গল্পঃ ৰথছাইল্ডৰ বেহেলা / এন্টন ছেকভ

Posted by : translatorsassam
July 6, 2020

ৰথছাইল্ডৰ বেহেলা (The Fiddle of
Rothchild)

মূল: এন্টন ছেকভ

ভাষান্তৰ : ডাঃ বিপুল কুমাৰ বৰুৱা




নগৰীখন সৰু, গাঁৱতকৈয়ো বেয়া ৷ আৰু সেয়াতো সেয়াই অধিবাসীৰ মাজৰ আঙুলিৰ
মূৰত গণিব পৰা বুঢ়া-বুঢ়ী ৷ তেওঁলোকো সঁচাকৈ বৰ বিৰক্তিকৰ ভাবে অতি সেৰেঙা হাৰতহে
সিফলীয়া হয় ৷ হস্পিতালত আৰু কাৰাগাৰত কফিনৰ চাহিদা নাই বুলিবই পাৰি ৷ মুঠৰ ওপৰত
কাৰবাৰ দেউলীয়া ৷ য়াক
ভ ইভানভ যদি এই
ৰাজ্যখনৰ ঘাই নগৰৰ কফিন বাঢ়ৈ হ
ল হেতেন তেনে তাৰ
আজি নিজা এটা ঘৰ থাকিল হেতেন আৰু মানুহে তাক য়াক
ভ মেটভেয়িটছ বুলি সম্বোধন কৰিলে হেতেন ৷ এই তথৈবচ সৰু নগৰীত মানুহে থোৰতে য়াকভ বুলি কৈ থয় আৰু বাটেপথে কিবা কাৰণবশতঃ ব্ৰঞ্জ উপনামেৰে
খেনোৱে মাতে ৷ সৰু এটি পুৰণি জুপুৰিঘৰত এটা নিচলা খেতিয়কৰ দৰে দালদৰিদ্ৰ অৱস্থাৰে
আছে ৷ ঘৰটোত এটাই কোঠা আৰু তাতেই সি আৰু মাৰ্ফা
, ষ্টভটো, ডবল পালেংখন, কফিনমখা, তাৰ বেঞ্চিখন আৰু
তাহাঁতৰ সকলো লামলাকটু তাতেই থুপ খাই আছে ৷
য়াকভে বেছ ভাল মজবুত কফিন সাজে ৷ সি তাৰ নিজৰ
জোখতে খেতিয়ক আৰু বনুৱাৰ কফিন সাজে আৰু সি কেতিয়াও জোখত বিফল হোৱা নাই কাৰণ বয়সে
সত্তৰ গৰকিলেও তাৰ সমান হটঙা আৰু ওখ মুনিহ আনকি কাৰাগাৰতো নাই ৷ ভদ্ৰলোক আৰু আৰু
মহিলাৰ বাবে কৰা কফিনৰ সি মাপ লয় আৰু তাৰবাবেই এডাল লোৰ মাঁপনি ৰাখিছে ৷ সৰু ল
ৰা-ছোৱালীৰ কফিনৰ অৰ্ডাৰ সি পৰাপক্ষত লবই নিবিচাৰে আৰু সেইয়া সি দীঘ-পুতল নোচোৱাকৈ বৰ গধুৰ মনেৰে
কোনোমতে গঢ়ে ৷ আৰু সেইকামৰ বাবে যেতিয়া তাৰ পাওনা কোনোবাই যাচে সি সদায়ে কয়-

মই স্বীকাৰ কৰোঁ এই অসাৰ কামবোৰ মই
পচন্দ নকৰোঁ ৷

এই কাৰবাৰটোৰ বাদে বেহেলা বজায়ো সি
কিবা অলপ উপাৰ্জন কৰে ৷


ইহুদীৰ অৰ্কেষ্ট্ৰা এটাৰ পৰিচালক
টিনৰ কাৰিকৰ মঁইচে ইলিট
শ্বাঃকেচে সিহঁতে
নগৰৰ বিয়াঘৰৰ পৰা পোৱা মাননিৰ আধাভাগ লৈ থয় ৷ বেহেলা খুউব ভাল বজোৱাৰ বাবে বিশেষকৈ
ৰুচ গীতবোৰ
, য়াকভক শ্বাঃকেচে এদিনত আধা ৰুবলৰ দৰত আৰু উপভুক্তা সকলে দিয়া
বকচিচ সহ সিহঁতৰ অৰ্কেষ্ট্ৰাত যোগ দিবলৈ মাজে সময়ে মাতে ৷ যেতিয়া এই ব্ৰঞ্জ বপুৰা
এবাৰ বেহেলা বজাবলৈ অৰ্কেষ্ট্ৰাত বহিল গৰমত তাৰ অৱস্থা কাহিল হ
ল ৷ গাল মুখ ৰঙাচিঙা পৰিল ৷ বিন্দু বিন্দু ঘামেৰে সৰ্বশৰীৰ
উপচি পৰিল ৷ তাতে আকৌ ক
ৰবাৰ পৰা নহৰুৰ
উৎকট গন্ধ ভাহি আহিছিল ৷ ভায়োলিন কেৰকেৰাইছে এফালে
, সোঁফালে শেহাব ধৰিছে কোনোবা এটাৰ যুৰীয়া শিঙা ৷ বাওঁফালৰ জনাৰ আকৌ নামটো
প্ৰখ্যাত অৰ্বুদপতি ৰথচাইল্ডৰ ৷ চুলিবোৰ ৰঙচুৱা ৷ মুখমণ্ডলত ৰঙা আৰু নীলা সিৰাই
জাল গাঁথিছে ৷ এটা ইহুদী বাঁহীবাদক ৰথচাইল্ড ৷ তাৰ বাঁহীটোৱে বিননি জুৰিল ৷ এই
আপদীয়া ইহুদীটোৱে ব্ৰঞ্জে যি বুজিল প্ৰাণচাঞ্চল্যৰে ভৰা মুৰ্চনা এটিকো একেবাৰে
সেৰেকা সেৰসেৰীয়া কৰি পেলোৱাৰ যেন ষড়যন্ত্ৰহে ৰচিছে ৷ কোনো দেখ দেখ কাৰণ
নোহোৱাকৈয়ে সেইদিনাৰে পৰা য়াক
ভৰ ইহুদীৰ প্ৰতি
বিতৃষ্ণাৰে মন ভৰি পৰিল ৷ ঘাইকৈ নহৰু নহৰু গোন্ধোৱা ৰথচাইল্ড বোলাটোক চকু পাৰি
দেখিব নোৱৰা হ
ল ৷ লাহে লাহে তাৰ সৈতে হাই কাজিয়া হব ধৰিলে ৷ আৰু আনকি তাৰ ওপৰত হাত তুলিবলৈ লেজু বিচৰা হল ৷ ৰথচাইল্ডো সুদাই এৰা ভকত নহয় ৷ এদিনটো সি জাঙোৰ খাই উঠি
চকু ঘোপা কৰি কৈয়েই পেলালে –
যদি কেনেবাকৈ তোমাৰ
প্ৰতিভালৈ মোৰ শ্ৰদ্ধা নোপজিলহেঁতেন তোমাক এই খিৰিকিৰে উৰুৱাই বাজ কৰি দিলোঁহেঁতেন

কথাষাৰ কৈয়ে পিচে ৰথচাইল্ড উচুপি উঠিছিল ৷ আৰু এনেকুৱাবোৰ
কাৰণতে য়াক
ভক অৰ্কেষ্ট্ৰালৈ বৰকৈ নমতাই হল সিহঁতে ৷ একেবাৰে নহলেই নচলা
পৰিস্থিতিত বোলে কোনোবাটো ইহুদী সেইদিনা আহিব নোৱৰাত পৰিল তেনে ক্ষেত্ৰত তালৈ
নিমন্ত্ৰণ আহে ৷


য়াকভৰ মেজাজ কেতিয়াও ভালে নাথাকেই ৷ কাৰণ সি লেথাৰিকৈ বৰ বেয়াকৈ লোকচানত পৰিছে ৷
দেওবাৰে সন্তৰ দিন ৷ সেইদিনা সি কামত ধৰাতো পাপৰ লেখত পৰে ৷ সোমবাৰ অমংগলীয়া
; কাম বেয়া হয় ৷ বাচোঁতে বাঁচোতে বছৰত মুঠেই দুশটা দিন সি পায়
কিন্তু সি দেখোন প্ৰায়ে হাত সাৱটি বহি থাকিব লগাতহে পৰে ৷ কামৰ ভিতৰত সি তাৰ
লোকচানবোৰকেই হিচাপ কৰি থাকে ৷ এই ধৰক অঞ্চলটোতে কাৰোবাৰ বিয়া হৈ গ
ল কিন্তু কোনো সংগীতানুষ্ঠান নোহোৱাকৈয়ে – তেনে সি য়াকভৰ লোকচানৰ হিচাপত পৰে ৷ নাইবা ধৰক বিয়াৰ অৰ্কেষ্ট্ৰালৈ
মালিক শ্বাঃকেচে তাক মতাই নপঠালে তেন্তে সেয়া তাৰেই লোকচান ৷ কাৰাগাৰৰ অধীক্ষকজনেই
এতিয়া দুবছৰ ধৰি নৰীয়াত আছিল ৷ একেবাৰে শুকাই খীনাই গৈছিল ৷ তেওঁ মৰালৈকে য়াক
ভে বৰ ধৈৰ্য্যৰে বাট চাই আছিল ৷ কিন্তু তেওঁক লৈ যোৱা হল ডাক্তৰক দেখুৱাবলৈ ৰাজ্যখনৰ প্ৰধান নগৰখনলৈ ৷ চিকিৎসাও চলিল, তাতে তেৰাও চলিল ৷ তাতো আপোনাৰ লোকচান – নিচেই কমেও দহ ৰুবল
ল ৷ কাৰণ তেওঁৰ বাবেটো কাৰুকাৰ্যখচিত কাষৰিসহ দামী কফিনেই
বিচৰা গ
ল হেতেন ৷ লোকচানৰ দুশ্চিন্তাৰ ভূতে তাক বৰ বেয়াকৈ লম্ভিলে
৷ বিশেষকৈ দোভাগ ৰাতি ই উকায় ৷ বেহেলাখন বিচনাৰ কাষতে ৰাখেই আৰু যেতিয়া এই
ঠেৰুছিগা চিন্তাবোৰে জুমুৰি দিয়েহি সি বেহেলাৰ কোনোবা এডাল তন্তুত সি স্পৰ্শ কৰে ৷
বেহেলাখনে তাৰ শব্দ আন্ধাৰত মেলি দিয়ে আৰু সি সামান্য সকাহ পায় ৷


যোৱাটো বছৰৰ মেই মাহৰ ছয় তাৰিখে
মাৰ্ফা হঠাতে অসুস্থ হৈ পৰিছিল ৷ বুঢ়ী মানুহজনীৰ বাবে উশাহ নিশাহ লোৱাই টান পৰিল ৷
পাৰে মানে পানীয়ো খাই চাইছিল ৷ খোজকাটল কোনো মতেহে কাঢ়িছিল ৷ তত্ৰাচ তাই ৰাতিপুৱা
ষ্ট
ভটো জ্বলালে ৷ পানী তুলিবলৈও নিজে গৈছিল ৷ সন্ধিয়াৰ ফাললৈ
আৰু তাই পৰিল ৷ ইফালে ওৰেদিন য়াক
ভে বেহেলা বজালে
আৰু যেতিয়া আন্ধাৰ নামিব ধৰিল সি দৈনিক লোকচানৰ টোকাবহীখন নমাই ল
লে ৷ অৱসাদে বেৰিকুৰি ধৰিলত বছৰজোৰা লোকচানৰ যোগফল গণনা
কৰিবলৈ ল
লে ৷ আৰু সেই সমস্তি গৈ থৈ এহেজাৰ ৰুবল হলগৈ ৷এই কথাটোত সি ইমান ক্ষুণ্ণ হল যে গণনা কৰা গুটিবোৰ মজিয়াত আচাৰ মাৰি পেলাই ভৰিৰে গচকিব
ধৰিল ৷ তাৰ পাছত আক
সেইকেইটাকে এটি
এটিকৈ বুটলি যুঁজাই মেলি শব্দ কৰি কেইবাটাও হুমুনিয়াহ আচাৰিলে ৷ মুখমণ্ডল তাৰ
ৰঙাচিঙাপৰা আৰু ঘামেৰে চপচপীয়া ৷ সি ভাবিলে এই হেজাৰ ৰুবুলৰ লোকচানৰ বিত সি যদি
কেনেবাকৈ বেংকত থ
লেহেতেন তেনেহলে দেখোন সি সুত লাভ কৰিলেহেতেন ৷ সেয়া অতি কমেও ছল্লিশ
ৰুবল হ
ল হয় ৷ গতিকে সেই ছল্লিশ ৰুবল তাৰ লোকচানৰ শিতানতে পৰে ৷
মূঠতে সি যিহকে লুটিয়ায় তাতে লোকচানত বাদে 
আন একোডাল নোলায় ৷

য়াকভ!” অভাৱনীয়ভাৱে মাৰ্ফাই মাত দিলে ৷ মই মৰিব
ধৰিছোঁ৷


সি ঘৈণীয়েকলৈ ঘূৰি চালে৷ জ্বৰৰ ভমকত
তাইৰ মুখমণ্ডল এপাহ গোলাপৰ দৰে হৈ পৰিছে ৷ অস্বাভাৱিকভাৱে উজ্জ্বল আৰু আনন্দময়ী৷
নিতৌ দেখা তাইৰ শেঁতা
, ভয়াতুৰা আৰু
নিৰানন্দময়ী চেহেৰাৰে অভ্যস্ত ব্ৰঞ্জ য়াক
ভৰ হতভম্ব
হোৱাৰ পাল৷ দেখাত এনে লাগিল যেন এই জীৰ্ণ জুপুৰিৰ কফিনমখা আৰু এই য়াক
ভৰ পৰা নিস্তাৰ পোৱাৰ আনন্দৰ পোহৰ সহ তাই সঁচাই মৰিব ধৰিছে
৷ তাইৰ দৃষ্টি জুপুৰিৰ মূধাৱৰণত আৰু দুই অধৰ কম্পনৰত৷ যদিয়োবা তাই গম পাইছে যে
সদ্য সমাগত মৃত্যুদূতে তাইৰ কাণে কাণে কিবা কৈছেহিয়ো তথাপি তাইৰ মুখমণ্ডলত
পৰিস্ফুট হৈছে সুখানুভূতি ৷


পূবে ধলফাট দিলেই৷ কোনোবাই চাওঁ
বুলিলে খিৰিকিৰে দোকমোকালিৰ ফেহুজালি চাবই পাৰে ৷ বুঢ়ীমানুহজনীলৈ চাই য়াক
ভে তভক মাৰি ভাবিলে – হয় – তাৰ জীৱনকালত সি মানুহজনীৰ প্ৰতি
এধানিমান চেনেহ অনুকম্পা দেখুৱায়ে নাপালে ৷ তাইক নতুন কাপোৰ এডুখৰিয়ো যাচি নাপালে
৷ বিয়াঘৰৰ পৰাই আনি বোলে কেতিয়াবা সুস্বাদু ভোজনৰ সোৱাদ তাইক দিছিল তেনেকুৱাও একো
নহ
ল ৷ দিয়াৰ ভিতৰত ৰাউচি জুৰি দিয়া গালি -গালাজ ৷ লোকচানৰ
বাবদ গালি খায় তায়েই ৷ মাৰোঁ যেন কৰি তাইলৈ বজ্ৰমুষ্টি টোঁৱাইহে কেতিয়াও অৱশ্যে
তাইক কিলোৱা নাই দেই ৷ তাই বেচেৰী তাতেই মুচকচ যায় ৷ মুখত মাতকে নুফুটা হয় ৷ তাইনো
বাৰু তাৰ পৰা নি কি ক
ত কিহত খৰচডাল
কৰেগৈ যে সি তাইক চাহপানী অকণ খোৱাতো হাত ধৰে ৷ সুদাকৈ তপতোৱা পানীত শোহা মাৰোঁতেই
তাইৰ জনমটো গ
ল ৷ আজি সি ঠিকেই বুজিছে তাইৰ এই
আপুৰুগীয়া আনন্দময় জেউতিৰ ইতিবৃত্ত ইয়াতেই ৷ আৰু এতিয়াহে বপুৰাৰ গা ছেবাল ৷
ৰাতিপুৱাওঁতেই সি চুবুৰীয়া এটিৰ
ঘোঁৰাবাগীখন ভাড়ালৈ ল
লে আৰু মাৰ্ফাক
হস্পিতাললৈ নিলে ৷ তাত ৰোগীৰ ভিৰ বৰ বেছি নোহোৱাত যেনিবা বোন্দাপৰ দিব লগাত নপৰিল
৷ মাত্ৰ তিনি ঘন্টা ! তাৰ পাছৰ মজাৰ কথাটো হ
ল ঘাই
ডাক্তৰ নাই ৷ তেওঁৰ বোলে নিজৰে নৰীয়া ৷ তেওঁৰ সহায়ক মেক্সিম নিক
লাইট্ছেহে ৰোগীসকলক চাইছে ৷ হব পাৰে দন্দুৰা মেক্সিমে ফুৰ্তিপানীটুপি অলপ বৰকৈয়ে ধৰে; তথাপি মানুহে কয় – ঘাই ডাক্তৰতকৈ তাৰহে কাম ভাল ৷


শুভদিন মহাশয়বুলি কৈ নিজৰ বুঢ়ীমানুহজনীক লৈ য়াকভ ৰোগী পৰীক্ষন কোঠাত সোমালগৈ ৷ মেক্সিম নিকলাইটছ মহাশয়
দায়দোষ মৰিষণ কৰিব ৷ আমি আৰু আপোনাকে আমনি দি থাকোঁ ৷ এইয়া চাওক মোৰ অৰ্ধাংগিনী
মোৰ জীৱন সংগিনী যেনেকৈ নহওক লাগে এনেকৈয়ে কোৱা যায় তেওঁ আজি অসুস্থ৷ কিবা ভুল হৈছে
যদি ক্ষমা কৰিব ৷


লা বগা ভুৰু কোঁচাই সহায়কজনে তেওঁৰ আহিলাৰে টুকুৰিয়াই মুকুৰিয়াই চালে
বুঢ়ীগৰাকীক ৷ টুল এখনত বুঢ়ীক বহিবলৈ দিয়া হৈছিল ৷ শুকাই খিনাই যোৱা কুঁজা দেহাৱয়বত
জোঙা নাকটি ত তকৈ জিলিকি উঠিছে ৷ ইফালে মুখখনো মেল খাই আছে ৷ দেখিবলৈ সাইলাখ পানী
খাব বিচৰা চৰাই এজনীৰ দৰে হৈছে ৷
অঁ আঃ” সহায়কে দীঘলীয়া
হুমুনিয়াহ এটা কাঢ়িলে ৷ লাহেকৈ ক
লে –ইনফ্লুয়েঞ্জা ৷ আৰু বোধকৰো জ্বৰো ৷ নগৰত এতিয়া টাইফাচো চলি
আছে দেই ৷ বাৰু
; বুঢ়ীয়ে তেওঁৰ
জীৱনটো পূৰাকৈয়ে জীলে আৰু ! ভগৱানৰ শলাগ ল
বা ৷ তেওঁৰ
বয়স কিমানবা
? ”
–“আৰু বছৰত সোমালে সত্তৰেই হবগৈ মেক্সিম নিকলেইটছ !
–“ঠিকেইতো তেনে বুঢ়ীয়ে ভাল আয়ুসেই পালে
৷ এতিয়া তেওঁৰ আমাক বিদায় জনাবৰ সময় হ
লহি ৷
–“আপুনি যি কৈছে বোধকৰো ঠিকেই কৈছে ৷
অৱশ্যে এটা কথা মেক্সিম নিক
লেইটছ” নম্ৰ
মিচিকনি এটিৰে য়াক
ভে কলে – আমি আপোনাৰ দয়াশীলতাক
ওলগ জনাওঁ ৷ কিন্তু এনেকৈ কোৱাৰ বাবে ক্ষেমিব যে সাধাৰণ পোক পৰুৱা এটায়ো জীৱনৰ
ভিক্ষা বিচাৰেই ৷
–“ সেইষাৰ খাটি কথাই কৈ পেলালা ৷ সহায়কৰ কথাৰ সুৰত এনে লগা হল মানুহজনীৰ জীৱন- মৰণ এতিয়া তাৰ হাততে ৷ঠিক আছে, সজ্জন তাইৰ কপালত অলপ ঠাণ্ডা সেঁক
দিয়া ৷ এই পুৰিয়া দিনে দুবাৰ দিবা ৷ তেন্তে বান্ধৈ বিদায় ৷


সহায়কৰ কথাৰ ৰেহৰূপ চাই য়াকভৰ বুজিবলৈ বাকী নৰল যে কথা
গুৰুতৰেই ৷ কোনো পুৰিয়াই আৰু চমৎকাৰ সাধিব নোৱাৰে ৷ কথাটো ফটফটীয়া যে অনতিপলমে
মাৰ্ফা ঢুকাই থাকিব ৷ আজি নুঢুকায় যদি কাইলৈ ঢুকাব ৷


সি কিলাকুটিৰে চিকিৎসা সহায়কগৰাকীক
লাহেকৈ স্পৰ্শ কৰি চকু পিৰিকিয়াই চকুলৈকে চাই লাহেকৈ সৰুমাতেৰে ক
লে –যদি এবাৰ যদি তাইক
পিতিকিমোহাৰি গমিপিতি চালা হেতেন মেক্সিম নিক
লাইটছ !
-“মোৰ সময় নাই ভাই! মোৰ সময় নাই মহাশয়!
তোমাৰ বুঢ়ীক তুমিয়েই নি চোৱাগৈ ৷ ঈশ্বৰৰ নাম লৈ গৈ থাকাহঁক ৷ বিদায়!

-“ অলপটো দয়া কৰক! য়াকভে তেওঁক কাবৌ
কৰিলে ৷ ” তুমিটো জানায় যে সৌটো তাইৰ পাকস্থলী আৰু ধৰা তাৰে ভিতৰখন একেবাৰে
বেয়া হৈ গৈছে
; তেতিয়া বাৰু ঠিক আছে যে তুমি পুৰিয়া
নাইবা ঔষধৰ টোপাল দিবা ৷ কিন্তু তাইৰটো কঁপনি জ্বৰহে ৷ কঁপনি জ্বৰত তোমাৰ কিবা
বোলেনে কিছু তেজ বাহিৰ কৰি দিয়া ৷ নহয়নে মেক্সিম নিক
লাইটছ ?”


পিছে সহায়কে পিছৰজন ৰোগীক মাতি
পঠিয়ালেই ৷ এজনী খেতিয়কনী সৰু ল
ৰা এটি লৈ সেইখিনি
পালেহিয়েই এথোন ৷ চকু ঘোপা কৰি সহায়কে য়াক
ভক কলে –গৈ থাকা ৷ আগবাঢ়া ৷
একো লাভ নহ
ব ৷
এইবোৰ ক্ষেত্ৰত কিন্তু গাত জোক লগাই
দিলেও কাম দিয়ে দেই মেক্সিম নিক
লাইটছ ৷বাৰু সি যি
কি নহওক আমি তেওঁৰ বাবে সদায় প্ৰাৰ্থনা কৰি থাকিম ৷ “
খঙত টিঙিৰিতুলা হৈ উঠি চিঞৰ মাৰি
সহায়কে ক
লে – চাল্লা তই মোক
বক্তৃতা শুনাবলৈ আহিছ! জধামূৰ্খ ক
ৰবাৰ!

য়াকভৰো বৰ খং উঠিছিল ৷ মানুহটো একেবাৰে পকা জলকীয়াৰ দৰে ৰঙাছিঙা পৰিছিল ৷ কিন্তু
সি এষাৰো নামাতিলে ৷ সি মাৰ্ফাক বোকোচাত তুলি ল
লে আৰু কোঠাৰ পৰা ওলাই আহিল ৷ ঘোঁৰাবাগীত উঠাৰ পাছতহে বিষন্নভাৱে এবাৰ
চাৰিওফালে চালে ৷ বিদ্ৰুপেৰে হস্পিতালখনলৈ চাই ক
লে –
বাৰুকৈয়ে এমখা কলাকাৰে ইয়াত থিতাপি ললেহি দেই! ভয় দৰ একোৱেই নাই! বেটাই ধনীমানীৰ হলে ঠিকেই নাড়ী পৰীক্ষা কৰিছে ৷ দুখীয়া নিছলাক হলে গাত জোক এটা দিবলৈয়ো অনিচ্ছা ৷ পাষণ্ডসৱ ৷


জুপুৰি ঘৰত গৈ সোমাওঁতে মাৰ্ফা
দহমিনিটমানটো ষ্ট
ভটোতে ধৰি ঠিয় হৈ
থাকিল ৷ তাইৰ এনেকুৱা লাগিল যে তাই বিচনাত ঢলি পৰা মাত্ৰই য়াক
ভ মহাশয়ে তেৰাৰ লোকচান পুৰাণ জুৰিবলৈ লাগি যাব ৷ তাইক শুই
থকাৰ বাবে বা কামত নধৰাৰ বাবে গালি বৰষিব ৷ উদাস চাৱনিৰে য়াক
ভে মাৰ্ফালৈ চালে আৰু তাৰ পিছত ভাৱনাৰ চাকনৈয়াত পৰিলগৈ ৷
ভাবিলে- কাইলৈ সৰগীয় সন্ত জনৰ তিথি ৷ পৰহিলৈ আক
বিস্ময়কৰ সাধক সন্ত নিকোলাইৰ জয়ন্তী ৷ তাৰ পিছৰ দিনটো হলগৈ দেওবাৰ ৷ তাৰ পাছত অমংগলীয়া সোমবাৰটো ৷ এই চাৰিটা দিনত
সি কামত ধৰাই নিষেধ ৷ আৰু যদি কেনেবাকৈ এই চাৰিদিনৰ ভিতৰতে কোনোবা এদিন মাৰ্ফা
ঢুকায় তেনে কথা বিষমেই ৷ কাজেই তাইৰ কফিনটো আগতীয়াকৈ আজিয়েই সাজি থোৱাই যুগুত হ
ব ৷ সি লোহাৰ ৰুলমাৰিডাল আনি বুঢ়ীৰ কাষ চাপিল আৰু জোখমাখ
লোৱাত ধৰিল ৷ এইবোৰ হোৱাৰ পাছত তাই শুই পৰিল ৷ য়াক
ভে নিজতে এটি ক্ৰছ আঁকি লৈ কফিন সজাত লাগি গল ৷
কফিন সজা হলত ব্ৰঞ্জে তাৰ বিতচকুযোৰ পিন্ধি ললে আৰু তাৰ টোকাবহীখনত টুকি ৰাখিল – মাৰ্ফা ইভানভৰ কফিন =২
ৰুবল ৪০ কোপেক ৷
আৰু এটা হুমুনিয়াহ কাঢ়িলে ৷


চকুহাল মুদি বুঢ়ীমানুহগৰাকী
বিম্বাশবদে বিচনাত পৰি থাকিল ৷ সাঁজ লাগিল ৷ আন্ধাৰ হ
লত তাই হঠাতে ব্ৰঞ্জ বুঢ়াক মাত লগালে ৷


য়াকভ তোমাৰ মনত পৰেনে?” তাই বৰ ৰং মনেৰে
সুধিলে-

য়াকভ শণৰ আঁহ যেন মিহি
লাহি চুলিটাৰিৰে আমাকো ঈশ্বৰে এটি কন্যা যে দিছিল তোমাৰ বাৰু মনত নপৰেনে
? আমি যে তেতিয়া নৈৰ পাৰতে গান গাই গাই উইলো গছৰ ছাঁত
বহিছিলোঁ !
তিক্ত হাঁহি এটি মাৰি তাই পুনৰ কলে – কেছুৱা ছোৱালীজনী
ঢুকাই থাকিল ৷
য়াকভে তাৰ স্মৃতিৰ অতল খুঁচৰিলে হয় পিছে তাত উইলো ফুইলো বা কেছুৱা ফেচুৱা একোডাল
নাপালে ৷ ক
লে –এই সৱ তোমাৰ মনৰ ভ্ৰম মাত্ৰ ৷”


গীৰ্জাৰ পুৰোহিত আহি পালেহিয়েই
৷শপতবিধি শুনালে আৰু দিব্য ঔষধৰ লেপনো দিলে ৷ মাৰ্ফাই একো তেতিয়া বুজিব নোৱৰা
গোঁগোঁৱনিৰে কিবা কৈছিল আৰু পুৱাৰ ভাগলৈ তাই ঢুকাল ৷ চুবুৰীয়া বুঢ়ী মানুহ
কেইজনীমান আহি মাৰ্ফাৰ নশ্বৰ দেহাটি নোৱালে ধোৱালে ৷ ন সাজপাৰ পিন্ধালে ৷ কফিনত তাইক
শুৱায়ো দিলে চুবুৰীয়াহঁতেই ৷ ছাম পাঠৰ মাননীৰ খৰচা কমাবলৈকে য়াক
ভে সেয়া আনক কৰিব নিদি নিজেই পাঠ কৰিল ৷ কবৰ খন্দা কামটোৱো
বিনা খৰচতে হ
ল ৷ কাৰণ তাৰ অন্তৰংগ বন্ধু এজন আহি
কোনো পা-পইছা নোলোৱাকৈয়ে কবৰ খানি দিলে ৷ চাৰিজন খেতিয়ক আহি কফিনটো কবৰস্থানলৈ
কঢ়িয়াই নিলে ৷ বুঢ়ীলৈ শ্ৰদ্ধা জনাই সিহঁতে পা-পইছা একোৱেই নল
লে ৷ শৱযাত্ৰাতো লগ দিলে বুঢ়া বুঢ়ী চুবুৰীয়া সকলে, বাটৰ পগলা, ফকীৰ, মগনিয়াৰবোৰে আৰু আন ভব্য বাটৰুৱা সকলেও পৰম ধৰ্মনিষ্ঠাৰে৷
য়াক
ভে মনতে বৰ সন্তোষ পালে ৷ এনেকুৱা এটা ডাঙৰ কাম নিয়াৰিকৈ, কাকো ক্ষুণ্ণ নকৰাকৈ আৰু সবাতোকৈ বৰ সস্তাতে সম্পন্ন হল এইবাবেই ৷ মাৰ্ফাক শেষ বিদায় দিয়াৰ পৰত সি তাইৰ কফিনটো
চুই লাৰি নিজকে সন্তোষেৰে ক
লে – বৰ নিখুঁত কাম
দেই ৷


কবৰস্থানৰ পৰা পঁজালৈ ওলটি আহোঁতে
কিন্তু তাৰ ওপৰেদি বিষণ্ণতাৰ এজাক প্ৰৱল প্ৰৱাহ পাৰ হৈ গ
ল ৷ মুঠেও ভাল লগা নাই ৷ উশাহ লোৱাই বৰ কষ্টকৰ হৈ পৰিল ৷
ভৰি দুটা ছিগি যায় ভাগি যায় লাগিল ৷ এটুপি ধৰিলেহে যদি সি ৰক্ষা পৰে ৷ বিবিধ
চিন্তাই আহি তাক জুমুৰি দিছেহি ৷ মনতে সি তাৰ অতীতটোকে বখলিয়াই ল
লে ৷ ধিক্ , ওৰেটো জীৱন সিটো মাৰ্ফাৰ বাবে এবাৰলৈয়ো নাভাবিলেই ৷ এবাৰলৈওটো তাইৰ প্ৰতি সি
মৰমিয়াল নহ
ল ৷ বাৱন্নটা বছৰ এই জুপুৰিটোতে
দুয়োটা থাকিল ৷ ইমান এছোৱা দীঘলীয়া সময় জুপুৰিটোৱে সিহঁতক একেলগে দিছিল ! তত্ৰাচ
তাইলৈ সি যেন একোৱেই নাভাবিলে ৷ কোনোধৰণৰ মনোযোগেই নাই ! যেন তাই তাই নহৈ বাটৰ
কুকুৰ মেকুৰীহে ৷ ইয়াৰ বিপৰীতে তাইতো অকাতৰে সদায় ষ্ট
ভটো জ্বলায় – ৰান্ধে বাঢ়ে ৰুটি সেঁকে ৷ ইফালে দেখিবা তাই
পানী তুলিবলৈ গৈছে
; বোলে খৰিহে ফালিছে
!
একেখন পালেঙতে দুয়োটা শোৱে ৷ যেতিয়া
কোনো বিয়াঘৰৰ পৰা বেহেলা বজাই মদ পানী খাই সি জুপুৰিত সোমাইহি তাই আথেবেথে
বেহেলাখন বেৰৰ যথাস্থানত ওলোমাই থয়হি ৷ তাকো পালেঙত শুৱাই দিয়ে ৷ আৰু সকলোবোৰ কৰে
বিনা বাক্যব্যয়ে
, নীৰৱে,সভয়ে, ব্যগ্ৰ
অভিব্যক্তিৰে ৷

মিচিকিয়া হাঁহি এটি মাৰি তলমূৰ কৰি তাকেই বিচাৰি আহি ৰ
লহি ৰথছাইল্ড ৷

মই আপোনাকে বিচাৰি আহিছিলোঁ খুড়াদেউ
!

সি কলে –মোইচে ইলিট্ছে আপোনাক সম্ভাষণ জনাইছে আৰু আপোনাক এই এতিয়াই
মতাই পঠিয়াইছে ৷
এই কথাষাৰলৈ ব্ৰঞ্জ য়াকভৰ মুঠেও ধাউতি নাছিল ৷ তাৰ হুৰাওৰাৱে কান্দিবলৈহে মন গৈ
আছিল ৷
মোক অকলশৰে নিৰলে থাকিব দে না
৷” এইবুলি কৈয়েই সি আঁতৰিব খুজিছিল ৷
না না ; এয়া কেনেকৈ হ?” জলংজপংকৈ ৰথছাইল্ডে তাৰ বাট ভেঁটি ধৰিলেহি ৷ কলে –মোইচে ইলিটছ ৰূষ্ট
ব ৷ তেওঁতো তোমাক এতিয়াই লৈ আনিবলৈকে কৈছে ৷

ইহুদিটোৱে এনেকৈ নেৰানেপেৰাখন লগোৱাত
খঙতে ব্ৰঞ্জৰ চকুৰে আঙনি ওলোৱা যেন হ
ল ৷
যেনিতেনি ক
লা কলা তাপলি লগোৱা এটা কলপতীয়া জলহু কোটচোলা পিন্ধা হাড়ে ছালে লগা এই মানুহটোৰ
ফালে চাবলৈকে তাৰ বিতৃষ্ণা ওপজে ৷

য়াকভে কলে – চাল্লা নহৰু ! মোৰ
গাত জোক লগাদি লাগিছহি কিয়
? কথা বুজি নাপাৱ
নেকি
?
এতিয়াই চকুৰ আতৰ হ ৷
ৰথচাইল্ড ইহুদীৰো খং উঠিল ৷সিয়ো চিঞৰ
মাৰি ক
লে –ইমানকৈ নিচিঞৰিব ৷
অনুৰোধ কৰিছোঁ ৷ অন্যথা জপনাৰ ওপৰেদি উৰাই পঠালোঁ হেতেন বাপ্পেকে !
মোৰ চকুৰ আঁতৰ হ ” – য়াকভ গৰজি উঠিল আৰু তাক ঘুচিয়াবলৈ চোঁচা ললে ৷ পুনৰ কলে –তোৰ দৰে খহুলা ইহুদিৰ বাবে যি দেখিলোঁ কোনো শান্তিৰে থাকিব
নোৱৰা হ
ল ৷”



ভয়ত আধামৰা হৈ ৰথচাইল্ড তাতে লেপেটা
কাঢ়ি বহিল আৰু ব্ৰঞ্জ য়াক
ভৰ বজ্ৰমুঠিৰ পৰা
মূৰটো বচাবলৈ দুই হাতেৰে মূৰটো ঢাকিবৰ সচেষ্ট হ
ল ৷ তাৰ পাছত সি হঠাতে উঠি ভিৰাই লৱৰিব ধৰিল ৷ ভৰি দুটাই টানিব পাৰে মানে
চেঁকুৰিছে ৷ ক
তো থেও থমক ধৰিবলৈ নাই আৰু ৷ হাতৰ
মুঠি একেবাৰে টানকৈ ফণ্ডিয়াই ধৰিছে ৷ য়াক
ভে মন কৰিলে
অস্থি চৰ্মসাৰ বেচেৰাটো লৱৰোঁতে তাৰ ৰাজহাড়ডাল কনকনকৈ বাজিছে ৷ এই কাণ্ড দেখি ল
ৰাহঁতক আৰু পায় কোনে? ৰঙতে তৰণি নোহোৱা হৈ সিহঁতো দৌৰিব ধৰিল ৷ মুখেৰে ইহুদী ইহুদী বুলি চিঞৰিবও ধৰিলে ৷ এই দৌৰত কেইটামান বাটৰ কুকুৰেও যোগদান দিলেহি ৷ সিহঁতৰ
ভুকভুকনিৰে হুলস্থূলীয়া পৰিৱেশ ৷ কোনোবা এটাই অাটাহ পাৰি হাঁহিলে ৷ কোনোবা এটাই
উকিয়ায়ে দিলে ৷ ফলত কুকুৰৰ ৰাউচালি দুগুণে চৰিল ৷ তেনেতে কুকুৰ এটাই চাগৈ
ৰথচাইল্ডক কামুৰিলেই ! কাৰণ ৰিণিকিৰিণিকি তাৰ কাতৰ অসহায় আৰ্তনাদ শুনিবলৈ পোৱা
গৈছিল ৷


য়াকভ তাত নৰৈ চৰণীয়া পথাৰখনৰ ফালে পোনাই দিলে ৷ তাৰ পাছত নগৰৰ উপকন্ঠত এনেয়ে
পিঙপিঙাবলৈ ধৰিলে ৷ তাক দেখা পাই ফুকলীয়া ল
ৰাহঁতে
চিঞৰিব ধৰিল –
ব্ৰঞ্জ ব্ৰঞ্জ চোৱা ইয়াত !
সি নৈৰ পাৰলৈ আহিল ৷ নৈৰ পানীত এজাক
পাতিহাঁহে টেটটেটাই আছিল আৰু নৈৰ ওপৰত ৰাউচালি ধৰি উৰি আছিল দেও ৰাজহাঁহ এজাক ৷
বেলিৰ জুইকোৰা দাওঁদাওকৈ জ্বলিয়ে আছিল ৷ নৈৰ জলপৃষ্ঠত ৰ
দ পৰি এনে তীব্ৰতাৰে জলমলাব ধৰিল যে চাওঁতাৰ চকুৰ আধ্যায়ে
পৰে ৷ নৈ পৰীয়া বাটেৰে য়াক
ভ আগুৱাই গৈ থাকিল
৷ হঠাতে তাৰ দৃষ্টিৰ দিগবলয়ত ভাঃস্বত হ
ল এজনী
লোদোৰপোদোৰ তেজগোঁৰা গালৰ ছোৱালী ৷ নৈৰ ছায়াঘন জেগা অকণত স্নানৰতা ৷ সি তাইৰ কথাই
ভাবিব ধৰিছিল
; কিন্তু চিকৌকটা সেইটো দেখোন এটা
উদহে!


গাধোৱা ঘাটৰ নাতিদূৰৈত চেঙেলীয়াহঁতে
মঙহৰ টোপেৰে বৰশী বাই আছে ৷ তাক চিনি পাই চিঞৰি উঠিলেই নহয় –
ব্ৰঞ্জ ব্ৰঞ্জ !
সি ডাল আৰু ঠালঠেঙুলিৰে প্ৰসাৰিত আৰু
গাগছত এটা বিয়াগোম খোৰোং থকা নৈপৰীয়া বুঢ়া উইলো গছজোপাৰ তললৈ পোনাই দিলে ৷


গছজোপাত কাউৰীৰ বাহো আছে ৷ এই সকলো
তল পেলাই তাৰ স্মৃতিৰ পটৰ পৰা ওপৰলৈ উঠি আহিল ৰেচম উজ্জ্বল চুলিৰ এটি কেছুৱা আৰু
মাৰ্ফাই কোৱা সেই উইলো বিৰিখ ৷ এনেকুৱানো বাৰু কেলৈ হয়
? সেই একেজোপাই উইলো সেউজ অটল অথচ সেই একেই বিষণ্ণতা ৷ ইমান
বুঢ়া হৈ পৰিল গছজোপা ! বেচেৰা বুঢ়া বৃক্ষ!


বুঢ়া উইলোৰ ছায়াতে ব্ৰঞ্জবুঢ়া বহিল ৷
তাতে বহি হেৰোৱা অতীতটোকে বখলিয়াই যাব ধৰিল ৷ নৈখনৰ সিটো পাৰে য
ত এখন জলাহ দলনি তাত আগৈয়ে এখন জামুকৰ কাঠনি আছিল ৷ যত হাবিৰ সেৰেঙা অংশৰ জলঙাইদি পাইনৰ হাবিৰ সৈতে নীলা
পাহাৰটোৱো মণিব পৰা গৈছিল দূৰৰ দিগবলয়ৰ এচমকা ঘননীলা ৰূপে ৷ নৈখনত তেতিয়াটো বৰ বৰ
নাও চলিছিল ৷ কিন্তু এতিয়া ছবিখন কিবা মিহি একাকী হৈ পৰিল
; আগৰ সেই বাৰেবৰণীয়া স্বৰূপৰ একোৱেই নিটিকিল ৷ তাত জামুকগছ
বুলিবলৈ মুঠেই এজুপি কোনোমতে ৰ
ল ৷ লাহীকৈ এজনী
পাতগাভৰুহে যেন ৰৈ আছে ৷ নৈত নাও চাও সঁচলৈয়ো নাই ৷ পাতিহাঁহ
, দেওহাঁহ আৰু ৰাজহাঁহ যেনিবা আছে পিছে ৰাজহাঁহৰ লেখ আগতকৈ
বাৰুকৈয়ে টুটিল ৷ য়াক
ভে চকুহাল মুদিলতহে
তাৰ স্মৃতিয়ে হওকবা কল্পনাই হওক তাৰেই পটেৰে এজাক শুকুলা ৰাজহাঁহে ইটিয়ে সিটিৰে
কথা পাতি পাতি উৰা মাৰি আকাশ ছানিলেগৈ ৷


ভাবি সঁচাই এতিয়া তাৰ আচৰিত লাগিল যে
তাৰ জীৱনৰ বিগত ছল্লিশ বা পঞ্চাশ বছৰত সি এই নৈখনৰ পাৰত ভৰি নিদিলেহি ৷ কিয়
? সৰুসুৰা জানজুৰি হলেও বাৰু
কথাটো এৰিব পাৰি কিন্তু এইখনটো বে
ছ ডাঙৰেই নৈ
৷ সি দেখোন ইয়াত মাছ মাৰিবলৈকে আহিব পাৰিলহেতেন ! আৰু সেইবোৰ সাউদ
, বিষয়া বা মহলদাৰৰ ঘৰে ঘৰে গৈ বেচিবও পাৰিলে হেতেন ৷ আৰু সি
টকাবোৰ বেংকত ৰাখিব পাৰিলে হেতেন ৷ সি ইঘৰ সিঘৰলৈ নাৱেৰে যাব পাৰিলহেতেন যাত্ৰাপথত
বেহেলা বজাই বজাই ৷বেহেলা শুনোৱাৰ বাবদ সকলো শ্ৰেণীৰ মানুহে তাকটো কিবা নহয় কিবা
মাননি দিলেই হেতেন ! আৰু নৈত বাবলৈ সি ডাঙৰ নাৱৰ হাবিয়াস কৰিব পৰাজন হৈ
উঠিলহেতেনেই ৷ এই সকলোখিনি কফিন মিস্ত্ৰী হোৱাতকৈ ভালহে আছিল ৷ সি ৰাজহাঁহ পুহিব
পাৰিলে হেতেন ৷ ৰাজহাঁহ মাৰি মঙহ কৰি সেইবোৰ মস্কো চহৰলৈ জাৰকালি চালান দিব
পাৰিলেহেতেন ৷ কিয়
; পাখিতেই দেখোন বছৰি
দহ ৰুৱল আয় হয় ৷ তাৰ সময়বোৰ তেনেই অথলে গ
ল ৷ এইবোৰ
কামৰ কোনো এটাতে সি হাত দি নাচালে ৷ কিমান যে ক্ষতি ! সি যদিস্যাৎ সেই গোটেইবোৰ
কাম মানে মাছমৰা
, বেহেলাবাদন, নৌকাচালন আৰু ৰাজহাঁহ পালনত হাতউজান দিলেহেঁতেন তাৰ ভাগ্যই
পাহ মেলিল হেতেন ! কিন্তু একোডালেই নহ
ল ৷ আনকি সি
তেনে কোনো সপোনেই নেদেখিলে ৷ জীৱনটো তেনেই অসাৰুৱাকৈ পাৰ হ
ল ৷ আজি তাৰ খাবলৈ খোচনাত ধপাত এমোহৰাও নাই – সন্মুখত
একোৱেই নাই ৷ কোনোবাই চালিজাৰি চালে তাৰ লোকচানবোৰত বাদে আন একোৱেই নাপাব ৷
লোকচানো লোকচান একেবাৰে এনে পৰ্বতাকাৰ যে দকৈ ভাবিলে ভাবোঁতা চেঁচা পৰি যাব ৷ আৰু
কিয়নো একোটা মানুহে ইমান ক্ষতি আৰু দুৰ্কপালক একঁতীয়াকৈ থৈ স্বচ্ছন্দতাৰে জীয়াই
থাকিব নোৱাৰে
?


কোনোবা কেতিয়াবা কেনেবাকৈ হলেও আচৰিত হয়নে যে সেই লহপহীয়া জামুকৰ হাবি আৰু পাইনৰ
বনানিখনযে তহিলং কৰি একেবাৰে নোহোৱাই কৰি পেলোৱা গ
ল ! এই টকলা চৰণীয়া পথাৰত সিয়েই বা কিয় টলৌ টলৌকৈ ঘূৰি মৰিছে ? যি কামৰ কোনো দৰকাৰ নপৰে তাতেহে কিয় মানুহৰ হেতাওপৰা লাগে? য়াকভে কিয়নো ওৰেটো
জীৱন তাৰ মানুহজনীক গালি গালাজেই পাৰি থাকিল
, তুচ্ছজ্ঞানেই কৰি থাকিল, মুষ্টি দেখোৱাই
তাইক ভয় খোৱাই থাকিল আৰু দুৰ্ব্যৱহাৰ কৰি থাকিল ৷ কোনোবাই হয়তো এদিন এয়াও সুধিব যে
সিদিনানো সেই ইহুদী মুৰুলীবাদক টোক ভয় খোৱাই তুচ্ছ তাচ্ছিল্য কৰাৰ য়াক
ভ বোলাটোৰ কি দৰকাৰ আছিল ? সামগ্ৰিকভাৱে মানুহ মানুহৰে বাটৰ হেঙাৰ হৈ পৰে; এনে হয়েইনো কিয় ? তাৰেই বাবে কিমান
যে ক্ষতি নহয় ! কেনে ভয়ানক ক্ষতি ! এই ঘৃণা আৰু অৱসাদবোৰ নোহোৱা হোৱা হ
লে মানুহ মানুহেৰে প্ৰচুৰভাৱে উপকৃত হল হেতেন ৷


গধূলি আৰু নিশাৰ সমাজিকতো সি
কেছুৱাটিৰ দৰ্শন লভিলে ৷ দেখা পালে উইলো বিৰিখ
, মাছ আৰু ডিঙিকটা ৰাজহাঁহ ৷ তাৰ স্বপ্ন বা স্মৃতিফলকত মাৰ্ফাজনীক দেখা পালে
এজনী পিয়াহাতুৰ চৰাইৰ ৰূপত ৷ ভাঃস্বত হৈ উঠিল আন এখন শেঁতা মুখমণ্ডল বেচেৰা
ৰথচাইল্ডৰ ৷ এই মুখাৱয়ববোৰে ইফালেসিফালে ল
ৰিচৰি তাৰ
লোকচাননামাকে বিৰবিৰাই আছিল ৷ সি কেইবাবাৰো ইকাতিসিকাতিকৈ বাগৰ সলাই পাঁচবাৰমান
বহিল বেহেলা বজাবলৈকে ৷


পিছদিনা পুৱা বৰ কষ্টেৰে সি শোৱাপাটী
এৰিল আৰু হস্পিতাললৈ পোনাই দিলে ৷ আৰু সেই একেজনা মেক্সিম নিকোলাইট্ছে তাক মূৰত
ঠাণ্ডা সেঁক ল
বলৈ কলে আৰু গলিয়াবলৈ কিছু পুৰিয়াৱো দিলে ৷ তেৰাৰ চাৱনি পঢ়ি য়াকভৰ বুজিবলৈ বাকী নৰল যে তাৰ
নৰীয়া টানেই ৷ এই পুৰিয়া ফুৰিয়াৰ সাধ্য নাই এই যাত্ৰাত তাক ৰাখি থয় ৷ ঘৰ গৈ পাই সি
উপলব্ধি কৰিলে যে মৰণ তাৰ বাবে কোনো কাৰণতে কাল নহয়
; বৰঞ্চ ভালহে সিদ্ধ হব ৷ খোৱাপিয়াৰ লেঠা
ছিগিল ৷ কৰ কাটলৰ খেলাখনৰো মুদা মৰিল ৷ সবাতোকৈ ডাঙৰ কথা মানুহৰ সৈতে সেই অসহনি দন
হাই বোৰেৰেও বিদায় ৷ এজন মানুহ সমাধিত বছৰদিয়েকৰ বাবে নহয় হয়তো শ হাজাৰ বছৰ পৰি ৰয়
৷ সেইবোৰ যদি হিচাপৰ আওটিলৈ অনা হয় তেনেহ
লে দেখোন
লাভেই লাভ ! আয়েই আয় ! তাৰ মানে মানুহৰ জীৱন মানেই খৰচ আৰু মৰণ মানে উপাৰ্জন ৷ হ
ব পাৰে এই অন্তৰ্ফলন ন্যায়সংগত তত্ৰাচ এই হিচাপ আওতিতা আৰু
অপমানসূচক ৷ জগত বাটত জীৱনৰ এই খোজবোৰেই কিবা বৰ আচহুৱা – এবাৰ পোৱা যায় জীৱদ্দশা
আৰু কোনো ধৰণেৰে উপকৃত নোহোৱাকৈয়ে আঁতৰ হ
ব লগা হয় ৷
কিয়
?
মৰিব বুলি তাৰ এখুদমানো দুখ নাছিলেই, পিছে; ঘৰত যেতিয়াই
বেহেলাখন চকুত পৰিল কলিজাৰ একোণত এক বিষ অনুভৱ কৰিল ৷ বৰ দুখ লাগিল ৷ কবৰলৈটো
সেইখিনি লৈ যোৱাৰ কোনো ব্যৱস্থাই নাই আৰু সেইখন ইয়াত এনেয়ে উৱলি যাব ৷ সেই জামুকৰ
হাবিখন আৰু সেই সৰল পাইনৰ বনানিখনিৰ দৰে দশা হ

বেহেলাখনিৰো ৷ পৃথিৱীৰ সকলো সম্পদ এপদ এপদকৈ পেলনি গৈছে ৷ য়াক
ভ জুপুৰিটোৰ পৰা ওলাই দুৱাৰডলিতে বুকুতে বেহেলাখন হেঁচুকি
ধৰি বহি ল
লে ৷ তাৰ পেলনি যোৱা দেউলীয়া জীৱনটিক
সন্মুখত লৈ বেহেলা বজাব ধৰিল ৷ কি বজাইছে নিজেই নাজানে ৷ পিছে সি যে হৃদয় মুচৰি
যোৱা বিৰহৰ তান সেয়া ধুৰূপ ৷ দুগালেৰে টপটপকৈ লোতক সৰিছে ৷ সি যিমান টানকৈ ভাৱিব
ধৰিলে সিমানেই কৰুণ তানেৰে বেহেলাই বিনাই যাব ধৰিলে ৷ জপনাৰ চেপেনাডালে কেৰমেৰাই
উঠিল ৷ জপনাৰ সন্মুখত দেখা পোৱা গ
ল ৰথচাইল্ডক
৷ আধাগজমান সি বে
ছ সাহসেৰে আগবাঢ়ি
আহিয়েইটো আছিল কিন্তু য়াক
ভৰ চকুৱে চকুৱে
পৰিলত তাৰ পিলাই চমকি গ
ল ৷ বজ্ৰপাত পৰা
মানুহৰ দৰে তাতেই থৰ লাগিল ৷ এনে লাগিল যেন সট কোচমোচ খাই ক্ৰমশঃ সৰু হৈ গৈ আছে !
বোধকৰো ভয়ৰ আৱেশত সি হাতেৰে কিবা অংগীভংগী কৰি তেতিয়া কিমান সময় হৈছে তাকে বুজাবৰ
চেষ্টা কৰিছে ৷


আহ আহ ! একো নহয় আহ ৷ চেনেহসনা মাতেৰে য়াকভে মাতিলে ৷
সোমাই আহহঁক ৷”
তালৈ এবাৰ চাই ভয় আৰু অবিশ্বাসেৰে
এখুজি দুখজিকৈ আগবাঢ়িল হয় পিছে সাতফুটমান ব্যৱধানত ৰৈয়েই দিলে ৷

তুমি ভাল হৈ গলা নহয়নে ? তুমি মোক আকৌ মাৰিব
নোলোৱা ন
?
ৰথচাইল্ডৰ কাবৌকোকালি ৷
এঃ সেই মোইছে ইলিট্ছে মোক আকৌ পাচিলে
নহয় ! কৈছে – যা ভয় নাখাবি ৷ য়াক
ভদেউৰ কাষলৈ পুনৰাই
যা ৷ কবি যে তেওঁ নহ
লে আমাৰ দিনতেই
আন্ধাৰ ৷ বুধবাৰে এখন বিয়া আছে অ
৷ হ…য়…মিষ্টাৰ
শ্বাপোভাল
ভৰ জীয়ৰীৰ বিয়া ৷ বৰ ভালঘৰৰ দৰা ৷
বিয়া বৰ ধুমধামেৰে হ
ব ৷ অঁ অঁ ৷চকু ঘুৰাই ঘুৰাই ইহুদি উৱাচ ৷
মই যাবই নোৱাৰিম বুইছ ৷কষ্টৰে উশাহ সলাই ৰথচাইল্ডক কলে ব্ৰঞ্জে ৷ ভাই অমোৰ দেহাই কেঁহা লগাইছে বুইছ ৷


এইবুলি কৈয়েই সি পুনৰ বেহেলা বজোৱাত
মগন হ
ল ৷ চকুহালৰ পৰা সৰা লোতকৰ বৰষুণত বেহেলাখনো তিতিছে বুৰিছে
৷ তাৰ একাষে থিয় হৈ ৰথচাইল্ডে পৰম মনোযোগেৰে বুকুত দুহাত জপাই লৈ বেহেলা শুনিছে ৷
তাৰ মুখমণ্ডলৰ ভয়াৰ্ত বিস্ময়াভিভূত অভিব্যক্তি লাহে লাহে বেদনাক্লীষ্ট পীড়াগ্ৰস্ত
অৱস্থালৈ পৰ্যৱসিত হ
ল ৷ চকুহালে তাৰ
এনেদৰে পাকঘুৰণি খাব ধৰিলে যেন নিকৰুণ কৰুণ ৰসৰ ৰসস্বাদনৰ কেন্দ্ৰবিন্দুত সি উপনীত
হৈছে ৷ তাৰ সেই প্ৰাপ্তিয়ে শাব্দিক ৰূপ লৈ ওঁঠেৰে সৰি পৰিল –
বাঃ !!!আৰু লগে লগে তাৰ
দুগালেৰেও লোতক নিগৰি আহি তাৰ সেউজীয়া কোটচোলাটোত সৰিল ৷

আৰু য়াকুভৰ দিনান্ত দুখ কৰিয়েই
বিচনাত পাৰ হ
ল৷ গধূলিপৰৰ পুৰোহিতৰ ওচৰৰ
স্বীকাৰোক্তি পৰ্বত সোধা হৈছিল – তোমাৰ দ্বাৰা সংঘটিত কিবা পাপ কৰ্মৰ কথা মনত
পৰিছে নেকি
? জৰাজীৰ্ণ হব ধৰা তাৰ স্মৃতিপুৰৰ পৰা সি বুটলি আনিল মাৰ্ফাৰ ম্লান
মুখমণ্ডল আৰু বাটৰ কুকুৰৰ কামোৰত ইহুদি ৰথচাইল্ডৰ প্ৰাণৰ পৰা ওলোৱা সেই অসহায় কাতৰ
চিঞৰটো ৷ কোনোমতে পুৰোহিতৰ শ্ৰৱণগ্ৰাহ্য হোৱাকৈ এটা বাক্যহে ফুটিল –
বেহেলাখন ৰথচাইল্ডক দি দিবাহঁক ৷
বৰ ভালকথা ৷পুৰোহিতৰ প্ৰত্যুত্তৰ ৷

আৰু চহৰৰ প্ৰায় প্ৰতিজন মানুহেই
নিজকে হ
লেও সোধে –ইম্মান ধুনীয়া বেহেলাখন এই ৰথচাইল্ডে বাৰু কত পালে? সি কিনিছিল নে কৰবাৰ পৰা চুৰিহে কৰিলে ? বোধকৰো তাক কোনোবাই দান স্বৰূপত দিলে ৷
কেতিয়াবাতে সি মুৰুলী বজাবলৈ এৰিল
আৰু এতিয়া সি বেহেলাত বাদে আন একোৱেই নবজায় ৷ এতিয়া তাৰ বেহেলাৰ ধনুখনেৰে
বেদনাবিধূৰ ধ্বনিৰ তটিনী বৈ আহে যিদৰে হয়তো তাৰ মুৰুলীৰেও নবৈছিল ৷ যেতিয়াই সি তাৰ
মন গহনলৈ য়াক
ভে নিজৰ পঁজাৰ দুৱাৰডলিত বহি বেহেলা
বজোৱাৰ সেই দৃশ্যপট মনলৈ আনে তেতিয়াই তাৰো বেহেলাৰ মুৰ্চনা ইমান শোকব্যঞ্জক হৈ পৰে
যে শ্ৰোতা উচুপি উঠে ৷ আৰু সিয়ো সৌ সিদিনাৰ লেখিয়াকৈয়ে চকুহাল ঘূৰাই ঘূৰাই নিজেই
কৈ পায় –
বাঃ !!!
আৰু নগৰীখনিত এই নতুন বতাহছাটিয়ে
এনেনো জনপ্ৰিয়তা আদায় কৰি পেলালে যে সাউদ আৰু বিষয়া সকলে লেথেৰিনিছিগাকৈ ৰথছাইল্ডক
মতাই পঠায় আৰু সেই একেটি কৰুণ ধুন বজাবলৈ উৰাইঘুৰাই তাক লগাই দিয়ে ।

Popular Post

ঐতিহাসিক চিঠি