কবিতাঃ আমি/ শুভ দাশগুপ্ত

Posted by : translatorsassam
August 14, 2020

 আমি

মূল: শুভ দাশগুপ্ত

অসমীয়া ভাঙনি:
বাপুকণ চৌধুৰী

ক্ষুদিৰাম হ’ব
কাষৰ ঘৰৰ ল’ৰা

আমাৰ লৰাটো ডাক্তৰ
হ’ব

আমাৰ লৰা ইঞ্জিনিয়াৰ
হ’ব

নহলে

আটোল টোল চৰকাৰী
বিষয়া হ’ব;

ক্ষুদিৰাম আকৌ
কিয় হ’ব? !

ক্ষুদিৰাম আমাৰ
কাষৰ ঘৰৰ ল’ৰাটোৱেই হ’ব
•••

আমাৰ ল’ৰাই দেশ
চলাব, দেশ শাসন কৰিব

চৰকাৰী গাড়ীত
আহিব

চৰকাৰী গাড়ীত
যাব

দুয়োকাষে মখমলৰ
গালিচা পাৰিব,

আগত চালক, পিছত
চাপ্ৰাছী আৰু দেহৰক্ষী

গৰমত কুল্লু মনালী,
শীতত গোৱাৰ সমুদ্ৰ তীৰ
•••

ক্ষুদিৰাম হব
কাষৰ ঘৰৰ ল’ৰা,

দিন ৰাতি গঢ় দিব
সংগ্ৰামৰ পথত,

কেৰাচিনৰ পোহৰত
দিকবিদিক হেৰুওৱা পিতৃ

উদং জুহালত শৈল
স্তম্ভত পৰিণত মাতৃ

সেইঘৰৰ লৰাই সংগ্ৰামৰ
আদিপাঠ আওৰাব

শোষণ আৰু সংগ্ৰামৰ
বিৰুদ্ধে তাৰ তেজ উথলিব
•••

দেশৰ কাৰণে যুঁজ
কৰিব সিহঁতে

শোষণৰ শিপা উভালি
তোষণক নাকী লগাব,

শৈশৱতে উদং পিৰালিয়ে
শিকাব তাক

সংগ্ৰামৰ পাঠ,

সিয়েই হ’ব ক্ষুদিৰাম•••

আমাৰ ল’ৰাই দিন
ৰাতি কঠোৰ শ্ৰমত জীৱন গঢ়িব

বিজ্ঞান, অংক,
কবিতা আখৈ ফুটিব;

সফল মানুহৰ জীৱনী পঢ়িব

দেশৰ বাবেই মুখেৰে
তেজ বোৱাব

আৰু,

প্ৰয়োজনত জুই!

লগতে শ্ৰেণী সংগ্ৰামৰো
কথা ক’ব,

আমাৰ তেজ পানী
কৰা ধনবোৰ

সুদে মুলে ঘূৰাই
আনিব

নেতাজী সুভাষ
হৈ দুৰন্ত দু: সাহসেৰে ঘৰ এৰিব

কাষৰ ঘৰৰ ল’ৰাই

আমাৰ ল’ৰাই নেতাজীৰ
জীৱনি লিখিব

সাম্প্ৰতিক সময়ত
যিয়ে মানুহক পথ দেখুৱাব। ।

সেই জীৱনিক ৰাইজেই
দিব জাতীয় পুৰস্কাৰ
•••

ক্ষুদিৰাম হ’ব
কাষৰ ঘৰৰ ল’ৰা

আমাৰ ল’ৰা আমাৰ
দৰেই গাখীৰ কল গুড়েৰে

সুখৰ দিন কটাব
আৰু হাজাৰ হাজাৰ মানুহক জ্ঞানেৰে বুজাব ভাল কি বেয়া কি!

দেশৰ মুক্তি

প্ৰাণৰ বলিদানত
কিনি আনক কোনোবাই,

আমিটো মুক্ত এই
দেশত

ডিঙিত হিমানী
পাউদাৰ ঘঁহি

গলগলীয়া কণ্ঠেৰে
গন সংগীত গাবলৈ
•••

 


টোকাঃ ক্ষুদিৰাম
বসু – (জন্ম তিনি ডিচেম্বৰ ১৮৮৯ — মৃত্যু ১১ আগষ্ট ১৯০৮) ভাৰতীয় স্বাধীনতা আন্দোলনৰ
প্ৰাকক্ষণৰ সৰ্বকনিষ্ঠ আৰু প্ৰভাবশালী এক বিপ্লবী শ্বহীদ। বৃটিছ চৰকাৰে প্ৰদান কৰা
ফাঁচিৰ সময়ত তেখেতৰ বয়স আছিল মাত্ৰ ১৮ বছৰ ৮ মাহ ৮ দিন।

 

Popular Post

ঐতিহাসিক চিঠি