ত্ৰিপুৰাৰ সাধু – এটা বুধিয়ক কেটেলা পহুৰ কথা

Posted by : translatorsassam
July 19, 2020

এটা বুধিয়ক কেটেলা পহুৰ কথা

অনুবাদঃ গীতাশ্ৰী তামুলী


 

হাতী ফুৰে দল বান্ধি। পিছে আমাৰ সাধুৰ
দঁতাল হাতীটো ফুৰে অকলে। তাৰতো কালৈকো ভয় নাই! এদিন সি নদীত পানী খাবলৈ আহিল। পানীৰ ফালে চাই দেখিলে, পানীবাৰে চোন একদম ঘোলা।
মখনাই ভাবিলে
, নদীৰ উজনিত নিশ্চয় কোনোবাই গা ধুই আছে। সেই কাৰণেই নামনিৰ ফালে ঘোলা পানী আহিছে। সেই নদীখন তাৰ পানী খোৱা নদী। সেযে নদীখনত আনৰ এনে কাম তাৰ
সহ্য নহ
ল। তাৰ খুব খং উঠিল। সি উজনিৰ ফালে যাব
ধৰিলে। বেছি দূৰ যাব লগা নহ
লেই।

 

মখনাই দেখিলে, লীয়াকৈ কিবা এটাই নদীত
গা ধুই আছে তাৰ বাবেই পানীখিনি
ঘোলা হৈ পৰিছে। হাতীটো
গৈ সেইখিনি নৌপাওঁতেই ক
লা প্রাণীটো গাঁতৰ ভিতৰত
সোমালগৈ। মথনা এনেই খঙত আছিল। তাক গা ধুই থকা
দেখি খং দুগুণে চৰিছিল। গা ধুই থকা প্রাণীটো আছিল এটা কেটেলাপহু
মখনাই চিঞৰি উঠিল
, ” কোন অতই? মোৰ খোৱা পানী লেতেৰা কৰিছ? ” কেটেলাই এবাৰ
মুখখন উলিয়াই গাঁতৰ ভিতৰৰ পৰা চাই পঠালে। মথনাক দেখিলে। আকৌ গাঁতলৈ
সোমাই গল। সি হাতীটোক
তিলমানো ভয় কৰা নাছিল হাতীযে খঙতে চিঞৰি উঠিল
,” সকলোৱে মোক ভয় কৰে মোক ভয় নকৰিবলৈ তই কোন? ” হাতীৰ তর্জনগর্জন শুনি কেটেলাৰ মনলৈ এটা দুষ্ট বুদ্ধি আহিল।
সি গাঁতৰ ভিতৰৰ পৰাই মাত লগালে
,” মই এই বনৰ ৰজা। মোৰ
ৰাজ্যত
সোমাই তই পানী খাবলৈ আহিছ, আৰু মোকই আকৌ ভয় দেখুৱাইছ , তোক মজা দিওঁ। ইয়াৰ পৰা
আঁতৰ। নহলে গাঁতত পুতি থৈ দিম। “

 

কথা শুনি হাতী খঙত কব নোৱাৰা হল। সি গৰজিবলৈ ধৰিলে। মথনাটোৱে দেখিছিল, তেনেই ক্ষুদ্র প্রাণী এটাইহে গা ধুই আছিল। তাৰ মুখতে ইমান বৰ
বৰ কথানে
?
সি চিঞৰিলে,” বাহিৰ ওলা। তইতো মোৰ ভৰি এটাৰ জোখৰো নহৱ। “

 

কেটেলাও কম নহয়। সি উত্তৰ দিলে।”
তই মোক কি বুলি ভাবিছ
? তোৰ দৰে এটা হাতীক মইতো পানী খুৱাব পাৰোঁ। কথা নবঢ়াই ইয়াৰ পৰা ভাগ! “

 

হাতীটো এইবাৰ আচৰিত হল। অলপ ভয়ো খালে।
সি কেটেলা পহুটোৰ বিষয়ে একো অনুমান কৰিব পৰা নাছিল এনে এটা প্রাণী সি আগতে দেখাও নাছিল।
কিজানিবা কিবা ভয়ংকৰ প্রাণীও হব পাৰে। মখনাই গাৰ সমস্ত শক্তিৰে এটা গগণফলা চিঞৰ মাৰিলে।
লে,” তেন্তে বাহিৰ ওলা। এবাৰ
চুই চাওঁচোন
, তইনো কিমান ডাঙৰ বীৰ! “

 

কেটেলা আৰু কত গাঁতৰ পৰা ওলাব? সি মখনাৰ ফালে গাৰ কাঁইট এডাল দলিয়াই দিলে।” এইডাল মোৰ গাৰ নামে এডালকে দিছোঁ।
ভাঙিব পাৰনে নাই চাচোন। ” মখনাই কাঁইটডালকে
নোম বুলি লৈ চালে। সি দেখিলে, এইডাল যিমান জোঙা, সিমানেই কঠিন। তাৰ প্ৰকাণ্ড
ভৰিকেইটাৰে জোৰ দিও কাঁইটডাল ভাঙিব নোৱাৰিলে।
নোমডালচোন
একেবাৰে লোহাৰ
দৰে টান। এটা প্রাণীৰ নোমে ইমান টান হব পাৰেনে
?

 

সি এইবাৰ বৰ ভয় খালে। আচলতে মখনাটোৱে
কেটেলা পহুটো ভালদৰে দেখা পোৱাই নাছিল। সি ভাবিলে
, নোমেই যদি এনে টান, এনে এটা প্ৰাণীৰ লগত
যুঁজিব পাৰিম জানো ভয়তে হাতীটো পলাবলৈ ধৰিলে। দিক বিদিক নাচাই সি কেৱল দৌৰি থাকিল।
মখনাটো এনেদৰে পলোৱা দেখি কেটেলাৰ ৰং আৰু চাই কোনে
?

 

অনুবাদকৰ টোকাঃ  লোক কাহিনীৰ লেখকস্বত্ব নাথাকে। সেইবাবে অনুবাদ, পুনৰ কথন বা প্ৰকাশৰ অনুমতিও নালাগে। এয়া কাহিনীৰ স্বতঃস্ফূর্ত
প্ৰৱাহ। এই কাহিনীটো ত্ৰিপুৰাৰ
, আমাৰ কাষৰীয়া ককবৰক ভাষাৰ

Popular Post

ঐতিহাসিক চিঠি