প্ৰৱন্ধঃ বেকনৰ দৃষ্টিত বন্ধুত্ব / ফ্ৰেন্সিস বেকন

Posted by : translatorsassam
August 7, 2020

Of Friendship
মূলঃ ফ্ৰেন্সিস বেকন
অনুবাদঃ হিমাংশু পাঠক
বেকনৰ দৃষ্টিত বন্ধুত্ব
যি ব্যক্তিয়ে নিঃসংগতাৰ মাজেদি সময়
অতিবাহিত কৰিব পাৰে তেওঁ হয়তো বনৰীয়া জন্তু বা দেৱতা। অবশ্যে কিছুমান মানুহে আত্মিক
কাৰণত (
spiritual
reasons)
নিঃসংগতাক আদৰি লয়।এইসকল ব্যক্তিয়ে
দাবী কৰে যে নিঃসংগ জীৱন যাপনে তেওঁলোকক আত্মিকভাবে মৰ্য্যদাপূৰ্ণ জীবনদান কৰিছে।কিন্তু
আচলতে যাৰ কোনো প্ৰকৃত বন্ধু নাই তেওঁ পৰিত্যক্ত নিৰ্জন ঠাইত বাস কৰা এজন মানুহৰ লেখীয়া।
বন্ধুত্বৰ আছে সীমাহীন মূল্য। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা- বন্ধুত্বই আমাক আমাৰ অনুভূতি
আৰু আবেগ প্ৰকাশৰ সুযোগ দিয়ে। আমি আমাৰ বন্ধুৰ ওচৰত আনন্দ
,বেদনা,আশা ,নিৰাশা আদিৰ কথা মুকলিভাৱে কৈ সকাহ লাভ কৰিব পাৰো।অন্তৰৰ এই
অভ্যন্তৰীণ প্ৰয়োজনীয়তাৰ নিমিত্তে ৰজা আৰু
samrat সকলেও বন্ধুৰ আশ্ৰয় লব লগা হৈছিল। এজন ৰজাই যেতিয়া বন্ধু নিৰ্বাচন কৰিবলগীয়া হয়,পদমৰ্যাদাত সেই বন্ধুজন্ হয়তো তেওঁতকৈ তলখাপৰ হব পাৰে–,এইটো বিশেষ গুৰুত্বপূৰ্ণ কথা নহয়। জুলিয়াছছিজাৰ,আগাষ্টাছ,টিবেৰিয়াছ ছিডাৰ
আদিৰ দৰে শাসকসকলেও মনৰ কথা পতাৰ বাবে বন্ধুৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। ইয়াৰ অৰ্থ
এইটো নহয় যে বন্ধু অবিহনে চলিব নোৱাৰা তেওঁলোক কম মনোবলৰ মানুহ আছিল। তেওঁলোক আটায়ে
প্ৰবল মনোবলৰ অধিকাৰী আছিল। তেওঁলোকৰ আছিল পুত্ৰ
,কন্যা,ভাৰ্যা বা আন আত্মীয়স্বজন। কিন্তু
তথাপিও বন্ধু অবিহনে জীৱন অসম্পূৰ্ণ বুলি অনুভৱ কৰিছিল।


বন্ধুহীন মানুহবিলাকে নিজৰ গোপন
কথাৰ অংশীদাৰ হোৱাৰ বাবে কাকো বিচাৰি নাপায়। যদি মানুহ এজনে গোপন কথাবিলাক নিজৰ মাজতে
আবদ্ধ কৰি ৰাখিব লগা হয়
,তেন্তে তেওঁ গভীৰ
উদ্বেগৰ মাজেদি সময় অতিবাহিত কৰিব লগা হয়। ডিউক চাৰ্লচ
,একাদশ লুই। আদিয়ে গোপন কথা নিজৰ মনত সাঁচি ৰাখি নিদাৰুণ মানসিক
যন্ত্ৰণাৰ মাজেদি দিন নিয়াব লগা হৈছিল। বন্ধুহীন মানুহ বিলাকৰ বিভিন্ন কাৰণত অন্তৰ
জ্বলি জ্বলি ছাৰখাৰ হৈ যায় ।


বন্ধু সকলে আমাৰ অন্তৰৰ আনন্দ আৰু অধিক বৃদ্ধি কৰে।ঠিক সেইদৰে দুখো লাঘব কৰে।এজন
মানুহে যেতিয়া নিজৰ আনন্দ-সুখৰ কথা যেতিয়া নিজৰ বন্ধুক কয় তেতিয়া সেই আনন্দ-সুখে এক
বেলেগ মাত্ৰা লাভ কৰে। নিজৰ দুখৰ কাহিনীৰ বন্ধুৰ সৈতে সমভাগী হলে দুখ অৰ্ধেক হৈ পৰে।
বন্ধুত্বৰ যে কেবল আবেগিক প্ৰয়োজনীয়তাই আছে এনে নহয়। আমাৰ দুৰ্বোধ্য বিষয় এটাও কোনো
বন্ধুৰ সৈতে আলোচনা কৰিলে সহজবোধ্য হব পাৰে। বন্ধুৰ সৈতে কৰা আলোচনাই দুৰ্বোধ্য বিষয়
সম্পৰ্কে থকা আমাৰ ধাৰণা স্পষ্ট আৰু ফটফটীয়া কৰি তুলিব পাৰে। এনে ধৰনৰ আলোচনাই আমাৰ
মনৰ সজাগতা বহু গুণে বৃদ্ধি কৰে। কোনো সমস্যাত পৰি এজন মানুহে নিজৰ বিচাৰে বিবেচনাৰ
যি সিদ্ধান্ত লয়
,তেনে সিদ্ধান্ত
গ্ৰহণৰ সময়ত বিশ্বাসভাজন বন্ধুৰ উপদেশে সিদ্ধান্ত আৰু অধিক নিৰ্ভৰযোগ্য আৰু সুবিবেচনাপূৰ্ণ
কৰি তুলিব পাৰে। নিজৰ বিচাৰ বিবেচনাৰে পোষণ কৰা কোনো মতামত চাটুকাৰসকলৰ মতামতৰ সৈতে
একে হব পাৰে। এনে ক্ষেত্ৰত বিশ্বস্ত বন্ধুৰ পৰা পোৱা পৰামৰ্শই আৰু সতৰ্কতাই আমাক ভুল
সিদ্ধান্ত লোৱাৰ পৰা ৰক্ষা কৰিব পাৰে ।নিজৰ ব্যৱসায় সঠিক দিশত পৰিচালনা কৰাৰ ক্ষেত্ৰতো
বন্ধুৰ উপদেশ প্ৰভূত সহায় কৰিব পাৰে। বিভিন্ন বিষয়ত  বিভিন্ন জনৰ গ্ৰহণ কৰিব গলে সেই উপদেশ সফলকাম নহবও
পাৰে। তাৰ পৰিৱৰ্তে ঐকান্তিক আৰু বিশ্বস্ত বন্ধুৰ পৰা সকলো বিষয়তে উপদেশ ললে সেই উপদেশে
আমাক অধিক সহায় কৰিব পাৰে। এজন বিশ্বাসী বন্ধুৰ সলনি বিভিন্ন বিষয়ত বিভিন্ন জনৰ পৰা
উপদেশ লবলৈ গলে সেই উপদেশ হিতে বিপৰীত হ
ব পাৰে। কাৰণ সেই লোকেসকলে আপোনাক,আপোনাৰ মনটোক আৰু আপোনাৰ পৰিবেশ পৰিস্থিতিক ভালদৰে অনুধাৱন কৰিব নোৱাৰাৰ  সম্ভবনাই অধিক। আপুনি নিজে কৰিব নোৱাৰা বহু কাম
বন্ধুৰ যোগেদি কৰিব পাৰে। নিজৰ কিছুমান ইচ্ছা পূৰ্ণ নোহোৱাকৈ আমি এই পৃথিৱীৰ মায়া এৰি
গুচি যাব লগা হব পাৰে। আপোনাৰ জীৱনৰ অপূৰণ হৈ থাকি যোৱা সপোন আপোনাৰ অনুপস্থিতিত কোনো
মহান বন্ধুই পূৰ্ণ কৰিব পাৰে। এনে উদাহৰণ অজস্ৰ আছে।
অনুবাদকৰ টোকাঃ Francis Bacon আছিল এজন জগত বিখ্যাত ইংৰাজ নিবন্ধকাৰ। তেখেতে লিখা Bacon’s
Essays
এখন  সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ। তাৰ অন্তৰ্গত Of
Friendship
নামৰ essay খনৰ ভাবানুবাদ আপোনাকৰ বাবে আগবঢ়াইছো।

Popular Post

ঐতিহাসিক চিঠি