গল্পঃ শগুণ (The Vulture) / ফ্ৰানজ কাফকা

Posted by : translatorsassam
July 13, 2020

শগুণ (The Vulture)
মূলঃ ফ্ৰানজ কাফকা
অনুবাদঃ অংশুমান শইকীয়া



শৰীৰটোৱে কিছু সময়ৰ
বাবে বেলিটো ঢাকি ধৰিলে। তাৰ পাখিৰ কোবত চৌপাশৰ ধূলিকণাবোৰ বতাহত ব্যস্ততাৰে
নাচিবলৈ লাগিল। সৌৱা মোৰ সমুখত এক নিষ্ঠুৰ পক্ষী। ধুৱলী কুঁৱলী হৈ পৰা মোৰ চকুত
ভাঁহি উঠিল এটা প্ৰকাণ্ড শগুণ। ধপ ধপ…..
  ডেউকা কেইখন সজোৰে
কোবাই ছিন্ন বিছিন্ন হৈ পৰা মোৰ জোতাযোৰৰ কাষতে লাহেকৈ শগুণটো বহি পৰিল আৰু তাৰ
অৰ্ধ সমাপ্ত কৰ্মভাগী অৰ্থাৎ মোৰ ভৰিত তাৰ শক্তিশালী ধেনুভেৰীয়া ঠোঁটটোৰে
নিৰ্বিচাৰ প্ৰহাৰ কৰিবলৈ পুনৰাই আৰম্ভ কৰিলে। এইদৰে মোৰ অসহনীয় পীড়াক কিছুসময়
উপভোগ কৰি শগুণটো পুনৰাই আকাশলৈ উৰা মাৰিলে আৰু মোৰ মস্তকক কেন্দ্ৰ কৰি বৃত্তাকাৰে
ঘূৰিবলৈ লাগিল কিন্তু কিছু পৰৰ পাছত পুনৰাই নামি আহি নিজ কৰ্মত ব্ৰতী হল।

এনেতে কাষৰ বাটটোৱেদি আগুৱাই যোৱা পথচাৰীজন মোৰ দূৰাৱস্থা দেখি কোবাকোবিকৈ কাষ চাপি
আহিল। তেখেতৰ মনত অলেখ প্ৰশ্নৰ উদ্ৰেক ঘটিল। ” এইদৰে আপুনি
 
এটা শগুণৰ হাতত বন্দী হল কিদৰে?”- প্ৰশ্নটিত এক গভীৰ বিস্ময়ৰ সুৰ। “মই
নিসহায়”- তেখেতৰ প্ৰশ্নটিৰ এক সম্পূৰ্ণ বিপৰীত সুৰত মই উত্তৰ দিলোঁ।
“শগুণটোৱে মোক আগুৰি ধৰোঁতেই মই তাক আক্ৰমণ কৰিছিলোঁ, কিন্তু এই নিষ্ঠুৰ
প্ৰাণীটোৱে প্ৰত্যাক্ৰমন কৰি মোৰ মূৰত আঘাত কৰিবলৈ উদ্যত হল, শেষত উপায়ন্তৰ হৈ মই
নিজৰ ভৰিটোকেই আহুতি দিবলৈ থিৰ কৰিলোঁ”- শগুণটোৰ অদম্য সাহস আৰু তাৰ শক্তিৰ
প্ৰতি থকা সংশয় মোৰ মাতটোত ফুটি উঠিল।

“এটি মাথোঁ বন্দুকৰ গুলীয়েই যথেষ্ট, ইয়াক নিঃশেষ কৰিবলৈ”- এক গভীৰ
প্ৰত্যয়েৰে পথচাৰীজনে কলে ,”সঁচাকৈ?”- মোৰ বুকুখনত এটা আশাৰ ঢৌৱে খেলি
গ’ল। এনে লাগিল যেন তেওঁৰ চকুযুৰি এক অচিন আনন্দত তিৰবিৰাই উঠিল “আপুনি মাথোঁ
আধা ঘন্টা সময় অপেক্ষা কৰক, মই সাউৎকৈ ঘৰৰ পৰা বন্দুকটো লৈ আহোগৈ”,- এইদৰে কৈ
মানুহজন তীব্রতাৰে আঁতৰি গল।
 

এনেতে মোৰ শগুণটোলৈ দৃষ্টি পৰিল। এনে লাগিল যেন আমাৰ এই কথোপকথন সি বাৰুকৈয়ে বুজি
পালে। মোৰ মূৰৰ পৰা ভৰিলৈ এক তপত শোণিতৰ ধাৰা বৈ গল।

শগুণটোৱে পুনৰ আকাশলৈ উৰা মাৰিলে আৰু এক নিপুন যোদ্ধাই এৰি দিয়া বানৰ দৰেই উৰি আহি
মোৰ মস্তকত সজোৰে আঘাট কৰিলে, আৰু মোৰ ভাব হল যেন ক্ৰমশঃ সি মোৰ ৰক্তৰ উদ্গীৰণত
বুৰ গল, আৰু লগতে বুৰ গল মোৰ চৌপাশৰ প্ৰতিটো প্ৰান্ত আৰু গভীৰতা।
 
প্ৰশান্তি।
 

Popular Post

ঐতিহাসিক চিঠি