গল্পঃ খাচী লোকসাধু / কা লিকাইৰ জাঁপ

Posted by : translatorsassam
August 12, 2020

খাচী লোকসাধু – কা লিকাইৰ জাঁপ

অনুবাদ : লুকী পি ডেকা

খাচী পাহাৰত চেৰাপুঞ্জীৰপৰা পশ্চিমে কিছু
মাইল আতঁৰত এটা ধুনীয়া জলপ্ৰপাত আছে। নাম
কা লিকাইৰ জাঁপ। খাচী পাহাৰৰ কেইবাটাও ভিউ পইন্টৰপৰা ইয়াক দেখা পোৱা যায়।
এই জলপ্ৰপাতটো আৰু ইয়াৰ চৌপাশৰ সৌন্দৰ্য্য ইমানেই মনোমোহা যে বহু দূৰৈৰ পৰা দেশী বিদেশী
পৰ্যটকে ইয়াৰ ৰূপসুধা পান কৰিবলৈ বছৰটোৰ যিকোনো সময়তে ইয়াত ভিৰ কৰেহি। বিশাল পাহাৰখনৰ
ওপৰৰ অদেখা উৎসৰ পৰা তীব্ৰবেগে বাগৰি অহা জলপ্ৰপাতটোৰ পানীবোৰ যেতিয়া তলৰ বৃহৎ বৃহৎ
শিলবোৰত ঠেকেচা খাই পৰেহি তেতিয়া এনে লাগে যেন সেয়া অলেখ কনিকা হৈ উৰি ফুৰা লানি
লানি শুভ্ৰ ডাৱৰহে। মিঠা ৰ
দালিৰ ৰহণ সানি সিবোৰে
অকনি অকনি কিমান যে ৰামধেনুৰ সৃষ্টি নকৰে! চাৰিওফালৰ সেউজীয়া গছ-গছনিৰ ডাল-পাতবোৰৰ
ফাঁকে ফাঁকে এই ৰামধেনুবোৰে অপূৰ্ব সুন্দৰ দৃশ্যৰ সৃষ্টি কৰে।

সুউচ্চ পৰ্বতৰপৰা তীব্ৰবেগে তললৈ পৰা
পানীৰ শব্দ আৰু শিলে শিলে খুন্দা খাই প্ৰতিধ্বনিত হোৱা পানীৰ শব্দ কেবামাইলো আঁতৰৰ
পৰাই শুনা যায়। এই বৃহৎ শব্দবোৰে ওচৰ পাজৰৰ গঞা ৰাইজক কিছু ভয়ো নুখুওৱা নহয়। এই
জলপ্ৰপাতটোক কেন্দ্ৰ কৰি অতীতৰপৰায়ে নানা আকৰ্ষনীয় গল্প-গুজব মুখে মুখে চলি আহিছে।
পিছে জলপ্ৰপাতটোৰ নাম কিয়নো
কা লিকাইৰ জাঁপল আৰু এই পানীৰ শব্দবোৰৰ
লগতনো ইয়াৰ কি সম্পৰ্ক সেই সম্পৰ্কে খাচী পাহাৰত প্ৰচলিত এই লোকসাধুটোৰ জৰিয়তে জানোঁ
আহকচোনঃ

অতীত কালৰ কথা। খাছি পাহাৰত এটা মনোৰম
জলপ্ৰপাত আছিল। এই জলপ্ৰপাতটোৰ ওপৰফালে পাহাৰত ৰাংজিৰতেহ নামৰ এখন গাওঁ আছিল। গাঁৱখনত
কা লিকাই নামৰ মহিলা  এগৰাকীয়ে তেওঁৰ স্বামীৰ
সৈতে বাস কৰিছিল। তেওঁলোকৰ এজনী অকণমানি ছোৱালীও আছিল। ছোৱালীজনী বৰ  মৰমলগা আৰু দেখিবলৈয়ো খুউব ধুনীয়া আছিল। ছোৱালীজনীৰ
সৈতে কা লিকাই আৰু গিৰিয়েকৰ মৰম-চেনেহেৰে ভৰা 
সংসাৰখন বৰ সুখৰ আছিল। পিছে তেওঁলোকে বেছিদিন সেই সুখ ভোগ কৰিবলৈ নাপালে। ছোৱালীজনী
একেবাৰে সৰু হৈ থাকোতেই তাইৰ দেউতাক ঢুকাল। এনেদৰে হঠাতে গিৰিয়েক ঢুকুৱাত  ছোৱালীজনীয়েই কা লিকাইৰ সৰ্বস্ব হৈ পৰিল।

কিন্তু গিৰিয়েকৰ অবিহনে ছোৱালীজনী আৰু
তাইৰ নিজৰ জীৱন ধাৰণ খুৱ কষ্টকৰ হৈ পৰিল। সেয়ে একমাত্ৰ ছোৱালীজনীক এটা ভাল আৰু নিৰাপদ
জীৱন দিবৰ বাবে তাই দ্বিতীয় বিবাহত বহাৰ সিদ্ধান্ত ল
ʼলে। সিদ্ধান্ত লৈ কা লিকায়ে অন্য পুৰুষ এজনৰ সৈতে বিবাহপাশত
আৱদ্ধ হ
ল। পিছে যিজন মানুহৰ সৈতে 
তাই  দ্বিতীয়বাৰ বিয়াত বহিল
, সেই মানুহজন মুঠেও ভাল মানুহ নাছিল। জীয়েকৰ প্ৰতি থকা কা লিকাইৰ
মৰম-আদৰ মানুহজনে মুঠেই ভাল পোৱা নাছিল। ভিতৰি ভিতৰি  সি বৰ ঈৰ্ষান্বিত হৈ পৰিছিল। এদিন যেতিয়া সি অনুভৱ
কৰিলে যে একমাত্ৰ জীয়েকজনীৰ স্বাৰ্থতহে তাই তাৰ লগত বিয়াত বহিছে
, সি হিংসাত জ্বলি পুৰি মৰিব ধৰিলে আৰু কিদৰে অকমানি ছোৱালীজনীৰ
অপকাৰ কৰিব পাৰি তাৰেই ছল চাই ফুৰিলে।

কিছুদিন ভাবি ভাবি সি এটা পাং পাতিলে।
কিবাকিবি অজুহাত দেখুৱাই সি নিজে কাম কৰিবলৈ ওলাই নোযোৱা হ
ল আৰু ঘৈণীয়েককে কামলৈ যাবলৈ জোৰ কৰা হল। উপায়হীন হৈ ছোৱালীজনী ঘৰতে থৈ কা লিকাইয়ে কামলৈ যোৱা আৰম্ভ
কৰিলে। পাছে তাই নথকাৰ সুযোগ লৈ লৈ দুষ্ট গিৰিয়েকটোৱে অকমানি ছোৱালীজনীক বিভিন্ন কষ্ট
দিবলৈ ধৰিলে।

এদিনাখন কা লিকাই কামৰ বাবে বহু দূৰলৈকে
যাবলগীয়া হ
ল। কাৰোবাৰ লোৰ সামগ্ৰী কঢ়িয়াবলৈ তাই
গুচি গৈছিল। ছল চাই থকা বদমাছ গিৰিয়েকটোৱে এই সুযোগতে ছোৱালীজনী মাৰি পেলালে। ছোৱালীজনীক
সি ইমানেই বেয়া পাইছিল যে তাইক একেবাৰে মাৰি পেলোৱাৰ পাছতো তাৰ হুতাহ নপলাল। সেয়ে
সি আন এটা পৰিকল্পনা কৰিলে। তাইৰ মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি মা মছলা দি সি ৰান্ধি
পেলালে।তাৰ পাছত কা লিকাই ঘূৰি অহালৈ সি অপেক্ষা কৰি ৰ
ল।

সন্ধিয়ালৈ কা লিকাই যেতিয়া ঘূৰি আহিল
তেতিয়া দেখিলে গিৰিয়েকৰ হাও-ভাও অইনদিনাতকৈ কিছু বেলেগ। দেখি তাই কিছু আচৰিত হ
ল। সাধাৰণতে সি খিংখিঙীয়া, কথা বতৰা বোৰ ৰূঢ় আৰু কথাই কথাই ফেপেৰি পাতি থকা স্বভাৱৰ। পিছে সিদিনা পদূলি পাওতেই
সি তাইক সুন্দৰকৈ মাত লগালে। আনকি মাংসৰে ভাত-আঞ্জা ৰান্ধি তাইলৈ ৰৈ আছে। গতিকে তাই
আচৰিত নহৈ নোৱাৰিলে। কিন্তু ইফালে সিফালে চাই ছোৱালীজনীক নেদেখি কা লিকাই চিন্তিত হ
ল আৰু তাইনো কত আছে গিৰিয়েকক
সুধিলে। গিৰিয়েকে বৰ ভদ্ৰভাৱে ছোৱালীজনী ওচৰৰে কেইজনীমান ছোৱালীৰ সৈতে খেলিবলৈ ওলাই
যোৱা বুলি মিছা মাতিলে। কা লিকাইয়ে অবিশ্বাস কৰিবলীয়া একো নেদেখি গিৰিয়েকৰ কথাত
পতিয়ন গ
ল । তাৰ পাছত  হাত মুখ
ধুই গিৰিয়েকৰ সৈতে একেলগে খাবলৈ বহিল। খাই বৈ উঠি তাই তামোল-পাণ এখন খাবলৈ বুলি খাংটো
ওচৰলৈ চপাই আনিলে। খোৱা-বোৱাৰ পাছত তামোল এখন চোবোৱাটো খাচীসকলৰ এৰাব নোৱাৰা পৰম্পৰা।
পিছে তামোল-পাণৰ খাংটোত ছোৱালী এজনীৰ কটা হাত এখন দেখি তাই উচপ খাই উঠিল। হাতখন তাই
চিনি পালে। তাইৰ মৰমৰ জীয়েকজনীৰ হাত সেইখন। বদমাছটোৱে ভুলতে সেই হাতখন নিবলৈ পাহৰিছিল
আৰু কেনেবাকৈ তামোল-পাণৰ খাংটোত পৰি ৰৈছিল। কা লিকাইয়ে উগ্ৰমূৰ্তি ধৰি সেয়া কি বুলি
গিৰিয়েকক সুধিলে। ধৰা পৰি গিৰিয়েকে  কথাটো
সৈ কাঢ়িলে আৰ ক
লে যে এইমাত্ৰ মাকে
জীয়েকৰ মাংসৰে উদৰ পূৰাই খাই আহিছে। কথাষাৰ শুনি কা লিকাই দুখত ভাগি পৰিল। কি কৰিব
কি নকৰিব সেয়া ভাবি তাইৰ মূৰে কাম নকৰা হৈ গ
ল। সেয়ে তৎমূহুৰ্ততে
বহাৰ পৰা উঠি তাই পাহাৰৰ কিনাৰলৈ দৌৰি গ
ল আৰু জলপ্ৰপাতটোৰ
তলৰ পানীৰ কুৰটোলৈ জপিয়াই আত্মহত্যা কৰিলে। তেতিয়াৰ পৰাই সেই জলপ্ৰপাতটোৰ নাম হ
লগৈ কা লিকাইৰ জাঁপ। জলপ্ৰপাতটোৰ পানী পৰি প্ৰতিধ্বনি হোৱা বিকট শব্দবোৰ কা লিকাইৰে
হিয়াভগা কান্দোন বুলি মানুহৰ মুখে মুখে বিয়পি পৰিল।

খাছি পাহাৰত আজিও
যেতিয়া কোনো সন্তান থকা মহিলাই দ্বিতীয় বিবাহত বহাৰ যো-জা কৰে
, সতৰ্কবাণী স্বৰূপে কা লিকাইৰ এই কাহিনীটো মনত পেলাই দিয়া হয়
যাতে তেওঁ আগলৈ সাৱধানে থাকে।

Popular Post

ঐতিহাসিক চিঠি