গল্পঃ জীৱিকাৰ ৰাজনীতি / ইন্দ্ৰ গান্তি জানকীৱালা

Posted by : translatorsassam
August 2, 2020

জীৱিকাৰ ৰাজনীতি

মূল: 
ইন্দ্ৰ গান্তি 
জানকীবালা

অনুবাদ:
ননী চহৰীয়া বৰা


      মোহনে
চিকচিকাই থকা স্কুটাৰখনলৈ আকৌ এবাৰ চালে
,ৰুমালখন উলিয়াই আয়নাখন
লাহে লাহে মচিলে। স্কুটাৰখন ঠেলি বাহিৰলৈ উলিয়ালে আৰু হৰ্ণটো দুবাৰ বজাই চালে।
আজি চব্বিশ ফেব্ৰুৱাৰী। মোহন প্ৰথম বাৰৰ বাবে নিজৰ নতুন স্কুটাৰত উঠিব।

      ঘৰৰ
পৰা বাহিৰলৈ ওলাই আহিব খুজি তাৰা হঠাৎ ৰৈ গ
ল। অসহ্য বিষত চাটি-ফুটি
লাগিল—-যেন ভূমিকম্পত পৃথিৱীখন কপিছে আৰু এতিয়াই ফাটি চিৰাচিৰ হৈ যাব। ঘৰৰ
চালখন টুকুৰা টুকুৰ হৈ যেন খহি পৰিছে। তাইৰ মূৰটো ঘূৰাইছে
, খোজবোৰ
থৰক বৰক হৈছে। ৰাতিপুৱাৰ পৰাই তলপেটত মৃদু বিষ আৰম্ভ হৈছিল
; কিন্তু
হঠাৎ সেইটো ভয়ানক হৈ উঠিছে।

ৈতলপেটত কিবা এটাই অজগৰ সাপৰ দৰে উঠা নমা কৰিছে——আৰু এলিয়েনৰ দৰে বস্তু
এটাহে যেন পেট ফালি বাহিৰ ওলাই আহিবলৈ শক্তি প্ৰয়োগ কৰিছে। তাইৰ সৰ্বশৰীৰ ঘামিছে
আৰু কাপোৰ কানি সম্পূৰ্ণৰূপে
  ঘামত
তিতি গৈছে।

      বাগৰি
পৰিব খুজি কোনোমতে দুৱাৰ খনত ভেজা ৰৈ তাই চিঞৰিলে—–“মা”। দুৱাৰ খন
জপাবলৈ আগবাঢ়ি অহা শাহুৱেকে ততালিকে পৰি নোযোৱাকৈ তাইক সাৱট মাৰি ধৰি
সুধিলে।——-“কি হৈছে বোৱাৰী
?
কি হ? কিন্তু
তৎক্ষণাৎ তেওঁ বুজি পালে আৰু ধৰি ‌‌‌‌ধৰি তাইক ভিতৰলৈ লৈ গ
ল।

      দুৰ্বল
ভাৱে চিকিৎসালয়ৰ বিছনাত পৰি
, তাৰাই চিন্তা কৰি আছে।
ৰক্তক্ষৰণ হৈছিল যদিও বিষটো এতিয়া কমিছে। মহিলা চিকিৎসক গৰাকীয়ে তাইৰ গৰ্ভপাত
হোৱাৰ বিষয়টো নিশ্চিত কৰিছে। চিকিৎসকৰ পৰা চাৰ্টিফিকেট এখন লৈ লগতে ছুটিৰ দৰ্খাস্ত
এখন লিখি তাই অফিচলৈ পঠিয়াই দিলে। গৰ্ভপাত হ
লে পাবপৰা ছয় সপ্তাহৰ
ছুটিৰ বিষয়ে দৰ্খাস্তখনত স্পষ্ট কৈ উল্লেখ কৰিছে।

      সন্ধিয়া
পাচ বজাৰ পৰাই দুৱাৰ মুখলৈ চাই চাই তাৰাই ভাৰতীলৈ ৰৈ আছে—কেতিয়া তাই আহি অফিচৰ
খবৰ জনাব। তাৰাৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহিছে। তাইৰ দৰমহা হ

নে নাই বাৰু! তাইৰ দৰমহা খিনি লবলৈ তাৰাই ভাৰতীক কৰ্তৃত্ব দিছে আৰু সেয়ে নিশ্চিত
ভাৱে ভাৰতী
  টকাখিনি
দিবলৈ আহিব।

      ভাগৰত
তাই চকু দুটা মুদিলে। বিভিন্ন ছবি তাইৰ চকুৰ আগত ভাহি উঠিল। কুৰ্মাৰাও
, ৰামনাথম, ৰংগাৰাও
আদি অফিচৰ সহকৰ্মী সকলৰ কৌতুক পূৰ্ণ কথাবোৰ মনলৈ অহাত বিষৰ মাজতো তাইৰ হাহি উঠিল।

       অফিচৰ পুৰুষ মহলত , চাকৰিয়াল
মহিলা সকলক লৈ বিভিন্ন কৌতুক আৰু সমালোচনা হয়—-“-মহিলা হৈ জন্ম হোৱা হ
লে
কিযে ভাল হলহেতেন। সম্পূৰ্ণ দৰমহা লৈ মাহৰ পিছত মাহ ছুটি লৈ ঘৰত বহি জিৰণি ল

পাৰিলোহেতেন।”

যিকোনো এগৰাকী মহিলা সহকৰ্মী য়ে 
প্ৰসৱকালীন ছুটি বা বিশেষ
ছুটি অথবা গৰ্ভপাতৰ বাবে ছুটিৰ দৰ্খাস্ত কৰিলেই যিকোনো এজন পুৰুষে এনে মন্তব্য
যেনে তেনে কৰিবই।
  

      তাৰাৰ
গভীৰ টোপনি আহিল। আঠবাজি যোৱাৰ পিছত তাৰাৰ মাক
,
বৈদেহীয়ে ৰাতিৰ আহাৰ লৈ
সোমাই আহিল। মাকক দেখাৰ লগে লগে তাৰাৰ কান্দোন ওলাল। বৈদেহীয়ে তাৰাক সাৱটি
ধৰিলে——“ইমান হতাশ হ
বলগীয়া কি আছে ? যি
হৈ গ
, তাৰ বাবে দুখ নকৰিবা
।”

      চকুলো
টুকি টুকি তাৰাই ক
লে——“কিমান উৎকণ্ঠাৰে তোমালৈ বাট
চাই আছো
,মা।”

     খবৰটৌ কালিহে পাইছো। লগে লগে গুছিয়েই আহিছো”——তাৰাক সান্তনা দি মাকে
লে।

      তাৰা
অৰ্থনীতি বিষয়ৰ এম
,,
সোনৰ পদকপ্ৰাপ্ত আৰু
প্ৰতিযোগিতামূলক পৰীক্ষাও পাছ কৰি থৈছিল। তাইৰ পিছৰ সাক্ষাৎকাৰ ৰ পৰীক্ষাত তাৰা যে
উত্তীৰ্ণ হ
,সেই বিষয়ে দেউতাক
ৰমেশবাবু নিশ্চিত আছিল। সেইদৰে তাৰা সোণৰ কণীপৰা হাহত পৰিণত হৈছিল আৰু মোহনৰ
অৰ্থসৰ্বস্ব যৌতুক ফান্দখন পাৰ কৰি মোহনৰ পত্নী হৈছিলহি।

      

      ভাৰতী
পিছত আহিছিল আৰু তাৰাক কৈছিল——-“মই দু:খিত তাৰা
, কালি
আহিব নোৱাৰিলো। ৰাতিপুৱা মোৰ সৰু ল
ৰাটোৰ অলপ জ্বৰ উঠিছিল।
আবেলি তাৰ জ্বৰ বেছি হোৱা বুলি খবৰ পাই মই অফিচৰ পৰা গুছি গ
লো।
ইতিমধ্যে মোহন আহি তোমাৰ দৰ্মহাখিনি লৈছিল। সেয়ে ভাবিলো—–ঠিকে আছে
, মই
আজি আহিলেও হ
ব।”

      শব্দ
বিহীন পিষ্টল এটাৰ পৰা মাৰি পঠিওৱা গুলী এটাইহে যেন তাৰাৰ বুকু ভেদি গ

——-এনে লাগিল তাৰাৰ। শব্দ বিহীন হোৱা মানে এইটো নহয় যে তাইক কমকৈ আঘাত কৰিছে।
ভাৰতী আগতে নহা বাবে তাই যে বিচলিত হৈছিল—-এনেও নহয়। কিন্তু দৰমহা খিনি লৈ
সেইদিনা মোহন এবাৰো নহা কথাটোৱে তাইৰ অন্তৰত অত্যন্ত আঘাত দিলে।

     তুমি ঘৰলৈ কেতিয়া যাবা ?”—ভাৰতীয়ে সুধিলে।

     প্ৰায় এঘন্টাৰ ভিতৰত।”

     ঠিক আছে! মই ও এমাহৰ ছুটি লৈছো।”

     ইমান দিন  ?  কিয়
?”

     মোৰ বাইদেউৱে দুবছৰৰ পৰা মাতি আছে।”

     যোৱা, ভালে কুশলে ছুটি কটাই আহাগৈ।”

     এইখন লোৱা, তোমাৰ বেতন আদায় দিয়া
ৰছিদ। ঠিক আছে
,— এতিয়া মই
আহো।”——ভাৰতী গুছি গ
ল।

       এক অজানা শঙ্কাত তাৰাৰ
মনটো কপি উঠিল। লগতে গভীৰ লাজ বোধে আগুৰি ধৰিলে।

     কি কথাটো হৈছে ? ইমান সৰু কথা এটা লৈ হৈ ছৈ
লগাইছা কিয়
? মই গৈ তোমাৰ দৰ্মহাখিনি লৈ
অহাটো ভুল হ
ল নেকি?
সেইবাবে তুমি লাজ পাইছা
নেকি
?”—–মোহন বিৰক্ত হল।

     তুমি অন্ততঃ মোক এবাৰ জনাব নালাগিছিল নে ?”

     এতিয়া মই কোৱা নাই নেকি?”

     এতিয়া ! মই সোধাৰ পিছত ! ইমান কটাক্ষ কৰাৰ পিছত !——-অসন্তূষ্টি প্ৰকাশ
কৰি তাৰাই ক
লে।

     পতি-পত্নীৰ মাজত বুজাবুজি নাথাকিলে সচাকৈয়ে বৰ সমস্যা”——সি কলে।

     মই ও সেই কথাটোৱে কব খুজিছোঁ”

      মোহনে
একো নকলে। তাইৰ মাকক হস্পিটেলৰ আগত নমাই থৈ ভিতৰলৈ নহাকৈ গুছি গৈ এতিয়া আবোল
তাবোল কোৱা বাবে তাৰাৰ ভীষণ খং উঠিছিল।

     পৰিস্থিতি বুজি পাই বৈদেহীয়ে নিজৰ ছোৱালীক মৃদু ভৎসৰ্ণা কৰি কলে——-“তেওঁৰ
কিবা কাম থকা বাবেহে তেনেকৈ গুছি গৈছিল
;
ভিতৰলৈ আহিলে তেওঁৰ পলম হৈ
ল হেতেন——–তুমি অবাবতে কিয় হুলস্থুল কৰিছা ”
—-জোৱায়েকক সমৰ্থন কৰি তেওঁ ক
লে।

 

      ছুটি
শেষ হোৱাৰ লগে লগে তাৰাই পুনৰ অফিচলৈ অহা-যোৱা আৰম্ভ কৰিলে। তাইৰ অনুপস্থিতিত
টেবুলত জমা হৈ থকা ফাইলবোৰৰ কাম কৰিবলৈ তাই আনকি ওপৰঞ্চি সময় দিবলগীয়া ও হ
ল।

      কেইদিনমানৰ
পিচত যিদিনা শৰীৰটো অলপ গধূৰ আৰু অস্থিৰ অনুভৱ হ
ল—হিচাপ
কৰি দেখিলে
, তাইৰ মাহেকীয়া হোৱা নাই।
কি কাৰণ হ
ব পাৰে তাই চিন্তা কৰিলে—– শাহুৱেককো কলে
কথাটো।

     উম——কিছুদিন
আগলৈকে তোমাৰ ৰক্তক্ষৰণ হৈ আছিল—-নহয়নে বাৰু
? সেয়ে
কিছুদিনলৈ মাহেকীয়া বন্ধ হ
বই। চিন্তাৰ কাৰণ
নাই”——–শাহুৱেকে আশ্বাস দি ক
লে। কিন্তু দুসপ্তাহৰ
পিছতো গধূৰ ভাৱটো যেতিয়া নকমিল
, তাৰাৰ 
চিন্তা হল।
তাই স্ত্ৰী ৰোগ বিশেষজ্ঞৰ ওচৰলৈ গ
ল। ডাক্তৰে পৰীক্ষা কৰি
চাই ক
লে—-তাই গৰ্ভধাৰণ কৰিছে। তেওঁ ঔষধ লিখিলে। তাৰা আচৰিত নহ
আৰু আনন্দিত ও‌ নহ
ল।

     তিনিমাহ চলিছে নেকি ? “——-তাই সুধিলে।

     নহয় মাজনী——যথেষ্ট আগবাঢ়িছে ;পাচমাহৰ বেছি হৈছে
“——-ডাক্তৰে তাইক ক
লে।

     কেনেকৈ হব পাৰে ?
তিনিমাহ আগত মোৰ গৰ্ভপাত
হৈছে।”

       ওহো——-সেয়া শুদ্ধ নহয় “——-ডাক্তৰে হাহি মাৰি প্ৰেছক্ৰিপশ্যন খন
তাইৰ হাতত দিলে। ইঙ্গিতেৰে তাইক যাবলৈ দিলে।

      মোহনৰ
পিছত স্কুটাৰত বহি আহি থাকোঁতে খবৰটৌ জনালে তাই।

     ভাল কথা । সমস্যাটো কি?”—-মোহনে কলে।

     মই ভাৱিছো, মোৰ গৰ্ভধাৰণ হোৱা নাই।
গৰ্ভপাতৰ সময়ত ডাক্তৰ ললিতাই চাইছিল মোক। তেওঁৰ লগত দুবাৰকৈ যোগাযোগ কৰিবলৈ
চেষ্টা কৰিলো । কিন্তু নোৱাৰিলো। তেওঁ আমেৰিকালৈ যাবলৈ প্ৰস্তুতি চলাই
আছে”———–তাৰাই লাহে লাহে ক
লে।

     এতিয়া তোমাৰ কি সমস্যা হৈছে মই বুজি পোৱা নাই”——তাইৰ পিনে ঘূৰি
মোহনে অলপ বিৰক্তিৰে ক
লে।

       মোহনৰ স্বভাৱেই
তেনেকুৱা——সোনকালে খং উঠে আৰু তাকে প্ৰকাশ কৰিবলৈ মাতটো
ডাঙৰকৈ
উলিয়ায়। তাৰাই নিজক সামৰি ক
লে——” হ
দিয়া
, একো হোৱা নাই।”

      চাৰিদিন
পিছত ভাৰতীক লগত লৈ তাৰা অভিজ্ঞ ডাক্তৰ
,
মহালক্ষ্মীৰ ওচৰলৈ গল।
সিহত গৈ পাওঁতে ডাক্তৰৰ ওচৰত আন ৰোগী নাছিল। তদুপৰি ভাৰতীৰ চিনাকি হোৱা বাবে
, তেওঁ
সিহতৰ লগত মুকলিকৈ কথা পাতিছিল।

      তাৰাক
পৰীক্ষা কৰি তেওঁ জনালে যে ইতিমধ্যে তাৰাৰ পাচমাহ পূৰ্ণ হৈছে আৰু অহা বিশ
চেপ্তেম্বৰত সন্তান জন্ম হ
ব। তাৰাই ধীৰে ধীৰে আগৰ ঘটনাটোৰ বিষয়ে
জনালে।

     হয় নেকি? কেতিয়াবা এনেকুৱা হয় ।
প্ৰজননক্ষম ডিম্ব একোটা জৰায়ুৰ এটা কোণত ৰৈ যায়। কিছুমান মহিলাৰ সেই সময়ত
প্ৰচুৰ ৰক্তক্ষৰণ হয় । আমি যদি সেয়া গৰ্ভপাতৰ বাবে হোৱা বুলি ভুল কৰো
, তেতিয়া
এনে বিভ্ৰান্তি হয়। ৰক্তক্ষৰণ হ
লেও ভ্ৰূণটোৰ একো
নহয়——–স্বাভাৱিকভাৱে ই
  বাঢ়ি
থাকে আৰু সন্তান জন্ম হ
ব পাৰে। তোমাৰ ক্ষেত্ৰতো সেয়াই
হৈছে।”—–ডাক্তৰ মহালক্ষ্মীয়ে তেওঁৰ অভিজ্ঞতাৰ ভিত্তিত সকলো কথা খৰচি মাৰি
বুজাই দিলে।
 

      চেপ্তেম্বৰৰ
দহ তাৰিখলৈ তাৰা অফিচত উপস্থিত থাকিল আৰু এঘাৰ চেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ
প্ৰসৱকালীন ছুটিৰ বাবে আবেদন জনালে। সেইখিনি সময়ত নতুন সন্তানটিৰ আগমনৰ চিন্তাৰ
বাহিৰে তাইৰ মনত অন্য চিন্তা নাছিল।

      সেইদিনা
প্ৰথম শিশুটিক দোলন বিছনাত ৰাখিছিল। দুয়ো পক্ষৰ অঙহী বঙহীৰে ঘৰখনত হৈ চৈ লাগি
আছিল। শিশুটিৰ নামকৰণ কৰি নাম ৰখা হ
ল–ভাগ্যশ্ৰী। খোৱা-লোৱা
হোৱাৰ পিছত সকলোৱে বহি কথা পাতি আছিল। থিক সেই সময়তে পিয়নজনে তাৰাৰ নামত অহা
ৰেজিষ্টাৰ্ড চিঠি এখন দি গ
ল। এক মূহুৰ্ত সকলো নীৰৱ হল।
তাৰাৰ দেউতাক
, ৰমেশ বাবুই তাইৰ অফিচৰ পৰা
অহা বাবে উৎসুক হৈ চিঠিখন খুলি পঢ়িলে আৰু অবাক হৈ গ
ল।

      সেইখন
আছিল এখন কাৰণ দৰ্শোৱাৰ জাননী। সেইখনৰ জৰিয়তে গৰ্ভপাতৰ অজুহাতত ছয়মাহৰ আগতে
ছয়সপ্তাহৰ বিশেষ ছুটি লৈ তাৰ থিক পাচমাহৰ পিছত কেনেকৈ প্ৰসৱকালীন ছুটি লব
পাৰে–তাৰ কাৰণ দৰ্শোৱাৰ বাবে
  তাৰাক
স্পষ্ট নিৰ্দেশ দিছে। ভূৱা প্ৰমাণ পত্ৰ আৰু প্ৰৱঞ্চনাৰ বাবে বিভাগে তাইক দোষী
সাব্যস্ত কৰিছে।

      উৎসৱমুখৰ
ঘৰখনৰ পৰিবেশ ততালিকে গোমা হৈ পৰিল। সম্পূৰ্ণ কথাখিনি বুজি পাই ৰমেশ বাবু উত্তেজিত
হৈ উঠিল। মোহন বিমোৰত পৰিল। তাৰাৰ এনে লাগিল যেন সকলো শূণ্য হৈ গৈছে।

      ৰমেশ
বাবু লগে লগে কৰ্তব্যৰ প্ৰতি সজাগ হ
ল। 
ছোৱালীজনীয়ে যাতে চাকৰিটো
হেৰুৱাবলগীয়া নহয়
, তাৰ ব্যৱস্থা কৰিবলৈ তেওঁ
গুছি গ
ল।

      পিছে
যিমানে উচ্চ পৰ্যায়ৰ বিষয়াসকলক তেওঁ বুজাবলৈ চেষ্টা কৰিলে যে এয়া ইচ্ছাকৃত অথবা
পৰিকল্পিত ভুল নহয় —–তেওলোকে বিশ্বাস নকৰিলে।

     ডাক্তৰৰ পৰা আপুনি যেতিয়া নিশ্চিত হৈছিল—বিভাগক জনোৱা উচিত নাছিল নে ? তদুপৰি
আপোনাৰ সেই বিশেষ ছুটি সলনি কৰি প্ৰসৱকালীন ছুটি বিচাৰিব নালাগিছিল নে
? এজন
কৰ্মচাৰীৰ বাবে এয়া এক নুন্যতম দায়িত্ব। দায়িত্ব এৰাই চলা আৰু বিভাগক প্ৰতাৰণা
কৰা বাবে
, অপসাৰণ অনিবাৰ্য-“—-তেওলোকে জনালে।

      তাৰাক
প্ৰথম চিকিৎসা কৰা ডাক্তৰ ললিতাৰ সৈতে যোগাযোগ কৰিবলৈ ৰমেশ বাবুৱে চেষ্টা কৰিলে।
লিখিতভাৱে নিজৰ ভুল ডাক্তৰে স্বীকাৰ নকৰে —-সেই কথা তেওঁ বুজি পাইছিল। ইপিনে
বিদেশলৈ যাবলৈ তৎপৰ হৈ আছে তেওঁ। কেইজনমান বিষয়া আৰু বিভাগীয় বৰমূৰীয়াই যিহেতু
বিষয়টো বৰ কৌশল পূৰ্ণ ভাৱে সাজু কৰিছিল
,
ৰমেশ বাবুৰ চেষ্টাৰে সেয়া
শুদ্ধ কৰিবলৈ কোনো সুৰুঙা তেওঁলোকে ৰখা নাছিল। সেয়ে তাইক চাকৰিৰ পৰা অব্যাহতিৰ
 
আদেশ পত্ৰখন যথাবিধি আহি
পালে।

      সেইখন
আহি পোৱাৰ দিনা মোহন তাৰাৰ ওচৰলৈ আহি তিৰস্কাৰ কৰাত লাগিল———“চাকৰিয়াল
মহিলা বুলি তুমিতো বৰ অহঙ্কাৰ কৰা
,
কিন্তু চাকৰিৰ মৌলিক নীতি
নিয়ম খিনিও দেখোন নাজানা। অথচ নাৰীৰ বিৰুদ্ধে কিবা এটা কলেই তোমাৰ অহমিকা শীৰ্ষত
উঠে।”

     সেইখিনি সযয়ত মই বৰ অশান্তিত আছিলো। তুমিওটো মনত পেলাই দিব
পাৰিলাহেতেন।”

     পেংলাই কৰি মোহনে কলে —“কি লাভ হ
কৈ
?”

     ডাক্তৰ মহালক্ষ্মীক লগ কৰিবলৈহে মই ব্যগ্ৰ হৈ আছিলো। অফিচত জনোৱাৰ কথা মোৰ
মনলৈকে
  নাহিল।”

     তাকেইতো মই কৈ আছো। তুমি ইমান খিনি কথাও নাজানা।”

     মই স্বীকাৰ কৰিছো কথাটো মোৰ মনলৈকে অহা নাছিল ! কিন্তু তুমিতো মোক ক
পাৰিলা হয়।আইন আৰু নীতি নিয়মৰ বিষয়ে তুমিও বহু কথা জানা——-নহয়নে বাৰু
?”

     , মোৰ আৰু অইন কাম নাই?
ইমান সৰু সৰু কথাও কি মই
তোমাক ক
ব লাগিব ?”

     এইটো সৰু কথা নহয়——এইটো  এনে
এটা কথা
, যিয়ে মোৰ চাকৰিটোকে শেষ কৰিলে।”

     তুমি অফিচত কি কৈ ছুটি লৈছা, মই কেনেকৈ জানিম ? কেতিয়াবা
কিবা সুধিলে এনেকৈ
  কোৱা
যেন মই তোমাৰ কামত হস্তক্ষেপ কৰিছো।”

     প্ৰতিটো কথা মই তোমাক জনাই আছিলো। তুমিতো মোক পৰামৰ্শ দিব পাৰিলা হয় ।
নোৱাৰিলা হয়নে
? মোৰ গৰ্ভধাৰণ হোৱা বিষয়েও
মই তোমাক কৈছিলো “

     মই নাজানো। কেনেকৈ মনত ৰাখিম? তোমাৰ মাহেকীয়াৰ সময়ৰ
কথা মনত ৰখাৰ বাহিৰে মোৰ আৰু অইন কাম নাই
?”

      তাৰাৰ
খং চুলিৰ আগ পালেগৈ। আজিলৈকে তাই গিৰিয়েকৰ বহুধৰণৰ ঠেক মানসিকতা গ্ৰহণ কৰি আহিছে
যদিও এনে নিষ্ঠুৰ ব্যৱহাৰৰ কথা কেতিয়াও কল্পনা কৰা নাছিল। সহ্যৰ সীমা পাৰ হোৱাৰ
উপক্ৰম হ
ল তাইৰ।

     ঠিকেইতো ! মোৰ মাহেকীয়াৰ খবৰনো কেনেকৈ ৰাখিবা ! মোৰ দৰমহাৰ টকাখিনি হিচাব কৰি
কেনেকৈ পকেটত ভৰাব লাগে
, সেয়াহে কেৱল জানা
“——তাৰাই ক
লে। 

      মোহনে
প্ৰচণ্ড জোৰে তাৰাক চৰ সোধালে। আৰু এটা চৰ মাৰিবলৈ ওলাওতেই
 
তাৰাই 
থাপ মাৰি মোহনৰ হাতখনত ধৰি
অগ্নিবৰষা চকুৰে ক
লে –“আৰু এবাৰ যদি মাৰা জানিবা, এয়াই
শেষ হ
ব।” সিহঁতৰ তৰ্কাতৰ্কি শুনি ভিতৰলৈ সোমাই অহা তাৰাৰ
দেউতাকে তাইক মৃদু ভৎসৰ্ণা কৰি জোৱায়েকক তাৰপৰা বাহিৰলৈ নিবলৈ চেষ্টা কৰিলে।

      শহুৰেকে
শান্ত কৰিবলৈ চেষ্টা কৰাত মোহনৰ খং দুগুণে চৰিল। খঙত ৰঙা পৰা মুখেৰে সি চিঞৰিবলৈ
আৰম্ভ কৰিলে

      জীয়েকৰ
চাকৰি হেৰুওৱাৰ বাবে হতাশ হ
ব নে জোৱায়েকৰ চিঞৰ বাখৰৰ
বাবে হতাশ হ
ব—–ৰমেশ বাবুৱে ভাবি নাপালে।

     মোৰ কথা শুনক, মই চাকৰিয়াল ছোৱালী এজনী
বিয়া
  কৰিব
বিচাৰিছিলো আৰু তেনেকৈয়ে পচন্দ কৰি মই বিয়াও পাতিছো। সেইটো মোৰ এটা চৰ্ত আছিল।
এতিয়া তাই চাকৰি হেৰুৱাইছে—মই তাৰবাবে দায়ী নহয় ! চাকৰি নাথাকিলে তাইক লৈ মোৰ
কাম নাই “–উষ্মাৰে সি চিঞৰিলে

     তুমি এনেকৈ কিয় কথা কৈছা, মোহন? ঠাণ্ডা
মগজুৰে চিন্তা কৰি আমি সমস্যাটোৰ এটা সমাধান উলিয়াব
লাগে——-কিন্তূ—–।”

      তেওঁৰ 
কথা শেষ নহওঁতেই মোহনে
গৰজি উঠিল——“সেইবোৰৰ মোৰ কোনো দৰ্কাৰ নাই। আপুনি কি কৰিব
, কেনেকৈ
সমস্যা সমাধান কৰিব
, কেনেকৈ চাকৰিটো 
ঘূৰাই আনিব —–মই
নাজানো। যদি আপুনি তাইৰ চাকৰিটো ঘূৰাই আনিব নোৱাৰে
, আপোনাৰ
ছোৱালীক লৈ যাওক।”

      তাইৰ
দেউতাকৰ প্ৰচণ্ড খং উঠিল। কিন্তু বয়সৰ অভিজ্ঞতাই তেওঁক খং নিয়ন্ত্ৰণ কৰিবলৈও
শিকাইছে। চাকৰি হেৰুওৱাই নহয়
, তেওঁৰ জীয়কৰ বিবাহিত
জীৱনৰ নিৰ্ণায়ক মূহুৰ্তও আজি হ
ব পাৰে বুলি তেওঁ উদ্বিগ্ন
ল। ইপিনে এক শিলাখণ্ডৰ দৰে তাৰা অলৰ অচৰ হৈ থিয় হৈ ৰল।
মোহনৰ চকুলৈ চাওঁতে তাইৰ আবেগ বুজা নগ
ল—-সেয়া খং , নে
ঘৃণা নে জীৱনৰ সত্য উপলব্ধি কৰি লাভ কৰা এক পৰম প্ৰশান্তি। কিন্তু তাইৰ চকু সেমেকি
উঠা নাই। কন্দাৰ কোনো আগ্ৰহো নাই তাইৰ।

      যিজনী
ছোৱালী পুতলাৰ দৰে ডাঙৰ হৈছিল
, ৰং বিৰঙৰ কাপোৰেৰে নিজক
সজাইছিল
, এতিয়া তেজ মঙহৰ,
চিন্তা কৰিব পৰা, নিজৰ
ভাল লগা বেয়া লগা বুজিব পৰা নাৰী এগৰাকীলৈ ৰূপান্তৰ হৈছে। শৈশৱৰ পৰাই তাই কেৱল
জানিছিল—-কেনেকৈ মাক দেউতাকৰ কথা মানিব লাগে
,
তেওঁলোকৰ কথামতে কেনেকৈ
চলিব লাগে। নিজৰ ধৰণেৰে কেতিয়াও তাই চিন্তা কৰা নাছিল আৰু কৰাৰ প্ৰয়োজনো হোৱা
নাছিল। পোচাক
,প্ৰসাধন,অলঙ্কাৰ,সাজোন
কাচোন
, আত্মীয় স্বজন,
বন্ধু বান্ধৱ মাকৰ পচন্দ
মতে আৰু শিক্ষা
, বিষয়, প্ৰতিযোগিতাত
মূলক পৰীক্ষা
, মৌখিক পৰীক্ষা—–দেউতাকৰ
নিৰ্দেশত।

      তাৰাই
উপলব্ধি কৰিছিল
, সকলোৰে লগত তুলনামূলকভাৱে
তাই এক সন্তোষজনক স্থিতিত আছিল। কোনো সমস্যা অবিহনে কনভেণ্টৰ শিক্ষা সম্পূৰ্ণ
কৰিছিল তাই। তাৰ পিছত কলেজত যেতিয়া ভৰ্তি হৈছিল—–তেতিয়া কেৱল কাপোৰ কানি
, সামাজিক
মৰ্য্যদা আৰ শ্ৰেণীকোঠাৰ বাহিৰে একো বুজা নাছিল। স্নাতক পৰ্যায়ৰ শেষৰ বছৰত
,ঘৰত
তাইৰ বিয়াৰ কথা-বতৰা চলিছিল। তাৰাই এই সকলোবোৰ স্বাভাৱিক ভাৱে গ্ৰহণ কৰিছিল।

      পঢ়ি
থকা সময়ত মাকে যেতিয়া কৈছিল—এইটো নকৰিবা
,
সেইটো নকৰিবা, এনেকুৱা
কৰিলে তোমাক কোনেও বিয়া নকৰাব”—-তাই লগে লগে নিজক শুদ্ধ কৰি লৈছিল। ভাল
দৰা পাবলৈ কিছুমান বিশেষ আচৰণ শিকিবলৈ যেতিয়া মাকে তাইক কৈছিল
, তাই
শিকিবলৈ চেষ্টা কৰিছিল।

     বৰ্তমান সময়ত শিক্ষিত হলেই নহ, ভাল
দৰা পাবলৈ হ
লে তুমি চাকৰি কৰিবও লাগিব।”

     তাইক তেনেকৈ বুজোৱা হৈছিল
আৰু তাইও একাগ্ৰতাৰে চেষ্টা কৰি চাকৰি এটা পাইছিল। দৰমহাৰ টকাখিনি বেঙ্কত জমা
থৈছিল আৰু এনেদৰে যৌতুকৰ বাবে বুজন পৰিমাণৰ ধন জমা কৰিছিল।

     তাইৰ হ
লগীয়া পতি এজনৰ বিষয়ে যেতিয়া তাই কল্পনা কৰিছিল—-তেতিয়া তাই তেওঁৰ উচ্চতা
, সৌন্দৰ্য, শিক্ষা
চাকৰি
, পদমৰ্যাদা, যৌতুক, উপহাৰ, বিয়াত
দিয়া বস্তুবাহানিৰ কথা ভাবিছিল
, কিন্তু মানুহজনৰ কথা ভবা
নাছিল—তেওৰ আবেগ
, তেওঁৰ চিন্তা ধাৰা, নাৰীৰ
প্ৰতি থকা সম অধিকাৰৰ উদাৰতা
, তেওঁৰ প্ৰেম, ভালপোৱা
আদিৰ বিষয়ে
  তাই
একো কথা কল্পনাও কৰা নাছিল।

      মানুহবোৰে
কোৱা শুনিছিল—-ল
ৰাজন

   ভাল, পঢ়া-শুনা
ত চোকা।

        ভাল
মানে কি ! যদি বুদ্ধিমান হয়
, সেয়া কেনে হব !এই কথাবোৰ
তাৰাই কেতিয়াও ভবা নাছিল।

      তাইৰ
মাক-দেউতাকৰ ভাষ্য অনুসৰি মোহন (তাইৰ বৰ্তমানৰ পতি) তাইৰ দৰা হোৱাৰ বাবে আটাইতকৈ
উপযুক্ত যুৱক।

      তাৰা
এনে এটা অৱস্থাত আছিল যে তাই নিজেও নাজানিছিল
,
প্ৰকৃততে তাই কি বিচাৰে।

     মাথো এতিয়াহে তাৰাই তাইৰ
ব্যক্তিগত বৈশিষ্ট্যৰ কথা উপলব্ধি কৰিছে। এক গভীৰ অসন্তুষ্টিৰ দাবানলে তাইৰ মন
মগজু গ্ৰাস কৰিছে।

      তাৰাৰ
দেউতাক সোমাই আহিল। তেওঁৰ মতে মহিলা কৰ্মচাৰীৰ প্ৰতি ঈৰ্ষান্বিত কিছুমান মানুহে
বিষয়টো ডাঙৰ কৰি তাইক বিপদত পেলাইছে। তেওঁলোকৰ মতে আজিকালি ডাক্তৰক এশ টকা দিলেই
চাৰ্টিফিকেট পাব পাৰি।

     প্ৰত্যেককে বুজাই সকলোবোৰ
শুদ্ধ কৰিবলৈ ৰমেশ বাবুৱে পচিশ হাজাৰ টকা খৰচ কৰিলে। ইতিমধ্যে এবছৰ পাৰ হ
ল।

     ইপিনে মাহ পাৰ হৈ হৈ বছৰ
সোমোৱাৰ লগে লগে তাৰাৰ চিন্তাৰ তাৰবোৰো তীক্ষ্ণ হ
ল।

     বছৰটোৰ ভিতৰত তাৰাক দেখা
কৰিবলৈ মোহন দুবাৰ নে তিনিবাৰ আহিল। দুয়োৰে মাজত এষাৰ দুষাৰ কথা হ
ল।
সি তাইক এবাৰো ঘৰলৈ যোৱাৰ কথা নকলে। তাইও ঘূৰি যাবলৈ কোনো আগ্ৰহ নেদেখুৱালে।

      তাৰপিছত
এদিন তাৰাৰ দেউতাক অটোৰিক্সাৰ পৰা নামি উত্তেজিত হৈ ঘৰত সোমাল। —“তাৰা
, তাৰা
আইজনী” —আনন্দৰ আতিশয্যত তেওঁৰ মাতটো কপিছিল। বৈদেহী তৎক্ষণাৎ তেওঁৰ কাষ
পালেহি।

     বৈদেহী, আমাৰ কষ্টৰ দিন শেষ হল।
এইখন তাৰাৰ নিয়োগ পত্ৰ।”

   ভিতৰত পঢ়ি বহি থকা তাৰা
দৌৰি দেউতাকৰ ওচৰলৈ আহিল।

   এয়া মাজনী, লোৱা, এইখন
তোমাৰ নিয়োগ পত্ৰ।”

   হঠাৎ ওলোৱা চকুপানী য়ে
তাইৰ চকুযুৰি সেমেকাই পেলালে।

     কালিলৈ শুভদিন। তুমি কালিয়ে জইন কৰিবানে ?”

   ব দেউতা–তাই কলে। দূখেৰে ভৰা মাতটো
কপিছিল তাইৰ।

     মাক দেউতাকে বুজিছিল তাইৰ
অশান্তি আৰু হুমনিয়াহৰ কাৰণ।

 

     তেওঁলোকে ঘৰলৈ জোৱাই অহাৰ
দিনা বৈদেহীয়ে বৰ আদৰ সাদৰ কৰিলে। শহুৰেকে আথেবেথে জোৱায়েকক ভিতৰলৈ মাতি নি
বহুৱালে। অলপ পিছত তাৰা আহিল।

   তাৰা, আমাৰ ভাল দিন আহিল বুলি বিশ্বাস হৈছে। মায়েও কৈছে। এতিয়া
লা ঘৰলৈ ঘূৰি যাও।”

     তাৰাৰ দেউতাকৰ মুখত
সন্তুষ্টি প্ৰকাশ পালে। বৈদেহীৰ মুখতো সকাহ পোৱাৰ ভাৱ-।

   মই নাযাও”—-তাৰাই কলে। তাইৰ মুখত কোনো খং বা
ক্ৰোধৰ ভাৱ নাই।

    ৰমেশ
বাবু আৰু বৈদেহী একমূহুৰ্তৰ বাবে হতচকিত হ
ল। মোহনৰ মুখখন বিবৰ্ণ হল।

     এয়া কেনে কথা মাজনী”—–কিন্ত তাৰাই দেউতাকৰ কথা শেষ হবলৈকে নিদিলে।।

এয়াই কথা দেউতা। তুমি
চাকৰি ঘূৰাই অনাৰ লগতে মোক জীৱনধাৰণৰ উপায় দিলা। সমস্ত জীৱনেৰেও মই তোমাৰ ঋণ
পৰিশোধ কৰিব নোৱাৰিম। কিন্তু মোক আৰু এই মানুহজনৰ লগত বিবাহিত জীৱন কটাবলৈ
নকবা।”

     তাৰা”—-তাইক মাকে কিবা কব বিচাৰিলে

    মোহনে
মানসিক ৰোগীৰ দৰে হাহিলে যেন চুৰ কৰি ধৰা পৰাৰ পিছত মুখ ঢাকিব বিচাৰিছে।
_–“মই খঙত কোৱা কথাবোৰ তাই গুৰুত্ব সহকাৰে লোৱা যেন লাগিছে।
পতি পত্নী হিচাপে———“

     বহুত হৈছে। মনে মনে থাকা। এটা কথাও বেছিকৈ নকবা। মই তোমাৰ লগত নাযাও–মই তোমাৰ
লগত নাথাকো।”

   তুমি নিজকে কি বুলি ভাবা?”

   মই কি ভাবো, তোমাৰ দৰ্কাৰ নাই—-বিবাহ
বিচ্ছেদৰ বাবে আবেদন জনাব পাৰা। নহ
লে মই———।”

      তাৰা
দৌৰি গৈ তাইৰ কোঠালীত সোমাই দুৱাৰখন বন্ধ কৰি দিলে।

 

Popular Post

ঐতিহাসিক চিঠি