গল্পঃ শেষ গান / ড০ তেমচুলা আও

Posted by : translatorsassam
July 15, 2020

শেষ গান  (The Last Song)

মূলঃ Temsula Ao ( HOD, English,
NEHU)
 
উৎস গ্ৰন্থঃ
 THESE HILLS
CALLED HOME: Stories from a war zone.
 
অনুবাদঃ অৱনী বুঢ়াগোহাঁই
 





 
এনে লাগিছিল যেন এই সৰু ছোৱালীজনীৰ কেৱল গান গাবলৈকে
জন্ম
হৈছিল । তাইৰ মাকজনীয়ে প্ৰায়েই মনত পেলাইছিল
, তাই যেতিয়া কেচুৱা,
তাইক পিঠিত বোকোচা বান্ধি উৎসৱৰ দিনকেইটাত সমজুৱা গান চলি থকা
ঠাইবোৰলৈ তাইক লৈ যোৱাৰ কথা । যেতিয়াই গীতৰ অংশগ্ৰহণকাৰী দলটোৱে গাব ধৰে
, আৰু লাহে লাহে সিহঁতৰ কণ্ঠৰ শব্দ আৰু সুৰ সমলয়ৰ মাত্ৰা বাঢ়ি যায়,
তাইৰ পিঠিত বান্ধি ৰখা ছোৱালীজনীয়ে ইচাত বিচাত কৰিবলৈ আৰম্ভ কৰে
আৰু তাই নিজৰ ভাগে গানটো বিৰবিৰাবলৈ ধৰে
, কিন্তু সেই
শব্দবোৰ চিঞৰ আৰু কিৰিলিৰ দৰেহে শুনায় । যদিও তাইৰ কামটো মন ভাল লগোৱা
, পিছে তাইৰ অঙ্গিভঙ্গীয়ে অন্য দেখোতা আৰু ভাগ লওঁতাক বিৰক্তি আৰু আমোদৰ
খোৰাকো যোগায় । কেতিয়াবা এই বাবেই মাকজনীয়ে লাজত সেই স্থান পৰিত্যাগ কৰিব লগাও হয়
। যি কথাত মাকে এবছৰীয়া ছোৱালীজনীৰ ধৰণকৰণবোৰ স্বাভাবিক নহয় বুলি ভাবে
, কিন্তু আচলতে তাইযে এজনী সংগীতৰ বিৰল প্ৰতিভাক জন্ম দিছে সেয়াহে তাই
বুজি পোৱা নাছিল ।
 

যেতিয়া তাইৰ জীয়েক এপেন্য খোজ কাঢ়িব পৰা হ, মাতো ফুটিল, তাই
প্ৰতি দেওবাৰে জীয়েকক গীৰ্জালৈ লগত লৈ যায়
, যিহেতু কনমানিজনীক
ঘৰত অকলে এৰি যাব নোৱাৰি । বাকীবোৰ দিনত তাইক আইতাকৰ লগত ৰাখি তাই পথাৰলৈ যায়গৈ ।
কিন্তু আজিৰ দিনটোত ঘৰত কোনোৱেই নথকাত আৰু সকলোবোৰ সাজি কাছি গীৰ্জালৈ যোৱাত তাইকো
লগত লৈ ওলাল । গীৰ্জাত যেতিয়া সমাবেশ আৰম্ভ হ
ল আৰু
প্ৰাৰ্থনা গীত জুৰিলে
, এপেন্যইও
ৰৈ নাথাকিল আৰু যি চিৎকাৰ অথবা শব্দ তাই কণ্ঠৰ পৰা নিসৃত হ
ল তাক প্ৰাৰ্থনাৰ সুৰ সমলয়ৰ শব্দই যেনিবা ঢাকি ধৰিলে । কিন্তু যেতিয়াই
কোনো বিশেষ ধৰ্মগীত কোনোবাই গালে
, এপেন্যই লগে লগে গাই গ, আৰু মাকে অশান্তিত চাটিফুটি কৰি থাকিল । আগেয়ে দুই তিনিবাৰ এনেধৰণৰ
দেওবৰীয়া বিব্ৰত অৱস্থাৰ শেষত মাকজনীয়ে এপে
ন্য ডাঙৰ হৈ
লাজ মান বুজা নোহোৱালৈকে গীৰ্জালৈ যোৱাটোৱেই সম্পূৰ্ণ বাদ দিছিল ।
 

ঘৰতো এপেন্যই অকন শান্তিৰে থাকিলেহে ! নিজে
নিজে গুণগুণাই থাকিব
, অৰ্থহীন গান কিছুমান ৰচি গাই থাকিব,
যিটোত মাকে আমনিও পায় আৰু উদাস হৈও পৰে । তাই এতিয়ামানে
সম্পূৰ্ণকৈ বুজি উঠিছে যে তাইৰ জীয়েকে উত্তৰাধিকাৰ সূত্ৰে দেউতাকৰ পৰা আহৰণ কৰিছে
গান গোৱাৰ হেঁপাহ । তাইৰ দেউতাক ঘৰৰ পৰা আঁতৰত এদিন হঠাৎ অবিশ্বাস্যভাবে মৰি থাকিল
। তাইৰ দেউতাকৰ নাম আছিল ঝাম্বেন
, যি এটা সুৰীয়া কণ্ঠ
পাইছিল বিধাতাৰ দান হিচাবে
, লোকগীতি আৰু গীৰ্জাত খৃষ্টীয়
স্তুতিগীত গাইছিল । নাগা পাৰম্পৰিক গীতিবোৰ সাধাৰণতে বহু
ওখ চাপৰসুৰৰ সমষ্টিৰে গোৱা হয় আৰু সমূহীয়া
গায়নবোৰত
সুৰ সমলয়ৰ মূল প্ৰাধান্যতা
থাকে । সম্ভবত: লোকগীতবোৰৰ ওপৰত তেওঁৰ
 অভিজ্ঞতা
আৰু দক্ষতা থকা বাবে ঝাম্বেনে প্ৰাৰ্থনা গীতৰ নতুন সুৰবোৰ সহজেই আয়ত্ব কৰিব
পাৰিছিল আৰু সেয়ে অতি সোনকালে
গীৰ্জাৰ
গায়কদলৰ মাজত প্ৰধান পুৰুষ কণ্ঠ হিচাবে স্থান পালে । তেওঁ গাঁৱৰ স্কুলখনৰ শিক্ষক আছিল
আৰু মৃত্যুৰ সময়ত অসমৰ চহৰ এখনত শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত পাঠ্যক্ৰম এটা কৰি আছিল
। তেওঁৰ এদিন হঠাৎ অসুখ হ
ল আৰু নিজৰ গাঁওখনত খবৰ পাওঁতে
নাপাওঁতেই ইতিমধ্যে মৃত্যু হ
ল । তেওঁৰ ঘৰৰ পৰিয়ালৰ লোকে
তেওঁক চাবলৈ যোৱাৰ যো জা কৰোঁতেই
প্ৰশিক্ষণ
কেন্দ্ৰৰ বন্ধুবোৰে মৃতদেহ আনি ঘৰ পোৱালেহি । সেই সময়ত এপে
ন্য ন মহীয়া সন্তান । সেই সময়ৰ পৰা, মাকজনীৰ
অকলশৰীয়া সংগ্ৰামৰ আৰম্ভনি হ
, পথাৰত
খেতি খোলা কৰাৰ পৰা সৰু ছোৱালীজনীক তাই
ডাঙৰ
দীঘল কৰালৈকে । কেতিয়াবা কেতিয়াবা ভতিজাক
, নন্দেকহঁতে, তাইৰ ঘৰৰ মানুহবোৰে সহায়ৰ হাত আগবঢ়ায়, কিন্তু
বাঁৰী লিবেনীয়ে চেষ্টা কৰি থাকে ভাগ্য গঢ়িবলৈ
, তাইৰ
কণমানিজনী আৰু তাইৰ বাবে । ঘৰৰ আপোন মানুহবোৰে তাইক পুনৰ বিয়া হবলৈ খাটনি ধৰে যাতে
তাইক আৰু এপে
ন্যক এজনে চোৱা চিতা কৰি থাকিব পাৰে,
সুৰক্ষিত হৈ থাকিব পাৰে । কিন্তু সম্পৰ্কীয়
মানুহবোৰে যেতিয়া বাৰে বাৰে তাইক এই বিষয়টোত ভালদৰে গুণা গঁথা কৰিবলৈ কয়
, লিবেনীয়ে সেইবোৰ কথা একোকে নুশুনে । তাই কয় ভবিষ্যতে তেনেবোৰ কথা পুনৰ
যেন উলিওৱা নহয় । সেয়ে মাক আৰু জীয়েকে অকলেই জীৱন নিৰ্বাহ কৰি থাকিল
, পথাৰত যিখিনি উৎপন্ন হল সেইখিনি লৈয়েই ।
 

গাঁৱৰ স্কুলখনত এপেন্যই ঠিকমতে পঢ়া শুনা
চলাই গ
ল আৰু সবাতোকৈ উজ্বল ছাত্ৰী হিচাবে পৰিগণিত হল। যেতিয়া তাই তাঁত লগাবৰ সময়ত সূতা, শাল,
চেৰেকীৰ কামবোৰত মাকক
 সহায়
কৰিব পৰা জোখেৰে ডাঙৰ হ
, তাঁতখনত
ব্যস্ত মাকৰ কাষতে তাই বহেহি আৰু বিভিন্ন ৰঙৰ সূতাবোৰেৰে ৰঙীণ নাগা শ্বলবোৰ বৈ থকা
মাকক চায়
, যিবোৰ বজাৰত বেচি মাকে কিছু অধিক উপাৰ্জন কৰে।
লিবেনী সবাতোকৈ ভাল শিপিনী বুলি গোটেই গাওঁখনতে জনাজাত আৰু সেয়ে তাইৰ কাপোৰৰ
চাহিদাও বেছি । লাহে লাহে এপে
ন্যও মাকৰ পৰা সেই কলা
আয়ত্বলৈ আনিলে আৰু মাকৰ দৰেই তাই উৎকৃষ্ট বোৱনী বুলি জনাজাত হৈ পৰিল । একে সময়তে
,
তাইৰ গান গোৱাৰ প্ৰতি ধাউতিও বাঢ়ি আহিল । মানুহবোৰে সোনকালে বুজি
উঠিল যে তাই অকল গান গাবলৈ ভালপোৱাই নহয়
, তাই এক সুমধুৰ
কণ্ঠৰো গৰাকী । সেয়ে তাইক গীৰ্জাৰ গায়কৰ আছুতীয়া দলত লোৱা হ
ল যত তাই হৈ পৰিল সৰ্বোচ্চ স্বৰগ্ৰামত গাব
পৰা এক অগ্ৰণী কণ্ঠ । প্ৰতিবাৰেই যেতিয়া গায়ক দলে গীত পৰিবেশন কৰে
, তাইৰ কণ্ঠই এটা সাধাৰণ গীতকো স্বৰ্গীয় গীতৰ মহিমা প্ৰদান কৰে । সুৰীয়া
কণ্ঠই পাখিমেলাৰ লগে লগে তাইৰ সুষমামণ্ডিত দেহবল্লৰীয়ে ওঠৰ বছৰত সোমোৱাত এপে
ন্য ফুলপাহিৰ দৰে ফুলি উঠিল । তাইৰ স্বাভাবিক সৌন্দৰ্যক তাইৰ সুন্দৰ
কণ্ঠই তুলি ধৰিছিল
, সেয়ে তাইক গাঁৱত মৰমতে সকলোৱে
“সৌন্দৰ্যময়ী গায়িকা” বুলি মাতিছিল । লিবেনীৰ আনন্দই পাৰ নোপোৱা হৈছিল ।
তাই সুখী এই বাবেই যে অতদিনৰ একাকীত্ব আৰু দেহা মাটি কৰা পৰিশ্ৰমৰ অন্তত
, প্ৰভুৱে তাইক গুণ আৰু সুন্দৰতাৰে ভৰা জীয়েক জনীক উপহাৰ দিলে ।
 

এটা বিশেষ বছৰত গাঁৱৰ সকলো মানুহৰ মাজত এক ওখলমাখল
পৰিস্থিতিৰ সৃষ্টি হ
ল কাৰণ অনাগত ছমাহৰ ভিতৰত এটা লেখত
লবলগীয়া অনুষ্ঠান আহিব ধৰিছে আৰু সেয়া হ
ল নতুনকৈ সজা
গীৰ্জাটোৰ উছৰ্গাৰ শুভ কৰ্মফেৰা । প্ৰতিজন গীৰ্জাৰ সদস্যৰ দান বৰঙণিৰ ওপৰিও
শ্ৰমদানেৰে সাজিবলৈ
 লোৱা এই
প্ৰাৰ্থনাগৃহ সাজোতে প্ৰায় তিনিবছৰ লাগিল । এই গীৰ্জাটো টিনৰ ছাউনি কৰা আৰু
গাঁথনিৰ জঁকাটো
 সম্পূৰ্ণ কাঠৰ, আগৰটোৰ দৰে খেৰ আৰু বাঁহৰ নহয় । 

প্ৰতি ঘৰৰ মাইকীমানুহবোৰে পৰিয়ালৰ সকলোলৈকে নতুন সাজপোছাক
তৈয়াৰ কৰিছে
, মতামানুহবোৰলৈ নতুন শ্বাল, ছোৱালীবোৰলৈ স্কাৰ্ট আৰু মহিলাৰ বাবে লুঙী জাতীয় পোছাক । গোটেই গাঁওখনক
এই উপলক্ষে পৰিপাটী আৰু চকচকীয়া কৰি তোলা হৈছে
, বিশেষকৈ
ওচৰৰ গাঁওবোৰৰ পৰা সেইদিনা বিশিষ্ট পেস্টৰসকলক নিমন্ত্ৰণ জনোৱা হ
ল গীৰ্জাৰ উৎসৰ্গ অনুষ্ঠানৰ বাবে । ভোজৰ বাবে দুটামান গাহৰি নিলগাই ৰখা
হৈছে আৰু সিহঁতক মঙহেৰে গা ধৰিবলৈ
, বিশেষ খাদ্য দিয়া হৈ
আছে । ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত এই কাম ভাগ কৰাৰ পৰিকল্পনা কৰা হৈছে
, তেতিয়ালৈ ধান চপোৱা কামো শেষ হৈ যাব আৰু স্বাভাবিকতে অহা
বৰদিন
উৎসৱতো কোনো প্ৰভাব নপৰিব । গাঁৱৰ মানুহখিনিয়ে উদ্দীপনাৰে সৈতে প্ৰাৰম্ভিক কামবোৰ
কৰি গ
ল আৰু তাৰে কোনোবাই আনন্দত কলে যে এইবাৰ
ৰাইজে দুটাকৈ খৃষ্টমাচত অংশগ্ৰহণ কৰিব পাৰিব !
 

এই সময়খিনি কিন্তু নাগাসকলৰ বাবে উদ্বিগ্নতা আৰু
সমস্যাবহুল সময় আছিল । স্বাধীনতাৰ আন্দোলন পূৰা জোৰেৰে চলি আছিল আৰু দিনক দিনে
বাঢ়ি গৈছিল
, আনকি বহু ভিতৰৰ গাঁওসমূহো ইয়াৰ সতে জড়িত হৈ পৰিছিল,
দেখ দেখকৈ নহলেও, আত্মগোপনকাৰী সংগঠনৰ
সৈন্য হবলৈ সভ্য ভৰ্তি হোৱা
, আৰু আত্মগোপনকাৰী
“চৰকাৰ”ক “টেক্স” দিয়া ইত্যাদিৰে । এই গাঁওখনো কোনো বেলেগ
নাছিল । তেওঁলোকক বাধ্য কৰোৱা হৈছিল প্ৰত্যেক বছৰ দিবলগীয়াখিনি দিবৰ বাবে
, টকা নিৰ্ধাৰণ কৰা হৈছিল সৰ্বমুঠ গাঁৱৰ পৰিয়ালৰ ওপৰত ভিত্তি কৰি । আচৰিত
কথাটো হ
, এই সংগৃহিত ধনখিনি
দিব লাগিব
 বৰদিনৰ বন্ধৰ
আগে আগে
,
সেয়া সম্ভৱত: এই বাবেই, কাৰণ ধন
সংগ্ৰহকাৰীৰ ঘূৰাপকা
শীতৰ
জংঘলৰ মাজে মাজে সুবিধাজনক অথবা হয়তো তেওঁলোকেও খৃষ্টমাছ পালন কৰিব খোজে ! যিয়েই
নহওক
,
গাঁৱৰ মানুহে তেওঁলোকৰ জংঘলৰ ককাই-ভাইকেইটাৰ বছেৰেকীয়া আগমনৰ
প্ৰতীক্ষাত থাকে আৰু দেনা-পাওনাৰ কামখিনি সুকলমে হৈ যায় ।
 

এইবছৰ, আগৰবোৰ বছৰৰ দৰে সহজ
নাছিল । আত্মগোপনকাৰীৰ লুকাই থকা জেগাত অলপতে হৈ যোৱা আচম্বিত তালাচীত
, অঞ্চলটোৰ ধনসংগ্ৰহৰ নথিপত্ৰ চৰকাৰী বাহিনীয়ে উদ্ধাৰ কৰে আৰু পণ কৰে যে
সকলোবোৰ গাঁৱকে এটা ভাল “শিক্ষা” দিব লাগিব বিদ্ৰোহীক
“সমৰ্থন” কৰা আৰু “টেক্স” দিয়াৰ পৰিণতি হিচাবে । মানুহবোৰ
অন্ধকাৰত থাকোতেই
, সৈন্যবাহিনীয়ে এক বিভীষিকাময় অভিসন্ধিক
উমনি দিলে
, সমগ্ৰ নাগা লোকসকলক এইটোকে দেখুৱাবলৈ যে তোমালোকে যেতিয়া নিজৰ চৰকাৰক বিশ্বাসঘাটকতা কৰিবা তাৰ ফল কি ভয়াবহ হব
পাৰে
। এয়াও ঠিক কৰা হল যে
আৰ্মি সেই নিৰ্দিষ্ট গাঁওখনলৈ যাব
, যিদিনাখন সিহঁতে নতুন
গীৰ্জাঘৰটো ভগবানৰ নামত উছৰ্গা কৰিব আৰু তেতিয়াই মুৰব্বীসকলে আত্মগোপনকাৰীহঁতক
টেক্স দিয়াৰ “অপৰাধ”ত গ্ৰেপ্তাৰ কৰা হব।
 

ইফালে, গাঁৱৰ ৰাইজ সেই নিৰ্দিষ্ট
দেওবাৰটোৰ আগতে সীমাহীন ব্যস্ততাত ডুব গৈছিল
, আনন্দেৰে
ঘৰৰ সকলো বয় বস্তু মচি মেলি চকচকীয়া কৰিছিল
, বিশেষকৈ
অভ্যাগতসকলৰ বাবে আছুতীয়া ঘৰটো সজাইছিল । উছৰ্গাৰ দিনৰ দেওবাৰটো আছিল শান্ত
,
পোহৰে পুৱাটোলৈ অনেক উজ্বলতা কঢ়িয়াই আনিছিল ।
 

ডিচেম্বৰৰ পুৱা ।
প্ৰত্যেকজন গাঁৱৰ মুনিহ তিৰোতাই তেওঁলোকৰ সৰ্বোত্তম পোছাকযোৰ পিন্ধি আহি নতুনকৈ সজা
গীৰ্জাঘৰটোৰ সমুখত আহি থিয় হ
লহি । পুৰণি গীৰ্জাটো নতুনটোৰ লগতে,
একেটা স্থানতে অলপ ইফাল সিফাল । মানুহবোৰে,
পুৰণিটোৰ
বিষয়ে যে ইয়াক কিহৰ বাবে ব্যৱহাৰ কৰিব
,তেনে
একো সিদ্ধান্ত লোৱা নাই । অন্তত: নতুন গীৰ্জাৰ অনুষ্ঠান শেষ নোহোৱালৈকে ৰ
ব । সিদিনা ৰাতিপুৱা গায়কৰ দলটোৱে নতুন গীৰ্জাৰ আগচোতালত জুম বান্ধি ৰৈ
আছে । ধৰ্মগীত গোৱা দলটোৰ বাবে গৃহটি
নিয়মৰ
মাজেৰে
মুকলি কৰিবলৈ গান
গোৱাৰ দায়িত্ব ৰ
ল । 
তাৰ পাচতেই নতুন গৃহত সকলোৱে পদাৰ্পণ কৰিব । মুখ্য গায়িকা
হিচাবে এপে
ন্যই প্ৰথম শাৰীৰ মাজত ৰৈ আছে এক প্ৰোজ্বল
দ্যুতিময়তাৰে নতুন লুঙী আৰু ৰঙীন শ্বল গাত পিন্ধি । গায়কবৃন্দৰ সমবেত গীতি শেষ
হোৱাৰ পাচত তাই অকলশৰে সভামণ্ডপত গীত পৰিবেশন কৰিব । যিসময়ত পেস্টৰে গীৰ্জালৈ অহা
সকলোকে আগবঢ়াই লৈ গৈছিল প্ৰভুৰ সহায় বিচাৰি কৰা প্ৰাৰ্থনাৰ বাবে
, এটা কাঁহ পৰি জীণ যোৱা অৱস্থা ।
সকলোকে
সাৱটি ধৰিলে
এক চুম্বকীয় আগ্ৰহে
সমগ্ৰ ঠাইটুকুৰাত । গাযকৰ দলৰ প্ৰথম প্ৰাৰ্থনাগীত আৰম্ভ হব এতিয়া । সমূহ লোকে আশাৰে
বাটচাই থকা গীতটো ঠিক আৰম্ভ হোৱাৰ মুহূৰ্ততে দূৰত বন্দুকৰ গুলী মৰাৰ শব্দ হ
ল । এইটো যেন এটা অমঙ্গলীয়া শব্দ, যিটোৱে
বুজাই গ
ল আৰ্মিয়ে হয়তো আনন্দোৎসৱৰ আনন্দকণ মাটি কৰি
পেলাবলৈ উদ্যত হৈছে ।
 

কিন্তু অকণো বিচলিত নোহোৱাকৈ গায়কদলৰ গীত আৰম্ভ হল যদিও ৰাইজৰ মাজৰ পৰা অস্বস্তিকৰ ফুচফুচনিৰ শব্দ শুনা গল । পেস্টৰকো বেছ চিন্তিত দেখা গল আৰু
পুৰোহিতজনৰ নিম্নস্থ মানুহজনৰ সৈতে তেওঁ কিবা আলোচনা কৰি থাকিল ।
 যিসময়তে
ধৰ্মগীতিৰ অন্ত পৰিল
, ঠিক তেনে সময়তে সম্পূৰ্ণ গাঁওখনৰ ইমূৰ
সিমূৰ জুৰি বন্দুকৰ শব্দই গুমগুমাই উঠিল । দোবাচিজনে ভয় আৰু উত্তেজনাত থৰ থৰকৈ
কঁপি মানুহবোৰক যি যতে আছে তাতে থাকিবলৈ ক
লে আৰু পলাবলৈ
অথবা যুঁজ কৰিবলৈ মানা কৰিলে । চাৰিওফালে মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰিলে ।
গীৰ্জাৰ সমাবেশ যতে আছিল তাতে থৰ লাগিল আৰু বিশ্বাস কৰিব নোৱাৰিলে যে সিহঁতৰ
হেঁপাহৰ ধৰ্মীয় সমাবেশৰ অনুষ্ঠানক ভাৰতীয় সৈন্যৰ আগমনে এনেদৰে ভয়াবহতাৰে অপবিত্ৰ
কৰি তুলিব পাৰে ।
 
. 
অতি তীব্ৰতাৰে ওচৰ চাপি আহি থকা সৈন্যবোৰে মানুহৰ জুমটোক ঘেৰি
পেলালে আৰু পেস্টৰক গাওঁবুঢ়া সকলৰ লগতে নিজৰ পৰিচয় দিবলৈ ওচৰলৈ আহিবলৈ নিৰ্দেশ
দিয়া হ
ল । কিন্তু কোনোবাই কিবা কৰাৰ আগতেই, এপেন্যই তাইৰ অকলে গাব লগা গীতটো চিঞৰি চিঞৰি
গাবলৈ আৰম্ভ কৰিলে । লগে লগে
ছোৱালীজনীৰ
সাহস অথবা মূৰ্খামীৰ কথাত সেও নামানি আৰু এনেকৈ অকলশৰীয়াকৈ তাইক এৰি নিদি
, গোটেই দলটোৱে একে কণ্ঠেৰে গীত জুৰিলে । এই ব্যৱহাৰত সৈন্যবোৰ ক্ৰুদ্ধ
আৰু উন্মাদ হৈ পৰিল
, কাৰণ এইটো এটা দেখ দেখকৈ প্ৰকাশ্য
অবাধ্যতা আৰু নিশ্চয় প্ৰতিশোধৰ যোগ্য । সিহঁতে পেস্টৰজন আৰু গাওঁবুঢ়াসকলক ঠেলি
ঠেলি গতিয়াই গতিয়াই বন্দুকৰ কুন্দাৰে খুন্দিয়াই গীৰ্জাৰ খটখটিৰ তলত ৰৈ থকা জীপখনৰ
ফালে লৈ গ
ল । গাঁৱৰ মানুহবোৰৰ কেইটামানে সৈন্যবোৰৰ সৈতে
তৰ্কত লিপ্ত হৈছিল সেয়ে সিহঁতক ভৰিৰে গুৰিয়াই আঘাট কৰা হ

। লগৰ দোবাচিজনে ক্ষীণ প্ৰচেষ্টা এটা আৰম্ভ কৰিছিল যাতে এনে ধৰণৰ বেয়াৰ পৰিস্থিতি
নহওক কিন্তু তেওঁৰ কথা শুনিবলৈ মানুহ নাছিল আৰু সৰহ মানুহৰ জুমটো ভয় আৰু
 খঙত
চাৰিওফালে সিঁচৰতি হৈ দৌৰিবলৈ আৰম্ভ কৰিলে । দেখা গ
ল গায়কসকলৰ
কিছুমানে গীত গোৱা ঠাই এৰি
, নিৰাপদ আশ্ৰয় অভিমুখে দৌৰিছে।
কেৱল প্ৰস্তৰ মুৰ্তিৰ দৰে এপে
ন্য থিয় হৈ থাকিল, তাই গাই থাকিল অন্যমনস্ক আৰু অচেতন হৈ, যেন
কোনোবা অদৃশ্য শক্তিয়ে তাইৰ ওপৰত ভৰ কৰি বাট দেখুৱাই নি আছে । তাইৰ মাকে বাকীবোৰ
ধৰ্মসভালৈ অহা লোকৰ লগত থিয় দি আছে আৰু প্ৰাণখুলি গাই থকা জীয়েকলৈ চাই যেন অনুভৱ
কৰিছে বন্দুকৰ শক্তিৰ বিৰুদ্ধে তাইৰ কণ্ঠ পৃথিৱীৰ পৰা আৰোহন কৰি কৰি ঈশ্বৰৰ ওচৰ
পাইছেগৈ । মাকে তাইক গীত গোৱা বন্ধ কৰিবলৈ কৈছে যদিও দেখি এনে লাগিছে যেন
এপেন্যই একো দেখা নাই, একো শুনা নাই। অৱশেষত মৰো
জীওঁ সো আধিকৈ লিবেনীয়ে দৌৰি গৈ তাইক আঁজুৰি আনিব ধৰোতেই
, আৰ্মিৰ মুখ্য বিষয়াজনে তাইতকৈ আগতেই এপেন্যৰ
সমীপত ৰ
লগৈ । সি এপেন্যক তাইৰ
চুলিকোচাত মুঠি মাৰি ধৰি লৈ মুখত এক স্মিত বিহ্বলতা সানি ভীৰৰ পৰা চোঁচৰাই চোঁচৰাই
পুৰণি গীৰ্জাঘৰটোৰ ফালে লৈ গ
ল । মানুহবোৰে শুনিলে
তাই
অনবৰতে সেই সময়খিনিতো সমবেত গীতটোকে একেৰাহে গাই আছে । চাৰিওফালে প্ৰকাণ্ড খেলিমলিৰ
অৱস্থা । যিবোৰ গাঁৱৰ মানুহে ঘটনা ঘটা ঠাইৰ পৰা পলোৱাৰ চেষ্টা কৰিছিল সিহঁত হয় বন্দুকৰ
গুলী খাইছিল
, নহয় চাৰিওফালে থকা সেনাবোৰে গুৰিয়াই লঠিয়াই আধামৰা
কৰিছিল । গীৰ্জাৰ পেস্টৰ (পালক) আৰু গাওঁবুঢ়াহঁতক ৰচীৰে কচি কচি বান্ধি
হেডকোৱাৰ্টাৰলৈ নিবলৈ ৰাখি থৈছিল য
ত পৰিণতি কি হব ভাগ্যৰ
ওপৰত নিৰ্ভৰ কৰিছিল । অতি নিদাৰুণভাবে মানুহবোৰ অলৈ তলৈ দৌৰি ফুৰিছিল
, তাৰে কিছুমানে পুৰণি গীৰ্জাটোত পৰিত্ৰাণ পাবলৈ সোমাইছিল আৰু কিছুমানে
নতুন গীৰ্জাত এই আশাত সোমাইছিল যে ভগবানৰ এই নতুন ঘৰে সেনাৰ অত্যাচাৰৰ পৰা সিহঁতক
বচাব। লিবেনী বলিয়াৰ দৰে হৈছিল ।
  চিঞৰি
চিঞৰি জীয়েকজনীৰ নাম কাঢ়ি কাঢ়ি তাই বিচাৰি ফুৰিছিল সেই দিশৰ ফালে
, যিফালে তাইক চোঁচৰাই লৈ যোৱা শেষ বাৰৰ বাবে সৈন্যৰ কেপ্টেইনক দেখিছিল ।
অৱশেষত তাই যেতিয়া সেই ঠাইটুকুৰা পালেগৈ
, তাত যিটো দৃশ্য
তাই দেখা পালে তাইৰ পেটৰ নাড়ী পাক খাই আহিল ।
 


সেই ডেকা কেপ্টেইনটোৱে এপেন্যক বলাৎকাৰ
কৰি আছে আৰু আন কেইটামান সৈন্যই ঘটনাৰ দৃশ্য উপভোগ কৰি আছে ।
সিহঁতে
নিজৰ নিজৰ পালৰ বাবেও যেন অপেক্ষাত আছে । মাকজনীয়ে যিখিনি চকুৰে দেখিলে তাই
অত্যন্ত উত্তেজিত হৈ
বন্যপ্ৰাণীৰ দৰে
গোঁজৰণি তুলি খেদা মাৰি গ
ল যেন তাই তাইৰ ছোৱালীজনীৰ ওপৰত উঠি থকা
মানুহটোক চোঁচৰাই লৈহে আনিব
,
কিন্তু এটা সৈন্য আহি তাইক সাৱট মাৰি ধৰিলে আৰু তাৰ শক্তিশালী হাত
দুখনেৰে
তাইক তললৈ নমাই
আনি মজিয়াত হেঁচি ধৰিলে । সি তাৰ পেন্ট উন্মুক্ত কৰি ললে । লিবেনিয়ে ঠাৱৰ কৰিব
পাৰিলে যে পাচ মুহূৰ্তত কি হবলৈ গৈ আছে আৰু সেয়ে তাই সৈন্যটোৰ মুখত পৰাকৈ থু পেলাই
দি
তাৰ হাতৰ মুঠিৰ পৰা পাক এটা মাৰি পলাই যোৱাৰ
চেষ্টা চলালে । তাইৰ এনে কাৰ্য্যই বৰঞ্চ তাক আৰু বেছিহে উত্তেজিত কৰি তুলিলে। সি
তাইৰ
চুলিত ধৰি মূৰটো তলৰ মজিয়াত জোৰে জোৰে থেকেচি থাকিল । তাই অচেতন হৈ যোৱাত তাইৰ শিথিল
হোৱা দেহটোৰ সতে বলাৎকাৰ কৰি থাকিল
, আৰু ওচৰতে পেলাই থোৱা
তাইৰ নতুন লুঙীখন লৈ ব্যৱহাৰ কৰি দূৰলৈ দলিয়াই গুচি গ
ল।
ওচৰতে থকা সেনাৰ দলৰ এটা এটাকৈ তাইৰ ওপৰত উঠিল
, নামি গল ।
চতুৰ্থটো
তাইৰ ওপৰত উঠোতে তাই ইমানপৰে মৃতদেহলৈ ৰূপান্তৰিত হৈ পৰিছিল । এপে
ন্য যদিও বৰ বেছিকৈ ক্ষত বিক্ষত হৈছিল, হতবুদ্ধি
হৈ গৈছিল
, কি কৰিব কি নকৰিব তাৰ একো উমান পোৱা নাছিল……
কিন্তু অন্তত: জীয়াই আছিল ।
 
সৈন্যবোৰক চাৰিআলিটোৰ
ফালে আঁতৰি যোৱা দেখি যেতিয়া
গাঁৱৰ
কিছুমান মানুহে
পুৰণি গীৰ্জাটোত সোমাইছিল, মাক জীয়েকৰ অৱস্থা দেখি সহায় কৰাৰ ইচ্ছা কৰিছিল । সিহঁত দুজনীৰ শিথিল
দেহা দুটা দাঙিবলৈ লওঁতেই কেপ্টেইনটোৱে ঘূৰি চাইছিল আৰু দেখিলে যে সিহঁতৰ ঘৃণনীয়
কামৰ প্ৰতক্ষদৰ্শী ওলাইছে । সি সৈন্যবোৰৰ দিশে ঘূৰি
, মাক-জীয়েকৰ
দেহা দাঙি লোৱা মানুহখিনিৰ ওপৰত নিৰবচ্ছিন্ন ভাবে গুলী চলোৱাৰ আদেশ দিলে । ক্ৰন্দন
,
ধোঁৱা, চীৎকাৰ আৰু শব্দৰ মাজত মানুহবোৰে
দেহা দুটা পুনৰ মজিয়াতে থৈ নিৰাপত্তা বিচাৰি গীৰ্জাৰ অভ্যন্তৰলৈ গ
লগৈ ।
 

অলপ সময়ৰ আগতে ঘটা লাম্পট্য আৰু যৌন ব্যাভিচাৰ কৰা
ঠাইটুকুৰালৈ ঘূৰি আহি কেপ্টেইনটোৱে দেখিলে দুজনী মানুহৰ কুন্ধচ আৰু ভীতিসঞ্চাৰ কৰা
দেহ দুটা পৰি আছে । সি তাৰ অধস্তন কৰ্মচাৰীক চিঞৰি মাতি আদেশ দিলে পুৰণা গীৰ্জাৰ
সমুখৰ চোতালত মৃতদেহ দুটা পুতি পেলাবলৈ । তাৰপাচত সিহঁতক আদেশ দিলে গীৰ্জাটোৰ
চাৰিওফালে অৱস্থান লবলৈ আৰু কেপ্টেইনৰ ইংগিতত ঘৰৰ ভিতৰলৈ গুলিয়াই সম্পূৰ্ণ
বন্দুকবোৰৰ গুলী মাৰি বন্দুক খালি কৰি পেলাবলৈ । আঘাটপ্ৰাপ্ত
আৰু
মৃতপ্ৰায় মানুহবোৰৰ চিঞৰে প্ৰমাণ কৰিলে যে ঈশ্বৰৰ গৃহটোৱেও সিহঁতক কোনো নিৰাপত্তা দিব
নোৱাৰিলে আৰু উন্মাদ সৈন্যবোৰৰ বুলেটৰ পৰা সিহঁতক বচাব নোৱাৰিলে । অনতিদূৰৰ
ঠাইবোৰতো তেনেধৰণৰ অত্যাচাৰ ঘটি থাকিল । তথাপিও বৰ্বৰতা আৰু পাশবিক কাৰ্য্যই শেষ
হোৱাৰ নাম নললে । গীৰ্জাঘৰটোৰ ভিতৰত থকা ঘটনাৰ সাক্ষীবোৰক মাৰিবলৈ বহু সময় আৰু বহু
বুলেটৰ প্ৰয়োজন হ
ব বুলি ভাবি, আদেশ
দিয়া হ
ল সম্পূৰ্ণ গীৰ্জাঘৰটোকে জ্বলাই দিবলৈ । চিঞৰি,
জোৰেৰে আটাহ পাৰি কেপ্টেইনটো বলিয়াৰ দৰে হৈ পৰিছিল । সি
 সহকাৰী
সামৰিক অফিচাৰজনৰ পৰা থাপ মাৰি জুইশলাৰ বাকচটো আনি কামত লাগি গ
ল । কিন্তু গম পালে তাৰ হাতখন ঠিৰেৰে ৰাখিব পৰা নাই; কঁপিছে, আৰু তাৰ অনুভৱ হৈছে যেন সি এতিয়াও
শুনি আছে তাইৰ কণ্ঠৰ নিগৰি পৰা সুৰ
, যি সময়ত তাইৰ যুবতী
দেহাটোক সি ধুমুচৰ দৰে খুন্দি আছিল
,
এতিয়া চাৰিওফালে সকলো সময়তে তাইৰ অদৃশ্য চকুজোৰ যেন তাৰ গালমুখে লাগি
ধৰিছে । সি মাটিত হামখুৰি খাই পৰিল
,
সৈন্যবিলাক ইফাল সিফালকৈ আঁতৰিল কিন্তু দুগুণ খঙেৰে সিহঁতক হুকুম দিলে
। পুৰণি গীৰ্জাটো জুয়ে গিলি পেলালে আৰু তাৰ ভিতৰত থকা মৃত আৰু অৰ্দ্ধমৃত দেহাবোৰ
চিনিব নোৱাৰা এটা ক
লা স্তুপলৈ পৰিণত হল । নতুন গীৰ্জাটোও, যিটো পুৰণিটোৰ প্ৰায়
ওচৰতে আছিল
, তাকো জুয়ে সামৰি ললে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত
কৰিলে । গাঁওখনৰ বিভিন্ন ঠাইৰ
ধানৰ
ভড়ালবোৰত প্ৰথমেই জুই লগাই দিয়া হ
ল । জ্বলি থকা ধানৰ
ভড়াল ঘৰবোৰৰ পৰা জ্বলা খেৰৰ মুঠি বতাহত উৰি যাব ধৰিলে আৰু এনেদৰে গৈ থুপ খাই থকা
চুবুৰীবোৰত পৰিলত
ঘৰবোৰ
জ্বলি উঠিল আৰু মাটিৰ ওপৰত ছাইৰ অৱশিষ্ট হৈ পৰি ৰ
ল । 

যিসময়ত লুণ্ঠনকাৰী সৈন্যদলে সিহঁতৰ বন্দীবোৰক লৈ গাঁও
এৰিছিল
,
তেতিয়া আন্ধাৰ নামিছিল, আৰু ভূতৰ ওপৰত
দানহ পৰাদি বৰষুণ পৰিছিল লেথাৰি নিচিগাকৈ । পেস্টৰ আৰু গাঁওবুঢ়া চাৰিজনক নধৰিলেও
কিমান পুৰুষ কিমান তিৰোতা হেৰাল তাক কব পৰাটো অসম্ভব হৈ পৰিছিল । ভগবানৰ কৃপাত
অন্য ঠাইৰ পৰা অহা পেস্টৰসকলক খতি খুন নোহোৱাকৈ এৰি দিয়া হৈছিল
, যেতিয়া সিহঁতে গম পাইছিল যে তেওঁলোক এই গাঁওখনৰ নহয়। পিচে তেওঁলোকক
অনতিপলমে গাঁওখন এৰি যাবলৈ কোৱা হ
ল আৰু কাঢ়াকৈ সঁকিয়নি
দিয়া
 ল যে যদিহে কেনেবাকৈ
ইয়াত হোৱা ঘটনাটোৰ বিষয়ে মুখ খোলে
, তেন্তে সেই একে
অৱস্থাই তেওঁলোকৰ গাঁওবোৰতো হ
ব । পাচৰ দিনা ৰাতিপুৱাহে
হেৰোৱা মানুহবোৰৰ সন্ধানত বিচৰা কাৰ্য্য আৰম্ভ হ
ল ।
তেওঁলোকে গম পালে যে হেৰোৱা মানুহবোৰৰ ভিতৰত এপে
ন্য আৰু
তাইৰ মাকো আছে । যেতিয়া পোৱা নোপোৱাবোৰ মিলাই চোৱা হ
,
এই কথা গম পোৱা গল যে বেছিভাগ মানুহ
গুলীৰ দ্বাৰা অথবা অতিবেছি মাৰপিট কৰাত আঘাটপ্ৰাপ্ত হৈছে । গায়ক দলৰ ছজন মানুহৰ
কতো উমঘাম নথকাৰ বাবে হিচাবত নাহিল। গীৰ্জাৰ ওচৰতে বাস কৰা বুঢ়ী এগৰাকীয়ে কলে যে
তেওঁ ভালেমান মানুহক পুৰণি গীৰ্জাটোৰ ফালে দৌৰা দেখা পাইছিল ।
 

যেতিয়া গাঁৱৰ অনুসন্ধানকাৰী
দলটো
 জ্বলি
পুৰি শেষ হোৱা পুৰণি গীৰ্জাটোৰ ওচৰ পালেহি
, তেওঁলোকে ভয় কৰা
সন্দেহটো সঁচালৈ ৰূপান্তৰিত হ
ল । বৰষুণত জেপজেপিয়া হৈ
তিতি থকা জ্বলি যোৱা গীৰ্জাটোৰ ছাইবোৰৰ মাজত মানুহৰ হাড়ৰ দ
ম আৰু নিশাৰ বৰষুণে সেইবোৰ পখালি থৈছে । আৰু পুৰণি গীৰ্জাৰ সমুখৰ চোতাল
বুলি কোৱা ঠাইটুকুৰাত
বিচাৰি পালে
অন্য এটা দ
ম । দমটোত লাগি থকা এপেন্যৰ নতুন শ্বলখনৰ অংশবিশেষ, এতিয়াও পাক খাই
লাগি ৰৈছে দুডালমান জ্বলি ছাই হৈ যোৱা হাড়ৰ মাজত । মাক আৰু জীয়েক হয়তো তাতে পৰি
ৰৈছিল । দলটোৱে ছজন গায়কদলৰ লোকৰ অস্থিবোৰ বিচাৰি গোটাই এটা কফিনত ভৰালে । কিন্তু
মাক আৰু জীয়েকৰ অস্থিবোৰ অন্য এটা কফিনতহে ভৰালে । এনেদৰে এক বিষন্ন আৰু ধৰ্মীয়-গীতি
নোগোৱা মৃতকৰ কাৰ্য্য সমাপন হ
ল। এতিয়া প্ৰশ্ন হল কত তেওঁলোকক কবৰ দিয়া হব । যদিও বহু দিনৰ আগতেই গোটেই গাওঁখনেই খ্ৰীস্ট ধৰ্মত দীক্ষিত হৈছিল,
তথাপিও কিছুমান পুৰণি অন্ধবিশ্বাস আৰু ৰীতি নীতি এৰি দিব পৰা
 নাছিল
। এই দুৰ্ভগীয়া লোকসকলৰ মৃত্যু অস্বাভাবিক কাৰণৰ বাবে
, আৰু সেয়ে পুৰণি ৰীতি মতে গাৱঁৰ সমাধিক্ষেত্ৰত সৎকাৰ কৰিব নোৱাৰি;
খ্ৰীস্ট ধৰ্মৰ হওকে বা নহওক । কেইটামান ডেকা লৰাই কলে :কিয়
তেনেকৈ কৈছা
? তেওঁলোক আমাৰ গীৰ্জাৰ সদস্য আৰু গায়কদলৰ
এজন
। বুঢ়াকেইজনে প্ৰত্যুত্তৰত কলে। তাতে কি হ? আমি
এতিয়াও নাগা হৈয়ে আছো
, হয়নে নহয় ? সেয়ে আমাৰ বাবে কিছু বস্তু কোনোকালে সলনি নহয় ।
 

এনেদৰে ওখনাওখনি চলাৰ পাচত এটা নিৰ্দিষ্ট বুজাবুজিত আহিবলৈ
সকলো সন্মত হ
ল । মৃতসকলক সমাধিক্ষেত্ৰৰ বাহিৰৰ কাষতে কবৰ দিয়া হব। সেয়া এইবাবেই যে একে
লগৰ গঞা হিচাবে কোনো হাবি জংঘললৈ নিনিয়াকৈ সমাধিক্ষেত্ৰৰ ওচৰতে ঠাই দিয়া হ
ল । কিন্তু এটা নিয়ম কৰা হল যে কোনো
সমাধিশিলা সেই ঠাইত তাত পোতা নহ
ব ।
 
আজি সেই সমাধি দিয়া ঠাইখিনি দুটা সৰু সৰু হাবি বনেৰে ঢকা
মাটিৰ ঢিপ
, গাঁৱৰ সমাধিক্ষেত্ৰৰ সীমাৰ বাহিৰত আৰু কোনোবাই যদি
গাঁওখনৰ ইতিহাসৰ লগত অৱগত নহয়
, বিশেষকৈ ত্ৰিশ বছৰৰ আগৰ
সেই ভয়াবহ দেওবাৰটোত কি হৈছিল
, তেনেহলে এই ওখ হৈ থাকিবলৈ
চেষ্টা কৰা ঢিপ দুটাৰ বিষয়ে একোৱেই গম নাপাব । ওচৰৰ মাটিখিনিয়ে সেই ঢিপ দুটাক
এদিনাখন নিজৰ বুকুত সামৰি লব অথবা ঢিপৰ তলৰ মাটিখিনি চিৰাল ফটাদি ফাটি
, ছাই হৈ যোৱা হাড়বোৰ মুকলি কৰি পেলাব। কোনেও নাজানে কি হ,
সমাধিশিলা নথকা এই কবৰ
দুটাৰ নাইবা পবিত্ৰ সমাধিক্ষেত্ৰৰ ভিতৰৰ বুলি কোৱা নিয়মিত সমাধিবোৰৰ
, ত দমাই থোৱা অজস্ৰ হাড়ৰ, যিসকলৰ “
 স্বাভাবিক”
মৃত্যু হোৱা বুলি কোৱা হৈছিল । কিন্তু ঘাঁহ-বনেৰে ভৰা সেই ঢিপ দুটাৰ তলত সোমাই থকা
কাহিনীটো
,
বিশেষকৈ যুৱতীজনীৰ, যাৰ শেষ গানটো তাইৰ
উশাহৰ লগে লগে শেষ হৈছিল
, আজিও জীয়াই থাকিবলৈ ভাগ্যবান
হোৱা গাঁৱৰ মানুহবোৰৰ অন্তৰে অন্তৰে সেই ঘোৰ অন্ধকাৰ ছবিখন
, প্ৰোথিত হৈ আছে ।
 

আৰু সেই কেপ্টেইন আৰু তেওঁ লগৰ বলাৎকাৰী সৈন্যৰ দলটো, যিবোৰে ভাবি লৈছিল যে সকলো সাক্ষ্য প্ৰমাণ জ্বলাই পেলোৱা হ, সিহঁতৰ কি হ?
নিশ্চয়তাৰে কোনেও কব নোৱাৰে । কিন্তু
আত্মগোপনকাৰী সংগঠনে
, যিসকলে সাংঘাটিক অপ্ৰচলিত খবৰ
উলিয়াই আনিব জানে
, বিশেষকৈ নিৰীহ গঞাৰ ওপৰত চলোৱা অমানৱীয়
ভয়াবহ অত্যাচাৰীৰ সন্দৰ্ভত
, তেওঁলোকেই সমৰ্থ হৈছিল
বিভিন্ন খবৰ জোৰা লগাই
, সেই কলা
দেওবাৰটোৰ ঘটনাৰ মূল নায়ক সেই কেপ্টেইনজনৰ পৰিচয় আৰু অৱস্থিতি পাবলৈ । অনেক বছৰ
জোৰা হতাশাজনক খবৰ গোটাই লৈ গৈ থাকি অৱশেষত এখন ডাঙৰ মহানগৰত অৱস্থিত এখন মিলিটেৰী
হাচপাতালত তেওঁক আৱিষ্কাৰ কৰা হ
ল সৰ্বাধিক নিৰাপত্তা
বেষ্টনিৰ মাজত এক মানসিক চিকিৎসা লোৱা ৰোগগ্ৰস্তৰ কুঠৰীত ।
 

উপসংহাৰ । 

ডিচেম্বৰ মাহৰ এক
হিমচেঁচা নিশাত
, এখন অত্যন্ত ভিতৰুৱা গাঁৱত এক সাধু কোৱা বৃদ্ধাই
জুইশালৰ জুই একুৰাৰ ওচৰত
, শীতৰ বন্ধত ঘৰলৈ অহা এজাক
ছাত্ৰৰ সতে বহি আছে । সিহঁতে তেওঁৰ ওচৰলৈ আহি সাধু শুনিবলৈ ভাল পায়
, কিন্তু আজি নিশা কথকী আইতাগৰাকী যেন প্ৰায় নিমাত হৈ পৰিছে ;
 বহু
বেছি বয়সিয়াল যেনো দেখা গৈছে
, কিবা এটা কথাই যেন অহৰহ উত্তেজিত
কৰি ৰাখিছে । ল
ৰা এটা আগবাঢ়ি আহি সুধিছে যে আইতাকৰ গাটো
ভাল লগা নাইনেকি
, আৰু যদি সেয়ে হয় তেন্তে অন্য এদিন
সন্ধিয়া আহিব । বুঢ়ীগৰাকীয়ে ল
ৰাটোৰ কথাৰ উত্তৰ নিদি,
লাহেকৈ হলেও কথা আৰম্ভ কৰিছে আৰু সিহঁতক কৈছে যে কোনোবা বিশেষ
নিশাবোৰত গাঁওখনৰ মাজেদি এক অদ্ভূত বতাহ এজাক বলিবলৈ আৰম্ভ কৰে
, যিজাক বতাহৰ আৰম্ভনি হয় গাঁৱৰ সমাধিক্ষেত্ৰখনৰ ফালৰ পৰা আৰু বতাহৰ
সোঁসোৱনিৰ মাজত এক স্তুতিগীত গোৱাৰ দৰে শব্দ হয় । বুঢ়ীগৰাকীয়ে ইয়াকো কলে যে আজিৰ
নিশাটো ঠিক তেনে এটা নিশা । প্ৰথমে কমবয়সীয়া লৰাহঁতে তেনেকথাত সন্দেহ
প্ৰকাশ
কৰিছিল আৰু তেনেকুৱা ঘটনা অসম্ভৱ বুলিও ভাবিছিল কিন্তু বুঢ়ীগৰাকীয়ে সিহঁতক এইবুলি ধমক
দিলে যে চাৰিওফালে ইয়াত কি ঘটি থাকে তাত
সিহঁতে
অলপো মন নিদিয়ে । তেওঁ ক
লে, আজিকালিৰ লৰাই পাহৰি গল কেনেকৈ কাণ পাতি পৃথিৱীৰ আৰু
বতাহৰ শব্দ শুনিব লাগে । সিহঁতে গাত এচাৰিৰ কোব পৰা অনুভৱ কৰিলে আৰু মনোযোগেৰে যেন
শুনিছে সেয়া দেখুৱালে । কিন্তু আচৰিত হ
, সঁচাকৈয়ে
সিহঁতে
অদূৰত শুনিবলৈ পালে এক অস্পষ্ট গুণগুণনি । অলপ পৰ তেনেকৈয়ে পাৰ হোৱাৰ পাচত
, উত্তেজিত কণ্ঠেৰে মানুহগৰাকীক কলে, হয় সিহঁতেও সেই জয়াল শব্দ শুনিছে । “নহয় নহয়‘, বুঢ়ীগৰাকীয়ে চিঞৰি কলে,ভালদৰে মন দি শুনচোন, আজিয়েই সেই ভয়াবহ
দেওবাৰটোৰ বছেৰেকীয়া আগমন ।”
 

এক মৃত্যুশীতল নিৰৱতাই সম্পূৰ্ণ কোঠাটোক আৱৰি ধৰিলে । তাৰে
কিছুমানৰ অসহজ অনুভৱ এটা আহিল কাৰণ সিহঁতে ক
ৰবাত উৰাবাতৰি হিচাবে
শুনিছিল সেই কথা যে
, সিহঁতৰ জন্মৰ বহুদিন আগতে, এই গাঁওখনত কোনোবা এটা দেওবাৰে
 হেনো
আৰ্মিৰ ভয়ানক
অত্যাচাৰ হৈছিল
। কাহিনী কৈ যোৱা মানুহজনী আৰু শুনি থকা ল
ৰাবোৰে অতীব চেষ্টা
কৰি মনোযোগ দি শুনিব বিচাৰিছিল
, আৰু হঠাতে এটা নভবা
নিচিন্তা ঘটনা ঘটিল । যেই মুহূৰ্তত দোৰোল খাই পাৰ হোৱা বতাহজাকে ঘৰটোৰ ওপৰেদি পাৰ
হৈ গৈছিল
, হঠাতে বতাহৰ শক্তি কেইবা গুণ বাঢ়ি গল আৰু
এনেদৰেই ঘৰটোৰ ওপৰত বতাহজাক ৰৈ থাকিল । তাৰ কিছুপৰৰ পাচতেই
, পুনৰ আগৰ দৰে বতাহজাক খৰ গতিৰে, চক্ৰাকাৰে
বেগত গুচি গ
ল অন্য ঠাইলৈ য
মানুহৰ বসতি নাছিল । লৰাবোৰ এনে ঘটনা দেখি থৰ লাগিল
, সেই
ঘূৰ্ণিৰ মাজত সিহঁতে কিছুমান নতুন শব্দও শুনিলে
, আৰু
বতাহজাকে ঘৰটো এৰি যোৱাৰ পৰত এৰি গ
ল এক অলৌকিক গীতৰ লয়। বুঢ়ীগৰাকী বহা ঠাইৰ পৰা জপিয়াই উঠাদি উঠিল আৰু লৰাহঁতক
এটা এটাকৈ সুধিলে
, “তই শুনিলিনে ? মই কোৱা নাছিলো ? এইটোৱেই এপেন্যৰ শেষ গান আছিল” …… আৰু কোমলকৈ গানটো
নিজেই গুণগুণাই থাকিল । তাত থকা ল
ৰাবোৰে কেতিয়াও
অস্বীকাৰ কৰিব নোৱাৰিলে যে সিহঁতে গানটো শুনা নাই বুলি কিন্তু সিহঁতে বুঢ়ীয়ে কি
আৰু কাৰ কথা কৈছে তাৰ উৱাদিহ নাপালে । বুঢ়ীগৰাকীয়ে অকলশৰে যি গীতটো গাই থাকিল
,
তাত সিহঁত আচৰিত হোৱাৰ বাহিৰে উপায় নাছিল । সেই সময়ত তেওঁৰ
মুখমণ্ডলত এক অনিৰ্বচনীয় শোভা ফুটি উঠিছিল আৰু এনেহে লাগিছিল এক নতুন সত্বাই তেওঁৰ
মাজত জন্মলাভ কৰিছে
অধিক জীৱন্ত, আৰু আগতকৈ প্ৰাণৱন্ত । অলপ পাচতে এজনী সৰু ছোৱালী চুচুকচামাককৈ বুঢ়ীৰ
ওচৰলৈ আহি সুধিলে
, ” আইতা, কাৰ
বিষয়েনো তুমি কথা পাতিছা
? কাৰ শেষ গান ?”
 

সাধুকোৱা বুঢ়ীগৰাকী চাৰিওফালে পাক মাৰি চাই লৈ লৰাহঁতৰ দলটোলৈ এনেভাবে চালে যেন সিহঁতক তেওঁ প্ৰথম দেখিলে । তাৰপাচত
এটা গভীৰ হুমুনিয়াহ কাঢ়ি অনন্ত দুখত ডুবা মাতষাৰিৰে সিহঁতৰ ফালে হাতদুখন প্ৰসাৰিত
কৰি ফুচফুচাই কৈ উঠিল
, ” তোমালাকে এই গানটোৰ বিষয়ে শুনা
নাই
? তোমালোকে এপেন্যৰ বিষয়ে
নাজানা
? তেনেহলে মন দি শুনা মোৰ কথা…………”
 

ঠিক এনেকৈয়ে ডিচেম্বৰ
মাহৰ এটা নিশাত এখন ভিতৰুৱা গাঁৱত এগৰাকী বৃদ্ধাই সাধুকথাৰ জোলোঙা খুলি সেই ঠাইৰ কমবয়সীয়া
সন্তানহঁতক গোটাই জুহালৰ দপদপাই থকা জুইৰ ওচৰত লেপেটা কাঢ়ি মাটিৰ ওপৰত বহি
কৈ গৈছিল
সিহঁতক সেই ক
লা দেওবাৰটোৰ কাহিনী, ত এজনী সুন্দৰ যুৱতী গায়িকাই তাইৰ শেষ গানটো গাইছিল, ক্ষত বিক্ষত আৰু ধ্বংস কৰি চিৰদিনলৈ মোহাৰি পেলোৱা সন্তানহঁতৰ বেদনাত
আৰু
এখন নাগা গাঁৱেচকুলো
টুকিছিল ।

Popular Post

ঐতিহাসিক চিঠি