খাচী-জয়ন্তীয়া লোককথাঃ সাতটা কুলৰ জন্ম কাহিনী

Posted by : translatorsassam
August 8, 2020

খাচী-জয়ন্তীয়া লোককথাঃ সাতটা কুলৰ জন্ম কাহিনী

অনুবাদকঃ কৰিশ্মা শইকীয়া, ইণ্ডিয়ান ইন্সটিটিউট অৱ টুৰিজিম এণ্ড ট্ৰেভেল
মেনেজমেন্ট, দিল্লী

পৃথিৱীৰ উৎপত্তিৰ সময়ৰ কথা তেতিয়া এই পৃথিৱীখনত ৰিক্ততাৰ বাহিৰে একো নাছিল কিছুকাল এনেদৰেই অতিবাহিত হোৱাৰ পিছত ভগৱানে বাচাপেট্রন নামৰ গাঁৱৰ দেৱতাজনৰ লগত বিবাহ পাশত আৱদ্ধ বলৈ ৰামইৱ নামেৰে এগৰাকী সুন্দৰী অভিভাৱিকাৰ সৃষ্টি কৰিলে তেওঁলোকৰ বিবাহ সম্পন্ন হোৱাৰ পিছত ভগৱানে তেওঁলোকক পাঁচোটিকৈ পুত্র সন্তানৰ বৰদান দিলে, যিসকলক পৰৱৰ্তী সময়ত মানৱ জাতিয়ে তাত্বিক শক্তি হিচাপে গ্রহণ কৰিবলৈ ধৰিলে সূর্য, চন্দ্রমা, জল, পৱন আৰু একেবাৰে শেষত জন্ম অগ্নিৰ অগ্নি কণিষ্ঠ হোৱাৰ হেতুকে তেওঁ পৰিয়ালৰ আলাসৰ লাড়ু, অন্য ককাইভাই কেইজনতকৈ তেওঁ বেছি সময় ঘৰতে থাকিব লাগিছিল
       সাধাৰণতে, মাতৃ হিচাপে নিজ সন্তান চকুৰ আগতে ডাঙৰ হোৱাটোৱেই সকলোতকৈ ডাঙৰ সুখ কিন্তু ৰামইৱ এই কথাক লৈ বেছি সুখী হৈছিল যে তেওঁ নিজ সন্তানকেইটাক পৃথিৱীৰ সমৃদ্ধিৰ হেতুকে ভগৱানে উপহাৰ হিচাপে প্ৰদান কৰিছে ৰামইৱৰ পৃথিৱীখনৰ প্ৰতি যথেষ্ট আকর্ষণী আছিল ইমান ধুনীয়া এই পৃথিৱীখন অথচ ইয়াৰ চোৱাচিতা কৰিবলৈ তথা ইয়াৰ পৰা নিজ প্রয়োজন সমূহ পূৰণ কৰিবলৈও কোনো নাই ইয়াকে ভাৱিগুণি ৰামইৱ ভগৱানৰ কাষ চাপিল তেওঁ বিনম্র ভাৱে ভগৱানক জনালেপ্রভু আপুনি সদায় আপোনাৰ কৃপাৰে আমাক সমৃদ্ধ কৰি ৰাখিছে তাৰ বাবে মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ কিন্তু মই ভাৱো এই পৃথিৱীখনৰ অসীম সৌন্দর্য আৰু সম্পদসমূহ অথলে যাব, যদিহে ইয়াৰ উপভোগ তথা চোৱাচিতা কৰিবলৈকে কোনো নাথাকে
       ভগৱানে তেওঁৰ অভিযোগবোৰ মনপুতি শুনিলে আৰু লেস্বৰ্গত বাস কৰি থকা ১৬ টা কুলৰ ভিতৰত টা কুলক মই পৃথিৱীলৈ প্ৰেৰণ কৰিম আৰু এওঁলো পৃথিৱীৰ উপযুক্ত কার্যবাহক এই সাতটা কুলে পৃথিৱীৰ সমৃদ্ধিৰ হকে কাম কৰিব
       ভগৱানে এই সাত কুলৰ কামত সন্তুষ্ট হৈ লুমহেটবিনেং পর্বতশৃংখলাৰ ওপৰত এজোপা দৈৱিক গছ ৰূপণ কৰিলে এই দৈৱিক গছজোপাই পৃথিৱী আৰু স্বৰ্গৰ মাজত এডাল সোণালী সাঁকোৰ দৰে কাম কৰিলে
       ভগৱানে এই দৈৱিক গছজোপাৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাতকুলৰ লগত এখন চুক্তি কৰিলে যে যেতিয়ালৈকে তেওঁলোকে ধৰ্মৰ পথেৰে নিজ জীৱন অতিবাহিত কৰিব তেতিয়ালৈকেহে এই গছজোপাই পৃথিৱী আৰু স্বৰ্গৰ মাজত সোণালী সাঁকো হিচাপে কাম কৰিব আৰু স্বর্গত থকা তেওঁলোকৰ আত্মীয় অন্য টা কুলৰ ওচৰলৈ যেতিয়াই মন যায় আহযাহ কৰিব পাৰিব
       যেতিয়ালৈকে মানুহে সকলো কামতে সন্তুষ্টি বিচাৰি পাইছিল তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু সেই সাতকুলৰ মাজত এজনৰ মনত তীব্র অসন্তুষ্টিৰ জন্ম তেওঁ অনুভৱ কৰিবলৈ ধৰিলে তেওঁ যেন স্বতন্ত্রভাৱে নিজ জীৱন উপভোগ কৰাত ব্যর্থ হৈছে এটা স্বাধীনচিতীয়া জীৱনৰ বাসনাই তেওঁক ললায়িত কৰিবলৈ ধৰিলে
       এতিয়া তেওঁৰ অন্তৰত ভগৱানৰ সলনি লালসা আৰু অপৱিত্ৰতাই ঠাই লে তেওঁৰ এই বিদ্রোহী মনোভাৱে ভগৱানক যথেষ্ট অসন্তুষ্ট কৰিলে চুক্তি অনুসৰি ভগৱানে মানুহৰ লগত সকলো ধৰণৰ বান্ধোন চিঙি স্বৰ্গলৈ সজা গছৰূপী সোণালী সাঁকোডালো চিৰদিনৰ বাবে বন্ধ কৰি দিয়ে ভগৱানৰ লগত সকলো ধৰণৰ সম্পর্ক বিচিন্ন হোৱাৰ পিছত অসহায় হৈ এই সাতকুল চিৰজীৱন পৃথিৱীত বাস কৰিবলৈ বাধ্য হৈ পৰিল
       এনেদৰেই এটা সোণালী যুগৰ অন্ত পৰিল

(সম্পাদকীয় সংযোগঃ উত্তৰ-পূবৰ অন্যতম চহকী জনগোষ্ঠী খাচী-জয়ন্তীয়াসকল সাধাৰণতে মেঘালয়ৰ বাসিন্দা। তেওঁলোকৰ প্ৰচলিত লোককথা অনুসৰি খাচীসকলৰ সাতটা উপজাতিৰ জন্ম কাহিনী এই বিখ্যাত আৰু প্ৰচলিত সাধুটো। এই লোককাহিনীটোৱে খাচী জাতীয়তাবাদৰ এডাল ঐতিহাসিক ধ্বজা কঢ়িয়াই ফুৰিছে।)

Popular Post

ঐতিহাসিক চিঠি