সাবিৰ হাকাৰ দহটা কবিতা

Posted by : translatorsassam
July 7, 2020

সাবিৰ হাকাৰ দহটা কবিতা
অসমীয়া ভাঙনিঃ ড০ ৰীতা শৰ্মা


নুনি ফল

আপুনি কি কেতিয়াবা নুনি ফল দেখিছে?
তেই সৰি পৰে,সেই
মাটিখিনিত
তাৰ ৰঙা ৰঙৰ ৰসেৰে দাগ হৈ যায়
সৰি পৰাৰ দৰে যন্ত্ৰণাদায়ক আৰু একো নাই
মই কত শ্ৰমিকক দেখিছোঁ
ওখ ওখ দালানৰ পৰা সৰি পৰা
আৰু পৰি নুনি ফল হৈ যোৱা…



চৰকাৰ
কিছুদিন হ
পুলিচে মোক বিচাৰিছে
মই কাকো হত্যা কৰা নাই
আনকি চৰকাৰ বিৰোধী কোনো লেখাও লিখা নাই
মাথো তুমি জানা, মোৰ প্ৰিয়তমা
জনতাৰ বাবে কিমান ভয়ংকৰ কথা হ
যদি চৰকাৰে কেৱল এই কাৰণেই মোক ভয় কৰে
যে মই এজন শ্ৰমিক!
যদি মই বিপ্লৱী বা বিদ্ৰোহী হলোহেঁতেন
তেতিয়া কি কৰিলেহেঁতেন সিঁহতে
তথাপি সেই শিশুটোৰ বাবে এই পৃথিৱীখন বৰ বেছি সলনি হোৱা নাই
যিয়ে স্কুলৰ প্ৰতিখন কিতাপৰ প্ৰথম পৃষ্ঠাত
নিজৰ প্ৰতিচ্ছবি চাবলৈ বিচাৰিছিল…



একমাত্ৰ ভয়

যেতিয়া মোৰ মৃত্যু হ
মোৰ লগত সকলো প্ৰিয় কিতাপ লৈ যাম
মোৰ কবৰৰ ঘৰ ভৰাই পেলাম
তেওঁলোকৰ ছবিৰে যিসকলক মই প্ৰাণ ভৰি ভাল পাইছিলো
মোৰ নতুন ঘৰত ভবিষ্যতৰ প্ৰতি দু:শ্চিন্তাৰ কোনো ভয়
নাথাকিব
অলসতাৰে মই বিচনাত পৰি থাকিম, মই চিগাৰেট জ্বলাম
আৰু চকুলো টুকিম সেইসকল নাৰীক মনত পেলাই
যিসকলক মই নিজৰকৈ পাব খুজিছিলো
এই সমস্ত সন্তুষ্টিৰ মাজতো
কেৱল এটি ভয় লাগি থাকিব
যদি কোনো এদিন , পুৱা হোৱাৰ আগতেই
কোনোবাই মোক কান্ধত ধৰি জোঁকাৰি দিয়ে আৰু কয়__
আবে উঠ না সাবিৰ,কামলৈ
যাব লাগে!”



মৃত্যুভয়
আজীৱন মই এই কথাত বিশ্বাস ৰাখিছো
যে মিছা কথা কোৱা পাপ
আনক কষ্ট দিয়াটোও পাপ
আজীৱন মই এই কথাও স্বীকাৰ কৰিছো
যে মৃত্যুও জীৱনৰে এটা অংগ
তথাপিও মৃত্যুলৈ মোৰ ভয় হয়
ভয় হয় জানোচা অন্য এখন পৃথিৱীতো
মই শ্ৰমিকেই হও…


আস্থা

মোৰ পিতা শ্ৰমিক আছিল
আস্থাভৰা, নিষ্ঠাবান শ্ৰমিক
যেতিয়াই তেওঁ নামাজ পঢ়িছিল
আল্লাহ তেওঁৰ হাত দুখনি দেখি
লজ্জিত হৈ পৰিছিল…



বন্ধুত্ব
ঈশ্বৰৰ লগত মোৰ বন্ধুত্ব নহ
ইয়াৰ মাত্ৰ এটাই কাৰণ
বহুদিন আগৰে এটা ঘটনা;
যেতিয়া আমাৰ পৰিয়ালটোৰ ছজন মানুহ
এটা অকণমানি কোঠাত কোনোমতে আছিলো
আৰু ঈশ্বৰ আছিল এক সুবিশাল অট্টালিকাত
ত তেওঁ অকলে আছিল…


বন্দুক
যদি সিঁহতে বন্দুক আবিষ্কাৰ নকৰিলেহেঁতেন
কিমান মানুহ মৃত্যুমুখৰ পৰা বাচিলহেঁতেন!
যাক দূৰৈৰ পৰাই মাৰি পেলালে সিঁহতে!
ভালেমান কথাই সহজ হৈ পৰিলহেঁতেন
সিহঁতক মজদুৰৰ প্ৰকৃত শক্তি অনুভৱ কৰাবলৈও
বহুগুণে সহজ হলহেতেন,
যদি বন্দুকৰ আৱিষ্কাৰ নহলহেতেন…


ইশ্বৰ
ঈশ্বৰো নিশ্চয় এজন মজদুৰ
ঈশ্বৰ যেন সৰ্বশ্ৰেষ্ঠ জালাই মিস্ত্ৰী
সন্ধিয়াৰ পোহৰত ঈশ্বৰৰ চকু
আঙঠাৰ দৰে ৰঙা হৈ পৰে
ৰাতিলৈকে শতচ্ছিন্ন হৈ পৰে
তেওঁৰ কামিজ…


কেৰিয়াৰ নিৰ্বাচন
মই কেতিয়াও সাধাৰণ এজন বেংকৰ কৰ্মচাৰী হব নোৱাৰো
খোৱা বস্তুৰ ফেৰী কৰা চেলচমেন হবও নোৱাৰো
কোনো পাৰ্টিৰ নেতা হবলৈও মই ইচ্ছা নকৰো
টেক্সী দ্ৰাইভাৰতো নহৱেই
প্ৰচাৰ বিভাগৰ মাৰ্কেটিঙ বয় হবলৈও মোৰ মন নাই
মই মাথো বিচাৰো
চহৰৰ সকলোতকৈ ওখ ঠাই টুকুৰাত থিয় হৈ হৈ
তলৰ জাকজমক ঘৰবোৰৰ মাজেৰে তাইৰ ঘৰটো চাবলৈ
যাক মই ভাল পাও
সেয়ে সৰ্বশেষত মই ঢালাই কামৰ শ্ৰমিক হবলৈ ঠিৰাং কৰিলো…


মোৰ পিতা
পিতাৰ বিষয়ে কিবা কোৱাৰ সাহস যদি কৰা যায়
তেন্তে বিশ্বাস কৰক মোক,
পিতাৰ জীৱনত আনন্দ বুলিবলৈ একোৱেই নাছিল
তেওঁৰ জীৱনটো পৰিয়ালৰটোৰ প্ৰতিয়েই উৎসৰ্গিত আছিল
পৰিয়ালটোৰ অভাৱবোৰ লুকুৱাই থবলৈ
তেওঁ নিজৰ জীৱনটো কঠোৰ আৰু কঠিন কৰি তুলিছিল
আৰু আজি
যেতিয়া মোৰ কবিতা ছপা হৈ ওলাল
মোৰ মাথো এটা কথাতেই সংকোচবোধ হয়
যে মোৰ পিতাই পঢ়িব নোৱাৰে…





কবি পৰিচিতি: সাবিৰ হাকা ইৰাণৰ এজন নিৰ্মাণ শ্ৰমিক আৰু কবি। ১৯৮৬ চনত ইৰাৰ পশ্চিম প্ৰান্তত অৱস্থিত কাৰমানশাহ প্ৰভিন্সত জন্ম লাভ কৰা সাবিৰ হাকা বৰ্তমান ইৰাণৰ তেহৰানৰ বাসিন্দা। সাবিৰৰ কবিতাই প্ৰতিজন বিবেকবান মানুহক প্ৰবলভাৱে জোঁকাৰি যায়। তেওঁৰ কবিতাত পোৱা যায় সকলো দেশৰে শোষিত,নিপীড়িত মজদুৰ জীৱনৰ অকথিত বহু কথা। তেওঁৰ কবিতাৰ অনন্যতা আৰু গভীৰতাই পাঠকৰ অন্তৰ স্পৰ্শ কৰি যায়।সাবিৰ হাকাৰ দুখন কবিতাপুথি ইতিমধ্যে প্ৰকাশিত হৈছে। ২০১৩ চনত ‘ইৰান শ্ৰমিক কবিতা স্পৰ্ধা’ প্ৰতিযোগিতাত ইৰাণৰ শ্ৰমিক কবি হিচাপে তেওঁ প্ৰথম স্থান অধিকাৰ কৰে।

পাৰ্ছীয়ান কবি সাবিৰ হাকাৰ এই কবিতাসমূহ গীত চতুৰ্বেদীয়ে কৰা হিন্দী অনুবাদৰ পৰা অসমীয়ালৈ ভাঙনি কৰা হৈছে।

Popular Post

ঐতিহাসিক চিঠি