গল্পঃ জীৱনৰ পাঁচটা উপহাৰ / মাৰ্ক টোৱেইন

Posted by : translatorsassam
July 7, 2020

জীৱনৰ পাঁচটা উপহাৰ (FIVE  BOONS OF
LIFE)


মূল: মাৰ্ক টোৱেইন
অনুবাদ: নৱজ্যোতি বড়া




প্ৰথম অধ্যায়

এদিন ৰাতিপুৱা টোপোলা এটা লগত লৈ এজনী পৰী আহিল আৰু কলে,
মই উপহাৰ লৈ আহিছোঁ। এটা বাছি লোৱা আৰু বাকীবোৰ
তাতে ৰাখি থৈ দিয়া। পিছে সাৱধান। ভালকৈ ভাবি চিন্তি উপহাৰটো নিৰ্বাচন কৰিবা
, কাৰণ
তাৰে ভিতৰত এটাহে মাত্ৰ মূল্যৱান।


পাঁচটা উপহাৰ আছিলযশস্যা, প্ৰেম, ধনসম্পদ, সুখ, মৃত্যু।

যুৱকজনে উৎসাহিত হৈ কলে– “ইয়াত
একো চিন্তা কৰিবলগীয়া কথাই নাই।মই সুখ নিৰ্বাচন কৰিছোঁ।


তাৰ পাছত যুৱকজনে যৌৱনত উপভোগ কৰিব পৰা সকলো সুখ বৈভৱেই আহৰণ
কৰিলে। পিছে সময় পাৰ হৈ যোৱাৰ লগে লগে তেওঁ উপলব্ধি কৰিলে সুখবোৰ ক্ষণস্থায়ী
, নিৰাশাজনক, ফোঁপোলা
আৰু উদং।পাৰ হৈ যোৱা প্ৰতিটো সুখময় স্মৃতিয়ে যেন তেওঁক বিদ্ৰুপ কৰিব ধৰিলে। শেষত তেওঁ
লে, “এই বছৰবোৰ মই এনেয়ে
নষ্ট কৰিলোঁ। যদি উপহাৰবোৰ মই আকৌ এবাৰ বাছি ল
ব পাৰিলোঁহেতেন, ভাবি
চিন্তি বুদ্ধিমানৰ দৰে নিৰ্বাচন কৰিলোঁ হয়।


দ্বিতীয় অধ্যায়

পৰী আহিল, আৰু কলে,
চাৰিটা উপহাৰ বাকী আছে। আকৌ এবাৰ নিৰ্বাচন
কৰা। মনত ৰাখিব
, সময় পাৰ হৈ গৈ আছে আৰু এই চাৰিটাৰ মাজৰ এটা
উপহাৰহে মূল্যৱান।


মানুহজনে বহু সময় চিন্তা কৰি অৱশেষত প্ৰেম নিৰ্বাচন কৰিলে, তেওঁ
পিছে পৰীৰ দুচকুৰ পৰা নিগৰি অহা চকুপানী লক্ষ্য নকৰিলে।


বহু বছৰৰ পাছত মানুহজনক খালী ঘৰ এটাত কফিন এটাৰ কাষত বহি থকা
দেখা গ
ল। তেওঁ স্বগতোক্তি কৰিবলৈ ধৰিলে, “এজনৰ
পাছত এজনকৈ সকলোৱে মোক এৰি থৈ গ
ল আৰু এই কফিনত মোৰ
প্ৰিয়তমা শুই আছে। মোক অকলশৰীয়া কৰি অৱশেষত তায়ো গুচি গ
ল। নিঃসংগতাই
মোক আৱৰি ধৰিছে। এই প্ৰেম ভালপোৱাই কঢ়িয়াই অনা ক্ষন্তেকীয়া সুখৰ মুহুৰ্তৰ বিনিময়ত মই
হাজাৰটা দুখময় যন্ত্ৰণা সহিব লগা হৈছে। মই অন্তৰৰ পৰা এই প্ৰেম
ভালপোৱাক
শাওপাত দিছোঁ।


তৃতীয় অধ্যায়

আকৌ এবাৰ নিৰ্বাচন কৰা।পৰীজনীয়ে
লে।

বাগৰি যোৱা বছৰবোৰৰ অভিজ্ঞতাৰ পৰা তুমি হয়তো
কিছু শিক্ষা পাইছা। তিনিটা উপহাৰ বাকী আছে
, এটাহে
মূল্যৱান
, এই কথা মনত ৰাখি সাৱধানে নিৰ্বাচন কৰিবা।

মানুহজনে বহুসময় চিন্তা কৰিলে আৰু যশস্যা বাছি ললে। পৰীয়ে
হুমুনিয়াহ কাঢ়ি উভতি গ
ল।
বছৰ বাগৰি গল আৰু পৰীজনী আকৌ
আহিল আৰু মানুহজনৰ ওচৰত থিয় হ
ল। মানুহজনে নিৰ্জন
একোণত বহি একান্ত মনে চিন্তা কৰি আছিল। পৰীয়ে তেওঁৰ চিন্তা পঢ়িব পাৰিছিল
পৃথিৱীজুৰি মোৰ নাম জনাজাত হৈছিল। সকলোৰে
মুখে মুখে মোৰ প্ৰশংসা মুখৰিত হৈছিল। কিছুসময় বাবে এই সকলোবোৰ বৰ ভাল লাগিছিল। কিন্তু
কিমান দিনলৈ
? তাৰ পাছত আহিল ঈৰ্ষা, কুৎসা, ঘৃণা, লাঞ্চনা।লাহে
লাহে মোক ইতিকিং
, উপলুঙা কৰিবলৈ ধৰিলে, – সেইয়া
সমাপ্তিৰ আৰম্ভণি আছিল। শেষত সকলোৱে মোক পুতৌ কৰিব ধৰিলে
,- তেতিয়াই
মোৰ যশস্যাও সমাধিস্থ হ
ল। হায়, খ্যাতিৰ
পৰিণাম কি তিক্ত আৰু শোকাবহ।


চতুৰ্থ অধ্যায়

আকৌ এবাৰ নিৰ্বাচন কৰা।” পৰীয়ে কলে।

দুটা উপহাৰ বাকী আছে। হতাশ নহবা।
প্ৰথমৰে পৰা এটা উপহাৰেই মূল্যৱান আছিল আৰু সেইটো এতিয়াও আছে।”


ধন-সম্পতিয়েই আচলতে মানুহক শক্তি দিয়ে।
মই অন্ধ আছিলোঁ।” মানুহজনে ক
লে –
“অৱশেষত মোৰ জীয়াই থকাটো সাৰ্থক হ
ব। মই খৰচ কৰিম, টকা
উৰুৱাই চমক সৃষ্টি কৰিম। মোক উপলুঙা কৰা
, ঘৃণা কৰা
মানুহবোৰো চুচৰি বাগৰি মোৰ ভৰিত পৰিবলৈ বাধ্য হ

আৰু মই সিহঁতৰ ঈর্ষাৰে মোৰ ভোকাতুৰ হৃদয় পুৰাম। সকলো সুখ বিলাসিতা মোৰ হ
, দেহ-মন
জোৰ পেলাব পৰা সকলো ভাল লগা বস্তু মই আহৰণ কৰিম। মই এফালৰ পৰা সকলো কিনি যাম।
শ্ৰদ্ধা
, ভক্তি, সমাদৰ, সন্মান-
এই ক্ষণভঙ্গুৰ পৃথিৱীয়ে ধনৰ বিনিময়ত আগবঢ়াই দিয়া সকলোবোৰ কিনিম। মই অযথা বহুসময়
অপব্যয় কৰিলোঁ
, আচলতে ভুলকৈ নিৰ্বাচন কৰাৰ বাবেই এনে হবলৈ
পালে
, কিন্তু এতিয়া সেই বিষয়ে ভাবি লাভ নাই, তেতিয়া
মূৰ্খ আছিলোঁ
, যি ভাল লাগিছিল তাকেই কৰিছিলোঁ।”

তিনিটা বছৰ পাৰ হৈ গল।
ধন-সম্পদ উপহাৰত পোৱা মানুহজনৰ জীৱনলৈ এনেকুৱা দিন আহিল যে তেওঁ অভাৱত দিন-দুখীয়াৰ
দৰে থাকিব লগা হ
ল। ঠেঁটুৱৈ লগা জাৰৰ দিনটো মুধছৰ সৰু
কোঠালিত ফটা কাপোৰ পিন্ধি কঁপি কঁপি দিন কটাব লগা হ
ল।
শুকাই ক্ষিণাই মানুহজন একেবাৰে শেঁতা পৰিল
, চকু
দুটাও কোটৰত সোমাল। শুকান ৰুটিৰ টুকুৰা এটা চোবাই চোবাই তেওঁ ভোৰভোৰাই আছিল-


পৃথিৱীৰ সকলো উপহাৰকে ধিক্কাৰ দিছোঁ।
কাৰণ এইবোৰ দেখাতহে ৰংচঙীয়া
, ভিতৰি
কোৱাভাতুৰি। এইবোৰ উপহাৰ নহয়
, বোজা। সুখ, যশস্যা,প্ৰেম, ধন-সম্পত্তি
এইবোৰ আচলতে যন্ত্ৰণা
, লজ্জা, শোক, দাৰিদ্র্য
এই চিৰস্থায়ী সত্যৰ সাময়িক ছদ্মবেশহে। পৰীয়ে সঁচা কথাই কৈছিল তেওঁৰ টোপোলাত মাত্ৰ
এটাইহে মূল্যৱান উপহাৰ আছিল। সেই উপহাৰ সঁচায়ে অমূল্য
, মধুৰ
আৰু বিনয়ী। সেই উপহাৰে উপশম দিয়ে
, যন্ত্ৰণাক্লিষ্ট
শৰীৰটোক
, লজ্জা আৰু শোকে কুটি কুটি খোৱা মনটোক এক
স্বপ্নহীন অনন্ত নিদ্ৰাত ডুবাই দিয়ে। এই উপহাৰৰ তুলনাত বাকীবোৰ উপহাৰ যে কিমান
সস্তীয়া আৰু তুচ্ছ মই এতিয়াহে বুজি পালোঁ। মোক সেই উপহাৰ দিয়া। মই ক্লান্ত হৈ
পৰিছোঁ
, অলপ জিৰাব বিচাৰো।”


পঞ্চম অধ্যায়

পৰীয়ে আকৌ চাৰিটা উপহাৰ লৈ আহিল। মানুহজনেমৃত্যু
বাবে আশাপালি আছিল
, পিছে পৰীৰ টোপোলাত মৃত্যুনাছিল।
পৰীয়ে ক
লে-
মই মাকৰ বুকুৰ কুটুম এটি শিশুক সেই
উপহাৰেটো দিলোঁ। নিষ্পাপ
, অজ্ঞানী শিশু, কিন্তু
মোক বিশ্বাস কৰিছিল। তাৰ বাবে উপহাৰ মোক পছন্দ কৰি দিবলৈ ক
লে।
তুমিতো মোক কেতিয়াও পছন্দ কৰি দিবলৈ কোৱা নাছিলা।”


হায় মোৰ ফুটা কপাল। মোৰ বাবে কি বাকী আছে?”

যিটো তোমাৰো প্ৰাপ্য নহয়- বৃদ্ধ বয়সৰ
নিষ্ঠুৰ অপমান।”

Popular Post

ঐতিহাসিক চিঠি