওঁ কৈছিল যে গীত গালে
তেওঁৰ স্নায়ুত ধৰে। জানেনে
, মাজে মাজে , আজিৰ দৰে এনেকুৱা নিতাল-নিস্তব্ধ সন্ধিয়াবোৰত মোৰ এক অদ্ভুত
অনূভৱ হয় যে তেওঁলোক সেই খিৰিকীখনেৰে সোমাই আহিব………

তাই কথা বন্ধ কৰিছিল আৰু কঁপিছিল। খুড়ীয়েক
গৰাকীয়ে ব্যস্ততাৰে কোঠাটোলৈ সোমাই আহি পলম হোৱা বাবে ক্ষমা খোজাত ফ্ৰেমটনে যথেষ্ট
সকাহ পাইছিল।

আশাকৰি ৱেৰাই আপোনাক আনন্দ দি আছে।তেওঁ কৈছিল।

তাই বেছ আমোদজনক”,ফ্ৰেমটনে উত্তৰ দিছিল।

আশাকৰো আপুনি সেই খোলা হৈ থকা খিৰিকীখন
মন কৰা নাই
”, শ্ৰীমতী ছেপলটনে আনন্দেৰে কৈছিল।

মোৰ স্বামী আৰু ভাইটি দুজন চিকাৰৰ পৰা ঘৰ আহি পাবই।তেওঁলোকে
সদায় সেই ফালেই সোমায়। আজি তেওঁলোকে পিটনিৰ কাষত চৰাই চিকাৰ কৰি আছে। গতিকে আজি মোৰ
বেচেৰা কাৰ্পেটখন তেওঁলোকে বোকাময় কৰিব। আপোনালোক মতা মানুহবোৰে তেনেধৰণৰ কামেই কৰে
, নহয় জানো?”

তেওঁ ৰঙীয়াল মনেৰে চিকাৰৰ কথা, চৰাই দূষ্প্ৰাপ্য হোৱা কথা আৰু শীত কালত চিকাৰৰ আশাৰ কথা কৈছিল।
এই গোটেইবোৰ কথা ফ্ৰম্মটনৰ বাবে আছিল ভয়াবহ।
তেওঁ
আলোচনাৰ বিষয় বস্তু সলাই অলপ আনন্দদায়ক বিষয়ৰ ফালে নিবলৈ বহুত চেষ্টা কৰিছিল। কিন্তু
তেওঁ আংশিক ভাৱেহে সফল হৈছিল
তেওঁ মন কৰিছিল যে গৃহিণীগৰাকীয়ে তেওঁক সম্পূৰ্ণ মনোযোগ দিব পৰা নাছিল তেওঁৰ চকু সঘনাই ফ্ৰেমটনৰ গাৰ ওপৰেৰে খোলা খিৰিকীখনৰ ফালে আৰু
খিৰিকীৰ সিপাৰে থকা ঘাহঁনিৰ ফালে গৈছিল
এনেকুৱা কৰুণ দিন এটাত তেওঁ দেখা দিব লগা হোৱাটো দেখদেখকৈ দূৰ্ভাগ্যজনক
আছিল।

চিকিৎসকসকল একমত যে মোক সম্পূৰ্ণ জিৰণীৰ
প্ৰয়োজন
,
কোনো ধৰণৰ উত্তেজনা লব নালাগিব আৰু দেহটোক কোনো ধৰণে খটুৱাব
নালাগিব
”,
কথাখিনি ফ্ৰেমটনে প্ৰচলিত এই ধাৰণাটো লৈ কৈছিল যে সম্পূৰ্ণ অচিন
ব্যক্তি এজনেও কাৰোবাৰ বেমাৰৰ খুটি নাটি
, বেমাৰৰ কাৰণ আৰু আৰোগ্যৰ উপায় জানিবলৈ বিচাৰেখাদ্য সম্পৰ্কে তেওঁলোকৰ মত সিমান নিমিলে”, ফ্ৰেমটনে কৈ গৈছিল।

নিমিলে?” ক্লান্ত স্বৰত মিছেজ সেপলটনে কৈছিলতাৰ পাছতেই 
মনোযোগৰ ভাৱত তেওঁৰ মুখ উজ্বল হৈ পৰিছিল
কিন্তু ফ্ৰেমটনে কি কৈছিল তালৈ তেওঁ  মনোযোগ
দিয়া নাছিল।

এয়া, তেওঁলোক অৱশেষত আহি পালে”, মিছেজ সপলটনে চিঞৰি
উঠিছিল
চাহ খোৱাৰ  সঠিক সময়তে আহি পাইছে আৰু  তেওঁলোকক দেখিবলৈ এনেকুৱা লগা নাইনে যেন চকুলৈকে
বোকাত পোট গৈ আছিল!
ফ্ৰেমটনে সামান্য ভাৱে কঁপিছিল আৰু ভতিজীজনেৰ
ফালে সহনু
ভূতিসূচক বুজনিৰে দৃষ্টি নিক্ষেপ কৰিছিল।
ছোৱালীজনীয়ে চকুত ভয়ৰ চাৱনি লৈ খিৰিকীখনেৰে
বাহিৰলৈ চাই পঠিয়াইছিল
চক খাই ফ্ৰেমটনে নিজ
আসনতে ঘূৰি লৈ একেটা দিশতে চাই পঠিয়াইছিল।

ক্ৰমান্বয়ে বৰ্ধমান অন্ধকাৰত, ঘাঁহৰ ওপৰেৰে তিনিটা মূৰ্তি খিৰিকীখনৰ ফালে আগবাঢ়ি আহিছিল;প্ৰতিজনৰ বাহুৰ তলত একোটা বন্দুক  তেওঁলোকৰ এজনৰ কান্ধত বগা ওভাৰকোট এটাও
পেলাই থোৱা আছিল
মুগা বৰণৰ, ক্লান্ত কুকুৰ এটা তেওঁলোকৰ ভৰিৰ কাষে কাষে আহি আছিল।

নীৰৱে তেওঁলোক ঘৰটোৰ কাষ চাপিছিলতেনেতে এক তৰুণ কণ্ঠই আন্ধাৰতে গীত গাবলৈ আৰম্ভ কৰিছিল।
ফ্ৰেমটনে বলিয়াৰ দৰে টুপীটো আৰু লাখুটিডাল
খামুচি ধৰিছিল। সম্মুখৰ দৰ্জাখন পাৰ হৈ
, গেটখনেৰে তেোঁ ওলাই গৈছিল। চাইকেল চলাই অহা মানুহ এজনৰ ওপৰত তেওঁ পৰাৰ উপক্ৰম হৈছিল।

এয়া আমি আহি পালো, চেনেহী”, খিৰিকীখনেৰে সোমাই আহি, বগা কোট কঢ়িওৱা মানুহজনে কৈছিলগাত একেবাৰে বোকাই বোকা কিন্তু সৰহখিনি শুকাইছেআমি অহাৰ লগে লগে দৌৰি ওলাই যোৱা মানুহজন কোন আছিল
বাৰু
?”

এজন অসাধাৰণ ব্যক্তি, কোনোবা মিঃনাটেল,” মিছেজ সেপলটনে কৈছিলতেওঁ নিজৰ বেমাৰৰ
কথাহে ক
লে, তোমালোক আহি পোৱাৰ লগে
লগে বিদায় সম্ভাষণ বা সৌজন্যসূচক কথা এষাৰ নোকোৱাকৈও পলাল
কোনোবাই ভাৱিব তেওঁ ভূত দেখিছিল।

মোৰ ধাৰণা কুকুৰটোহে কাৰণ”, ধীৰ ভাৱে ভতিজীজনীয়ে কৈছিলতেখেতৰ কুকুৰৰ প্ৰতি প্ৰচণ্ড ভয় থকা বুলি মোক কৈছিলতেওঁক  হেনো
এবাৰ  ভাৰতবৰ্ষৰ কৰবাত ভালেকেইটা ৰাস্তাৰ কুকুৰে
খেদি খেদি নি কবৰস্থান পোৱাইছিলআৰু গোটেই ৰাতিটো তেওঁ নতুনকৈ খন্দা কবৰ এটাত সোমাই
কটাইছিল
;
ইফালে মূৰৰ ওপৰত কুকুৰ কেইটাই ভুকিয়ে আছিলতেনে পৰিস্থিতিত যিকোনো মানুহ পাগল হৈ যাব।

থিতাতে কাহিনী সজাত তাই পাকৈত আছিল।

লেখকৰ পৰিচয়ঃ চাকিনামেৰে পৰিচিত হেক্টৰ হিউগ মুনৰো (১৮৭০–১৯১৬) এজন ইংৰাজ লেখকতেওঁৰ জন্মা হৈছিল বাৰ্মাত (বৰ্তমান মায়ানমাৰ) ইংলণ্ডত
শিক্ষা গ্ৰহণ কৰা মুনৰোই পিছলৈ ভাৰতীয় পুলিচৰ বিষয়া হিচাপে যোগদান কৰি বাৰ্মাত নিযুক্তি
পাই কৰ্মৰত অৱস্থাত মেলেৰিয়াত আক্ৰন্ত হৈ স্বদেশলৈ ঘুৰি গৈছিল।

চুটি গল্প লেখক হিচাপে চাকিৰ দক্ষতা আছিল অতি উচ্চ পযায়ৰ আৰু অহেনৰীৰ সমকক্ষ বুলি গণ্য কৰা হৈছিল।

Popular Post

ঐতিহাসিক চিঠি